নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিত বেক এণ্ড ভেৰিফিকেচন অবিহনে ১৮,৯৬,৬৯৮ লোক

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ  বিদেশীমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ১৬ কোটি টকা ব্যয়েৰে সম্পন্ন কৰা নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্রক্রিয়াত ৰৈ যোৱা এটাৰ পাছত আন এটা আসোঁৱাহ পোহৰলৈ আহিছে৷ দীঘলীয়া প্রক্রিয়াৰ মাজেৰে এন আৰ চি উন্নীতকৰণ কৰা হ’ল যদিও নথি–পত্র পৰীক্ষণেই হওক অথবা এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে যোগ্যজন বাছি উলিওৱাৰ ক্ষেত্রত কিছু বিসংগতি ৰৈ গ’ল৷ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে দাখিল কৰা এখন শপতনামাত এনে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ বেক–এণ্ড ভেৰিফিকেচন অবিহনে ১৮,৯৬,৬৯৮গৰাকী লোকৰ নাম এন আৰ চিত সন্নিৱিষ্ট হোৱা বুলি শপতনামাখনত উল্লেখ কৰা হৈছে৷ অর্থাৎ পর্যাপ্ত নথি–পত্র, উপযুক্ত তথ্যপাতি অবিহনে এই লোকসকলৰ নাম সন্নিৱিষ্ট হৈছে নাগৰিকপঞ্জীত৷ এয়া কিদৰে হ’বলৈ পালে, তাৰ তথ্যও উল্লেখ কৰা হৈছে শপতনামাখনত৷ সেই অনুসৰি এন আৰ চিৰ বাবে দাখিল কৰা নথি–পত্র সঠিক পৰীক্ষণৰ বাবে গ্রহণ কৰা হৈছিল বেক–এণ্ড ভেৰিফিকেচন৷ অর্থাৎ দাখিল কৰা নথি–পত্রসমূহ যি কর্তৃপক্ষই প্রদান কৰিছিল, সেই কর্তৃপক্ষৰ ওচৰলৈ সেইসমূহ প্রকৃত নথি–পত্র হয় নে নহয়, সেয়া প্রমাণ কৰাৰ বাবে প্রেৰণ কৰাৰ প্রক্রিয়াই হৈছে বেক–এণ্ড ভেৰিফিকেচন৷ আৰম্ভণিতে এই প্রক্রিয়াৰেই যোগ্য, অযোগ্য বিবেচনা কৰা হৈছিল৷ কিন্তু ২০১৭ চনৰ ডিচেম্বৰত এই প্রক্রিয়া বন্ধ কৰা হয়৷ ইয়াৰ পৰিৱর্তে নথি–পত্র পৰীক্ষণৰ বাবে গঠন কৰা হয় জিলা দণ্ডাধীশ তদন্তকাৰী গোট (ডি এম আই টি)৷ এই গোটসমূহক নথি–পত্রসমূহ পৰীক্ষা কৰি সেইসমূহ প্রকৃত হয় নে নহয়, সেয়া নির্ধাৰণ কৰাৰ কর্তৃত্ব প্রদান কৰা হয়৷ বেক–এণ্ড ভেৰিফিকেচনৰ সময়ত প্রায় ৬.৫ কোটি নথি–পত্র সশ্লিষ্ট কর্তৃপক্ষলৈ প্রেৰণ কৰা হৈছিল৷ কিন্তু সময়ত আটাইবোৰ নথি–পত্র লাভ কৰাটো সম্ভৱ নহ’ল৷ ডিএমআইটি এলআৰচিআৰ আৰু কেইগৰাকীমান দ্বিতীয় আৰু তৃতীয় গ্রেডৰ বিষয়াৰে গঠন কৰা হয়৷ তেওঁলোকে বেক–এণ্ড ভেৰিফিকেচন নোহোৱা অথবা বেক–এণ্ড ভেৰিফিকেচনত গ্রহণযোগ্য নহয় বুলি অহা নথি–পত্রসমূহ পৰীক্ষণ কৰে৷ এই গোটটোৱে ঘৰে ঘৰে গৈ নথি–পত্র পৰীক্ষণৰ ব্যৱস্থা কৰে৷ এই পৰীক্ষণত পোৱা ফলাফল লিখিত আকাৰে তেওঁলোকে জমা দিয়াটো উচিত৷ ২০১৭ চনৰ নৱেম্বৰৰ পৰা ২০১৮ চনৰ মে’লৈ ডি এম আই টিয়ে মুঠ ২৪,৮৯,৭৪৫গৰাকী লোকৰ নথি–পত্র পৰীক্ষা কৰে৷ ইয়াৰে ১২,৮৬,০৮৭গৰাকী গ্রহণযোগ্য আৰু ২,১১,১৫৩গৰাকী গ্রহণযোগ্য নহয় বুলি ডি এম আই টিয়ে উল্লেখ কৰে৷ ইয়াৰ বিপৰীতে ১৩,০৩,৬৫৮গৰাকী লোকৰ কোনো ফলাফল তেওঁলোকে প্রকাশ নকৰিলে৷

পৰৱর্তী সময়ত ডি এম আই টিয়ে দ্বিতীয়বাৰৰ বাবে পৰীক্ষণ আৰম্ভ কৰে৷ এই দ্বিতীয় পর্যায়ৰ পৰীক্ষণত এফ আৰ এন এ হিচাপে চিহ্ণিত নথিসমূহৰ পৰীক্ষা কৰা হয়৷ সমান্তৰালভাৱে এন আৰ চি সেৱা কেন্দ্রত শুনানি গ্রহণৰ ব্যৱস্থাও গ্রহণ কৰা হয়৷ ডি আই এম টিৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণত ১১,৬৩,১২৭গৰাকী লোকক সামৰি লোৱা হয়৷ ইয়াৰে ৬,১০,৬১১গৰাকী লোকক গ্রহণযোগ্য আৰু ৫,৫২,৫১৬গৰাকী লোকক গ্রহণযোগ্য নহয় বুলি চিহ্ণিত কৰা হয়৷ অর্থাৎ ডি এম আই টিৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষণত ১৮,৯৬,৬৯৮গৰাকী লোকে বেক–এণ্ড ভেৰিফিকেচন অথবা প্রাৰম্ভিক পৰীক্ষণত গ্রহণযোগ্য নহয় বুলি বিবেচিত হোৱা সত্ত্বেও এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম হয়৷

লক্ষণীয় যে ডি এম আই টি প্রক্রিয়া সমাপন হোৱাৰ পাছত কিছু নথি–পত্রৰ বেক–এণ্ড ভেৰিফিকেচন লাভ কৰা হৈছিল যদিও সেইসমূহ এন আৰ চিত নাম অন্তর্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা নহ’ল৷ ডি এম আই টিৰ পাছত লাভ কৰা ২,৯১,৬৬৯গৰাকীৰ ফলাফলত ১৭,৯১৬গৰাকী গ্রহণযোগ্য নহয় বুলি কার্যালয় পৰীক্ষণত ধৰা পৰিছিল৷ এই ১৭,৯১৬গৰাকীক ডি এম আই টি দ্বিতীয় পর্যায়ৰ পৰীক্ষণত গ্রহণযোগ্য হিচাপে ধৰা হৈছিল৷ কার্যালয় পৰীক্ষণত গ্রহণযোগ্য নহয় বুলি প্রকাশ হোৱাৰ পাছতো উক্ত ১৭,৯১৬গৰাকী লোকৰ নাম বর্তমানেও অন্তর্ভুক্ত হৈয়ে আছে এন আৰ চিত৷ অর্থাৎ তেওঁলোকৰ নথি–পত্র গ্রহণযোগ্য নাছিল৷ ইয়াৰ পৰাই শংকা কৰা হৈছে যে আবেদনৰ সময়ত প্রদান কৰা নথি–পত্রসমূহৰ বেক–এণ্ড ভেৰিফিকেচন প্রক্রিয়া সম্পূর্ণ কৰিলে আৰু বহু লোক এন আৰ চিত অন্তর্ভুক্তিৰ বাবে অযোগ্য হিচাপে বিবেচিত হ’ব৷ কিন্তু সেই সময়ত তেনে প্রক্রিয়া গ্রহণ নকৰাৰ বাবে এই অযোগ্য লোকসকলৰ নামো অন্তর্ভুক্ত হ’ল জাতিৰ দলিল বুলি আখ্যা দিয়া নাগৰিকপঞ্জীত৷ উল্লেখ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশ পোৱাৰ পাছতে বহু সন্দেহজনক লোকৰ নাম অন্তর্ভুক্ত হোৱা বুলি আশংকা কৰা হৈছিল আৰু বহু সময়ত এই আশংকা সত্য বুলি প্রমাণিত হৈছে৷

শেহতীয়াকৈ ৰাজ্যিক সমন্বয়কে শপতনামা দাখিল কৰা গোচৰটোৱেও ইয়াৰ ইংগিত বহন কৰে৷ নলবাৰীৰ ৩নং বিদেশী ন্যায়াধিকৰণে ৰোহিনা খাতুনক বিদেশী ঘোষণা কৰে৷ কিন্তু মহিলাগৰাকীৰ নাম এন আৰ চিত অন্তর্ভুক্ত হয়৷ অর্থাৎ নথি পৰীক্ষণৰ সময়ত মহিলাগৰাকীৰ বিৰুদ্ধে ৩নং নলবাৰী বিদেশী ন্যায়াধিকৰণে ৰুজু হৈ থকা গোচৰ সন্দর্ভত পৰীক্ষণকাৰী বিষয়াই বিবেচনা নকৰিলে৷ ফলত তেওঁৰ নাম এন আৰ চিত অন্তর্ভুক্ত হ’ল৷ শপতনামাত উল্লেখ কৰা অনুসৰি ৰোহিমা খাতুনৰ নাম পৰীক্ষণ বিষয়াৰ ভুলৰ বাবেই অন্তর্ভুক্ত হ’ল৷ সময়ে সময়ে বিদেশী ন্যায়াধিকৰণত ৰুজু হৈ থকা গোচৰৰ তথ্য জিলা উপায়ুক্তক প্রদান কৰা হৈছিল৷ তৎসত্ত্বেও একাংশ বিষয়াই এই নথি–পত্র বিবেচনাৰ বাবে গ্রহণ নকৰিলে৷ অনুৰূপ ধৰণে যোৰহাটৰ মেছেৰ আলী বিদেশী ঘোষিত হোৱাৰ পাছতো তেওঁৰ নাম সন্নিৱিষ্ট হৈছে এন আৰ চিত৷ এই গোচৰ দুটা সন্দর্ভত ৰাজ্যিক সমন্বয়কে দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি প্রকৃত বাসিন্দা (অ’ আই) হিচাপেও নাম অন্তর্ভুক্তিৰ ক্ষেত্রত ৰৈ গৈছে যথেষ্ট আসোঁৱাহ৷

সেই অনুসৰি ছমৰীয়া, লাহৰীঘাট, ধিং আদি স্থানত অ’ আই হিচাপে নাম অন্তর্ভুক্ত হৈছে অযোগ্য লোকৰ৷ সেইদৰে বংশবৃক্ষ পৰীক্ষণৰ ক্ষেত্রতো যথেষ্ট আসোঁৱাহ ৰৈ গৈছে এন আৰ চি উন্নীতকৰণৰ সময়ত৷ এই আসোঁৱাহ পৰীক্ষাৰ বাবেও পৰৱর্তী সময়ত কেইটামান নমুনা পৰীক্ষা কৰিছিল এন আৰ চি কর্তৃপক্ষই৷ শপতনামাত উল্লেখ কৰা অনুসৰি বাঘবৰ, কলগাছিয়া আৰু দলগাঁও এন আৰ চি সেৱা কেন্দ্রত পৰীক্ষা কৰা হৈছিল লিগেচী ডাটা কোড৷ এই পৰীক্ষণত পোহৰলৈ অহা তথ্য অনুসৰি উক্ত তিনিটা এন আৰ চি সেৱা কেন্দ্রত ২,৩৪৬টা লিগেচী ডাটা কোড পৰীক্ষা কৰা হৈছিল৷ ইয়াৰ ভিতৰত ৯৪৩টা নাম ভুল বংশবৃক্ষৰ জৰিয়তে এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷ অর্থাৎ উক্ত তিনিটা এন আৰ চি সেৱা কেন্দ্রত ৪০ শতাংশ লোক ভুল বংশবৃক্ষৰ জৰিয়তে নাম অন্তর্ভুক্ত কৰিছিল নাগৰিকপঞ্জীত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্যত ব্যৱহাৰ কৰা মুঠ লিগেচী ডাটা কোডৰ সংখ্যা হৈছে ৩৯,২৯,৭০৩টা৷ অর্থাৎ এই বৃহৎ পৰিমাণৰ লিগেচী ডাটা কোডৰ ক্ষেত্রতো আসোঁৱাহ ৰৈ যোৱাৰ সম্ভাৱনাই অধিক৷ এনে ক্ষেত্রত ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন ব্যয়েৰে সম্পূর্ণ কৰা এন আৰ চি প্রক্রিয়াৰ গ্রহণযোগ্যতাক লৈ পুনৰ এবাৰ উত্থাপন হৈছে প্রশ্ন৷

You might also like