নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্স আৰক্ষীত সংস্কাৰ ঘটাব মেক্র’নে

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আৰক্ষীৰ সংঘর্ষক লৈ কেইবাসপ্তাহ ধৰি প্রতিবাদ অব্যাহত থকা বিষয়টোত আক্ষেপ প্রকাশ কৰি ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে নিৰাপত্তা বাহিনীত শীঘ্রে সংস্কাৰ ঘটোৱা হ’ব বুলি ঘোষণা কৰিছে৷ আৰক্ষীৰ কাম–কাজ সন্দর্ভত অহা মাহত মেক্র’ন শীর্ষ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷

এক আৰক্ষী সংগঠনলৈ ৰাষ্ট্রপতিগৰাকীয়ে প্রেৰণ কৰা এক পত্রত এই কথা উল্লেখ কৰা হৈছে৷ মেক্র’নৰ মতে ফ্রান্সত আৰক্ষী তথা অন্যান্য নিৰাপত্তা বাহিনীত শীঘ্রে সংস্কাৰ সম্ভৱ কৰি নুতুলিলে ভৱিষ্যতে দেশখনত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ স্মর্তব্য যে আৰক্ষীয়ে এতিয়া দেশখনত অপৰাধ কার্যৰ মোকাবিলা কৰাৰ ক্ষেত্রত আইন হাতত তুলি লোৱা পৰিলক্ষিত হৈছে৷

You might also like