আটলাণ্টিক আকাশৰ তিনি এলবাট্র’ছ
ফুটবল বিশ্বত বিভিন্ন বিশেষণ তেওঁৰ৷ কোনোবাই তেওঁক বিশ্বৰ আটাইতকৈ প্রিয় খেলবিধৰ ৰাজপুত্র আখ্যা দিছে৷ কোনোবাই আকৌ ফুটবল মানেই মাৰাডোনাৰ যাদু বুলিও ক’ব বিচাৰে৷ বিভিন্নজনৰ দৃষ্টিত তেওঁ অদ্বিতীয়৷ ফুটবলত পুনৰ মাৰাডোনাৰ কেতিয়াও জন্ম নহয়, মাৰাডোনাক পুনৰ বিশ্ব ফুটবলে কেতিয়াও বিচাৰি নাপায় বুলিও অনুৰাগীসকলে চকুলো টুকিছে৷ ইকুৱেডৰৰ বিখ্যাত সাংবাদিক ফুটবল উন্মাদ এডৱার্ড’ গালেৱানোৱে তেওঁৰ বহুপঠিত গ্রন্থ ‘ছ’কাৰ ইন দ্য ছান এণ্ড শ্বেডো’ শীর্ষক গ্রন্থত উল্লেখ কৰিছে– ‘কথা কোৱাৰ সময়ত মাৰাডোনা সদায় অনিয়ন্ত্রিত৷ কিন্তু খেলপথাৰত মাৰাডোনা অপ্রতিৰোধ্য৷ মাৰাডোনাই যেতিয়া ভৰিত বল লৈ প্রতিপক্ষৰ গ’লপোষ্টৰ ফালে বহু প্রাচীৰ ভেদি আগবাঢ়ে তেতিয়া অকল্পনীয় আৰু অবিশ্বাস্য এক ভৱিষ্যতে যিকোনো মুহূর্ততে আহি দর্শকক হতচকিত কৰে৷ কোনেও ভাবিব নোৱাৰে যে ফুটবলৰ এই ৰাজপুত্রই প্রতিপক্ষৰ প্রাচীৰ ভেদি এক দুৰন্ত গ’লৰ অভিলেখ মুহূর্ততে সৃষ্টি কৰিলে৷’ গালেৱানোৰ মতে মেছিয়ে ফুটবল খেলে অন্তৰ আত্মাৰ পৰা৷ মেছিয়ে ফুটবলক প্রাণতকৈ অধিক ভাল পায় কিন্তু মাৰাডোনা ফুটবল খেলৰ মেচিন৷ এই মেচিনৰ সমস্ত কিটিপ আয়ত্ত কৰাটো কোনো খেলুৱৈৰ বাবে সম্ভৱ নহয়৷ কিন্তু ফুটবল খেলুৱৈ হিচাপে মাৰাডোনা যিমান প্রিয়, তাতকৈ বিদ্রোহী মাৰাডোনা বিশ্বৰ প্রান্তে প্রান্তে এক প্রাতঃস্মৰণীয় নাম৷ লেটিন আমেৰিকাৰ সৰু দেশ আর্জেণ্টিনাক ভাল পাবলৈ বিশ্ববাসীক অনুপ্রেৰণা যোগাই আহিছে বিপ্লৱী চে গুৱেভাৰাৰ আদর্শই৷ আর্জেণ্টিনাৰ ফুটবলক ভাল পাবলৈ সমগ্র বিশ্ববাসীক বাধ্য কৰাইছে মাৰাডোনাই৷ সমগ্র লেটিন আমেৰিকাৰ সাম্রাজ্যবাদবিৰোধী মহাকাব্যিক বিদ্রোহক আজি বিশ্বজুৰি আঁকোৱালি ল’বলৈ উৎসাহ যোগাইছে কিউবাৰ বিপ্লৱী নায়ক ফিডেল কাষ্ট্রোৱে৷ সেইবাবে এই তিনি চিৰ বিদ্রোহী এতিয়া অকল নিজ নিজ ক্ষেত্রত নজিৰ সৃষ্টি কৰি খ্যাতি লাভ কৰা চৰিত্র হৈ থকা নাই৷ এই তিনি বিদ্রোহী–বিপ্লৱী হৈছে আটলাণ্টিক আকাশৰ সদাজাগ্রত এলবাট্র’ছ পখী৷ পশ্চিম আকাশৰ অমৰ এই তিনি এলবাট্র’ছ পখীয়ে জাগ্রত কৰি ৰাখিছে বিশ্বৰ অগণিত জনতাক৷ যেতিয়াই বিদ্রোহৰ ধুমুহা আৰম্ভ হৈছে তেতিয়াই অৱধাৰিতভাৱে আহি পৰিছে ফিডেল কাষ্ট্রো, চে গুৱেভাৰাৰ নাম৷ যেতিয়াই চে–ফিডেলৰ কায়িক অৱসানৰ পিছত লেটিন আমেৰিকাজুৰি সাম্রাজ্যবাদবিৰোধী বিদ্রোহৰ জুই জ্বলিছে তেতিয়াই সোঁ শৰীৰে তাত হাজিৰ হৈছে বিদ্রোহী মাৰাডোনা৷
ফুটবল মানেই লেটিন আমেৰিকাৰ প্রাণ৷ ফুটবল মানেই লেটিন আমেৰিকাৰ বিদ্রোহী বীণৰ সুৰ৷ গালেৱানোৱে কৈছে– ‘ফুটবল লেটিন আমেৰিকাৰ ঘৰে ঘৰে প্রতিমুহূর্ততে চর্চিত বিষয়৷ কোনোবা স্বামীয়ে পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটাইছে, তেতিয়া হয়তো দেখুৱাই দিব ৰেড কার্ড৷ কোনোবাই পৰিয়ালৰ কোনো সদস্যক শাস্তি দিছে, তেতিয়াই ৰেফাৰীৰ হুইচেল বজাই হয়তো ক’ব পেনাল্টী কিক৷ কোনোবাই ঘৰৰ ভিতৰতে শৃংখলা ভংগ কৰিছে, তেতিয়াই হয়তো আহি পৰিব ফ্রী কিক৷’ অর্থাৎ ফুটবল জীৱন ধাৰণৰ এক প্রক্রিয়া হৈ পৰে লেটিন আমেৰিকাৰ ঘৰে ঘৰে৷ মাৰাডোনাৰ জীৱন আছিল ফুটবলৰ দৰেই বর্ণিল৷ কোনোদিনেই শিৰনত কৰাৰ স্বভাৱ নাছিল মাৰাডোনাৰ৷ অতি বিশৃংখল অথচ বর্ণিল জীৱন৷ ইটালীৰ নেপ’লিত খেলি থকা সময়ত বাৰে বাৰে ড্রাগছ আৰু অপৰাধৰ জগতখনৰ সৈতে সাঙোৰ খাই পৰা মাৰাডোনা হৈ পৰিছিল খলনায়ক৷ নেপ’লিৰ ছাব আৰবানৰ পতিতাগৃহৰ পৰা বাৰে বাৰে মাৰাডোনাক লৈ আহিবলগীয়া হৈছিল সতীর্থ খেলুৱৈয়ে৷ কিন্তু খেলপথাৰত নামি পৰাৰ লগে লগে মাৰাডোনা হৈ পৰে ঈশ্বৰ৷ যিসকলে মাৰাডোনাৰ বদভ্যাসক লৈ খেলুৱৈগৰাকীক গৰিহণা দি থাকে তেওঁলোকেও খেলপথাৰত নমা মাৰাডোনাক ঈশ্বৰৰ দৰে শ্রদ্ধা কৰিবলৈ লয়৷ এইজনেই মাৰাডোনা, যিয়ে খেলপথাৰত সকলো অবিশ্বাস্য ঘটনা ঘটাব পাৰে, খেলপথাৰৰ বাহিৰতো তেওঁৰ অনুৰাগীয়ে কল্পনা কৰিব নোৱৰা কাম কৰিব পাৰে৷ গৰিব পৰিয়ালৰ সন্তান মাৰাডোনা ফুটবল খেলুৱৈ হৈও লেটিন আমেৰিকাজুৰি মার্কিন কোম্পানীসমূহৰ আধিপত্যৰ বিৰুদ্ধে আছিল সৰৱ৷ সেইবাবে কিউবাৰ বিপ্লৱী নায়ক ফিডেল কাষ্ট্রোক তেওঁৰ দ্বিতীয় পিতৃ আখ্যা দিছিল৷ আমেৰিকাৰ মিয়ামিৰ মাত্রা ১০০ কিলোমিটাৰ দূৰৈৰ আটলাণ্টিক দ্বীপ কিউবাৰ বিপ্লৱী নায়ক কাষ্ট্রোৱে অর্ধশতিকাতকৈ অধিক কাল ধৰি হোৱাইট হাউছৰ ৰঙা চকুক পৰোৱাই নকৰি সমাজবাদৰ পতাকা উৰুৱাই আছিল৷ আজিও কিউবাই শিৰনত কৰা নাই আমেৰিকাৰ ওচৰত৷ কাষ্ট্রোৰ দৰে মাৰাডোনাৰ প্রিয় আছিল চে’ গুৱেভাৰাও৷ বাহুত অগণিত জনতাৰ বিপ্লৱী আইকন চে গুৱেভাৰাৰ ছবিৰ টাটু কৰাই লৈছিল মাৰাডোনাই৷ ভৰিত আছিল ফিডেল কাষ্ট্রোৰ ছবি৷ যেতিয়াই লেটিন আমেৰিকাৰ কোনো ৰাষ্ট্রনেতাই আমেৰিকাৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে, তেতিয়াই মাৰাডোনাই তাক সমর্থন কৰি হোৱাইট হাউছক গালি–শপনি দিছে৷ ভেনিজুৱেলাৰ প্রয়াত ৰাষ্ট্রপতি উগো ছাভেজৰ কাষত বহি মাৰাডোনাই আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ্বক ৱাৰ ক্রিমিনেল আখ্যা দি টি ছার্ট পৰিধান কৰিছিল৷ ফিডেলৰ মৃত্যুৰ দিনতে অর্থাৎ ২৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা মাৰাডোনাক লেটিন আমেৰিকাৰ পৰিয়ালে পৰিয়ালে ঈশ্বৰৰ দৰে পূজা কৰা হৈছে৷ ৰাষ্ট্রনেতাসকলে হিয়াধুনি কান্দিছে৷ ২০০৭ চনত মাৰাডোনাই এক টেলিভিছন শ্ব’ত কৈছিল– ‘ফিডেল কাষ্ট্রো, ছাভেজে মোৰ বাবে সকলো কৰিছে৷’ আমেৰিকাৰ পৰা অহা সকলো সামগ্রীকে ঘিণ কৰা বুলি ঘোষণা কৰিছিল এই বিদ্রোহী ফুটবল কিংবদন্তিয়ে৷ ১৯৮৭ত ফিডেল কাষ্ট্রোৰ সৈতে প্রথমবাৰ মিলিত হোৱা এই আর্জেণ্টাইন কিংবদন্তিয়ে অকপটে স্বীকাৰ কৰিছিল যে লেটিন আমেৰিকাৰ জনতাৰ মুক্তি হ’বলৈ হ’লে আমেৰিকান সাম্রাজ্যবাদৰ পতন অনিবার্য৷ ছাভেজ, বলিভিয়াৰ প্রাক্তন ৰাষ্ট্রপতি ইভো মৰালিছ নাইবা ভেনিজুৱেলাৰ বর্তমানৰ ৰাষ্ট্রপতি নিকোলাছ মাডুৰো– সকলোৱেই মাৰাডোনাৰ বন্ধু৷ মাৰাডোনাৰ মৃত্যুত সেইবাবে সাম্রাজ্যবাদবিৰোধী বিশ্বৰ অগণিত জনতাই কান্দিছে৷ শোক প্রকাশ কৰিছে এগৰাকী জনপ্রিয় আইকনক চিৰবিদায় জনাই৷ মৰালেছে মাৰাডোনাৰ মৃত্যুত শোক প্রকাশ কৰি কৈছে যে তেওঁৰ কনিষ্ঠ ভাতৃৰ বিয়োগে তেওঁক ব্যথিত কৰি তুলিছে৷ ডিয়েগ’ মাৰাডোনা বিশ্বৰ আটাইতকৈ প্রিয় ফুটবল খেলুৱৈ আছিল বুলি উল্লেখ কৰি মৰালেছে কিংবদন্তি ফুটবলাৰগৰাকীক দুখীয়াৰ বন্ধু আছিল বুলিও অভিহিত কৰিছে৷ শোকবিহ্বল মাডুৰোৱে উল্লেখ কৰিছে যে মাৰাডোনাৰ মৃত্যু বিশ্ব ফুটবলৰেই ক্ষতি নহয়, কিংবদন্তি খেলুৱৈগৰাকীৰ মৃত্যুৱে আমেৰিকাৰ আধিপত্যবাদ বিৰোধী সংগ্রামৰ এক শক্তিশালী কণ্ঠৰো অৱসান ঘটালে৷ গতিকে ফুটবল অনুৰাগীৰ সমান্তৰালকৈ বিদ্রোহী জনতাও সমানে মর্মাহত হৈছে এই মহানায়কৰ জীৱনাৱসানত৷
লেটিন আমেৰিকাৰ জনপ্রিয় কবি মিগুৱেল বার্নেটে বিপ্লৱী চে গুৱেভাৰাক লৈ লিখিছিল– ‘জানো তুমি কবি৷ তথাপি তোমাৰ হাতত বন্দুকৰ পৰিৱর্তে কলম কেতিয়াও নিদিওঁ চে৷’ আজি ফুটবল কিংবদন্তি, পদশিল্পৰ যাদুকৰ, কলাত্মক ফুটবলৰ খনিকৰ মাৰাডোনাৰ মৃত্যুত আমিও ক’ব বিচাৰিছোঁ– জানো তুমি চিৰবিদ্রোহী৷ তথাপি তোমাৰ ভৰিত আমি সদায় বিচাৰিম ফুটবল৷