নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰ সীমান্তত ভাৰতৰ বিৰুদ্ধে নতুন ষড়যন্ত্র

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ চীন আৰু পাকিস্তানৰে সীমান্তত ভাৰতীয় সেনাৰ উত্তেজনা অব্যাহত থকাৰ সময়তে ম্যানমাৰ সীমান্তত চীনে ভাৰতৰ বিভিন্ন উগ্রপন্থী সংগঠনক অস্ত্র তথা প্রশিক্ষণেৰে শক্তিশালী কৰি নতুন দিল্লী প্রশাসনৰ বিৰুদ্ধে নতুন ষড়যন্ত্র ৰচিছে৷ অক্টোবৰ মাহৰ পৰা ম্যানমাৰ সীমান্তত ভাৰতীয় বাহিনীৰ বিৰুদ্ধে বিভিন্ন কূটাঘাতী কার্যত বিদ্রোহী সংগঠনবোৰক সহায় কৰি আহিছে চীনে৷ অর্থাৎ পাকিস্তান আৰু চীনৰ সৈতে প্রত্যক্ষ সংঘাত থকাৰ পিছত ম্যানমাৰ সীমান্ততো ভাৰতীয় বাহিনীৰ বিৰুদ্ধে প্রত্যাহ্বান সৃষ্টি কৰাৰ কৌশল ৰচনা কৰিছে বেইজিঙে৷ ম্যানমাৰত সশস্ত্র বিদ্রোহী গোট ইউনাইটেড ৱা ষ্টেট আর্মী আৰু আৰাকান আর্মীয়ে বেইজিঙৰ সমর্থনপুষ্ট সংগঠন হিচাপে উত্তৰ–পূব ভাৰতত বিভিন্ন সংগঠনক অস্ত্র যোগান ধৰাৰ উপৰি গোপন শিবিৰ স্থাপনৰো সুযোগ দিছে৷

শেহতীয়াকৈ ভাৰতীয় জ্যেষ্ঠ বিষয়া একাংশই এই কথা সদৰী কৰিছে যদিও সংবাদ মাধ্যমত নিজৰ পৰিচয় ব্যক্ত কৰা নাই৷ ইতিমধ্যে বহুকেইটা নিৰাপত্তা সংস্থাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক জনোৱা অনুসৰি ভাৰতৰ বাবে মষ্ট ৱাণ্টেড হিচাপে চিহ্ণিত কমপক্ষেও চাৰিজন বিদ্রোহী নেতাক দক্ষিণ চীনৰ কানমিন চহৰত আশ্রয় দিয়া হৈছে৷ এই বিদ্রোহী নেতাসকলৰ তিনিগৰাকী নগা বিদ্রোহী নেতা থকা বুলি সেনাৰ সূত্রই সদৰী কৰিছে৷

লক্ষণীয়ভাৱে ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াৰ এই দাবীক অগ্রাহ্য কৰিছে বেইজিঙে৷ চীনৰ বিদেশ মন্ত্রালয়ে শেহতীয়াকৈ ভাৰতৰ কোনো বিদ্রোহী গোটক সহায় কৰা নাই বুলি ঘোষণা কৰিছে যদিও পূর্বৰ বহু ঘটনাই প্রমাণ কৰিছে যে উত্তৰ–পূব ভাৰতৰ প্রায়বোৰ বিদ্রোহী সংগঠনেই চীনৰ পৰা সহায় লাভ কৰিছে৷

You might also like