নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক্ল’ফেনাকৰ ব্যৱহাৰ আৰু শগুণৰ প্রজাতিৰ বিলুপ্তি

গিৰিমল্লিকা শইকীয়া

শৈশৱতে আমি দেখিছিলোঁ যিকোনো জন্তুৰ মৰাশ পেলাই দিয়াৰ লগে লগে আগমন ঘটিছিল অসংখ্য শগুণৰ৷ অতি কম সময়ৰ ভিতৰতে প্রকৃতিৰ চাফাইকর্মীসকলে মৰাশটো ভক্ষণ কৰি ঠাইটুকুৰা পৰিষ্কাৰ কৰি পেলাইছিল৷ কিন্তু আজিকালি সেই শগুণবোৰ নহা হ’ল৷ এই ঘটনা অসমতে নহয়, সমগ্র ভাৰতবর্ষতে দেখা পোৱা গ’ল৷ যোৱাটো শতিকাৰ নব্বৈৰ দশকৰ শেষৰ ফালে হঠাতে সমগ্র ভাৰতত য’তে–ত’তে শগুণৰ মৰাশ পৰি থকা দেখা পোৱা হ’ল৷ শগুণৰ সংখ্যা বিলুপ্তিৰ পর্যায়লৈকে নামি গ’ল৷ ২০০০ চনলৈ ভাৰতত শগুণ নোহোৱাৰ দৰেই হ’ল৷ ইয়াৰ পিছত ২০০৪ চনতহে আৱিষ্কাৰ হ’ল যে গৰু–ম’হক ব্যাপকভাৱে খুওৱা প্রদাহবিৰোধী(Anti-inflamatory) ডিক্ল’ফেনাক(Diclofenac) নামৰ ষ্টেৰইডবিহী ঔষধবিধেই শগুণৰ গণবিলুপ্তিৰ কাৰণ৷ শগুণবোৰে ডিক্ল’ফেনাক সেৱন কৰি মৃত্যু হোৱা গৰু–ম’হৰ মৃতদেহ ভক্ষণ কৰি গণহাৰত মৃত্যুমুখত পৰিল৷ এই ঔষধবিধ সামান্য পৰিমাণে শগুণৰ দেহত সোমালেই কেইদিনমানৰ ভিতৰতে বৃক্ক বিকল হৈ মৃত্যুমুখত পৰে৷
শগুণৰ এই বিপর্যয় কালত ভাৰতত ৰাম জাকাতিৰ দৰে কিছু লোকে ডিক্ল’ফেনাকৰ উৎপাদন আৰু বিতৰণ বন্ধ কৰিবৰ বাবে চলোৱা অবিৰত প্রচেষ্টাৰ বাবেই ২০০৬ চনত ভাৰত চৰকাৰে এই ঔষধৰ উৎপাদন–বিতৰণ নিষিদ্ধ কৰে যদিও সেই সময়লৈ ভাৰতত শগুণৰ বংশ অন্ত পৰাৰ দৰে হ’ল৷ শগুণৰ বংশ সম্পূর্ণ উচ্ছেদ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰাম জাকাতিয়ে চলোৱা সফল প্রচেষ্টাৰ বাবে ২০২০ চনৰ ডিচেম্বৰ মাহত ব্রিটেইনৰ ‘ৰয়েল ছ’চাইটী ফৰ কনজাৰভেচন অৱ বার্ডছ’(Royal Society for Conservation of Birds) নামৰ সংস্থাটোৱে তেওঁলোকৰ সন্মানীয় ‘প্রকৃতি সংৰক্ষণ পদক’(Medal for Outstanding Contribution Nature Conservation) প্রদান কৰি স্বীকৃতি আগবঢ়ায়৷
ভাৰতত ডিক্ল’ফেনাকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছত সম্পূর্ণ বংশলুপ্তি নঘটিলেও শগুণৰ আশানুৰূপ বৃদ্ধি নোহোৱাটো লক্ষণীয়৷ অলপতে ফ্রণ্টলাইন নামৰ পত্রিকাখনত প্রকাশিত এক প্রতিবেদনত উল্লেখ কৰা মতে, ভাৰতত এতিয়াও প্রচুৰ পৰিমাণে ডিক্ল’ফেনাকৰ ব্যৱহাৰ হয়৷(Frontline, January 01, 2021)৷ কেইবাটাও আন্তঃৰাষ্ট্রীয় সংস্থাই গোটেই ভাৰতজুৰি ঘৰচীয়া জন্তুৰ মৰাশৰ ওপৰত চলোৱা পৰীক্ষাত সেই জন্তুবোৰৰ দেহত অতি উচ্চ পৰিমাণে ডিক্ল’ফেনাক পোৱা গৈছে৷ আন্তঃৰাষ্ট্রীয় সংস্থাসমূহে ২০১২ চনৰ পৰা ২০১৭ চনলৈ ভাৰতত বিভিন্ন ঔষধ দোকানত চলোৱা গোপন অনুসন্ধানত পোহৰলৈ আহিছে যে ভাৰতত এতিয়াও অবাধে ডিক্ল’ফেনাকৰ বিক্রী চলি আছে৷ ইয়াৰ অর্থ হ’ল– ক’ৰবাত এতিয়াও গোপনে বেআইনীভাৱে ডিক্ল’ফেনাকৰ উৎপাদনো চলি আছে৷ অসমো এই চক্রৰ পৰা আঁতৰি থাকিব পৰা নাই৷ ২০১৮ চনৰ মার্চত শিৱসাগৰ জিলাত ৩২টা শগুণৰ বিষাক্ত মৰাশ খাই মৃত্যু হয়(The Hindu, 18th March)৷ যোৱা ১৮ জানুৱাৰী, ২০২১ত তিনিচুকীয়া জিলাৰ তালাপত মুঠ ২৩টা শগুণৰ মৃত্যু আৰু তেৰটা শগুণ অসুস্থ হোৱা বাতৰিয়ে অসমৰ সকলো কাকতৰ শিৰোনাম দখল কৰিছে৷ পথাৰত পৰি থকা মৃত গৰুৰ মাংস খাই শগুণৰ এনে অকাল মৃত্যুৰ খবৰ অতি দুখঃজনক৷ দেখা গৈছে ভাৰতত সংৰক্ষণৰ প্রচেষ্টাসমূহ বাস্তৱায়িত কৰোঁতে এইসমূহত বহু সময়তে ফাঁক থাকি গৈছে৷
এইখিনিতে উল্লেখযোগ্য যে শগুণৰ বংশৰ গণবিলুপ্তিৰ সময়তে ভাৰতবর্ষত এটা সহস্র বছৰ পুৰণি পক্ষীৰ পৰম্পৰাৰো ইতিমধ্যে বিলুপ্তি ঘটিল৷ তামিলনাডুৰ বেদগিৰিশ্বৰ মন্দিৰৰ পক্ষীতীর্থৰ বিলুপ্তিৰ কাহিনী সঁচাকৈয়ে অতি মর্মস্পদ৷ তামিলনাডুৰ চেন্নাইৰ পৰা পুডুচেৰীলৈ যোৱা পথৰ কাষত টিৰুকালুকুন্দ্রম নগৰৰ এটা সৰু পাহাৰত অৱস্থিত বেদগিৰিশ্বৰ শিৱ মন্দিৰ৷ এই মন্দিৰলৈ ১৯৯৮ চনলৈকে নির্দিষ্ট সময়ত আহিছিল এযোৰ বগা ডাঙৰ চৰাই৷ পূজাৰীয়ে আগবঢ়াই দিয়া ভোগ গ্রহণ কৰি চৰাইকেইটা পুনৰ উৰি গুচি যায়৷ কেইবাশ বছৰ ধৰি আহি থকা এই চৰাইকেইটাক লৈ সৃষ্টি হৈছিল অসংখ্য কিংবদন্তি৷
১৯৬০ চনত ড০ চালিম আলীয়ে এই চৰাইকেইটা ইজিপ্তীয় শগুণ বুলি চিনাক্ত কৰে৷ গুৰুত্বপূর্ণ কথা হ’ল– ইজিপ্তীয় শগুণৰ জীৱনকাল বন্দী অৱস্থাত ৩৭ বছৰ আৰু বনৰীয়া অৱস্থাত ২১ বছৰহে৷ গতিকে, শ শ বছৰ ধৰি একেকেইটা চৰাই আহি থকাটো অসম্ভৱ৷ ১৯২৬ চনত প্রকাশিত’The South Indian Railway Illustrated Guide’ নামৰ পত্রিকাতো এই চৰাইকেইটাৰ বিষয়ে নথিভুক্ত হৈছিল৷ দীর্ঘকালীন আয়ুস নথকা এজাতি চৰাই শ শ বছৰ ধৰি এটা নির্দিষ্ট স্থানলৈ কেনেকৈ আহি আছিল, সেয়া আজিও ৰহস্য হৈ থাকিল৷ বোধহয় বেদগিৰিশ্বৰ মন্দিৰলৈ অহা শগুণকেইটা বংশানুক্রমে আহি মন্দিৰত প্রসাদ গ্রহণ কৰিছিল৷
যি কি নহওক, ১৯৯৮ চনৰ কোনো এটা দিনৰ পৰা বেদগিৰিশ্বৰ মন্দিৰলৈ চৰাই দুটা নহা হ’ল৷ চৰাই দুটা অহা বন্ধ হ’লেও মন্দিৰ কর্তৃপক্ষই এতিয়াও চৰাই দুটাৰ বাবে ভোগ তৈয়াৰ কৰে আৰু ভক্ত–দর্শনার্থীয়ে এতিয়াও চৰাইকেইটাৰ বাবে অপেক্ষা কৰে৷ চৰাইকেইটা অহা বন্ধ হোৱাৰ কাৰণবোৰ বিচাৰি গ’লেই পক্ষী সংৰক্ষণৰ ক্ষেত্রত আমাৰ ব্যর্থতাসমূহ মুকলি হয়৷ যোৱাটো শতিকাৰ নব্বৈৰ দশকৰ মাজভাগলৈকে তামিলনাডুৰ উপকূলীয় অঞ্চলকে ধৰি সমগ্র ভাৰতত ইজিপ্তীয় শগুণ সহজেই দেখা পোৱা গৈছিল৷ নব্বৈৰ দশকৰ শগুণৰ বিপর্যয়ৰ সময়তে বেদগিৰিশ্বৰ মন্দিৰলৈ শ শ বছৰ ধৰি আহি থকা শগুণৰ পৰিয়ালটিও হয়তো উছন হ’ল৷ অৱলুপ্তি ঘটিল পক্ষীতীর্থৰ৷
এতিয়াও এনেদৰে শগুণৰ বিপর্যয় চলি থকাটো দুর্ভাগ্যজনক৷ শগুণৰ এই বিপর্যয়ৰ সময়ত চৰকাৰ, জনসাধাৰণ সকলোৰে কৰণীয় আছে৷ ডিক্ল’ফেনাকৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰৰ ক্ষেত্রত থকা সুৰুঙাসমূহ বন্ধ কৰাৰ দিশত চৰকাৰৰ বিশেষ কৰণীয় আছে৷ সেইদৰে জনসাধাৰণেও ডিক্ল’ফেনাক ব্যৱহাৰৰ পৰা বিৰত থাকি শগুণৰ সংৰক্ষণৰ দিশত অৱদান আগবঢ়াব পাৰে৷ জনসাধাৰণৰ মাজত সচেতনতা আনিবলৈ গণমাধ্যমসমূহো অধিক সক্রিয় হোৱাটো প্রয়োজনীয়৷
ফোনঃ ৮৬৩৮৪–৬১৪৬৬

You might also like