নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি স্পিনাৰক লৈ ৰণনীতি টীম ইণ্ডিয়াৰ

কাইলৈৰ পৰা চেন্নাইত ইংলেণ্ডৰ বিপক্ষে প্রথম টেষ্ট

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্ট ৫ ফেব্রুৱাৰীৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ অষ্ট্রেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা হস্তগত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিপক্ষেও আশানুৰূপ প্রদর্শন দাঙি ধৰাৰ সংকল্প লৈছে৷ পেচ বলাৰৰ জৰিয়তে অষ্ট্রেলিয়াত সফলতা লাভ কৰা ভাৰতে এইবাৰ ঘৰুৱা টেষ্ট শৃংখলাটোত পেচ বলাৰৰ বিপৰীতে স্পিনাৰৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে৷ পৰম্পৰাগত চেপকৰ উইকেটে প্রথম দুদিন পেচ বলাৰক সহায় কৰে যদিও পৰৱর্তী তিনিদিন স্পিনাৰৰ বাবে অধিক উপযোগী হৈ পৰে৷ সেই হেতুকে শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথমখন টেষ্টত টীম ইণ্ডিয়াই তিনিগৰাকী স্পিনাৰেৰে অৱতীর্ণ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্রন অশ্বিন আৰু ছাইনামেন কুলদীপ যাদৱে স্থান লাভ কৰাটো নিশ্চিত যদিও তৃতীয়গৰাকী স্পিনাৰৰ বাবে ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলৰ মাজত যুঁজখন চলিব৷ ইফালে, টীম ইণ্ডিয়াৰ মূল একাদশটোত দ্বিতীয়গৰাকী পেচ বলাৰ হিচাপে স্থান লাভৰ বাবে ঈশান্ত শর্মা আৰু মহম্মদ চিৰাজৰ মাজত যুঁজ চলাৰ পূর্ণ সম্ভাৱনা আছে৷ যশপ্রীত বুমৰাহে পেচ বলিঙৰ দায়িত্ব ল’ব যদিও দ্বিতীয়গৰাকী পেচ বলাৰ হিচাপে দলটোত ঈশান্ত শর্মা আৰু মহম্মদ চিৰাজৰ মাজৰ কোনজনক অন্তর্ভুক্ত কৰা হ’ব, তাক লৈ সমস্যাত পৰিছে ভাৰতীয় দলটো৷ আঘাতৰ পৰা ঈশান্ত শর্মা সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে যদিও সদ্যসমাপ্ত টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণত মহম্মদ চিৰাজে দুর্দান্ত প্রদর্শন দাঙি ধৰি নির্বাচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ গতিকে দ্বিতীয়গৰাকী বলাৰৰূপে স্থান লাভ কৰাৰ ক্ষেত্রত ঈশান্ত আৰু চিৰাজৰ মাজত যুঁজখন তীব্রতৰ হোৱাটো খাটাং৷ ইফালে, পিতৃত্বৰ গৌৰৱ অর্জন কৰাৰ পিছত বিৰাট কোহলিয়ে দললৈ প্রত্যাৱর্তন কৰিছে আৰু ইংৰাজ বাহিনীৰে খেলিবলগীয়া টেষ্ট শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিব৷

You might also like