নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রীটিংছ কার্ডবিহীন নতুন বছৰ

ইক্রামূল হুচেইন

চাওঁতে চাওঁতে ২০২০ চনটো পাৰ হ’ল৷ সময় গতিশীল, কাৰো বাবে ৰৈ নাথাকে৷ ছেকেণ্ড, মিনিট, ঘণ্টা বাগৰি এটা দিনৰ অন্ত পৰে, এনেদৰে দিনবোৰ মাহ আৰু মাহবোৰ বছৰ হৈ আমাৰ মাজৰ পৰা মেলানি মাগে৷ মানুহৰ জীৱনটো মাহ, বছৰৰ হিচাপত আগুৱাই যোৱা মানে ‘মৃত্যু’ নামৰ অনাকাংক্ষিত দিনটোলৈ আগবাঢ়ি যোৱা৷ তথাপি মানুহে নতুন বছৰক আদৰে, পুৰণি বছৰটোৰ তিক্ত অভিজ্ঞতাবোৰ যেন নতুন বছৰটোৱে আমাৰ মাজলৈ পুনৰ কঢ়িয়াই নানে, তাৰেই আশাত, অনাগত দিনবোৰ মংগলময়, শান্তি আৰু সুখৰ হোৱাৰ আশাৰে ইজনে সিজনক শুভকামনা জনায়৷ এজনে আন এজনৰ প্রতি মনৰ এনে শুভ কামনামূলক ভাব প্রকাশৰ মাধ্যমেই হ’ল ‘গ্রীটিংছ কার্ড’ বা শুভেচ্ছা–পত্র৷ আজি কিছু বছৰৰ আগলৈকে নতুন বছৰ মানেই আছিল ইজনে সিজনক গ্রীটিংছ কার্ডেৰে শুভেচ্ছা জনোৱাৰ পৰম্পৰা৷ ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে দোকান–পোহাৰসমূহ জাকজমকীয়া গ্রীটিংছ কার্ডেৰে ভৰি পৰিছিল আৰু সৰু ডাঙৰ সকলোৱে নিজৰ পছন্দ অনুযায়ী গ্রীটিংছ কার্ড কিন্বিলৈ দোকানসমূহত ভিৰ লগাইছিল৷ গ্রীটিংছ কার্ডৰ ইতিহাস চালে দেখা যায়, প্রাচীন সময়ত চীনাসকলে নতুন বছৰত শুভেচ্ছামূলক বার্তা বিনিময় কৰিছিল৷ ইজিপ্তবাসীসকলে শুভেচ্ছা বিনিময় কৰিছিল,Papyrus নামৰ ডাঠ কাগজৰ দৰে এবিধ মেটেৰিয়েলত৷ ১৫শ শতিকাত ইউৰোপত হাতেৰে তৈয়াৰ কৰা গ্রীটিংছ কার্ড ব্যৱহাৰ কৰো হৈছিল৷ ১৪০০ চনত জার্মানসকলে কাঠৰ টুকুৰাত লিখি নতুন বছৰৰ শুভেচ্ছা জনাইছিল৷ ১৮৫০ চনত গ্রীটিংছ কার্ড ছপা কৰি ওলোৱাত পূবতকৈ অলপ খৰচী হয় যদিও দূৰ–দূৰণিৰ আত্মীয়–স্বজন তথা বন্ধু–বান্ধৱীলৈ ডাকযোগে কম খৰচত পঠিয়াব পৰা হৈছিল৷ ১৯৩০ চনত ৰং–বিৰঙৰ ছপা গ্রীটিংছ কার্ড উৎপাদন হোৱাৰ পিছৰ পৰা ই এক উদ্যোগত পৰিণত হৈছিল আৰু বহু লোক এই ব্যৱসায়ৰ স’তে জডিত হৈ পৰিছিল৷
আধুনিক বিজ্ঞানৰ ন ন আৱিষ্কাৰে পুৰণি আবিষ্কাৰসমূহৰ হয় পৰিৱর্তনে ঘটাই উন্নত অৱস্থালৈ আনিছিল, নহ’লে লুপ্ত কৰি পেলাইছিল৷ তথ্য–প্রযুক্তিৰ উন্নতিৰ ফলত আৱিষ্কাৰ হোৱা এন্ড্রইড ম’বাইল ফোন, ইণ্টাৰনেট আদিয়ে গ্রীটিংছ কার্ডৰ ব্যৱহাৰ আমাৰ মাজত নাইকিয়া কৰে, লগে লগে গ্রীটিংছ কার্ড উদ্যোগো বন্ধ হৈ পৰে৷ এক কথাত ক’লৈ গ’লে, গ্রীটিংছ কার্ড উদ্যোগৰ মৃত্যু হয়৷ এনেদৰে মৃত্যু হোৱা বা আমাৰ মাজৰ পৰা হেৰাই যোৱা আন কিছুমান যোগাযোগৰ মাধ্যম হ’ল, চিঠি– পত্র, টেলিগ্রাম আদি৷ ইয়াৰ স্থান লয়, বিজ্ঞানৰে আৱিষ্কাৰ ই–মেইল, এছ এম এছ, ই–গ্রীটিংছ, সামাজিক মাধ্যম আদিয়ে৷ মানুহে আজি গ্রীটিংছ কার্ড কিন্বিলৈ দোকানে দোকানে ঘূৰি ফুৰিব নালাগে আৰু আত্মীয়–স্বজন বা বন্ধু–বান্ধৱীলৈ পঠিয়াবলৈও ডাকঘৰলৈ যাব নালাগে৷ এণ্ড্রইড ফোন, ইণ্টাৰনেট আদিৰ সহযোগত হাতৰ মুঠিতে এই সকলো কাম কৰিব পাৰে৷ ‘স্মার্ট ফোন’ আধুনিক বিজ্ঞানৰ এক উল্লেখযোগ্য আৱিষ্কাৰ৷ ১৯৯২ চনত ব্যৱসায়িক ভিত্তিত এই ফোনৰ প্রথম ব্যৱহাৰ হৈছিল যদিও, উন্নত মানৰ স্মার্ট ফোন বজাৰত উপলব্ধ হয়, ১৯৯৪ চনতহে৷ তেতিয়াৰে পৰা মানুহৰ লাইফ ষ্টাইল সলনি হোৱা বুলি ক’ পাৰি৷ কাৰণ মানুহে বিচৰা আৰু দৈনন্দিন জীৱনত প্রয়োজনীয় একাধিক সুবিধা, এই স্মার্ট ফোনত উপলব্ধ আৰু ইণ্টাৰনেটৰ যোগেদি মানুহে এই সুবিধাসমূহ গ্রহণ কৰা দেখা যায়৷ ইণ্টাৰনেটে সমগ্র বিশ্বক ‘গ্ল’বেল ভিলেজ’ত পৰিণত কৰাৰ লগে লগে স্মার্ট ফোনে বিশ্ব্বাসীক ‘গ্ল’বেল সমাজ’ৰ মাজলৈ আনিলে৷ কম্পিউটাৰ টেকন’লজীৰ ভাষাত ‘ছ’চিয়েল মিডিয়া’ৰ যোগেদি৷ নেটৱর্কিঙৰ জৰিয়তে মানুহক অনলাইন সম্প্রদায় গঠন কৰাৰ প্রথম সুবিধা দিয়ে ‘গুগলে’ ১৯৯৮ চনত৷ তাৰ পিছত ক্রমে ‘ৱিকিপেডিয়া’, ‘মাইস্পেচ’, ‘লিংকেডিন’ আদি প্রচলন হয়৷ বর্তমান সময়ৰ আটাইতকৈ জনপ্রিয় ছ’চিয়েল নেটৱর্কিং ছাইট ‘ফেচ্বুক’ আৰম্ভ হয় ২০০৪ চনত৷ ইয়াৰ বাদেও ‘টুইটাৰ’, ‘ইনষ্টাগ্রাম’, ‘পিণ্টাৰেষ্ট’ আদিও উল্লেখযোগ্য৷ ছ’চিয়েল মিডিয়া, মানুহৰ মাজত ইমানেই জনপ্রিয় যে বিশ্বত ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ ৪৫ শতাংশ ছ’চিয়েল মিডিয়াৰ আৰু প্রতিজন লোকে গডে ১৩৫ মিনিট সময় ছ’চিয়েল মিডিয়াত খৰচ কৰে৷ দৈনিক এক বিলিয়নতকৈ অধিক লোক ফেচ্বুকত সক্রিয় হৈ থাকে৷ এই সুবিধাৰ বাবেই মানুহে আজি কালি দৰকাৰী সকলো খা–খ্বৰ আদি সামাজিক মাধ্যমত আপলোড কৰে, লগে লগে মুহূর্তৰ ভিতৰতে নিজৰ ফ্রেণ্ড লিষ্টত অন্তর্ভুক্ত বন্ধু–বান্ধৱ, আত্মীয়–স্বজনৰ মাজত বিয়পি পৰে৷ নতুন বছৰৰ শুভেচ্ছাও ইয়াৰ ব্যতিক্রম হৈ থকা নাই৷ নতুন বছৰকে ধৰি সকলো ধৰণৰ শুভেচ্ছা বিনিময়ৰ মুহূর্ত, উৎসৱ আদিৰ বাবে মানুহে ফেচ্বুক, ৱাটছআপ আদি মাধ্যমসমূহ ব্যৱহাৰ কৰা হ’ল৷
২০২১ চন আমাৰ দুৱাৰডলিত, শুভেচ্ছা জনোৱা প্বৰ বাবে সকলো চাগৈ সাজু৷ ই–গ্রীটিংছৰ জৰিয়তে যিমানেই অধিক লোকক শুভেচ্ছা বিনিময় নকৰক কিয়, গ্রীটিংছ কার্ডৰ স্থান কিন্তু সুকীয়া৷ প্রতিঘৰ লোকে খ্রীষ্টমাছ, নতুন বছৰ আদিত কম–েবছি পৰিমাণে গ্রীটিংছ কার্ড পায়৷ এনেদৰে লাভ কৰা গ্রীটিংছ কার্ডসমূহ, ট্বুেলত সজাই থোৱাটো এক পৰম্পৰাৰ দৰে আছিল৷ সেয়ে বছৰৰ আৰম্ভণিত মানুহৰ ঘৰত এনে গ্রীটিংছ কার্ড দেখা গৈছিল৷ এনেদৰে অধিকসংখ্যক গ্রীটিংছ কার্ড লাভ কৰা ব্যক্তিজন আছিলCraig Shergold নামৰ এজন ইউৰোপীয়ান লোক৷ তেখেত কর্কট ৰোগত আক্রান্ত আছিল আৰু তেখেতে ৩৫০ মিলিয়নখন কার্ড লাভ কৰা বাবে ‘গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছ’ ত নাম অন্তর্ভুক্ত হৈছিল৷ আজি গ্রীটিংছ কার্ড অতীত হৈ গ’ল যদিও মানুহে নতুন বছৰত মংগলময়, শান্তিময় হোৱাৰ শুভকামনা জনায়৷ বিদায় হ’ লগা ২০২০ বর্ষ ক’ভিড–১৯ মহামাৰীৰ বাবে ইতিহাসত এক দুখৰ বছৰ হিচাপে জিলিকি থাক্বি৷ আমি আশা কৰোঁ ২০২১ যাতে ক’ভিড–১৯ক পৰাভূত কৰি সকলোৰে বাবে সকলো দিশৰ পৰা শান্তিৰ হয়, সুখৰ হয়, এয়াই সকলোলৈকে নৱ্বর্ষৰ গ্রীটিংছ কার্ডবিহীন শুভকামনা৷

You might also like