ক’ৰোনা আৰু লিংগ সমতা
সমগ্র বিশ্বত এইপর্যন্ত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা ৮ কোটি অতিক্রম কৰিছে৷ মৃত্যু হৈছে প্রায় ১৭.৫ লাখ আক্রান্ত লোকৰ৷ ভাৰততো প্রায় ডেৰ লাখ লোকৰ মৃত্যু হৈছে৷ আক্রান্ত হৈছে এক কোটিৰো অধিক৷ বিগত এবছৰত এনেধৰণৰ পৰিসংখ্যা মানুহৰ মুখে মুখে বাগৰি আছে৷ আশংকা কৰা মতেই ক’ভিড–১৯ৰ এনে পৰিসংখ্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে৷ এই প্রজন্মৰ মানুহে অভিজ্ঞতা লাভ কৰিলে মহামাৰীৰ সৈতে সংগ্রাম কৰাৰ৷ বিজ্ঞানীসকলে তৎপৰতাৰে ক’ভিড–১৯বিৰোধী সংগ্রামত আগভাগ লৈ এবছৰৰো কম সময়ৰ ভিতৰতে ভেকচিন প্রস্তুত কৰিবলৈ সক্ষম হ’ল৷ আশা কৰা হৈছে নতুন বছৰৰ পৰা পর্যায়ক্রমে ভাৰতৰ দৰে দেশতো ক’ভিড–১৯ৰ ভেকচিন সামূহিকভাৱে প্রদানৰ অভিযান কেন্দ্রীয় চৰকাৰে সু–পৰিকল্পিতভাৱে তীব্রতৰ কৰি তুলিব৷ এইপর্যন্ত ক’ভিড–১৯ত আক্রান্ত আৰু মৃত্যুৰ হাৰক লৈ সর্বাধিক চর্চা হৈছে৷ অর্থনীতিত ইয়াৰ বিৰূপ প্রভাৱক লৈও চর্চা হৈছে৷ কিন্তু শেহতীয়াকৈ কেতবোৰ নতুন নতুন তথ্যই ক’ভিড–১৯ৰ বিস্তাৰিত প্রভাৱ সন্দর্ভত সকলোকে উৎকণ্ঠিত কৰি তুলিছে৷ ইয়াৰে এটা দিশ হ’ল– পুৰুষৰ তুলনাত মহিলা ক’ভিড–১৯ৰ প্রভাৱৰ দ্বাৰা তুলনামূলকভাৱে অধিক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে এটা তথ্যত প্রকাশ পাইছে যে ক’ভিড–১৯ৰ সময়ত অনলাইন শিক্ষাত ছাত্রৰ তুলনাত ছাত্রীসকল বঞ্চিত হৈছে৷ অনলাইন শিক্ষাৰ পৰা সামগ্রিকভাৱে ভাৰতৰ এটা বৃহৎ শ্রেণী বঞ্চিত হ’বলগীয়া হৈছে৷ ইয়াৰ মাজতে যিসকলে অনলাইন শিক্ষাৰ সুবিধা লাভ কৰিছে, তাৰ ভিতৰত ছাত্রীৰ তুলনাত ছাত্রৰ সংখ্যা বহু বেছি৷ ইয়াৰ সহজ অর্থটো হ’ল– ডিজিটেল সুবিধাৰ ক্ষেত্রত ভাৰতীয় মহিলা এতিয়াও পুৰুষতকৈ পিছপৰি আছে৷ এটা পৰিয়ালত যদি এটা স্মার্টফোন আছে, তেন্তে অনলাইন শিক্ষাৰ বাবে স্মার্টফোনটো নিজৰ কন্যাৰ সলনি পুত্রৰ হাতত তুলি দিয়াৰ বহু ঘটনা ঘটিছে৷ সাধাৰণ দৃষ্টিত এনেধৰণৰ ঘটনা সাধাৰণ যেন লাগিলেও ইয়াৰ দীর্ঘম্যাদী বিৰূপ প্রভাৱক অস্বীকাৰ কৰিব নোৱাৰি৷ লিংগ সমতাৰ ক্ষেত্রত ভাৰতে কিছু অগ্রগতি লাভ কৰাৰ সময়তে ক’ৰোনা ভাইৰাছসৃষ্ট এনেধৰণৰ কেতবোৰ বিষয়ে আকৌ এবাৰ অতীতলৈ পিছ পেলাই নিয়াৰ আশংকা নুই কৰিব নোৱাৰি৷ সেয়ে কেন্দ্রীয় চৰকাৰে ছাত্রীক অনলাইন শিক্ষাত সমানে সুবিধা দিয়াৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তা আছে৷
নেচনেল ফেমিলী হেল্থ ছার্ভে–২০১৯–২০ত লিংগ সমতাক লৈ কেতবোৰ আশাব্যঞ্জক বাতৰি আহিছে৷ উদাহৰণস্বৰূপে ভাৰতত ছেনিটেৰী নেপকিন ব্যৱহাৰ কৰা মহিলাৰ সংখ্যা সন্তোষজনকভাৱে বৃদ্ধি পাইছে৷ বেংক একাউণ্ট থকা আৰু নিজে একাউণ্টত লেনদেন কৰা মহিলাৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ ক’ভিড–১৯ৰ সময়ৰ এনে কিছুমান তথ্যত মহিলাসকল যে পূর্বৰ তুলনাত সচেতন হৈছে, তাৰ ইংগিত পোৱা যায়৷ তথাপি কিছুমান তথ্য এতিয়াও অতি উদ্বেগজনক৷ উপৰিউক্ত ছার্ভেৰ তথ্য মতে দেশৰ সাতখন ৰাজ্যত ২৫ শতাংশ মহিলা আজিও স্বামীৰ দ্বাৰা নির্যাতিত৷ ৯খনকৈ ৰাজ্যৰ অধিকাংশ মহিলাই স্বীকাৰ কৰিছে যে বাল্য অৱস্থাত তেওঁলোকৰ ওপৰত যৌন উৎপীড়ন চলোৱা হৈছিল৷ ক’ভিড–১৯ৰ সৈতে এই দুটা তথ্যৰ কোনো সম্পর্ক নাথাকিলেও মহিলাসকল যে দেশৰ একাংশ অঞ্চলত এতিয়াও অৱহেলিত আৰু নিষ্পেষিত, সেই কথাকে ই প্রতিফলিত কৰে৷ তাতোকৈ ডাঙৰ কথাটো হ’ল ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈ আছে৷ ক’ৰোনা ভাইৰাছৰ সময়ত পৰিয়ালসমূহত যি বিত্তীয় সমস্যাৰ সৃষ্টি হৈছিল, তাৰ মাজত মহিলাসকলৰ ওপৰত হতাশাগ্রস্ত স্বামীয়ে নিজৰ ব্যর্থতাৰ আক্রোশ পূৰণ কৰাৰ অনেক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছিল৷ শেহতীয়া তথ্যসমূহৰ এটা গুৰুত্বপূর্ণ তথ্য হ’ল– ২০২০ চনৰ সমাপ্তিত সংস্থাপিত মহিলাৰ হাৰ যোৱা বছৰৰ তুলনাত ১৩ শতাংশ হ্রাস পাইছে৷ এনে তথ্য কেতিয়াও চৰকাৰৰ বাবে উপেক্ষণীয় হ’ব নোৱাৰে৷