নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ প্রাগ্–ঐতিহাসিক যুগৰ পৰাই অসমত মুগা পালনৰ প্রচলন আছিল৷ আহোম ৰাজত্ব কালছোৱাক (১২২৮ৰ পৰা ১৮২৮ খ্রীষ্টাব্দ) ক’ব পাৰি মুগা শিল্পৰ সোণালী যুগ৷ আহোম ৰাজত্ব কালৰ শেষলৈকে মুগা শিল্প গ্রাম্য সমাজৰ আয়ৰ অন্যতম প্রধান উৎস আছিল৷ মানৰ আক্রমণ, গৃহকন্দলত বিধ্বস্ত আহোম ৰাজত্বৰ শেষ, ব্রিটিছৰ মুগা শিল্প ধ্বংস কৰাৰ আগ্রাসী ভূমিকাৰ পাছতো এই শিল্প জীয়াই থাকিল৷ যাক এক আশ্চর্যকৰ ঘটনাই বুলি ক’ব লাগিব৷ মুগা শিল্প নিশকতীয়া হৈ পৰাৰ অন্যতম ঘটনাবোৰৰ ভিতৰত বিদেশী মিলৰ চকচকীয়া কাপোৰেৰে দেশ ভৰি পৰিল৷ অসংখ্য ৰং–বিৰঙৰ কাপোৰৰ প্রতি মানুহ আকৃষ্ট হৈ পৰিল আৰু এক কষ্টসাধ্য নিৰলসভাৱে পৰিচর্যা নকৰিলে নোহোৱা এটা শিল্পৰ প্রতি মানুহৰ আগ্রহ নাইকিয়া হৈ পৰিল৷ মুগা বুলি ক’লেই আমাৰ দুচকুত ভাহি উঠে সোণবৰণীয়া উজ্জ্বল সোণালী ৰঙৰ বস্ত্রৰ ছবি৷ যাৰ সোণালী ৰং প্রাকৃতিক৷ মুগা শিল্প অসমৰ এক আপুৰুগীয়া শিল্প পৰম্পৰা৷ মুগা পলুৰ খাদ্য গছ ৰোপণ, পলু পালন, লেটা উৎপাদন, বীজ উৎপাদন, লেটাৰ পৰা সূতা উলিওৱালৈকে ৰেচম বিভাগত ধৰা হয়৷ সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰালৈকে বয়ন বিভাগত ধৰা হয়৷ অসমৰ অবিভক্ত ডিব্রুগড়, শিৱসাগৰ, লখিমপুৰ, কামৰূপ, গোৱালপাৰা আদি জিলাত মুগাৰ খাদ্য গছসমূহ আছে৷ চোম, মোৱালু, দীঘলতি, পাতিহুন্দা, ভোমলতি, পাণচপা, পাতিহুন্দা, কটলুৱা, চম্পা, মেজাংকৰি আদি গছৰ পাত মুগাই খায়৷ চোম, মোৱালু, দীঘলতি গছৰ পাত খোৱা পলুৰ পৰা সোণালী ৰঙৰ মুগা সূতা আৰু মেজাংকৰি গছৰ পাত খোৱা পলুৰ পৰা ৰূপালী ৰঙৰ সূতা পোৱা যায়৷ এতিয়া প্রশ্ণ হয়– মুগা, মেজাংকৰিৰ সম্ভাৱনা কিমান? যিকোনো শিল্পতে অর্থিক লাভালাভৰ কথা জড়িত হৈ আছে৷ মুগা মেজাংকৰি পালন কৰি আর্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিনে? এৰী শিল্পই ইতিমধ্যে বহুতকে সন্মানজনক আয়ৰ পথ দেখুৱাব পাৰিছে৷ গ্রামাঞ্চলত চৰকাৰী অথবা বেচৰকাৰীভাৱেই হওক বহুতো পৰিয়ালে আর্থিকভাৱে উপকৃত হৈছে৷ প্রণালীবদ্ধ আৰু শৃংখলাবদ্ধভাৱে আগুৱাই গ’লে আৰু অধিক লোক ইয়াত জড়িত হৈ আর্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিব আৰু হৈ আছে৷ এৰী শিল্প বিশ্বজুৰি সমাদৃত৷ এৰী এতিয়া গেধেপা ডাঠ মোটা কাপোৰখন হৈ থকা নাই৷ এৰীৰ পৰা ঘৰুৱা ব্যৱহার্য বস্ত্র সম্ভাৰ, যেনে– বিছনা চাদৰ, পর্দা, কম্বল, কাভাৰ, মাস্ক, কুর্তা, কামিজ আনকি এইবাৰ ক’ভিড–১৯ৰ পি পি ই কিটলৈকে চিলাই কৰি পিন্ধা দেখা গৈছে৷ ‘অহিংসা ছিল্ক’ শান্তিৰ ৰেচম(Peace Silk) হিচাপে বিশ্বজুৰি সমাদৃত৷ এৰী ছিল্ক বিশ্বজুৰি কিয় অহিংসা ৰেচম বা শান্তিৰ ৰেচম বুলি পৰিচিত, এই আলোচনা পিছলৈ কেতিয়াবা কৰিম৷ অসমত ৬৫ শতাংশ এৰী উৎপাদন হয়৷
আজিকালি মেঘালয়, অৰুণাচল, নাগালেণ্ড তথা ভাৰতবর্ষৰ আন কেইবাখনো প্রদেশে এৰী পালনত গুৰুত্ব দিছে আৰু অতি সু–পৰিকল্পিতভাৱে আগবাঢ়িছে৷ ৯৫ শতাংশ মুগা ৰেচমৰ উৎপাদনকাৰী অসম৷ মুগাৰ অভিনৱ জনপ্রিয়তাৰ পাছতো মুগা পালনৰ ক্ষেত্রত বহুতো সমস্যাই দেখা দিছে৷ পৰিকল্পনা, সজাগতা নহ’লে মুগা ৰেচম শিল্পই যি অধিকসংখ্যক লোকক আর্থিক নিৰাপত্তা প্রদান কৰাৰ সম্ভাৱনা আছে, সেয়াও নাইকিয়া হ’ব৷ চোমনিসমূহ ৰক্ষণাবেক্ষণ, নতুন চোমনি নির্মাণ, চোমনিৰ ওচৰত ক্ষুদ্র চাহ খেতিয়কৰ চাহ বাগান অথবা বৃহৎ পুঁজিপতিৰ চাহ বাগানসমূহ জৈৱিক পদ্ধতিৰ আওতালৈ অনা, চোম গছ কাটি চাহ ৰোপণৰ মানসিকতা বন্ধ কৰা, চোমনিৰ ওচৰত ইটাভাতা খুলিবলৈ অনুমতি নিদিয়া, নদীত ৰাসায়নিক বর্জ্য নিক্ষেপ নকৰা আদি দিশৰ প্রতি গুৰুত্ব দিব লাগিব৷ বিলুপ্তপ্রায় মেজাংকৰি পুনৰুদ্ধাৰৰ প্রভূত সম্ভাৱনা আছে৷ এক হেৰুওৱা শিল্প উদ্ধাৰৰ বাবে বিগত ২০১১ বর্ষৰ পৰা আমি কাম কৰিছোঁ, আংশিক সফলো হৈছোঁ৷ বিলুপ্ত ঘোষণাৰ পাছত ২০১১ চনৰ পৰা সাত বছৰ ধৰি প্রচেষ্টা চলাই ২০১৮ চনত আমি প্রায় পাঁচ হাজাৰ লেটা পাবলৈ সক্ষম হৈছোঁ৷ তাৰেই সূতা উৎপাদন কৰি আমি অংগবস্ত্রও তৈয়াৰ কৰিছোঁ৷ ৰেচম প্রস্তুত এক যুগান্তকাৰী ঘটনা বুলিয়েই বিশেষজ্ঞসকলে ভাবে৷ মেজাংকৰি গছজোপা শিৱসাগৰ, ডিব্রুগড়, অৰুণাচলৰ আশে–পাশে আৰু নামনি অসমৰ গোৱালপাৰা আৰু মেঘালয়ৰ সীমাত পোৱা যায়৷ শেহতীয়াকৈ মুগা কাপোৰে সূর্যৰ অতি বেঙুনীয়া ৰশ্মিক প্রতিহত কৰিব পাৰে বুলিয়েই আন্তর্জাতিক চাহিদা বাঢ়িছে৷ এতিয়া মুগা সূতাৰ কেজি ২০ হাজাৰৰ পৰা ২৫ হাজাৰৰ মাজত উঠা–নমা কৰি আছে৷ সকলোৱে বুজা উচিত যে চোমনীয়াসকল অর্থাৎ মুগা পালকসকলক উৎসাহিত কৰি তথা পৃষ্ঠপোষকতা আগবঢ়াই সময় মতে বীজৰ যোগান দিব পাৰিলে মুগা বাচিব৷ মুগা পালনৰ পৰা বস্ত্র তৈয়াৰ কৰি বজাৰত উলিয়াই দিয়ালৈকে বহুসংখ্যক মানৱ সম্পদৰ প্রয়োজন৷ প্রতিটো খণ্ডতে এক বুজনসংখ্যক ব্যক্তিৰ নিয়োগৰ সুযোগ আছে, প্রয়োজন কেৱল সু–পৰিকল্পনা, আন্তৰিক দায়বদ্ধতা আৰু নিজৰ কামৰ প্রতি অপৰিসীম ভালপোৱা আৰু কৃতজ্ঞতাবোধ৷ প্রকৃতিয়ে আমাক হিয়া উজাৰি এই বনজ সম্পদসমূহ দিছে, ইয়াক প্রতিপালন কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব৷