মামণি ৰয়ছম গোস্বামী আৰু আধালেখা দস্তাবেজৰ আঁৰৰ কাহিনী
(২৯ নৱেম্বৰ, নৱম মৃত্যুবার্ষিকীৰ সশ্রদ্ধ স্মৰণ)
-প্রফুল্ল কলিতা
(এক)
‘জ্ঞানপীঠ বটা’ ভাৰত্বর্ষৰ সর্েবাচ্চ সাহিত্য–সন্মান৷ যিটো ভাৰতীয় সাহিত্যৰ নবেল বুলি পৰিচিত হৈ আহিছে৷ প্রকৃতার্থত জ্ঞানপীঠ শব্দৰ অর্থ হৈছে জ্ঞানৰ বেদী৷ এই জ্ঞানৰ বেদীত আৰোহণ কৰিবলৈ সক্ষম হৈছে অসমৰো দুগৰাকীকৈ প্রখ্যাত প্রজ্ঞাৰ সাধক, সু–সাহিত্যিক৷ দ্য টাইমছ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্রকাশক (চাহু জৈন) পৰিয়ালৰদ্বাৰা গঠন কৰা এটা ড্রাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্রদান কৰা হয়৷ জ্ঞানপীঠ বঁটা নগদ পাঁচ লাখ টকা, এখন মানপত্র আৰু সৰস্বতীৰ এটি ব্রঞ্জৰ মূর্তিৰে সমৃদ্ধ৷ ১৯৬১ চনত এই বঁটাৰ শুভাৰম্ভণি কৰা হয়৷ ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্রত আগ্বঢ়োৱা প্রতিভাশালী সৃষ্টিশীল কর্মৰ বােব প্রত্বিছৰে এই টা প্রদান কৰা হৈ আহিছে৷উল্লেখ্য যে পোনপ্রথমগৰাকী জ্ঞানপীঠ বঁটাপ্রাপক সাহিত্যিক আছিল (১৯৬৫ চনত) মালায়ালম লেখক জিশংকৰ কুৰুপ৷ ২০১৯ চন পর্যন্ত জ্ঞানপীঠৰ ইতিহাসত এই টাৰে সন্মানিত হৈছে স্বমুঠ ৫৯গৰাকী কীর্তিমান৷ ১৯৮২ চনৰ আগতে এখন নির্দিষ্ট গ্রন্থৰ ােব এগৰাকী সাহিত্যিকক এই বঁটা প্রদান কৰা হৈছিল যদিও, তাৰ পিছৰ পৰা লেখকগৰাকীৰ সামগ্রিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্রদানৰ নিয়ম কৰা হয়৷ আজিৰ তাৰিখলৈকে এনে এক সন্মানীয় টাৰে সন্মানিত হোৱা দুগৰাকী অসম সন্তানৰ ভিতৰত প্রথমগৰাকী হৈছে– ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্য (১৯৭৯)৷ দ্বিতীয়গৰাকী জ্ঞানপীঠ টা বিজয়িনী হৈছে সকলোৰে শ্রদ্ধা আৰু মৰমৰ ড০ ইন্দিৰা গোস্বামী ওৰফে মামণি ৰয়ছম গোস্বামী (২০০০)৷ উল্লেখ্য যে দুয়োগৰাকী কৃতবিদ্যৰ এই বঁটাপ্রাপ্তিৰ সময়ত আজিৰ দৰে নানা তৰহৰ প্রচাৰ মাধ্যম নাছিল৷ থকা হ’লে, কেনে এক উখল– মাখল পৰিৱেশৰ সৃষ্টি হ’লহেঁতেন শ্রদ্ধাৰ পঢ়ুৱৈসকলে নিশ্চয় অনুমান কৰ্বি পাৰিছে৷
(দুই)
সাহিত্যানুৰাগীৰ মাত্রেই এই কথা সকলোৰে বিদিত যে আধুনিক অসমীয়া সাহিত্যৰ এক বিস্ময়কৰ প্রতিভা ড০ ইন্দিৰা গোস্বামী ওৰফে মামণি ৰয়ছম গোস্বামী৷ তেওঁৰ সৰহভাগ লেখা অৱহেলিত তথা অপমানিত মানুহৰ দুর্বিষহ জীৱনক লৈ সৃষ্ট৷ তাৰ ভিতৰৰে– ‘মামৰে ধৰা তৰোৱাল’, ‘অৰিহণ’, ‘চেনাবৰ স্রোত’, ‘হূদয় এক নদীৰ নাম’ ইত্যাদি৷ ‘নীলকণ্ঠী ব্রজ’ আৰু ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ ক্রমে হিন্দু বিধৱাসকলৰ মর্মেবদনাৰে ভৰপূৰ৷ লগতে জাত–পাতৰ বিভেদেৰে সমৃদ্ধ ক্ষয়িষ্ণু সত্রৰ জীয়া কাহিনী৷ বিশ্বসাহিত্যত সুখ্যাতি অর্জা মামণি ৰয়ছম গোস্বামীয়ে নিজৰ বিষয়ে অকণো লুক–ঢ়াক নকৰাকৈ যিধৰণে সাৱলীলভাৱে পাঠকৰ আগত প্রকাশ কৰিছে, পূবতে কোনো অসমীয়া লেখিকাই নিজকে পাঠকৰ সন্মুখত এনেদৰে উদঙাই দিয়াৰ দৃষ্টান্ত নাই৷ শৈল্পিক শৈলীৰে তেওঁৰ জীৱনৰ সমস্ত কাহিনী, পৰিশীলিতভাৱে সাহিত্যৰ ৰূপত সজাই–পৰাই তেওঁৰ প্রিয় পঢ়ুৱৈৰ সমুখত আগ্বঢ়াই দিয়াত কোনো কৃপণালি কৰা নাই৷ সাহিত্য সৃষ্টিৰ তাডনাত তেওঁ ক’তো কাৰো ওচৰত সৰু হোৱা নাই অথ্বা কাৰো ওচৰত হাত পতা নাই৷ তেওঁৰ সৃষ্টিশীল সত্তাক কোনোদিনেই কোনো সমালোচকৰ সুতীক্ষ্ণ বাণে ধৰাশায়ীও কৰ্বি পৰা নাই৷ অথচ তেওঁৰ যাত্রাপথত তেওঁ আছিল তেনেই নিঃসংগ নির্ভীক অলৰ–চৰ৷ তেওঁৰ জীৱনপথত শৈশৱৰে পৰা পৰিস্ফুট হৈছে পিতৃ উমাকান্ত গোস্বামীক হেৰুৱাই স্নেহৰ পৰা বঞ্চিত হ’ লগাৰ ভীতি, দুখ, গ্লানি৷ লগতে মমতাময়ী মাতৃ অম্বিকা দেৱীৰ দায়িত্বপূর্ণ কার্যক্রমণিকাৰ সোঁৱৰণী৷কম দিনৰ ােব হ’লেও স্বামী মাধৱেন ৰয়ছমৰ পৱিত্র হূদয়েৰে ভৰা সস্নেহ ভালপোৱা, গুৰু উপেন্দ্র চন্দ্র লেখাৰুৰ দৰে পণ্ডিতৰ আর্শীবাদ– সহায়–সহযোগিতা, বিজ্ঞসকলৰ মূল্যৱান দিহা–পৰামর্শ আদিৰ পয়োভৰ ঘটিছে তেওঁৰ জীৱনাদর্শত৷ ফলত স্বত্র উচ্চাৰিত হৈছে– জীৱন যুদ্ধত জয়ী, ধীৰ–স্থিৰ এইগৰাকী বিদুষী নাৰী –নাম যাৰ ‘মামণি’ (ড০ ইন্দিৰা গোস্বামী)৷
(তিনি)
মামণি ৰয়ছম গোস্বামীৰ ‘আধালেখা দস্তােবজ’ত সন্নিৱিষ্ট হৈছে জীৱনৰ সমুদায় কথা৷ মূলতঃ (এগৰাকী নাৰী) তেওঁৰ নিজৰ ৈবচিত্র্যময় আৰু দুর্যোগপূর্ণ জীৱনৰ কিছু অংশ৷ তেজ–মঙহৰ এক অভিনৱ জীয়া কাহিনী৷ গ্রন্থখন প্রথম প্রকাশ পায় ১৯৮৮ চন ১ ডিচেম্বৰত৷ লেখিকাগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ দুর্যোগ–দুর্দিনৰ সংঘাতপূর্ণ সময়ত ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্রসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ পৰা এখন প্রেৰণাদায়ক চিঠি পাইছিল৷ সেই চিঠিৰ ভাষাই তেওঁৰ হূদয় স্পর্শ কৰিছিল৷ ৰগোহাঞিৰ সেই উপদেশতে তেওঁ নিজৰ জীৱন–কাহিনীৰ বিষয়ে কিছু অংশ লিখ্বিলৈ লৈছিল৷ বৰগোহাঞিয়ে লিখা চিঠিখনৰ দুটামান শাৰী মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ গ্রন্থ আধালেখা দস্তােবজত তুলি ধৰিছে এনেদৰে– ‘আপোনাৰ মন কি দুঃসহ েবদনাৰে ভাৰাক্রান্ত, সেই কথা আপুনি নক’লেও মই জানো৷ কিন্তু শিল্প–সৃষ্টিৰ দাবী ইমানেই নিষ্ঠুৰ যে সি কাৰো ব্যক্তিগত দুখ–েবদনাৰ কথা বিেবচনা নকৰে৷ সাধাৰণ নৰ–নাৰীৰ এই অতলান্ত দুখত নিমজ্জিত হৈ মৃতপ্রায় হৈ থাক্বিলৈ সম্পূর্ণ অধিকাৰ আছে, কিন্তু আপোনাৰ এই অধিকাৰ নাই৷ কাৰণ আপুনি লেখিকা, জাতশিল্পী৷ একমাত্র সৃষ্টিৰ মাজতেই আপোনাৰ মুক্তি– দুখৰ পৰা, আনকি ক্ষুদ্র ক্ষুদ্র খণ্ড মৃত্যুৰ পৰাও৷’
মামণি াইদেৱে ইয়াকো উল্লেখ কৰিছে যে ‘ৰগোহাঞিৰ প্রেৰণাদায়ক অনেক কথাই মোৰ হূদয় স্পর্শ কৰিছিল৷ তেওঁৰ উপদেশ মতে মই সেই সময়ত মোৰ জীৱন কাহিনীৰ কিছু অংশ লিখিছিলোঁ………..৷
১৯৮৬ চনৰ ‘অসম্বাণীৰ’ বিহুসংখ্যাত ‘দস্তােবজৰ এক অংশ’ লি মোৰ স্মৃতিৰ কাহিনী এটি প্রকাশিত হৈছিল৷’
ইয়াৰ পিছত‘অসম্বাণীৰ’ সম্পাদক তিলক হাজৰিকাদেৱে দস্তােবজৰ দ্বিতীয় অংশ লাগে লি হেনো মামণি বাইদেউক ৰকৈ অনুৰোধ কৰিছিল৷ মামণি ৰয়ছম গোস্বামীয়ে হাজৰিকাদেৱৰ ওচৰত কৃতার্থ হৈ ইয়াকো কৈছে যে ‘তেওঁ অনুৰোধ নকৰাহেঁতেন ‘দস্তােবজৰ দ্বিতীয় অংশ’ হয়তো লিখ্বি নোৱাৰিলোহেঁতেন৷’ কাৰণ সেই সময়ত মামণি বাইদেউৰ হেনো লিখাৰ কোনো আগ্রহ নাছিল৷ দস্তােবজৰ তৃতীয় অধ্যায়টি কিতাপখনৰ প্রকাশক বিজয় দত্তৰ অনুৰোধত লিখ্বিলগীয়া হৈছিল লি ‘লেখিকাৰ কথা’ত লেখিকা মামণি ৰয়ছম গোস্বামীয়ে সুস্পষ্টভাৱে উল্লেখ কৰিছে৷ উল্লেখ কৰিছে যে ১৯৭০ চনলৈকে তেওঁৰ জীৱনত ঘটি যোৱা কিছুমান ঘটনাৰ ছবি ‘আধালেখা দস্তােবজ’ গ্রন্থত সন্নিৱিষ্ট কৰিছে৷ এনেকৈয়ে তিনিওটা অধ্যায় মিলি ছপা হৈ ওলাছিল– ‘আধা লেখা দস্তােবজ’৷ যিখন গ্রন্থই অসমীয়া সাহিত্যত আলোডন সৃষ্টি কৰিছে৷ সৃষ্টি কৰিছে এক ব্যতিক্রমী ইতিহাস৷
আধালেখা দস্তােবজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীৰ এটা অংশ বুল্বিও পাৰি৷ সৰুতে সত্রৰ পৰিৱেশত ডাঙৰ–দীঘল হোৱা গোডা উচ্চ্বর্ণৰ (হিন্দুধর্ম)ৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্র বর্ণনাৰ লগতে সত্রৰ ধার্মিক আচাৰ পূর্ণ পৰিৱেশো বর্ণনা কৰিছে৷ তেনে পৰিৱেশত এগৰাকী ক ম য়সীয়া বিধৱাৰ ৰূপত ৰূঢ় াস্তৱৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ ণনা দিছে নিখুঁতভাৱে৷ তেওঁৰ এই উপন্যাসৰ মূল ধাৰা হৈছে– কঠোৰ বাস্তৱৰ ধাৰাত দলিত–নিষ্পেষিত মানুহৰ, বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্চনা আৰু গ্লানিৰ সমষ্টি বিশেষ৷ এই গ্রন্থখনত তেওঁৰ নিজৰ জীৱনৰ চিত্র–বিচিত্র ৰূপৰেখা সুস্পষ্টভাৱে অংকন কৰিছে৷ গ্রন্থখনত উল্লেখ কৰা মতে এসময়ত এগৰাকী জ্যোতিষীয়ে তেওঁৰ সোঁৱৰণী চাই মামণি াইদেউৰ মাকৰ মুখৰ আগতে উচ্চাৰণ কৰিছিল– ‘এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি নদীত ভহাই দিয়াই ভাল হ’৷’ (আধালেখা দস্তােবজ পৃষ্ঠা নং ১৮)৷ কিন্তু পিছলৈ সেই জ্যোতিষীগৰাকীয়েই মামণি াইদেউৰ ভাগি পৰা মনটোক সজীৱ কৰ্বিলৈ কৈছিল ‘তুমি ইচ্ছা কৰিলে পাহাৰ গাব পাৰ্বিা৷ তোমাৰ মাজত মই অধ্যৱসায়ৰ জ্যোতি দেখা পাইছোঁ….৷’ এৰা, সঁচার্থতে সেই ছোৱালীজনীয়ে ৰচি থৈ গ’ল ইতিহাস, সিঁচি দিলে আশাৰ কঠীয়া সমগ্র বিশ্বত৷ তেওঁৰ গৰিমাৰে মহীয়ান হ’লোঁ আমি৷ একাংশ্রই কুলক্ষণী বুলি ভ্বা সেই ছোৱালীজনীয়েই দ্বিগুণে প্রজ্বলিত কৰি থৈ গ’ল অসম আৰু অসমীয়া সাহিত্যৰ অক্ষয় বন্তি৷
‘আধালেখা দস্তােবজ’ত সন্নিৱিষ্ট হৈ আছে জীৱ–জন্তুৰ প্রতিও মামণি াইদেউৰ প্রবল মৰম, বিশাল সহানুভূতি৷ এবাৰ জ্যোতিষীৰ কথামতে স্নেহশীলা মাকে তেওঁৰ মংগলৰ বােবই কামাখ্যাৰ ওচৰৰ বগলা দেৱী মন্দিৰত এটা পাঠা ছাগলী লি দ্বিলৈ লৈ গৈছিল৷ সেই দৃশ্য তেওঁৰ দুচকুত ধৰা দিয়াত ….. ‘হঠাৎ মোৰ চকু পৰিল এটা ক’লা পাঠা৷ মন্দিৰৰ কাষৰ খুঁটি এটাত পাঠাটো বান্ধি থোৱা আছে৷ খুঁটিটোৰ আশে–পাশে থকা কোমল ঘাঁহেবাৰ সি ৰ নিশ্চিন্ত মনে খাই আছে৷ তাৰ ক’লা নোমেবাৰত ৰ’দৰ পোহৰ পৰি চিকমিকাই আছে৷… পূজা আৰম্ভ হ’ল৷… মোৰ মন দেৱী আৰু পূজাত নাথাকিল৷ দূৰৈত নিশ্চিন্ত মনে ঘাঁহ খাই থকা পশুটোৰ বােব হূদয় ছটফটাবলৈ ধৰিলে… যেতিয়াই লিকটা দাখন লৈ পূজাৰী এজন বাহিৰলৈ ওলাই গ’ল, তেতিয়াই মোৰ দুয়ো নয়নেৰে ধাৰাসাৰে লোতক বাগৰি পৰ্বিলৈ ধৰিলে’ (‘আধালেখা দস্তােবজ পৃষ্ঠা ২০)৷ কেনে এক প্রাণস্পর্শী বিৱৰণ, দেৱীক তেজেৰে নহয়, ফুলেৰে পূজা কৰাতহে যেন তেওঁ বিশ্বাসী৷ যাৰ বােব সেই মুহূর্ততো তেওঁৰ চকুৰে ৈব আছিল তপত চকুলোৰ ধাৰ৷ ‘আধালেখা দস্তােবজ’ৰ শেষ পৃষ্ঠাৰ, এক্বোৰে শেষৰ কথাখিনি আছিল এনেধৰণৰ– ‘এটা কথা সঁচা যে ছাৰে মোক সুখ্যাত লেখিকা নাইবা ডাঙৰ পণ্ডিত হ’লৈ প্রেৰণা দিয়া নাছিল৷ ছাৰে মোক মানৱীয় গুণেৰে বিভূষিত মানুহ হ’লৈ প্রেৰণা দিছিল৷ মনুষ্যত্বৰ সন্মুখত সকলো গুণেই তুচ্ছ আছিল৷ ছাৰৰ ােব মানুহতকৈ শ্রেষ্ঠ এই সংসাৰত একো নাছিল৷’