অসমত এটা বিশাল পুথিভঁৰালৰ সম্ভাৱনা
সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ দিনত ৰাইজৰ মংগলৰ বাবে কাম আৰম্ভ কৰা বিভিন্ন ধৰণৰ ঔদ্যোগিক আৰু শিক্ষা প্রতিষ্ঠানে ৰাজ্যখনৰ অর্থনৈতিক আৰু বৌদ্ধিক বিকাশত কিমানদূৰ প্রভাৱ পেলাব, তাক অনুমান কৰিব পৰা অৱস্থা এটা আহি পৰিছে৷ বিশেষকৈ, মেডিকেল কলেজবোৰৰ স্থাপন যে শিক্ষা জগতৰ বাবে এটা বৈপ্লৱিক পৰিৱর্তন, সেই কথা সঠিক গুৰুত্বসহকাৰে এতিয়াও আলোচিত হোৱা নাই৷ মেডিকেল কলেজৰ লগে লগে স্থাপন হোৱা বিভিন্ন হাস্পতালে স্বাস্থ্যক্ষেত্রখনলৈ পৰিৱর্তন আনিছে, এই পৰিৱর্তনৰ হাৰ বৃদ্ধি হৈ গৈ থাকিব৷ কিন্তু তাৰ লগে লগে আৰু কিছু আনুষংগিক শিক্ষা প্রতিষ্ঠান বিশেষকৈ নার্ছিং কলেজ, ফার্মাচী বিজ্ঞান, পেৰামেডিকেল, হোমি’–আয়ুর্বেদ আদি বিভিন্ন বিষয়ৰ শিক্ষা প্রতিষ্ঠানো চৰকাৰী ব্যৱস্থাত ভালদৰে গঢ় লৈ উঠাটো উচিত আছিল আৰু হয়তো উঠিবও৷ অকল ইমানেই নহয়, আৰু বহু বিভিন্ন ধৰণৰ শিক্ষা প্রতিষ্ঠানৰ প্রয়োজন অসমত আছে আৰু অসমখনক শিক্ষাৰ বাবে ভাৰতৰ ভিতৰতে প্রয়োজনীয় হিচাপে গঢ়ি তুলিব পৰাটো এইখন চৰকাৰৰ বাবে কৃতিত্বৰ পৰিচায়ক হ’ব৷ কিন্তু অকল শিক্ষা প্রতিষ্ঠানেই নহয়, এটা উচ্চ মানৰ পুথিভঁৰালেও সমগ্র দেশৰে দৃষ্টি আকর্ষণ কৰে আৰু শিক্ষাৰ লগত জডিত সকলোৰে বাবে জ্ঞান মন্দিৰ হৈ উঠে৷ অসমত পুথিভঁৰালৰ এটা পৰম্পৰা আছিল আৰু কিছু বিকাশৰ পিছতেই তাৰ বিকাশ স্তব্ধ হৈ পৰিছিল আৰু এতিয়া ই প্রায় স্পন্দনহীন৷ সাধাৰণতে কোৱা হয় যে ৰাজনৈতিক সদিচ্ছাই বহু কাম সহজ কৰি দিয়ে৷ এইটোও কোৱা হয় যে শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্রীসকলো চাগে সিমান শিক্ষিত নাছিল, যিয়ে এটা আধুনিক আৰু ভৱিষ্যমুখী পুথিভঁৰালৰ প্রয়োজন আৰু গুৰুত্ব বুজিব পাৰে৷ কিন্তু বর্তমানৰ শিক্ষামন্ত্রীৰ ক্ষেত্রত সেই কথাটো প্রয়োগ কৰাটো টান৷ তেওঁ তুলনামূলকভাৱে কম গুৰুত্বৰ ৰাজনৈতিক পদবীত থাকোঁতেই অসমৰ বিভিন্ন পুথিভঁৰাললৈ বিভিন্ন কিতাপ যোগান ধৰাৰ ব্যৱস্থা কৰিছিল৷ এতিয়া নিজৰ কার্যালয়ৰ কাষতেও এটা পুথিভঁৰালৰ ব্যৱস্থা কৰিছে৷ এইগৰাকী উচ্চশিক্ষিত শিক্ষামন্ত্রীৰ কালতেই অসমে এটা বিশাল আকাৰৰ, ৰাষ্ট্রীয় পুথিভঁৰালৰ আর্হিৰ আধুনিক পুথিভঁৰালৰ ব্যৱস্থা অসমৰ মধ্যম অঞ্চলত কৰিব নোৱাৰাৰ কাৰণ নাই, যি পুথিভঁৰালে সমগ্র অসমৰ ছাত্র–ছাত্রী, শিক্ষকৰ বিদ্যায়তনিক প্রয়োজন পূৰণ কৰিব আৰু বাহিৰৰ গৱেষককো এই পুথিভঁৰাললৈ আহিবলৈ বাধ্য কৰাব৷ এটা কথা ঠিক যে সকলো পৰিকল্পনা মন্ত্রীয়ে নিজে নকৰে, তাৰ বাবে তেওঁৰ এটা বিশাল বিষয়াৰ দল থাকে, যিসকল যথেষ্ট বুদ্ধিমান বাবেই কঠিন প্রতিযোগিতামূলক পৰীক্ষাৰ মাজেৰে উত্তীর্ণ হৈ আহি এতিয়াৰ আসন অধিকাৰ কৰিছে৷ কিন্তু দুখজনকভাৱে অসমৰ সিদ্ধান্ত গ্রহণ কৰা তেনেকুৱা অধিকাংশ বিষয়াৰেই নৈতিক আৰু সাংস্কৃতিক দায়িত্ব পালনৰ মানসিকতা নাই৷
সকলোৱে সহজে বিশ্বাস কৰিব যে অসমৰ বর্তমানৰ চৰকাৰৰ বাবে এনে এটা পুথিভঁৰালৰ আৰম্ভণি কৰা তেনেই সহজ কাম৷ কিন্তু কথা হ’ল, পৰিকল্পনা কৰিব পৰাকৈ শিক্ষিত আৰু দায়িত্বশীল বিষয়া অসমত আছেনে? এতিয়া অসম চৰকাৰৰ পৰিচালনাত চলা প্রায় আটাইবোৰ পুথিভঁৰালেই কিতাপৰ একোটা গুদাম, য’ৰ ধূলি–মাকতিৰ আলিংগনে পাঠকক কিতাপৰ পৰা দূৰত ৰাখিব৷ কিন্তু তাৰ বিপৰীতে অসমৰ কেইবাখনো কলেজে সীমিত সম্পদৰ মাজতো সুন্দৰ পুথিভঁৰালৰ উদাহৰণো দাঙি ধৰিছে৷ এটা আধুনিক পুথিভঁৰালৰ বাবে দীর্ঘ সময় পঢ়িব পৰাকৈ উচ্চ মানৰ ব্যৱস্থা, প্রযুক্তিগত আন সুবিধা, দীর্ঘকাল অধ্যয়নৰ পিছত ক্ষণিক বিশ্রাম লোৱাৰ সুবিধা আদি প্রাথমিক কথা, কিন্তু তাৰ লগতো আন কিছু উপাদানৰ প্রয়োজন হ’ব, যিবোৰৰ সংযোজনেহে পুথিভঁৰাল এটাক জীৱন দান কৰিব পাৰে৷ প্রথম কথা– পুথিভঁৰালটোৱে নিজৰ ব্যক্তিত্বৰে পাঠকক আশ্বাস আৰু নির্ভয় দিব পাৰিব লাগিব৷ ই হ’ব লাগিব পাঠকসকলে নিজৰ মাজত জ্ঞান–তথ্য–ভিজ্ঞতা আদান–প্রদান কৰিব পৰা এক নিৰাপদ আৰু নিৰপেক্ষ ঠাই, সেই ঠাইডোখৰৰ লগত পাঠকে এটা আত্মীয়তাৰ ভাব গঢ়ি তুলিব লাগিব৷ পুথিভঁৰাল মানে অকল কিতাপ ধাৰলৈ দিয়া বা পঢ়িবলৈ দিয়া ঠাই নহয়, ই সামাজিক সংস্কৃতিৰ এটা অংগ– এই ধাৰণাৰ জন্ম দিব পাৰিলেহে সঠিক অর্থত এটা পুথিভঁৰালৰ শ্রীবৃদ্ধি সম্ভৱ৷ অলপ সদিচ্ছাৰেই এই কাম বাস্তৱায়িত কৰা সম্ভৱ৷