নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণয়নs@ram’s মিঠাই

লোতক ৰুধি ৰুধি দীপৰলৈ

মই এটা গোঁৱাৰ অসমীয়া মানুহ৷ অসমৰ বায়ু, পানী, মাটি, নদ–নদী, পাহাৰ, হাবি–বননি, জান–জুৰি, জীৱ–জন্তু, চৰাই–চিৰিকটি, পখিলা, সকলো মই পাগলৰ দৰে ভাল পাওঁ৷ ইয্ৰেইলক ইয্ৰেইল্ কৰি ৰাখিবৰ বাবে ইয্ৰেইলীসকল যেনেকৈ গোঁৱাৰ, অসমক অসম কৰি ৰাখিবলৈ ময়ো তেনেকৈয়ে গোঁৱাৰ আৰু পাগল৷ অসমৰ প্রগতিবাদী/সাম্যবাদীসকলৰ ভিতৰৰ যি একাংশৰ নিজৰ ব্যক্তিগত জীৱনশৈলী অলেখ স্ববিৰোধত বুৰ গৈ আছে, অসম আৰু অসমীয়াৰ চৰম সংকটৰ সময়তো সকলো ন্যায্য দাবীলৈ আওকাণ কৰি সেইফাললৈ চকু মুদি থাকি হ’লেও পশ্চিম বংগৰ নেগুৰত ধৰি থকাটোকে সেই যি একাংশই প্রগতিবাদ আৰু সাম্যবাদৰ মূল মন্ত্র বুলি জ্ঞান কৰে, সেই একাংশ ‘প্রগতিবাদী আৰু সাম্যবাদী’ৰ দৃষ্টিত মই এক ‘উগ্র জাতীয়তাবাদী’ হয়, আপত্তি নাই সেয়ে হওঁ মই৷
যিখিনি সময়ত মাথোন অসমৰ বাহিৰৰ কিন্তু ভাৰতৰ ভিতৰৰে বহিৰাগত লোকে অসমখন চপৰা–চপৰে দখল কৰায় নহয়, ভাৰত ৰাষ্ট্রৰ বাহিৰৰো সার্বভৌম পৰৰাষ্ট্রৰ লাখ লাখ অনুপ্রৱেশকাৰীয়েও ভাৰত ৰাষ্ট্রৰে অনেক ‘ৰাষ্ট্রবিৰোধী’, জাতিবিৰোধী ৰাজনৈতিক দল আৰু হৰেক কিচিমৰ বিকৃত মানসিকতাৰ, নষ্ট যোৱা বৃত্তিধাৰী দালালে নিজৰ লজ্জাজনক ক্ষুদ্র স্বার্থ পূৰণৰ আশাত, স্বৰাষ্ট্র ভাৰতৰ অংশবিশেষ অসমলৈ, সিবোৰক কাকতী ফৰিঙৰ দৰে জাকি মাৰি আহি অসমৰ থলুৱাহঁতৰ মাটি–বাৰী, ঘৰ–দুৱাৰ, হাবি–বননি, নদ–নদী, চৰ–চাপৰি, মথাউৰি, পথ–উপপথ, পদপথ, চাকৰি–বাকৰি, ঠিকা–ঠুকলি, বেপাৰ–বাণিজ্য, পেন কার্ড্, আধাৰ কার্ড্, গাড়ী চালকৰ অনুজ্ঞা পত্র, বিদেশ পাৰ পত্র আদি আয়ত্ত কৰি দখল আৰু অধিকাৰ সাব্যস্ত কৰি থলুৱাখিনিক চেপি–খুন্দি সিহঁতৰ তেজ পিবলৈ প্রার্থনা জনাই নৈৱেদ্য আগবঢ়াই সাষ্টাংগে প্রণিপাত কৰিছে, সেইখিনি সময়ত এটা গোঁৱাৰ অসমীয়া হৈ থকাটোৱেয় মোৰ পৱিত্র কর্তব্য৷
মই মাথোন বনপ্রেমী আৰু বন্যপ্রাণী প্রেমী বুলি পিঠিত ছাপ লগাই লৈ ফুৰা দুই এক বাকচ সম্পাদকৰ নয়নৰ মণি যেন, মূৰত থ’লে ওকণিয়ে খোৱা, মাটিত থ’লেও পৰুৱাই খোৱা, আলাসৰ লাড়ু ৰাজ্য, ৰাষ্ট্র আৰু বিদেশৰ বিভিন্ন উৎসৰপৰা পুঁজি সৰকাই আনি দশকৰ পাছত দশক জুৰি একোটা স্বয়ম্ভু সংগঠনৰ মুৰব্বী হৈ থাকি মাজে মাজে ‘ব্রেণ্ডে’ড্’ অৰণ্য প্রেমী বাকচ সম্পাদকৰ আদৰ–আপ্যায়নত বাকচৰ পর্দাৰ আঁৰৰপৰা অৰণ্য আৰু বন্য প্রাণী ৰক্ষাৰ আব্দাৰ আৰু আর্জি পেছ কৰা কিন্তু ৰাজপথলৈ ওলাবলৈ ভয়ত, পুহ মহীয়া ঠেঁটুৱৈয়ে ধৰা জাৰত থক থককৈ কঁপা অৰণ্য প্রেমী, বন্য প্রাণী প্রেমী নহওঁ৷ অসমৰ হাবি–বন, বনৰ জীৱ–জন্তু, চৰাই–চিৰিকটি, পতংগ মই প্রাণভৰি ভাল পাওঁ৷ মোৰ এই প্রকৃতি আৰু স্বভাৱৰ কথা জানিয়েই, মোক সভা–সমিতিৰ বাবে নিমন্ত্রণ কৰা বহুতো উদ্যোক্তা অনুষ্ঠানে, গুৱাহাটী আৰু গন্তব্য স্থানৰ মাজত অহা–যোৱাৰ বাবে দুদিন আৰু সভাৰ বাবে এদিনৰ উপৰি, সভাৰ ওচৰ চুবুৰীয়া ইঠাই–সিঠাই ভ্রমণ আৰু দর্শনৰ বাবে অতিৰিক্ত আৰু এদিন ৰাখিহে নিমন্ত্রণ কৰে৷ মাজে মাজে মই, ‘আইৰো যাত্রা, গংগাৰো বার্তা’ বুলি নিজা খৰচতো অ’ত ত’ত আৰু দুই–এদিন বেছিকৈ ফুৰি আহোঁ শৰীৰ, মন সকলো সজীৱ হৈ আহে৷ মোৰ দোষ–ত্রুটীৰ লেখ নাই৷ সেই কথা মই জানো৷ তাৰে ভিতৰত আছে, মোৰ মনঃপুত নোহোৱা কথা–কাণ্ডত লোকজনক কৰা খং আৰু মাজে মাজে দিয়া ডাবি–ধম্কী৷ বেছিভাগ, মৰম মিশ্রিত৷ সেই কথা প্রায় লোকে জানে আৰু বুজে৷ কাৰণ, সকলোৰে ওপৰত মোৰ মাতৃ ভূমি প্রেম আৰু মাতৃ ভাষা প্রেম৷ কোনো কোনোৱে মোৰ এনে ডাবি–ধম্কী খুজিহে থাকে৷ মই আচৰিত হোৱাৰ লগতে আপ্লুতও হওঁ৷ মোৰ দোষমুগ্ধ এনে অনেকজনে মাজে মাজে তেওঁলোকৰ ঘৰত দুই–এৰাতি থাকি আহিবলৈ মাতে৷ মই ভাল পাওঁ, আৰু, সময় আৰু সুবিধা মিলিলে, তেনেদৰে যাওঁ৷ গুৱাহাটীতে আৰু ইয়াৰ আশে–পাশে থকা কোনো কোনোৱে মোক এনেকৈ মাতে৷ নিজে গুৱাহাটীৰে বাসিন্দা হৈও, গুৱাহাটীতে ঘৰৰ কিছু আঁতৰৰ কোনো একো ঠাইত দুই–এৰাতি থকাৰ এটা সুকীয়া আমেজ আছে৷ দুদিনৰ কাৰণে বেলেগ কোনোবা এঠাইত থকা যেন লাগে সন্ধিয়া হ’লে, ব্যস্ত ৰাজপথ আৰু শাৰী শাৰী যান–বাহনৰ দৃশ্য দোকান–পোহাৰত ৰঙা–নীলা বিজুলী বাতিৰ মায়াময় খেলা ক’ৰবাত ঘৰৰ ছাদ বা চোতালৰ পৰা আকাশৰ জোনবাইটোৰ মনোমোহা ৰূপ৷
ভঙাগড় অঞ্চলত থকা, ভাস্কৰ নামৰ, মোৰ এজন প্রাক্তন ছাত্রই মোক তেওঁলোকৰ ঘৰত দুই–এৰাতি থাকি আহিবলৈ বহু দিনৰেপৰা মাতি আছিল৷ তেওঁলোকৰ ঘৰৰ পিছফালে, মানুহে ঘৰ সাজিবলৈ মাটি খান্দি নিয়াৰ ফলত সৃষ্টি হোৱা এটা পুখুৰীও আছে তাতে আমাৰ চিনাকি শৰালি হাঁহৰ জাকে সাঁতুৰি–নাদুৰি, জাকি মাৰি উৰা মাৰি খেলি থাকে৷ এতিয়া নৰৰাক্ষস আৰু যন্ত্রৰাক্ষসৰ উৎপীড়নত সিহঁতৰ সংখ্যা কমি গৈছে৷ বেছিভাগ বাসিন্দা নৰৰাক্ষস অনা–সমীয়া৷ অসমত অসমীয়াৰ চাউল উকলি আহিছে৷ কংগ্রে’ছে যি কৰিব লাগে, কৰিলে৷ এতিয়া ভাজপা আৰু তাৰে নেগুৰত ওলমি, কালিয়নে অনা উশাহেৰে চিপ্ টানি থকা নিলাজ প্রতাৰক অগপক টেঁটু ফালি থাকিবলৈ দিয়ক৷ মোৰ ল’ৰালিৰ পৰা (‘লৰালি কাল’ নহয়) মোৰ বিচিত্র জীৱনৰ কিছু উমান পোৱা অলেখ লোকে, হয়তোবা মোৰ দিন–কাল চমু চাপি আহিছে বুলি কিবা উমান কৰিয়েই, নে, কি নাজানো, বিগত প্রায় এটা বছৰত মোৰ এখন ধাৰাৱাহিক আত্মজীৱনী লিখিবলৈ বিভিন্ন প্রকাৰে হেঁচা দি বা আব্দাৰ কৰি আছে৷ সেইফেৰা নহ’বগৈ৷ অধমৰ সেইখনেৰে কোনে কি পুৰি খাব হয়নে?
যোৱা ২ জেনুৱাৰিত মই ভাস্কৰক ক’লোঁ যে তেওঁলোকৰ একো অসুবিধা নহ’লে মই তাৰ পাছদিনা, ৩ তাৰিখে, তেওঁলোকৰ ঘৰত এৰাতি থাকিবলৈ যাম৷ ততালিকে মান্তি হোৱা ভাস্কৰে পৰম উৎসাহেৰে তিনি তাৰিখ দেওবাৰে দুপৰীয়া ১২.৩০ বজাত মোক ঘৰৰপৰা লৈ গ’লহি৷ তেওঁৰ সহধর্মিনী কৰৱী অতি সাদৰী আৰু সুগৃহিণী৷ দুয়োৱে পৰম আদৰ–সাদৰ কৰি চাহ–জলপানেৰে আপ্যায়ন কৰিলে৷ তেওঁলোকৰ ল’ৰা–ছোৱালী দুটি৷ আমি চাহ–জলপান খাই কথা পাতি থাকোঁতে সিহঁতে, তন্ময় হৈ, পৰম আগ্রহ আৰু কৌতূহল তথা কিছু সমীহেৰে শুনি থাকিল৷ মই ‘দুপৰীয়াৰ ভাত’ ৫/৬ বজাতহে খাওঁ বুলি জানি তেওঁলোকে মোক পিছফালৰ পুখুৰীটোত শৰালি হাঁহ চাই অলপ জিৰাই ল’বলৈ ক’লে৷ নিজান দুপৰীয়া শৰালিবোৰ পুখুৰীৰ পানীত একো একোটা ক’লা টোপোলা হৈ পৰি আছিল৷ মাজে মাজে, অ’ত ত’ত থিয় হৈ থকা বাঁহৰ খুঁটিবোৰত দুই–চাৰিটা পানী কাউৰী৷ নিজে সন্ধিয়াহে ‘লাঞ্চ্’ খাওঁ যদিও, তেওঁলোকক ইমান দেৰিলৈকে নির্য্যাতন কৰা ভাল নহ’ব বুলি শুভ বুদ্ধি উদয় হোৱাত বিয়লি চাৰি মান বজাত, ‘পেটৰ কেঁচু–কুমতী মৰিল’ বুলি ব্রহ্ম ফাঁকি এটা দি ভোজনৰ প্রস্তাৱ দিলোঁ৷ কৰৱী পাকৈত ৰান্ধনী৷ ভালেকেইখন সুস্বাদু ব্যঞ্জনেৰে পৰম তৃপ্তিৰে দিনৰ ভাত সাঁজ খালোঁ৷ সেই সাঁজ খোৱা যিহেতু হ’লেই, সেই অজুহাততে (‘বাহানা’টোহে বেছি শুৱলা অসমীয়া হ’ব নেকি) ৰাতিৰ চাউল মুঠি অলপ পলমকৈ ধৰাৰ ‘ৰাজনীতি’ প্রয়োগ কৰি সুৰুঙা উলিয়াই লোৱা হ’ল৷ যুৱ দম্পতী উদাৰ৷ সহজে মান্তি হ’ল৷ লগতে সিদ্ধান্ত লোৱা হ’ল, পাছদিনা পুৱা ভাস্কৰ আৰু মই ভঙাগড়ৰপৰা দীপৰ বিললৈ যাম৷ গতিকে, লগত নিয়া দুই–এখন কিতাপ–কাকতৰ লগতে খুলি ল’লোঁ সোমৰসৰ বটল৷ নিমখো ধুইহে আঞ্জাত দিয়া শুচি বায়ুগ্রস্ততা বা নিষেধ তন্ত্র মোৰ নাই৷
ল’ৰালিতে, তৰুণৰাম ফুকনৰ ‘মোৰ চিকাৰ কাহিনী’–ত দীপৰ বিলৰ কাহিনী আৰু বিৱৰণ পৰম আগ্রহেৰে পঢ়িছিলোঁ৷ পাছলৈ, আক্রোহী ‘জীৱশ্রেষ্ঠ’ মানুহক ৰক্ষণাবেক্ষণ দি ‘নিৰপেক্ষ’ সাংবাদিকে পৰিৱেশন কৰা ‘দীপৰৰ বনৰীয়া হাতীৰ উপদ্রৱ’ৰ কল্প কাহিনীও অনেক পঢ়িলোঁ৷ গুৱাহাটীত স্থায়ীকৈ থাকিবলৈ লোৱাৰে পৰা দুধনৈ, গোৱালপাৰা, বঙাইগাঁও আদি ঠাই আৰু বৰঝাৰ বিমান বন্দৰৰ মাজত আজাৰাইদি দীপৰৰ কাষেদিয়েইযে কতবাৰ অহা–যোৱা কৰিছিলোঁ আনকি, বহু বছৰৰ আগেয়ে, আমাৰ একমাত্র ল’ৰাটোৱে ‘প্রতিশোধ’ নামৰ এখন কথাছবিত অভিনয় কৰোঁতে, দীপৰত তাৰ দৃশ্যগ্রহণ কৰি থকা দিনকেইটাত বিলৰ পানী–যুৱলি, কাষৰ ঘাঁহনি, কোমল বোকা মাটি আৰু দাঁতিৰ পাহাৰৰ হাবিৰ গছ–গছনিৰ মাজে মাজে যে কতদিন পিতপিতাই ফুৰিছিলোঁ তথাপি, সেইখনেয় যে দীপৰ ‘বিল’, সেই বিষয়ে মোৰ ধাৰণা নাছিল৷ কাৰণ, তৰুণৰাম ফুকনৰ বর্ণনাৰ পৰা মই মোৰ মানসপটত চিত্রিত কৰি লোৱা দীপৰ বিলখন, এইখন ‘বিল’ৰ পৰা বহু ক্রোশৰ ব্যৱধানে কেতিয়াবাতে মোহাৰি পেলাইছিল৷ সৰু, ডাঙৰ, মজলীয়া, বিভিন্ন প্রকাৰৰ ঘৰ, বৃহৎ অট্টালিকা, ৰাজপ্রাসাদৰ প্রাচীৰ যেন সুউচ্চ শৈল প্রাচীৰ, বিভিন্ন কাৰখানা, বৃহদাকাৰ গুদাম, ইটা ভাতা আদিয়ে মোৰ কল্পনাৰ দীপৰ বিলখন কাহানিবাতে গ্রাস কৰিছিল৷ শিলসাঁকো, বৰচলা বিলৰ কাহিনীৰ দৰে সেই একেয় কাহিনী৷
৪ জেনুৱাৰিৰ পুৱা ৮.১৫ বজাত ভাস্কৰ আৰু মই ভঙাগড়ৰপৰা ওলালোঁ দীপৰ বিল অভিমুখে৷ ৰাষ্ট্রীয় ঘাইপথৰ বশিষ্ঠ, লখৰা, পামহী, মইনাখোৰোং, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় হৈ প্রায় আধা ঘণ্টাৰ মূৰত বিলৰ পাৰত ওলালোঁগৈ৷ কিন্তু যি উদ্দেশ্যৰে গৈছিলোঁ, সেই উদ্দেশ্যৰ প্রায় একো নাই৷ ইতিপূর্বে পুৱা আৰু আবেলি দুয়োটা সময়তে একাধিকবাৰ গৈও দীপৰত যি উকা দৃশ্য দেখিছিলোঁগৈ, সেই একেয় উকা দৃশ্য৷ বিদেশী পৰিভ্রমী চৰাই বা স্থানীয় মনোমোহা একো চৰাই তাত নাই৷ নাৱত উঠি বিলৰ ওপৰেদি ভিতৰৰ কিছু দূৰলৈ গ’লে কিছু চৰাই দেখিবলৈ পোৱা যায় বুলি কোৱা হ’লেও বিলৰ মূল কেন্দ্র আৰু কার্য্যালয়ৰ কাষৰ পানী–যুৱলিত থকা ভগ্ণপ্রায় নৌকাকেইখনৰ বাহিৰে তাত একো নাই৷ নৌকা চালকৰ ছাঁ এটাও তাত দেখা পাবলৈ নাই৷ অবাধ অবৈধ দখলৰ অন্তত এসময়ৰ বিশাল জলৰাশিৰ যি অকণমান জলখণ্ড, বিল বুলিবলৈ বাকী আছেগৈ, তাত এতিয়া বন বিভাগ কিম্বা পর্য্যটন বিভাগৰ কার্য্যতঃ একো কর্তৃত্ব নাই৷ ৮/৯ বছৰৰ আগেয়ে এদিন পুৱাতে নাৱত উঠি বিলৰ মাজলৈকে গৈও তাত বিশেষ একো চৰাই–চিৰিকটি দেখা নাছিলোঁগৈ৷ সিদিনা ৪ তাৰিখে কার্য্যালয়ত ইফাল–সিফাল কৰি থকা দুই–তিনিগৰাকী কর্মচাৰীৰ লগত কথা–বতৰা পাতি যি বুজিব পাৰিলোঁ, এতিয়া,– বন বিভাগ হওক বা পর্য্যটন বিভাগ হওক, দীপৰ বিলত চৰকাৰৰ কোনো বিভাগৰে একো শাসন বা আধিপত্য নাই৷ কার্য্যতঃ, দীপৰ বিলৰ বাকী থকা ক্ষুদ্রাংশ এতিয়া সম্পূূর্ণৰূপে, ‘পৰম্পৰাগতভাবে’ আৰু একো কৰ–কাটল নিদিয়াকৈ মাছ মাৰি থকা মাছুৱৈসকলৰ দখলত৷ আমি যোৱাৰ দুদিন নে এদিন আগেয়ে হেনো বিলৰ কাষতে এফালে মাছুৱৈসকল আৰু আনফালে বন বিভাগৰ বিষয়া–কর্মচাৰী সমন্বিতে বন মন্ত্রী তথা মীন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ মাজত এখন তয়াময়া বাক্যুদ্ধ হৈ গ’ল৷ মন্ত্রী প্রৱৰে হেনো মাছুৱৈসকলৰ পৰা অনেক ককর্থনা–ভর্ৎসনা শুনি ভেচ্ভেচীয়া হৈ প্রত্যাৱর্তন কৰিবলগীয়া হ’ল৷ আৰক্ষী আৰু অন্যান্য চৰকাৰী সশস্ত্র বাহিনীৰ উপস্থিতিৰ হেতুহে হেনো ‘অধিক শোচনীয়’ একো নঘটিল৷ আজি পর্য্যন্ত, কোনো মুখ্য মন্ত্রী, কোনো বন মন্ত্রী তথা কোনো পর্য্যটন মন্ত্রীয়ে এই উদ্ভট পৰিস্থিতিৰ নাম মাত্রও উপশম ঘটাব পৰা নাই৷ দৰাচলতে দীপৰ বিল এতিয়া আৰু একো পক্ষী উদ্যান বা পর্য্যটন থলী হৈ থকা নাই৷ বিগত কিছু বছৰত কাতি–আঘোণ মাহত কাকতত আৰু বাকচত দুজাকমান চৰাইৰ ছবিৰ লগতে– ‘পৰিভ্রমী চৰাইৰ কাকলিৰে মুখৰিত দীপৰ বিল’ বোলা কথাষাৰ পঢ়িলে, দেখিলে আৰু শুনিলে মই সেইবোৰ আগৰ কোনো বছৰৰ পুৰণা ছবি আৰু পুৰণা বাতৰি (ফাইল্ ফটো আৰু ফাইল্ বাতৰি) বুলিহে ভাবিবলৈ লৈছোঁ৷
ভঙাগড়–দীপৰ যাত্রাপথৰ দুঃখ৷ স্বদেশ, স্বজাতি আৰু মাতৃ ভাষাৰ দুর্দশা দেখি দেখি, সৰুৰেপৰা মোৰ প্রচণ্ড দুঃখ৷ কিন্তু দুঃখ যিমানেই প্রচণ্ড হওক, মোৰ সহজে লোতক নোলায় দুচকু সেমেকি থাকে, মুখমণ্ডল শিলৰ দৰে কঠিন আৰু কজলা ৰঙী হয়৷ অর্থনৈতিক ক্ষমতা হস্তগত কৰিব নোৱাৰিলে, অসমৰ থলুৱাৰ ভাষা, সাহিত্য, কলা, শিল্প, সংস্কৃতি একো বর্তি নাথাকিবগৈ বুলি কিমান প্রৱন্ধ লিখিলোঁ, সম্পাদকলৈ চিঠি লিখিলোঁ, সেইবোৰৰ কিমান ক’ত কেনেকৈ উৱলি গ’ল, তাৰ একো হিচাপ নাই৷ চৰকাৰে একো নকৰিলে৷ কোটি কোটি টকাৰ চান্দা তুলি সাধাৰণ অধিৱেশন পতা, ‘কৃতী’ ছাত্র–ছাত্রীৰ সম্বর্ধনা সভা আৰু মুকলি বিহুত লাখ লাখ টকা ব্যয় কৰা ‘সদৌ মুলুক বিদ্যার্থী নামধাৰী চান্দাজীৱি প্রোঢ়–বৃদ্ধ সন্থা’–ই আত্মনির্ভৰশীল, কষ্টসহিষ্ণু, পৰিশ্রমী আৰু উপার্জনক্ষম এচাম থলুৱা ডেকা–গাভৰুৰ এক সৈন্য দল গঢ়ি তুলিবলৈ একোটো নকৰিলে৷ সিদিনাৰ সমগ্র যাত্রাপথত সমগ্র সময়খিনিত বিভিন্ন অর্থনৈতিক কাম–কাজত মনপুতি লাগি ‘সোণ’ বুটলিবলৈ লাগি যোৱা অলেখ বহিৰাগত আৰু পৰৰাষ্ট্রীয় লোক দেখিলোঁ, নেদেখিলোঁ মাথোন কোনো খাৰখাদক৷ ঠেলা গাড়ী, বিভিন্ন প্রকাৰৰ ম’টৰ যান চলোৱা, শাক–পাচলি, মাছ–মঙহ, কণী, ফল–মূল, লোহা–লক্কৰ, বাচন–বর্তন, তলা–চাবি, শিকলি, গাৰু–কম্বল, তুলী–তলিচা, কুশ্ন, বাল্টি, পাচি বেচোঁতা সকলো উপার্জনকাৰী, ৰাজ মিস্ত্রি, কাঠ মিস্ত্রি, ‘পানী মিস্ত্রি’, যোগালি, ধুবী, নাপিত, দর্জি, দিন হাজিৰা কৰা শ্রমিক আদি আটাই ধন উপার্জনকাৰী লোক দেশী–বিদেশী বহিৰাগত৷ ক’তো ‘দৰৱত দিবলৈও’ এটাও, একোতে কর্মৰত থলগিৰী নাই৷ তেন্তে, এই থল এদিন কাৰ হ’বগৈ৷ অসমীয়া হ’ল এক চাকৰি প্রার্থী জাত, এক কিনি খাওঁতা জাত৷ সিদিনা দীপৰলৈ গৈ থাকোঁতে বাটে বাটে ভিন্ ভিন্ মানুহবোৰলৈ আঙুলিয়াই আঙুলিয়াই ভাস্কৰক কৈ গৈ থাকিলোঁ,– ‘সৌকেইটা বিহাৰী, সৌকেইটা হিন্দুস্তানী, সৌকেইটা ৰাজস্থানী, সৌকেইটা দক্ষিণ ভাৰতীয়, সৌকেইটা বাঙালী, সৌকেইটা পূর্ব বংগীয়/পূব পাকিস্তানী/বাংলাদেশী’ ইত্যাদি ইত্যাদি৷ অসমীয়া কেতিয়া দেখিবাঁ জানা? ১০.৩০/১১/১১.৩০ বজাত বিভিন্ন চাকৰি–বাকৰিৰ কার্য্যালয় খোলাৰ সময়ত,– গাড়ীৰ ভিতৰত, বাইক্ আৰু সূকটাৰৰ ওপৰত৷ ভাস্কৰে ক’লে– ‘হয়, ছাৰ৷’ এঘাৰ বজাৰ (‘এঘাৰটা’ নাবাজে) পাছত আমি দীপৰৰ পৰা ভঙাগড়মুৱা হ’লোঁ৷ বাটে বাটে প্রত্যক্ষ কৰিলোঁ,– চৰকাৰী, বে’–চৰকাৰী বিভিন্ন কার্য্যালয়মুখী, ব্যস্ত চাকৰিয়াল ‘আচামী’ৰ লানি নিছিগা গাড়ী আৰু দুচকীয়া বাহনৰ প্রচণ্ড ভিৰ৷ লোতক ৰুধি ৰুধি ভাস্কৰহঁতৰ ঘৰ পালোঁহি৷ গধুৰকৈ ‘পুৱাৰ আহাৰ’ খাই কিছু সময় জিৰালোঁ৷ আবেলিলৈ দুপৰীয়াৰ ভাত৷ সন্ধিয়া ঘৰলৈ উভতিবলৈ ওলালোঁ৷ ভাস্কৰ আৰু কৰৱীয়ে আৰু এৰাতি থাকিবলৈ টানি ধৰিছিল নির্ধাৰিত কাম আছিল, নাথাকিলোঁ৷ ৬ বজাৰ পাছত ভাস্কৰে আমাৰ সুন্দৰপুৰৰ ঘৰত থৈ গ’লহি৷
তৃণয়নs@ram’s মিঠাই
মই বহুবাৰ কৈছোঁ যে যিয়ে যেনেকৈ কয় বা লিখে, সেয়ে অসমীয়া ভাষা লগতে, ‘অসমীয়া ইংৰাজী’৷ ভঙাগড় চাৰিআলিৰ দক্ষিণ–পূব কোণত চাহ–মিঠাইৰ এখন পুৰণি দোকান আছে নামটো ‘হ’ল’ ‘ত্রিনয়ন শর্মাৰ মিঠাই’ (মানে, মিঠাইৰ দোকান৷ মই বহু দিনৰ আগেয়ে তাত দুবাৰমান চাহ আৰু ছিঙাৰা খোৱা মনত পৰে৷ পিচে, যোৱা ৩ আৰু ৪ জেনুৱাৰিত ভঙাগড় অঞ্চলত অহা–যোৱা কৰি থাকোঁতে দোকানখনৰ নামফলকত এনে এটা নাম দেখা পাই তাইজ্জুপ মানিলোঁ, যিটো, পূর্বে দেখিছিলোঁ, নে, দেখা নাছিলোঁ, মনত নপৰে৷ দোকানখনৰ নামটো ইংৰাজীত লিখা আছেTRINAYAN S@RAM’S (সৰম্য্?)MITHAI (.)৷ কথাটো কি?@ মানে হ’ল ‘এট্’ বা ‘এট্ দ্য ৰেইট্ অৱ্’৷ ‘শর্মা’ উপাধিৰ যিসকল অসমীয়া মানুহে নিজৰ উপাধিটো অসমীয়াত (শুদ্ধকৈয়ে) ‘শর্মা’ বুলি লিখে, সেইসকলৰ দুই–এক ব্যতিক্রমৰ বাদে আন আটায়ে ইংৰাজীত কিন্তু উপাধিটোSHARMA–ৰ পৰিৱর্তেSARMA (সর্মা?) ৰূপেহে লিখে সদ্যহতে সেই কথা বাৰু বাদ৷ কিন্তু এইS@ram’s (@ৰম্–য্?)টো কি জিনিছ?A–ৰ সৰু ফলাa–টো@ হ’ল কেনেকৈ? ‘আমি এনেকৈয়ে লিখোঁ’ বুলিলেই হ’লনে? কি মালিক, কি বাণিজ্যিক শিল্পী?
আন এটা কথা তাতোকৈও গম্ভীৰ৷ দোকানখনৰ নামটো অসমীয়াত পূর্বে কেনেকৈ লিখা আছিল, হামু কহিতে নপাৰি৷ মূল শব্দটো ‘ত্রিনয়ন’ (সদাশিৱৰ তিনিটা চকু) ৰূপেই লিখা আছিল বুলিয়েই ধৰি ল’লোঁ বাৰু৷ কিন্তু এতিয়া দেখিলোঁ– ‘তৃণয়ন’ ই কেনে অত্যাচাৰ? কিয়? ‘তৃণ’ মানে হ’ল ঘাঁহ৷ এই ঘাঁহসোপা আহি ‘ত্রিনয়ন’–ৰ ‘য়ন’–ত লাগিলহি (লট্কি গ’লহি) কেনেকৈ? এনেকুৱাতে লোকজনে কয় বোলে– ‘মই ক’তে মৰোঁ’

You might also like