নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দাস হোৱা অজিত ভূঞাই নিজৰ পাপ মোচন কৰক

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ বিধানসভা নির্বাচনক কেন্দ্র কৰি শেহতীয়াকৈ উত্তাল হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি৷ শুকুৰবাৰে এ আই ইউ ডি এফৰ সমর্থনত ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হোৱা অজিত ভূঞাৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ শেহতীয়াকৈ কংগ্রেছে আহ্বান জনোৱা মহাজোঁটক লৈ যথেষ্ট তৎপৰ হোৱা অজিত ভূঞাই আজমলৰ শৰণাপন্ন হোৱা বুলি মন্ত্রী ড০ শর্মাই কটাক্ষ কৰিছিল৷ কালি পুনৰ সাংসদগৰাকীক উদ্দেশ্যি তেওঁ কয়– ‘অজিত ভূঞাই বদৰুদ্দিন আজমলৰ সংগ অতি সোনকালে ত্যাগ কৰক, তেওঁৰ বহু পাপ হৈছে৷ আৰু যাতে পাপ তেওঁ নলয়৷ আজমলৰ দোৱাত, আজমলৰ এজন দাস হিচাপে ৰাজ্যসভালৈ গ’ল৷ ইয়াতকৈ আৰু বেছি নাপায়৷ গতিকে তেওঁ আৰু বিজেপিক কথা শিকাব নালাগে৷ তেওঁৰ ভুল ৰাইজৰ আগত স্বীকাৰ কৰক৷’

ইফালে, কালি বিটিচি নির্বাচনৰ বাবে প্রচাৰ অভিযান তীব্রতৰ কৰি তোলা বিজেপিয়ে বড়োভূমিত পৰিষদ গঠন কৰিলে বি পি এফৰ সকলো দুর্নীতিগ্রস্ত নেতা–পালিনেতা আৰু একাংশ ঠিকাদাৰ জে’ললৈ যাব লাগিব বুলি হুংকাৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ ছালাকাটিত এখন নির্বাচনী সভাত অংশগ্রহণৰ পাছত সাংবাদিকৰ আগত সভাপতিজনে কয় যে বি পি এফৰ বহু নেতা–কর্মী এতিয়া বিজেপিলৈ যোৱাৰ বাবে চেষ্টা চলাই আছে৷ কিন্তু বিজেপিয়ে বিটিচি পৰিষদৰ লগত জড়িত হৈ দুর্নীতিত লিপ্ত হোৱা একাংশ ঠিকাদাৰৰ বাবে বর্তমান দলৰ দুৱাৰ বন্ধ কৰি ৰাখিছে৷ বিটিচিত বিজেপিৰ চৰকাৰ গঠন হ’লে এইসকল দুর্নীতিগ্রস্ত ঠিকাদাৰক তদন্তৰ আওতালৈ অনা হ’ব৷

আনহাতে, অহা ১০ নৱেম্বৰত তামুলপুৰত এখন বিশাল সভাত সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে কেইবাজনো বি পি এফৰ নেতাই বিজেপিত যোগদান কৰিব বুলি সভাপতি দাসে ঘোষণা কৰে৷

You might also like