নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত অৱতীর্ণ নোহোৱাকৈ বঙাইগাঁৱত পঞ্চায়ত দখল অজাপৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বঙাইগাঁৱত মন্ত্রী ফণীভূষণ চৌধুৰীৰ দুর্গত মোক্ষম আঘাত পৰা পৰিলক্ষিত হৈছে৷ অগপৰ পৰা নির্বাচিত পঞ্চায়ত আৰু দলীয় নেতা–কর্মীয়ে দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিছে৷ আজি গুৱাহাটীৰ হোটেল কণ্টিনেণ্টেলত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কার্যনির্বাহক সভাত সদ্য অগপ ত্যাগী ২১জনীয়া দলটোৱে যোগদান কৰে৷ অগপৰ প্রাক্তন জিলা সম্পাদক বিনয় ৰায়ৰ নেতৃত্বত ডাংতল পঞ্চায়তৰ সভানেত্রী মহিলা সিংহ, আঞ্চলিক পঞ্চায়তৰ সদস্য দময়ন্তী সিংহ, উপ–সভাপতি দণ্ডেশ্বৰ বর্মন, পঞ্চায়ত সদস্যা ক্রমে অনিমা পাঠক, জোনালী চৌধুৰী, চন্দ্রাৱতী সিংহ, ইন্দিৰা চৌধুৰী, জ্যোস্না সূত্রধৰ, বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রাক্তন সভাপতি ধনজিত পাঠক, টেঙাইগাঁও আঞ্চলিক অসম যুৱ পৰিষদৰ প্রাক্তন সদস্য ক্রমে ভূপেন সিংহ, যুক্তাৰাম চৌধুৰী, ৰাজীৱ সিংহ, টেঙাইগাঁৱৰ হূদয়জ্যোতি সিংহ, জেল্কাঝাৰৰ কৃপা ৰায় আৰু অকণ বর্মন, বিনয় ৰায়, জেল্কাঝাৰ গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা চাহেন ৰায়, মূলাগাঁও পঞ্চায়তৰ প্রাক্তন সদস্য ভৱেন সিংহ, আটুগাঁৱৰ কুঞ্জমোহন ৰায়, অসম যুৱ পৰিষদৰ জিলাৰ প্রাক্তন সহকাৰী সম্পাদক জীৱন সিংহ, অগপৰ টেঙাইগাঁও আঞ্চলিক সমিতিৰ প্রাক্তন সম্পাদক দিলীপ চৌধুৰী প্রমুখ্য অসম জাতীয় পৰিষদত যোগদান কৰে৷

ইফালে, অসম জাতীয় পৰিষদত যোগদান কৰা অগপ নেতা–কর্মীসকলে ইতিমধ্যে জিলা অগপলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে৷ ইফালে, সদ্যপদত্যাগী বিনয় ৰায়ে আঞ্চলিকতাবাদী অগপই সম্প্রতি ৰাষ্ট্রীয়তাবাদী শক্তিৰ হাতত বন্দী হোৱাৰ লগতে বঙাইগাঁৱত মন্ত্রী ফণীভূষণ চৌধুৰীয়ে একনায়কত্ববাদ চলোৱা বুলি অভিযোগ কৰে৷ তেওঁ কয় যে মন্ত্রী ফণীভূষণ চৌধুৰীয়ে কাৰ সময়ত কন্দা–কটা নাটক কৰি দলীয় কর্মী আৰু জনসাধাৰণক বিপথে পৰিচালনাৰ চেষ্টা কৰিছিল৷ জাতিধবংসী আইনখনক লৈ মন্ত্রী চৌধুৰীৰ স্থিতিক নিষ্ঠাৰে কাম কৰি অহা আঞ্চলিকতাবাদী ভাবাপন্ন কর্মীসকলে মানি ল’ব পৰা নাই৷ এই পদত্যাগৰ ফলত বঙাইগাঁও অগপত বৃহৎ ক্ষতি হিচাপে চিহ্ণিত হৈছে৷ অগপৰ পৰা নির্বাচিত ডাংতল পঞ্চায়তৰ সভানেত্রী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসহ আঠগৰাকীকৈ পঞ্চায়ত প্রতিনিধিয়ে দল ত্যাগৰ জৰিয়তে অসম জাতীয় পৰিষদত যোগ দিয়ে৷ ইফালে, নৱগঠিত দলটোৱে পঞ্চায়তখনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’ল৷ সাত টাকৈ কার্যকাল বিধায়ক হিচাপে নির্বাচিত হোৱা অগপ নেতা ফণীভূষণ চৌধুৰীৰ সন্মুখত এইবাৰ বিধানসভা নির্বাচনত শেহতীয়া খহনীয়াই নতুন এক প্রত্যাহ্বান সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছে৷

You might also like