নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইন ২০২০ঃএক আলোকপাত

যোৱা বছৰৰ মার্চ মাহৰ পৰা ভাৰতবর্ষত প্রকট হোৱা ক’ভিড মহামাৰীৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰিব লগা হৈছিল৷ এই লকডাউনৰ বিৰূপ প্রভাৱ দেশখনৰ প্রায়বোৰ খণ্ডতেই দেখা পোৱা গৈছিল যদিও কৃষিখণ্ডত এই বিৰূপ প্রভাৱৰ প্রকোপ অত্যন্ত বেছি আছিল৷ কৃষি সামগ্রীসমূহৰ অবিৰত যোগান অব্যাহত ৰাখিবলৈ দেশখনৰ বহুকেইখন ৰাজ্যই বহু আগৰে পৰা প্রচলিত কৃষি সামগ্রী বিপণন সমিতি Agricultural Produce Market Committee, APMC) আইনখনৰ কিছু সংশোধনী কৰিছে৷ যোৱা ২০১৭ চনত সংশোধন কৰা এই আইনে মুক্ত প্রতিযোগিতা, স্বচ্ছতা, সমাগ্রীৰ নিয়মিত যোগান, বহু অংশবিশিষ্ট বজাৰ সুঁতি ইত্যাদিৰ সুবিধা প্রদান কৰিছে৷ পর্যায়ক্রমে চৰকাৰে ইলেক্ট্রনিক ৰাষ্ট্রীয় কৃষি বজাৰ eNAM) নামৰ মঞ্চৰ যোগেদি কৃষকে বজাৰলৈ নিজে নহাকৈও নিজৰ উৎপাদিত সামগ্রী বিক্রী কৰাৰ ব্যৱস্থা কৰিছে৷ এই ব্যৱস্থাই সামাজিক দূৰত্ব বজাই ৰাখি উৎপাদিত কৃষি সামগ্রী ক্রয়–বিক্রয়ৰ সুবিধা প্রদান কৰিছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ২০২০ চনৰ মে’ মাহৰ পৰা কৃষিখণ্ডত আৰু কিছু সংশোধন আনিছে৷ কৃষকৰ উৎপাদিত সামগ্রীৰ আকর্ষণীয় মূল্য, প্রতিবন্ধকবিহীন আন্তঃৰাজ্যিক ব্যৱসায়, ইলেক্ট্রনিক বেচা–কিনা ব্যৱস্থা, চুক্তিবদ্ধ বজাৰ ব্যৱস্থা, পাইকাৰী বিক্রেতা, ৰপ্তানিকাৰকৰ লগত কৃষকৰ পোনপটীয়া যোগাযোগৰ সুবিধা প্রদান ইত্যাদিবোৰ এই নতুন সংশোধনত অন্তর্ভুক্ত কৰা হৈছে৷ কৃষি আইন ২০২০ৰ প্রধান অংশবোৰ হ’ল–
(১) কৃষকৰ উৎপাদনৰ
(উত্তৰণ আৰু সহজসাধ্যকৰণ)
ব্যৱসায়–বাণিজ্য আইন ২০২০
কৃষকৰ উৎপাদিত সামগ্রীৰ প্রতিবন্ধকবিহীন ৰাজ্যিক আৰু আন্তঃৰাজ্যিক ব্যৱসায়–বাণিজ্যৰ পৃষ্ঠপোষকতা৷ কৃষকৰ উৎপাদিত সামগ্রীৰ ইলেক্ট্রনিক ক্রয়–বিক্রয়ৰ প্রস্তাৱ, কোম্পানী, অংশীদাৰী প্রতিষ্ঠান, সমবায় সমিতি আদিয়ে এনে ধৰণৰ মঞ্চ প্রতিষ্ঠা কৰিব পাৰিব৷ কৃষকে উৎপাদিত সামগ্রী ৰাজ্যৰ বাহিৰলৈও পঠিয়াব পাৰিব৷ তদুপৰি কৃষিপামৰ পদূলি, Farm Gate) পণ্যাগাৰ, Ware house) শীতলগৃহ ইত্যাদিতো বেচা–কিনা কৰিব পাৰিব৷ এই আইনে চৰকাৰ বা কৃষি সামগ্রী বিপণন সমিতি APMC)ক কৃষকৰ উৎপাদিত সামগ্রীৰ ওপৰত কোনো ধৰণৰ উপকৰ Cess) অথবা মাচুল Fee) জাপি দিয়াৰ পৰা বাৰণ কৰিছে৷
(২) কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম
সেৱাৰ চুক্তি আইন (২০২০)
এই আইনে কৃষকৰ চুক্তিবদ্ধ খেতি Contract farming) কৰিবলৈ এক গাঁথনিৰ Framework) সুবিধা দিছে, য’ত কৃষকে ক্রেতাৰ লগত আগতীয়াকৈ নিৰূপণ কৰা মূল্যত সামগ্রী বিক্রী কৰিব পাৰে৷ এই চুক্তিত নূ্যনতম সমর্থিত মূল্যৰ Minimum Support Price) কোনো উল্লেখ নাই৷ সামগ্রী গ্রাহকৰ হাতত পৰাৰ লগে লগে আগতীয়াকৈ নির্ধাৰণ কৰি থোৱা মূল্য কৃষকক দিব লাগিব৷
(৩) অত্যাৱশ্যকীয় সামগ্রী
(সংশোধন) আইন ২০২০
এই আইনে কিছুমান নির্দিষ্ট সামগ্রীৰ উৎপাদন, যোগান আৰু বিতৰণত চৰকাৰৰ সক্ষমতাক সীমাবদ্ধ কৰিছে৷ এই আইনে ধান, ঘেঁহু, গোমধান আদি খাদ্যশস্য, মাহজাতীয়, তেলজাতীয়, পিঁয়াজ আৰু আলুক অত্যাৱশ্যকীয় সামগ্রীৰ তালিকাৰ পৰা আঁতৰাই দিছে৷ চৰকাৰে জৰুৰী অৱস্থাৰ পৰিপ্রেক্ষিততহে উপৰিউক্ত অত্যাৱশ্যকীয় সামগ্রী মজুত ৰখাৰ পৰিমাণ আৰু মূল্যৰ ওপৰত নিয়ন্ত্রণ ৰাখিব পাৰিব৷ এই বিধিয়ে ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীৰ ব্যৱসায়ৰ ওপৰত থকা নিয়ন্ত্রণৰ প্রভাৱ আঁতৰোৱাৰ চেষ্টা কৰিছে৷ ইয়াৰ জৰিয়তে কৃষকে উৎপাদন কৰা, মজুত ৰখা, বিতৰণ কৰা ইত্যাদি মুকলিকৈ কৰিবলৈ সুবিধা দি ব্যক্তিগত খণ্ডৰ লগতে বিদেশী বিনিয়োগকাৰীক কৃষিখণ্ডৰ আন্তঃগাঁথনিত বিনিয়োগ কৰিবলৈ সুবিধা দিয়া হৈছে৷
থোৰতে কৃষি আইন ২০২০খনৰ অন্তর্বস্তু এইখিনিয়েই৷
কৃষকৰ উপকাৰৰ বাবে সংশোধিত কৰা এই আইনখনৰ সপক্ষে আৰু বিপক্ষে দেশখনৰ কৃষকসকল থিয় হৈছে৷ আমি নিতৌ বাতৰিকাকত, ৰেডি’, দূৰদর্শনত খবৰ পাই আছোঁ যে এই আইনৰ বিৰোধিতা কৰি দেশখনৰ বিভিন্ন ঠাইত, প্রধানকৈ ৰাজধানী দিল্লীত সজোৰ প্রতিবাদ চলি আছে৷ প্রথমেই আমি বিৰোধ কৰাসকলৰ যুক্তিবোৰলৈ দৃষ্টিপাত কৰোঁচোন৷
r কৃষকসকলে কৃষি সামগ্রী বজাৰ সমিতিৰ অন্তর্ভুক্ত বজাৰত কৃষি সামগ্রী বেচা–কিনা কৰিব পৰা হেতুকে ৰাজ্যসমূহে সমিতিৰ জৰিয়তে পাব লগা মাচুল লাভৰ পৰা বঞ্চিত হ’ব পৰাৰ সম্ভাৱনা আছে বুলি ভবা হৈছে৷
r সামগ্রীৰ নূ্যনতম সমর্থিত মূল্য ব্যৱস্থা নোহোৱা হ’ব বুলি ভবা হৈছে৷
r চুক্তিবদ্ধ খেতিৰ ব্যৱস্থাত মূল্য নির্ধাৰণৰ ক্ষেত্রত কৃষকসকলৰ ভূমিকা দুর্বল হ’ব বুলি ভবা হৈছে৷
r বৃহৎ কোম্পানী, ৰপ্তানিকাৰক, পাইকাৰী বিক্রেতাসকলৰ ভূমিকাহে শক্তিশালী হ’ব আৰু তেওঁলোকে নিজ ইচ্ছামতে সামগ্রী মজুত কৰি ৰাখিব পাৰিব আৰু সেয়েহে কৃষকে নিজ সামগ্রীৰ কাৰণে কম মূল্য পাব বুলি ভবা হৈছে৷
r প্রতিবাদী কৃষকসকলে শংকা কৰিছে যে প্রভাৱশালী বিনিয়োগকাৰীসকলে কৃষকসকলক কিছুমান প্রতিকূল চুক্তিৰে বান্ধি পেলাব, যিবোৰ দুখীয়া কৃষকসকলৰ বোধগম্যৰ বাহিৰত হ’ব৷
r এই আইনৰ প্রধান প্রতিবাদী ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ বজাৰৰ মধ্যভোগীৰ উপকৰৰ জৰিয়তে ৰাজ্যকেইখনে লাভ কৰা ৰাজহ নোহোৱা হ’ব৷
আনহাতে, এই আইনকেইখনৰ সপক্ষে যুক্তি দাঙি ধৰাসকলে কৈছে যে এই আইনে আমাৰ কৃষকসকলক সুৰক্ষিত কৰিব৷ কেৱল কৃষি সামগ্রী বজাৰ সমিতিৰ অধীনৰ বজাৰৰ উপৰি আন আন বজাৰসমূহত কৃষকে সামগ্রী বিক্রীৰ সুবিধা পোৱাৰ হেতুকে সামগ্রীৰ উচিত মূল্য পাব৷ তদুপৰি নূ্যনতম সমর্থিত মূল্য ব্যৱস্থা খাৰিজ কৰিব বুলি এই আইনত উল্লেখ কৰা নাই৷ কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষকসকলক নূ্যনতম সমর্থিত মূল্য ব্যৱস্থা প্রৱর্তিত থাকিব বুলি লিখিতভাৱে জনাইছে৷ ৰাজ্য চৰকাৰসমূহে ব্যৱসায়ীসকলক নিয়ন্ত্রণ কৰিব৷
কৃষি আইন আৰু অসম
অসমৰ কৃষকে অতি কম পৰিমাণৰ সামগ্রীহে (বিশেষকৈ ধান) নূ্যনতম সমর্থিত মূল্যত বিক্রী কৰে৷ প্রতি কুইণ্টল ধান উৎপাদনৰ খৰচ অসমত তুলনামূলকভাৱে পঞ্জাব, হাৰিয়ানাতকৈ বেছি হোৱাৰ বাবে নূ্যনতম সমর্থিত মূল্যই অসমৰ কৃষকসকলক বেছি লাভৱান্বিত নকৰে৷ সেয়েহে বহুমুখী বিক্রীকেন্দ্র ব্যৱস্থাই অসমৰ কৃষকসকলক উপকৃত কৰিব বুলি ভাবিব পাৰি৷ প্রকৃততে অসমৰ কৃষকে বহু আগৰে পৰাই গাঁৱৰ বজাৰ, দৈনিক বজাৰ, সাপ্তাহিক বজাৰ ইত্যাদিৰ যোগেদি নিজৰ উৎপাদিত সামগ্রী বিক্রী কৰি আহিছে৷ সেয়েহে বহুমুখী বজাৰ ব্যৱস্থা অসমৰ কৃষকৰ বাবে নতুন নহয়৷
অসমৰ ধানত আর্দ্রতাৰ পৰিমাণ বেছি হয় বুলি ধাৰণা কৰি ভাৰতীয় খাদ্য নিগমে Food Corporation Of India) আমাৰ কৃষকৰ ধান কমকৈ ক্রয় কৰে৷ এক সূত্র অনুসৰি ভাৰতীয় খাদ্য নিগমে ২০১৯–২০ চনত পঞ্জাবৰ পৰা ৮০ শতাংশতকৈও বেছি ধান ক্রয় কৰাৰ পৰিৱর্তে অসমৰ পৰা কেৱল ৩ শতাংশহে ক্রয় কৰিছে৷ সেয়েহে দেখা যায় যে অসমৰ কৃষকসকল নূ্যনতম সমর্থিত মূল্যৰ দ্বাৰা লাভৱান্বিত হোৱা নাই৷ তদুপৰি অসমত ‘মাণ্ডি’ Mandi) ব্যৱস্থাৰ প্রচলনো অতি কম হোৱাৰ বাবে এই আইনখনত উল্লেখিত মাচুল, উপকৰ বিলুপ্তিকৰণে ৰাজ্যখনৰ ৰাজহতো কোনো বিৰূপ প্রভাৱ নেপেলায়৷ সেয়েহে হয়তো অসমৰ কৃষকে এই আইনৰ সজোৰ বিৰোধিতা কৰা নাই৷ অসমৰ উৎপাদিত ধানৰ সঠিক ৰূপত শুষ্ক কৰি আর্দ্রতা কমোৱা প্রয়োজন৷ ইয়াৰ বাবে সামূহিক চোতালত Community Drying Floor) ধান শুকুওৱাৰ ব্যৱস্থা কৰিব লাগে৷ তদুপৰি সঠিক ৰূপত চুক্তিবদ্ধ খেতিৰ ব্যৱস্থা কৰিলে এই আইনে অসমৰ কৃষকক সকাহ দিব বুলি আশা কৰিব পাৰি৷ নূ্যনতম সমর্থিত মূল্যৰ পৰিমাণ বৃদ্ধি, কৃষক উৎপাদক গোটৰ জৰিয়তে উৎপাদন তথা বিক্রীৰ ব্যৱস্থা, গ্রাহকৰ লগত পোনপটীয়া যোগাযোগ, ইলেক্ট্রনিক বজাৰ ব্যৱস্থাৰ লগত সংযোগ, বজাৰৰ প্রকৃত খবৰ যোগান ব্যৱস্থা Market Information System) ইত্যাদিৰ জৰিয়তে অসমৰ কৃষকসকল আগবাঢ়ি যাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস৷
এই আইন সম্পর্কে দিয়া
বিশেষজ্ঞৰ কিছু মতামত
‘কৃষি আইনে অসমত ধনাত্মক প্রভাৱ পেলাব৷’– উপাচার্য, অসম কৃষি বিশ্ববিদ্যালয়৷
‘নতুন কৃষি আইনখনে আত্মসহায়ক গোট আৰু ‘কৃষক উৎপাদক’ গোট স্থাপনত গুৰুত্ব দিছে৷ এই আইনে মধ্যভোগীক বাৰণ কৰি কৃষকক পোনপটীয়াকৈ বজাৰৰ সৈতে সংযোগ কৰোৱাই দিছে৷’– ড০ আৰ এছ পেৰ’ডা, প্রাক্তন সঞ্চালক, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ৷
‘নতুন কৃষি আইনখনে শস্যৰ ভঁৰাল আৰু খাদ্য সংশোধনৰ সুবিধা সৃষ্টি কৰাত সহায় কৰিব৷ এই আইনৰ যোগেদি কৃষকে বজাৰ বিচাৰি নোযোৱাকৈ হ’ব, বৰঞ্চ বজাৰেহে কৃষকক বিচাৰি আহিব৷’– অধ্যাপক পঞ্জাব সিং, প্রাক্তন সঞ্চালক, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ প্রাক্তন উপাচার্য, বেনাৰস হিন্দু বিশ্ববিদ্যালয়৷
‘কৃষি আইনখনে কৃষকক সহায় কৰিব৷ কিন্তু কেন্দ্রীয় চৰকাৰে এই কথাটো কৃষকক বুজোৱাত বিফল হৈছে৷’– ড০ অশোক গুলাটি, প্রখ্যাত অর্থনীতিবিদ প্রাক্তন উপদেষ্টা, প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা কোষ৷
অধ্যাপিকা, কৃষি অর্থনীতি বিভাগ
অসম কৃষি বিশ্ববিদ্যালয

You might also like