নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তিৰ বিজ্ঞাপনতে ওলমি ৰৈছে চাকৰি

আবেদনকাৰী লাখ লাখ নিবনুৱাৰ আশাত চেঁচাপানী

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ বছৰি পাঁচ লাখ নিবনুৱাক সংস্থাপনৰ আশ্বাসেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনৰ প্রায় পাঁচ বছৰীয়া কার্যকালত এটা চৰকাৰী চাকৰিৰ বাবে হা–হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে লাখ লাখ যুৱক–যুৱতীয়ে৷ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ নিযুক্তিৰ বিজ্ঞাপনেৰে চমক সৃষ্টি কৰাতহে ব্যস্ত হৈ পৰিছে একাংশ চৰকাৰী বিভাগ৷ সহস্রাধিক পদৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্রকাশেৰে এই বিভাগসমূহে সামৰিছে দায়িত্ব৷ বিজ্ঞাপন প্রকাশ কৰাৰ পাছত যাৱতীয় লিখিত পৰীক্ষা আৰু আন আন প্রক্রিয়াৰ জৰিয়তে নিযুক্তি ব্যৱস্থাটো সম্পূর্ণ কৰিবলৈ অনিহা কৰা পৰিলক্ষিত হৈছে বিভাগসমূহৰ মাজত৷ যাৰ বাবে প্র–পত্র পূৰণ কৰাৰ পাছত এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি থকা লাখ লাখ নিবনুৱা যুৱক–যুৱতীৰ আশাত চেঁচাপানী পৰাৰ সম্ভাৱনাই প্রকট হৈ পৰিছে৷ কিয়নো চমু চাপি আহিছে নির্বাচনৰ দিন৷ ইতিমধ্যে পূর্ণাংগ নির্বাচন আয়োগে অসম ভ্রমণ কৰি শেহতীয়াকৈ ৰাজ্যৰ পৰিৱেশ–পৰিস্থিতি বুজ লৈ দিল্লীলৈ উভতিছে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান, ৰাজ্য চৰকাৰৰ মুখ্য সচিব, বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধি আদিৰ সৈতে বৈঠকত মিলিত হোৱা নির্বাচন আয়োগে শীঘ্রে নির্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে ৰঙালী বিহুৰ পূর্বে নির্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি চর্চিত হৈছে৷ গতিকে ফেব্রুৱাৰীৰ মাজভাগত যিকোনো মুহূর্তত নির্বাচন আয়োগে ৰাজ্যৰ বিধানসভা নির্বাচনৰ বাবে দিন ঘোষণা কৰাৰ লগে লগে বন্ধ হৈ পৰিব সকলো চৰকাৰী আঁচনি ৰূপায়ণৰ কাম–কাজৰ লগতে চৰকাৰী নিযুক্তি প্রক্রিয়াও৷ সেয়েহে জানুৱাৰী মাহো সমাপ্ত হ’বলৈ মাজত মাথোঁ তিনিটা দিন৷

অর্থাৎ ৰাজ্য চৰকাৰৰ হাতত থকা দিনৰ সংখ্যা যথেষ্ট কম৷ গতিকে এই কম সময়ৰ ভিতৰতে বিভিন্ন বিভাগে জাৰি কৰা বিজ্ঞাপনসমূহৰ ভিত্তিত লিখিত পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিব পাৰিবনে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে নিবনুৱা যুৱক–যুৱতীসকলৰ্ মাজত৷ উল্লেখ্য যে বিগত সময়ছোৱাত বিভিন্ন বিভাগে নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰি আহিছে৷ জলসিঞ্চন বিভাগে যোৱা বর্ষত মুঠ ৬৪৩টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইয়াৰে ৩৯৭টা শাখা সহায়ক পদৰ নিযুক্তি প্রক্রিয়া অত্যন্ত বিতর্কিত প্রক্রিয়াৰ মাজেৰে বিভাগটোৱে সম্পন্ন কৰিলে যদিও অন্যান্য পদসমূহৰ পৰীক্ষা আজিপর্যন্ত অনুষ্ঠিত কৰিব নোৱাৰিলে৷ ইয়াৰ ভিতৰত আছে ১৮২টা কনিষ্ঠ সহায়কৰ পদ৷ এই পদসমূহৰ ২৩টা মুখ্য কার্যালয় আৰু আন ১৫৯টা পদ জিলা পর্যায়ৰ৷ তদুপৰি বিগত বর্ষৰ আগষ্টত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে মুঠ ১,০০৩টা বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ ২৮ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰলৈ এই পদসমূহৰ প্র–পত্র অনলাইনযোগে গ্রহণ কৰা হৈছিল৷ কিন্তু এই পদসমূহৰো লিখিত পৰীক্ষা অনুষ্ঠিত কৰা নহ’ল৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়ত সচিব, কনিষ্ঠ সহায়ক, টেক্স কালেক্টৰ আৰু মহৰিৰ পদৰ বাবে প্রকাশ কৰা হৈছিল বিজ্ঞাপন৷ ইয়াৰে গাঁও পঞ্চায়ত সচিবৰ সর্বাধিক ৫৭৮টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ সেইদৰে কনিষ্ঠ সহায়কৰ পদ আছিল ১০টা আৰু টেক্স কালেক্টৰৰ পদৰ সংখ্যা হৈছে ২৪৩টা৷ এই পদসমূহৰ নিযুক্তি প্রক্রিয়া আৰম্ভ নৌহওঁতেই বিভাগটোৱে পুনৰ ৩০০ চতুর্থবর্গৰ চাকৰিৰ বাবে শেহতীয়াকৈ বিজ্ঞাপন প্রকাশ কৰিছে৷ ইতিমধ্যে এই চতুর্থবর্গৰ পদসমূহৰ বাবে প্র–পত্র গ্রহণ কৰা হৈছে৷

ইফালে পৰিবহণ বিভাগেও বিগত বর্ষৰ অক্টোবৰত যান–বাহন পৰিদর্শকৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ মুঠ ২৬টা পদৰ বাবে প্রকাশ কৰা এই বিজ্ঞাপনৰ ভিত্তিত ১৪ অক্টোবৰৰ পৰা ৯ ডিচেম্বৰলৈ অনলাইনযোগে প্র–পত্র গ্রহণ কৰা হৈছে৷ এই পদসমূহৰো লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রক্রিয়া আৰম্ভ কৰা হোৱা নাই৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ কৃষি আৰু পশু চিকিৎসা বিভাগৰ নিযুক্তি প্রক্রিয়া ঘোষণাতে সামৰণি মাৰিলে বিভাগীয় মন্ত্রী অতুল বৰাই৷ বিগত বর্ষত এখন সংবাদ মেলযোগে মন্ত্রী অতুল বৰাই কৃষি বিভাগৰ অধীনত খালী হৈ থকা ২,০৮৭টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব বুলি ঘোষণা কৰিছিল৷ এই ঘোষণা অনুসৰি কৃষি উন্নয়ন বিষয়াৰ ১১৩টা পদ, তৃতীয়বর্গৰ ১,৯২০টা পদ, কনিষ্ঠ অভিযন্তাৰ ৪২টা আৰু সহকাৰী অভিযন্তাৰ ১২টা পদৰ বিজ্ঞাপন প্রকাশ কৰাৰ কথা আছিল৷ কিন্তু এই ঘোষণাৰ পাছতো নিযুক্তিৰ কোনো প্রক্রিয়াই আৰম্ভ হোৱা নাই বুলি জানিব পৰা গৈছে৷

লক্ষণীয় যে আন একাংশ বিভাগে আকৌ লিখিত পৰীক্ষাকে ধৰি সংশ্লিষ্ট প্রক্রিয়া সমাপ্ত কৰাৰ পাছতো প্রদান কৰিব পৰা নাই নিযুক্তি৷ বিশেষকৈ ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ২০০খন বিদেশী ন্যায়াধিকৰণৰ বাবে ১,৬০০ বিভিন্ন পদৰ মেধাৰ তালিকা প্রকাশ কৰাৰ এবছৰ অতিক্রম হোৱাৰ পাছতো নিযুক্তি প্রদান নকৰিলে৷ বিভিন্ন সময়ত মেধাৰ তালিকাত স্থান লাভ কৰা প্রার্থীসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও তেওঁলোকৰ নিযুক্তি প্রদান কৰা নহ’ল৷ বৰঞ্চ তেওঁলোকৰ মেধাৰ তালিকাৰ ম্যাদ পুনৰ এবৰছলৈ বৃদ্ধি কৰিয়ে বিভাগীয়ভাৱে সামৰণি মৰা হ’ল দায়িত্ব৷ সেইদৰে এ পি ডি চি এলৰ বিভিন্ন পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ল যদিও নিযুক্তি প্রক্রিয়া আগবঢ়াবলৈ সক্ষম নহ’ল শক্তি বিভাগ৷ এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলৰ বিভিন্ন পদৰ বাবে ২০১৮ বর্ষৰ ১৪ আগষ্টতে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ সহকাৰী গাণনিক বিষয়া, কার্যালয় আৰু ক্ষেত্র সহায়ক, গাড়ীচালক আৰু সহায়কৰ সহস্রাধিক পদৰ বাবে বিভাগীয়ভাৱে প্রকাশ কৰা হৈছিল বিজ্ঞাপন৷ তাৰ ভিত্তিত ২০১৮ চনৰ এপ্রিল মাহতে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ বিভিন্ন বিতর্কৰ মাজেৰে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাও হ’ল৷ নির্বাচিত অস্থায়ী কর্মচাৰীসকলৰ নথি–পত্র পৰীক্ষণৰ কামো আগতীয়াকৈ সম্পন্ন কৰা হ’ল৷ কিন্তু ১,০৩২গৰাকী অস্থায়ী কর্মচাৰীৰ নিযুক্তিৰ পথ আজিও প্রশস্ত নহ’ল৷ এই চাকৰিপ্রত্যাশীসকলে বহুবাৰ নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিবলৈ দাবী উত্থাপন কৰি বিজুলী ভৱনৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰিছে৷ প্রতিবাদ–আন্দোলন কৰি চাকৰিপ্রত্যাশীসকল ভাগৰি পৰিল যদিও বিভাগে নিযুক্তিৰ প্রক্রিয়া সম্পূর্ণ নকৰিলে৷ কেৱল এই বিভাগসমূহেই নহয়, আন বিভিন্ন কার্যালয়তো কমসংখ্যক পদৰ বাবে সময়ে সময়ে বিজ্ঞাপন প্রকাশ কৰা হৈছে যদিও নিযুক্তি প্রক্রিয়া আগবঢ়া নাই বুলি জানিব পৰা গৈছে৷ যাৰ পৰিপ্রেক্ষিতত বছৰি ৫ লাখ কর্মসংস্থাপনৰ আশ্বাস দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্রথম পাঁচ বছৰীয়া কার্যকালত নতুনকৈ অধিক যুৱক–যুৱতীয়ে চৰকাৰী সংস্থাপন লাভ কৰাৰ পথ প্রশস্ত হ’ব নে নহয়, সেয়া সন্দেহৰ আৱর্তত সোমাই পৰিছে৷

You might also like