নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ প্রতিবাদৰ সমর্থনত আন্না হাজাৰেৰ অনশন

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদী কার্যসূচীৰ প্রতি সমর্থন জনাই গান্ধীবাদী নেতা কিষাণ বাবুৰাও ওৰফে আন্না হাজাৰেই দিনজোৰা অনশন কার্যসূচী গ্রহণ কৰে তেওঁৰ আহমেদ নগৰৰ ৰালেগান–সিদ্ধিত৷

স্মর্তব্য যে প্রতিবাদী কৃষকসকলে নতুন কৃষি আইন প্রত্যাহাৰৰ দাবীত ভাৰত বন্ধৰ আহ্বান দিয়ে৷ প্রতিবাদী কৃষকসকললৈ এক বার্তাত হাজাৰেই উল্লেখ কৰিছে সমগ্র দেশজুৰি কৃষকৰ বিক্ষোভ বিয়পি পৰা উচিত৷ দেশজুৰি বিক্ষোভ ব্যাপিত হ’লেহে চৰকাৰে বিতর্কিত আইন প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ব বুলিও বার্তাটোত উল্লেখ কৰিছে হাজাৰেই৷

You might also like