পিটাৰ ওট্ছৰ প্রাতঃভ্রমণ
বহুত মানুহে কিতাপ পঢ়ি কান্দে৷ তেনেকুৱা মানুহৰ ভিতৰত বোধহয় মহিলাৰ সংখ্যাই বেছি৷ নাটক বা উপন্যাসত প্রেমিক যুগলৰ চিৰ–বিচ্ছেদৰ কাহিনী পঢ়ি তেওঁলোকে কান্দোন সামৰিব নোৱাৰে৷ জীৱনৰ যিকোনো ট্রেজিক বা কৰুণ পৰিণতিয়েই তেওঁলোকক শোক–বিহ্বল কৰে, আৰু হূদয়ৰ বেদনাৰ ভাৰ লাঘৱ কৰিবলৈ তেওঁলোক কান্দিবলৈ বাধ্য হয়৷
প্রসংগক্রমে মই স্বীকাৰ কৰিবলৈ বাধ্য হৈছোঁ যে কিতাপ পঢ়ি ময়ো কান্দো৷ মোৰ কন্দাৰ কাৰণটো অলপ বেলেগ৷ যেতিয়াই মই এখন কিতাপত মানুহৰ বিৰল সততা বা মহত্ত্বৰ কাহিনী পঢ়িবলৈ পাওঁ, তেতিয়াই মোৰ চকু দুটা সেমেকি উঠে৷ কেতিয়াবা চকুৰ কোণেদি দুফুটামান পানীও ওলাই আহে৷ তেনে অৱস্থাত কেতিয়াবা মোৰ মনলৈ আহে আব্রাহাম লিংকনে কোৱা দুটা বাক্য৷ নিজৰ পুত্রৰ গৃহ–শিক্ষকলৈ লিখা এখন চিঠিত তেওঁ লিখিছিল– ‘যদি পাৰে, বিষাদে তাক গ্রাস কৰি ধৰাৰ সময়তো তাক হাঁহিবলৈ শিকাব৷ লগতে তাক এই কথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে৷’
কিতাপত মানুহৰ মহত্ত্বৰ কাহিনী পঢ়ি যেতিয়া মোৰ চকুৰ পৰা আপোনা–আপুনি দুটোপালমান পানী ওলাই আহে, তেতিয়া মই অকণো লাজ অনুভৱ নকৰোঁ৷ বৰং মই অনুভৱ কৰোঁ যে মানুহৰ মহত্ত্বৰ প্রতি ই হ’ল মোৰ হূদয়ৰ পৰা স্বতঃস্ফূর্তভাৱে ওলাই অহা গভীৰ শ্রদ্ধাঞ্জলি৷
এবাৰ কিন্তু কিতাপ পঢ়ি থাকোঁতে নহয়, কিতাপ লিখি থাকোঁতেহে এজন বিশেষ মানুহৰ কথা লিখিবৰ সময়ত এটা অচিন আৱেগে মোৰ গলটোত সোপা মাৰি ধৰিছিল আৰু মোৰ চকু দুটা সেমেকি উঠিছিল৷ মানুহজনৰ নাম আছিল পিটাৰ ওট্ছ৷
অসমীয়া ভাষাত এনেকুৱা কিতাপৰ সংখ্যা খুব কম– যিবোৰ কিতাপে শিশুৰ মনত মহৎ আদর্শবাদৰ বীজ ৰোপণ কৰিব পাৰে৷ মোৰ প্রকাশকৰ অনুৰোধত মই নিজে তেনেকুৱা কেইখনমান কিতাপ লিখিবলৈ চেষ্টা কৰিছিলোঁ৷ সেইবোৰৰ ভিতৰত এখন কিতাপ আছিল ৰবার্ট ফেলকন স্কটৰ দক্ষিণ মেৰু অভিযানৰ কাহিনী৷ মই কিতাপখনৰ নাম দিছিলোঁ ‘মানুহ হোৱাৰ গৌৰৱ’৷ কিতাপখনৰ নামটোৱেই নিশ্চয় ৰবার্ট স্কট আৰু তেওঁৰ সংগীকেইজনৰ বিষয়ে বহুত কথা কৈ দিয়ে৷
পৃথিৱীত এনে কিছুমান মানুহ আছে, যিসকলে সাধাৰণ মানুহে কৰিব নোৱাৰা দুঃসাধ্য কাম বা বিপদসংকুল অভিযানৰ প্রতি তীব্র আকর্ষণ অনুভৱ কৰে৷ অজানাক জনাৰ অদম্য কৌতূহল নিশ্চয় এনে আকর্ষণৰ এটা প্রধান কাৰণ৷ কিন্তু তাতোকৈ ডাঙৰ কাৰণটো হ’ল এই যে পদে পদে ভয়ংকৰ বিপদৰ সম্ভাৱনা থকা এনে কঠিন কাম কৰি তেওঁলোকে নিজৰ চৰিত্র–শক্তিৰ পৰীক্ষা কৰিব খোজে৷ পৃথিৱীৰ উচ্চতম গিৰিশৃংগ এভাৰেষ্টত আৰোহণ কৰা প্রথমজন মানুহ হোৱাৰ গৌৰৱ অর্জন কৰিছিল এডমাণ্ড হিলাৰীয়ে৷ এই বিৰলতম কৃতিত্বৰ কাৰণে মানুহে যেতিয়া তেওঁক অভিনন্দন জনাইছিল, তাৰ উত্তৰত তেওঁ কৈছিল–‘মই এভাৰেষ্ট জয় কৰা নাই মই জয় কৰিলোঁ নিজকে৷’
মানুহৰ মুখৰ পৰা এতিয়ালৈকে যিমানবোৰ গভীৰ অর্থৱহ আৰু প্রেৰণা–দায়ক উক্তি ওলাইছে, সেইবোৰৰ তালিকাত এডমাণ্ড হিলাৰীৰ এই উক্তিটোৱেই নিশ্চয় স্থান পাব৷
১৯১০ চনত ৰবার্ট স্কটে দক্ষিণ মেৰুলৈ যাত্রা আৰম্ভ কৰে৷ একেখন ঠাইলৈ এইটো আছিল তেওঁৰ দ্বিতীয় অভিযান৷ তেওঁৰ প্রধান সংগী আছিল চাৰিজন ঃ উইলছন, বাওৱার্ছ, ওট্ছ আৰু ইভান্স৷ মোৰ এই চুটি ৰচনাখনৰ নায়কজন হ’ল পিটাৰ ওট্ছ৷ গতিকে তেওঁৰ কথা ক’বলৈ গৈ ৰবার্ট স্কটৰ দক্ষিণ মেৰু অভিযানৰ বিষয়ে যিখিনি কথা নক’লেই নহয়, কেৱল সেইখিনি কথাহে ক’ম৷ গোটেই কাহিনীটো জানিবলৈ কৌতূহলী পাঠকে হাতে ঢুকি পোৱাত এখনো ইংৰাজী কিতাপ নাপালে মই লিখা ‘মানুহ হোৱাৰ গৌৰৱ’ নামৰ কিতাপখনো পঢ়ি চাব পাৰে৷ মোৰ স্বতঃস্ফূর্ত হূদয়াৱেগ ঢ়ালি দি মই সেই কণমানি কিতাপখন লিখিছিলোঁ৷ মানুহে কিতাপখন পঢ়ি খুব ভাল পাইছিল আৰু উচ্চ প্রশংসা কৰিছিল৷ মোৰ বিশ্বাস যে আপুনিও কিতাপখন পঢ়ি ভাল পাব৷
এডমাণ্ড হিলাৰী যেনেকৈ এভাৰেষ্ট গিৰিশিখৰত ভৰি দিয়া প্রথমজন মানুহ হৈছিল, ঠিক তেনেকৈ ৰবার্ট স্কটৰো জীৱনৰ উচ্চাকাংক্ষা আছিল দক্ষিণ মেৰুত ইংলেণ্ডৰ ৰাষ্ট্রীয় পতাকা উৰুওৱা প্রথমজন মানুহ হ’বলৈ৷ কিন্তু তেওঁৰ সেই আশা পূর্ণ নহ’ল৷ একেটা উদ্দেশ্য লৈ আন এটা বাটেদি দক্ষিণ মেৰুলৈ আগবাঢ়িছিল নৰৱেৰ আমুণ্ডছেন নামৰ এজন মানুহ৷ দক্ষিণ মেৰুত ভৰি দিয়া প্রথমজন মানুহ হোৱাৰ প্রতিযোগিতাত ৰবার্ট স্কট হাৰিল জিকিল আমুণ্ডছেন৷ কিন্তু কিছুমান মানুহ হাৰিও জিকে৷ জেইমছ মৰিছ নামৰ এজন লেখকে কৈছে যে আমুণ্ডছেনৰ কৃতকার্যতাতকৈ ৰবার্ট স্কটৰ বিফলতাৰ কাহিনীয়েহে যুগ যুগ ধৰি মানুহৰ মনত আৱেগৰ খলকনি তুলি থাকিব৷
স্কটৰ বিফলতাৰ এজন অংশীদাৰ আছিল পিটাৰ ওট্ছ৷ দক্ষিণ মেৰুত ভৰি দিয়া প্রথমজন মানুহ হোৱাৰ আশা জলাঞ্জলি দি স্কট আৰু তেওঁৰ সৰু দলটোৱে যেতিয়া ওভতনি যাত্রা আৰম্ভ কৰিলে, তেতিয়া তেওঁলোক এটাৰ পিছত এটাকৈ অনেক বিপর্যয়ৰ সন্মুখীন হ’ল৷ প্রথম ডাঙৰ বিপর্যয়টো হ’ল চৰম হতাশা৷ হতাশাই তেওঁলোকৰ শৰীৰৰ শেষ বিন্দু শক্তিকণো নোহোৱা কৰিছে৷ থিয় হৈ থাকিবলৈকো কাৰো শক্তি নোহোৱাৰ নিচিনা অৱস্থা৷ ভূতৰ ওপৰত দানহৰ দৰে বতৰেও ঠিক সেই সময়তে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে৷ মেৰু দেশত যিমান ভয়ংকৰ ঠাণ্ডা হয়, সেইকেইদিন তাতোকৈ বহুত বেছি ঠাণ্ডা পৰিল৷ ইফালে স্কটৰ দলৰ আটাইকেইজন মানুহৰে ফ্রষ্টবাইট অর্থাৎ তুষাৰ–ক্ষতত হাত–ভৰিত ঘা লাগি গেলি–পচি যাব ধৰিছে৷ বহুত সময় ধৰি মানুহৰ গাত বৰফৰ স্পর্শ লাগিলে গাৰ সেই অংশটো অসাৰ হৈ যায়৷ অসাৰ অৱস্থাত তাত ঘা লাগিলেও মানুহে গম নাপায়৷ ঘা ক্রমাৎ বাঢ়ি বাঢ়ি গৈ থাকে আৰু শৰীৰৰ সেই অংশৰ মাংসবোৰ গেলি–পচি খহি যায়৷ তেতিয়া অসহ্য যন্ত্রণা হ’বলৈ ধৰে৷ ইয়াকে ফ্রষ্টবাইট বুলি কয়৷
মনৰ চৰম হতাশা আৰু দেহৰ চৰম ভাগৰত আধামৰা হোৱা পাঁচজন মানুহ যি বাটেদি গৈছিল, সেই একেটা বাটেদি উভতি গৈছে৷ কেৱল নিজে খোজ কঢ়াই নহয়, তেওঁলোকে মাল বোজাই শ্লেজ গাড়ীও টানিব লগা হৈছে৷ তেওঁলোকে পেট ভৰাই খাবলৈকো পোৱা নাই, কাৰণ লগত লৈ ফুৰা খাদ্যৰ পৰিমাণ দ্রুতগতিত টুটি আহিছে৷
এই সকলোবোৰ দুর্ভাগ্য আৰু দুখ–কষ্টই মিলি এতিয়া তেওঁলোকৰ চৰিত্র–শক্তিৰ পৰীক্ষা কৰিব৷
১৯১২ চনৰ ৩ মার্চৰ দিনা স্কটে তেওঁৰ ডায়েৰীত লিখিছিল– ‘ঈশ্বৰ, আমাক সহায় কৰা, আমি আৰু টানিব নোৱাৰা হৈছোঁ৷ আমি অনবৰত স্ফূর্তি কৰিয়েই আছোঁ, কিন্তু মোৰ লগৰীয়াকেইজনে মনে মনে কি ভাবি আছে সেই কথা মই অনুমান কৰিব পাৰোঁ৷’
অৱস্থা আটাইতকৈ শোচনীয় হৈছিল ইভান্সৰ৷ ইভান্স শকত–আৱত মানুহ, সাধাৰণ মানুহতকৈ তেওঁৰ দৰকাৰ বেছি পৰিমাণৰ খাদ্যৰ৷ গতিকে খাদ্যৰ অভাৱত আটাইতকৈ বেছি কষ্ট হ’ল ইভান্সৰ৷ এটা সময়ত তেওঁ খোজ কাঢ়িব নোৱাৰা হৈ পৰিল৷ দলৰ নেতা স্কটে এতিয়া এটা ডাঙৰ সিদ্ধান্ত ল’ব লগা হ’ল৷ হয় তেওঁ বেমাৰী মানুহজনক কান্ধত কঢ়িয়াই লৈ যাবলৈ ঠিক কৰি খোজৰ বেগ কমাই দিব লাগিব আৰু তাৰ ফলস্বৰূপে গোটেই দলটোৰ কাৰণে নিশ্চিত মৃত্যু মাতি আনিব লাগিব অথবা তেওঁ ৰুগ্ণ ইভান্সক নির্জন তুষাৰ মৰু প্রান্তৰত মৰিবলৈ বুলি পেলাই দি বাকী মানুহকেইজনৰ প্রাণ ৰক্ষা কৰিব লাগিব৷
ইয়াকেই কয় ধর্ম–সংকট৷
স্কটে প্রথমটোকে কৰিবলৈ ঠিক কৰিলে৷
দার্শনিক–লেখক আর্থাৰ কোয়েষ্টলাৰে স্কটৰ সিদ্ধান্তৰ বিষয়ে মন্তব্য কৰি কৈছে– ‘মেৰু দেশৰ বৰফৰ দিগন্ত–হীন মৰুভূমিত কেপ্ঢেইন ৰবার্ট ফেলকন স্কট যি উভয় সংকটৰ সন্মুখীন হৈছিল, সিয়েই হ’ল মানুহৰ চৰিত্রত নিহিত হৈ থকা চিৰন্তন ট্রেজিক দ্বন্দ্ব তথা নৈতিক সংকটৰ প্রতীক৷ ই হ’ল সুবিধাবাদ আৰু নৈতিকতাবাদৰ মাজৰ চিৰন্তন সংঘাত৷’
এই সংঘাতত ৰবার্ট ফেলকন স্কটৰ নৈতিকতাবাদে জয়লাভ কৰিলে আৰু তেওঁক দিলে অমৰত্ব৷
উভতনি যাত্রাৰ সপ্তম দিনৰ দিনা ইভান্সৰ মৃত্যু হ’ল৷ এতিয়া দলটোত বাকী থাকিল স্কট, উইলছন আৰু ওট্ছ৷ মুখ ফুটাই স্বীকাৰ নকৰিলেও তেওঁলোকৰ প্রত্যেকেই মনে মনে বুজিলে যে তেওঁলোক কোনেও আৰু জীৱিত অৱস্থাত স্বদেশলৈ উলটিব নোৱাৰিব৷ তেওঁলোকৰ চিৰনিদ্রা হ’ব দক্ষিণ মেৰুৰ বৰফৰ মৰুভূমিত৷
বাকী থকা তিনিজনৰ ভিতৰত শাৰীৰিকভাৱে আটাইতকৈ বেয়া অৱস্থা হৈছিল কেপ্ঢেইন ওট্ছৰ৷ ফ্রষ্টবাইটত ভৰি দুখন গেলি যোৱাৰ কাৰণে তেওঁৰ পক্ষে খোজ কঢ়াটো অসম্ভৱ হৈ পৰিছিল৷ ফলত বাকী দুজনেও খোজৰ বেগ ঢ়িলাই দিবলৈ বাধ্য হৈছিল৷ ওট্ছে মনে মনে নিজকে অপৰাধী যেন অনুভৱ কৰিবলৈ ধৰিলে৷ খাদ্য প্রায় শেষ হৈ আহিছে৷ এনে অৱস্থাত যাত্রা যদি দীঘলীয়া হয়, তেন্তে আন একো নহ’লেও কেৱল খাদ্যৰ অভাৱতেই তেওঁলোক মৰিব লাগিব৷ কিন্তু ওট্ছৰ কথা চিন্তা কৰি আন দুজনে যদি খোজৰ বেগ ঢ়িলাই নিদিয়ে, তেন্তে তেওঁলোক জীৱন্ত অৱস্থাত স্বদেশলৈ ঘূৰি যাব পৰাৰ অকণমান হ’লেও আশা থাকি যায়৷
ওট্ছে এদিন লগৰীয়া দুজনক ক’লে– ‘মই শ্লিপিং বেগত শুই থাকোঁতেই তোমালোকে মোক এৰি থৈ যাবা৷ মই ইয়াতেই শুই থাকিম৷’
বন্ধু দুজন তেওঁৰ প্রস্তাৱত কোনোপধ্যেই ৰাজী নহ’ল৷ দক্ষিণ মেৰুত ভৰি দিয়া প্রথমকেইজন মানুহ হোৱাৰ প্রতিযোগিতাত আমুণ্ডছেনৰ হাতত তেওঁলোক হাৰিছিল কিন্তু মনুষ্যত্বৰ প্রতিযোগিতাত তেওঁলোক কোনেও কাৰো ওচৰত হাৰিব নোখোজে৷
অৱশেষত ওট্ছে নিজৰ মন ঠিক কৰিলে৷ এদিন ৰাতিপুৱা শুই উঠি তেওঁ বন্ধু দুজনক ক’লে– ‘মই অলপ সময়ৰ কাৰণে খোজ কাঢ়িবলৈ ওলাই যাওঁ৷’
এইবুলি কৈ ওট্ছে দক্ষিণ মেৰুৰ দিক্চিহ্ণহীন অন্ধকাৰৰ মাজলৈ সোমাই গ’ল৷ অলপ সময়ৰ কাৰণে বাহিৰত ফুৰিবলৈ যোৱা মানুহজন আৰু কোনোদিনেই ঘূৰি নাহিল৷
দিনটো আছিল ১৯১২ চনৰ ১৭ মার্চ৷ কেপ্ঢেইন পিটাৰ ওট্ছৰ জন্মদিন৷