নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কাছ অৰেলিয়াছ

২০ অক্টোবৰৰ টোকাবহীত ষ্টইক দর্শনৰ বিষয়ে লিখা টোকাটোত ষ্টইক দর্শনৰ তিনিজন প্রধান প্রবক্তাৰ নাম উল্লেখ কৰা হৈছিল ঃ গ্রীক দার্শনিক এপিক্টেটাছ, ৰোমান দার্শনিক আৰু ৰাষ্ট্রনেতা ছেনেকা আৰু ৰোমান সম্রাট মার্কাছ অৰেলিয়াছ৷ ছেনেকা আৰু মার্কাছ অৰেলিয়াছৰ বিষয়ে মই ইতিমধ্যেই দুটা প্রবন্ধ লিখিছিলোঁ৷ যোৱা দেওবাৰৰ টোকাটোত ষ্টইক দর্শনৰ প্রসংগত মার্কাছ অৰেলিয়াছৰ নামটো উল্লেখ কৰা কাৰণে কোনো কোনো পাঠকে তেওঁৰ বিষয়ে চমুকৈ হ’লেও জানিবলৈ কৌতূহল অনুভৱ কৰিব পাৰে বুলি ভাবি তলত তেওঁৰ বিষয়ে কিছু কথা লিখা হ’ল৷
ৰোমান সাম্রাজ্যৰ ইতিহাসৰ লগত মোটামুটি পৰিচয় থকা যিকোনো মানুহেই মার্কাছ অৰেলিয়াছৰ নামটো জানে৷ কিন্তু মোৰ নিজৰ মনত তেওঁৰ প্রতি কৌতূহল জাগ্রত হৈছিল জেকছ কৰণৰ’Death and Western Thought’ নামৰ কিতাপখন পঢ়াৰ পিছতহে৷ প্রায় ২৭ বছৰমানৰ আগতে লিখা ‘ডাগ হেমাৰস্কল্ড’ নামৰ প্রবন্ধত মই লিখিছিলোঁ– ‘হেমাৰস্কল্ডৰ অবিৰাম মৃত্যু চেতনা আৰু লগতে কর্মী জীৱনৰ লগত ধ্যানী বা ভাবুকৰ জীৱনক সমন্বিত কৰা তেওঁৰ চেষ্টাই ইতিহাসৰ আৰু এজন মাত্র মানুহৰ কথা আমাক মনত পেলাই দিয়ে৷ তেওঁ হ’ল ৰোমান সম্রাট মার্কাছ অৰেলিয়াছ৷ তেওঁৰ ‘ধ্যান’ নামৰ গ্রন্থখনৰ বিষয়ে জেকছ কৰণে লিখিছে– ‘মৃত্যুৱে তেওঁৰ সমগ্র বিশ্ব বীক্ষাক ছায়াচ্ছন্ন কৰি ৰাখিছিল আৰু সি ব্যক্তিগত নিয়তিৰ চিন্তা অতিক্রম কৰি সমগ্র মানৱ জাতিৰ নিয়তিকে সামৰি লৈছিল৷ তেওঁৰ ধ্যান মৃত্যুৰ বাহিৰে আন একো বিষয়েই নাছিল৷’
কিন্তু মই নিজে মার্কাছ অৰেলিয়াছৰ ‘ধ্যান’ পঢ়াৰ পিছত জেকছ কৰণৰ মন্তব্যটোৰ লগত সম্পূর্ণ একমত হ’বলৈ টান পালোঁ৷ ই মৃত্যুৰ ধ্যান হয় ঠিকেই, কিন্তু ই লগতে জীৱনৰো ধ্যান৷ জীৱনৰ ধ্যান নকৰাকৈ মৃত্যুৰ ধ্যান কৰা সম্ভৱ নহয়, কাৰণ একমাত্র অতি গভীৰভাৱে কাম্য, অর্থপূর্ণ আৰু ৰহস্যময় জীৱনেহে মৃত্যুকো তীব্র কৌতূহল তথা ধ্যানৰ বিষয় কৰি তুলিব পাৰে৷ ইতৰ প্রাণীৰ মৃত্যু বুলি কোনো বস্তু নাই, আছে মাত্র হূদস্পন্দনৰ সমাপ্তি৷ মৃত্যু একান্তভাৱেই মানৱিক, কাৰণ একমাত্র মানুহেহে জীয়াই থকাৰ প্রায় প্রতিটো মুহূর্ততে মৃত্যুৰ কথাও চিন্তা কৰি থাকে৷ আন কথাত ক’বলৈ গ’লে মৃত্যু হ’ল মানৱিক চেতনাৰ অবিচ্ছেদ্য অংগ৷ লি’নার্ড দ্য ভিন্সিয়ে স্পষ্টভাৱেই ঘোষণা কৰিছিল– ‘মই যেতিয়া ভাবিছিলোঁ যে কেনেকৈ জীয়াই থাকিব লাগে সেই কথা মই শিকিছোঁ, তেতিয়া মই কেনেকৈ মৰিব লাগে সেই কথাও শিকিছিলোঁ৷’ এই একেটা কথাকে একেটা ভাষাৰে তেওঁতকৈ ডেৰ হাজাৰ বছৰৰ আগতে কৈছিল ৰোমান দার্শনিক ছেনেকাই৷ সমগ্র জীৱনজুৰি মানুহে জীয়াই থাকিবলৈ শিকিব লাগিব আৰু কেনেকৈ মৰিব লাগে সেই কথাও শিকিব লাগিব৷ এই টোকাটোৰ লগত ‘ধ্যান’ৰ এটা ক্ষুদ্র অংশৰ মুকলি অনুবাদ দিয়া হ’ব৷ কিন্তু তাৰ আগতে তেওঁৰ এটা চমু চিনাকি দি লোৱাটো ভাল হ’ব৷
৯৮ খ্রীষ্টাব্দৰ পৰা ২১১ খ্রীষ্টাব্দলৈকে এই কালছোৱাক ৰোমান সাম্রাজ্যৰ ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়৷ এই সময়ত ৰাজত্ব কৰা ৪জন ৰোমান সম্রাটৰ নাম আছিল যথাক্রমে ট্রাজান, হাড্রিয়ান, এণ্টনিয়াছ, পায়াছ আৰু মার্কাছ অৰেলিয়াছ৷ সোণালী যুগৰ সূচনা কৰা ট্রাজান আছিল প্রবল ব্যক্তিত্বসম্পন্ন আৰু ন্যায়পৰায়ণ মানুহ৷ হাড্রিয়ানৰ আছিল দূৰদর্শিতা আৰু উচ্চস্তৰৰ প্রতিভা৷ প্রজাবৎসল আৰু শান্তিপ্রিয় এণ্টনিয়াছে যুদ্ধ–বিগ্রহ ভাল নাপাইছিল– যিটো কাৰণত তেওঁৰ ৰাজত্ব কালত ৰোমান সাম্রাজ্যৰ সামৰিক শক্তি কিছু দুর্বল হৈ পৰিছিল৷ কিন্তু তেওঁৰ দিনতে ৰোমান সাম্রাজ্যত আটাইতকৈ বেছি পৰিমাণে সুখ–শান্তি বিৰাজ কৰিছিল৷
এণ্টনিয়াছৰ মৃত্যুৰ পিছত ৰোমান সাম্রাজ্যৰ সম্রাট হোৱা মার্কাছ অৰেলিয়াছ আছিল মনে–প্রাণে ভাবুক আৰু দার্শনিক৷ ৰাজ্য শাসন কৰাতকৈ তেওঁ চিন্তা কৰি আৰু অধ্যয়ন কৰি বেছি ভাল পাইছিল৷ কিন্তু কর্তব্যৰ আহ্বানত এনে এজন মানুহেই হ’ব লগা হ’ল বিশাল ৰোমান সাম্রাজ্যৰ সম্রাট– যিখন সাম্রাজ্য বিস্তৃত হৈ আছিল পূবত ছিৰিয়াৰ পৰা পশ্চিমত ব্রিটেইনলৈকে৷
১৬১ খ্রীষ্টাব্দত মার্কাছ অৰেলিয়াছ সিংহাসনত উঠাৰ লগে লগে ৰোমান সাম্রাজ্যৰ ভিতৰত ঠায়ে ঠায়ে বিদ্রোহ আৰু সীমান্তত শত্রুৰ আক্রমণ আৰম্ভ হ’ল৷ যুদ্ধ জয়ৰ মাদকতা বা বিজয়ী বীৰৰ গৌৰৱৰ প্রতি তেওঁৰ মনত বিন্দুমাত্র লোভ নাছিল৷ কিন্তু কর্তব্যৰ আহ্বানত তেওঁ ইখন যুদ্ধক্ষেত্রৰ পৰা সিখন যুদ্ধক্ষেত্রলৈ ঢ়পলিয়াই ফুৰিব লগা হ’ল৷ ইয়াৰ মাজতে তেওঁ ‘ধ্যান’ কৰিবলৈ বা তেওঁৰ চিন্তাবোৰ লিপিবদ্ধ কৰিবলৈ কেতিয়া আৰু কেনেকৈ সময় বিচাৰি পাইছিল সেইটোহে অতি আচৰিত কথা৷
এখন যুদ্ধক্ষেত্রত ব্যস্ত হৈ থকাৰ সময়তে হঠাৎ ৰোগাক্রান্ত হৈ মার্কাছ অৰেলিয়াছৰ মৃত্যু হ’ল৷ প্রাচীন জগতৰ সর্বশ্রেষ্ঠ লোকসকলৰ ভিতৰত এজন আছিল মার্কাছ অৰেলিয়াছ৷ মার্কাছ অৰেলিয়াছৰ চমু পৰিচয়’The Social Philosophers’ নামৰ গ্রন্থৰ সম্পাদক দুজনে লিখিছে– ‘মার্কাছ অৰেলিয়াছ আছিল একাধাৰে সম্রাট, যোদ্ধা, প্রশাসক, সংস্কাৰক আৰু নীতিবাদী৷ দার্শনিক–সম্রাট বুলি ক’লে আমি যি বুজোঁ সেই সংজ্ঞাৰ খুব কাষ চাপিব পাৰিছিল মার্কাছ অৰেলিয়াছে৷ ৪০ বছৰ বয়সত সিংহাসনত উঠাৰ সময়ৰ পৰা ৬০ বছৰ বয়সত ভিয়েনাত মৃত্যুৰ মুহূর্তলৈকে তেওঁ ছিৰিয়াৰ পৰা জার্মানীলৈকে এই বিস্তীর্ণ ভূখণ্ডত ইখনৰ পিছত সিখনকৈ যুদ্ধত লিপ্ত হৈ থাকিব লগা হৈছিল৷ তদুপৰি তেওঁৰ শাসনকালতে প্লেগ মহামাৰীয়ে ইউৰোপ প্রায় উচ্ছন্ন কৰিছিল৷ এই বিচিত্র ঘটনামুখৰ জীৱনৰ মাজতে তেওঁ ৰচনা কৰিছিল তেওঁৰ ‘ধ্যান’ শীর্ষক ৰচনাৱলী– যিবোৰ ৰচনাৰ মাজত ষ্টইক দার্শনিকসকলৰ শিক্ষাৰ সর্বোত্তম প্রকাশ ঘটিছিল বুলি ক’ব পাৰি৷ সেইবোৰ ৰচনাই এহাতে মানৱ ভাতৃত্বৰ আদর্শ ঘোষণা কৰিছিল তদুপৰি সেইবোৰৰ মাজতেই জগতৰ নৈতিক ঐক্যৰ আধুনিক ধাৰণাৰো আগলি বতৰা শুনা গৈছিল৷ মানুহৰ মাজত দিব্যত্বৰ সম্ভাৱনা থকা বুলি তেওঁ বিশ্বাস কৰিছিল, আৰু প্রজ্ঞা, ন্যায়পৰায়ণতা, বীৰত্বপূর্ণ সহিষ্ণুতা আৰু মধ্যম পন্থা আদি যিবোৰ গুণে মানুহক মহান কৰে বুলি তেওঁ বিশ্বাস কৰিছিল সেই সকলোবোৰ গুণেৰে বিভূষিত আছিল মার্কাছ অৰেলিয়াছ নিজেই৷

You might also like