ড০ ৰমেশ পাঠকৰ সাহিত্য কৃতি আৰু ভাষা কীর্তি
ভৱানীপ্রসাদ অধিকাৰী
এগৰাকী সৃষ্টিশীল লেখকৰূপে আত্মপ্রকাশ কৰা ড০ ৰমেশ পাঠকে হাইসুকলীয়া জীৱনতে কবিতা, গীত, গল্প, ডপন্যাস আৰু নাটক লিখিছিল আৰু পৰিণত বয়সত এই শ্রেণীৰ লেখাৰ পৰিসৰ বাঢ়িছিল, আনকি পৰিপূর্ণতাও লাভ কৰিছিল৷ তেওঁৰ কাব্য বীণাৰ সুৰ ছপা ৰূপত পোৱা ‘এমুঠি কবিতা’ত গভীৰভাৱে ডপলব্ধি কৰিব পাৰি৷ তেওঁৰ ‘পাহৰা গীতৰ সুৰ’ (১৯৬০)ত ২২টা কবিতা আৰু গীত সন্নিৱিষ্ট হৈছে৷ গীতিকাৰ ৰূপেও তেওঁৰ হাইসুকলীয়া–কলেজীয়া জীৱনলৈকে টিহু–নলবাৰী অঞ্চলত খ্যাতি আছিল৷ অযত্নপালিত তেওঁৰ ভালেমান গীত হেৰাল৷ ‘ড০ ৰমেশ পাঠকৰ কলেজীয়া জীৱনৰ সৃষ্টিৰ দুটা স্তৰ’ গ্রন্থত যথার্থতে তেওঁৰ সৃষ্টিৰ বহুমুখিতাৰ স্বাক্ষৰ স্পষ্ট ৰূপত দেখা যায়৷ ড০ পাঠকৰ প্রকাশিত ‘ভুল কাৰ’ নাটকখনে নাট্যকাৰ ৰূপেও তেওঁলৈ স্বীকৃতি আনে৷ ‘তোমাক মই ভাণ্ডো’, মোকো তুমি ভাণ্ডা’, ‘অসমাপ্ত স্বর্গভ্রমণ’ ড০ পাঠকৰ দুখন ধেমেলীয়া ৰেডি’ নাটক৷ ভাষা–সাহিত্যৰ গধুৰ ক্ষেত্রখনত আত্মনিয়োগ কৰা বাবে এসময়ৰ অভিনেতা ড০ ৰমেশ পাঠকজন হেৰাই থাকিল৷ তেওঁ যে ডচ্চস্তৰৰ নাট্যৰসিক সেয়া ড০ পাঠকৰ ‘নাটক আৰু নাটক’ গ্রন্থই প্রমাণ কৰিছে৷ গ্রন্থখনৰ তৃতীয় সংস্কৰণো প্রকাশ পাইছে৷ ঔপন্যাসিক ৰূপেও ড০ পাঠকৰ আন এটি পৰিচয় আছে৷ ‘এটা নতুন সূর্য লাগে’ আৰু ‘ছন্দহাৰা পৃথিৱীত’ নামৰ ডপন্যাস দুখনত তেওঁৰ কল্পনা শক্তিৰ সার্থক ৰূপ প্রকাশ পাইছে৷
প্রথমখনত ৰূপান্তৰৰ মাজেৰে নতুন সমাজ গঢ়াৰ অংগীকাৰৰ যোগেদি সমাজ সচেতনতা মূর্ত হৈছে৷ দ্বিতীয়খন ডপন্যাসত নায়কে জীৱন সংগিনী নির্বাচন কৰোঁতে বুদ্ধিমত্তা প্রদর্শন কৰিছে যদিও সেয়া আৰোপিত যেন লাগে, অৱশ্যে নায়ক–নায়িকাৰ ব্যর্থ প্রেমৰ পৰিণতি কৰুণ ৰসেৰে সিক্ত হৈছে৷ গৱেষণাৰ কঠিন কর্মত ব্যস্ত থাকিও ড০ পাঠকে এলানি ৰম্য ৰচনা লিখি হাঁহিবলৈ পাহৰা অসমীয়া মানুহৰ ওঁঠত হাঁহি বিৰিঙালে ঃ বেজবৰুৱা যুগ আৰু পৰৱত্ ধাৰাৰ হাস্য–ব্যংগ লেখক দলৰ ডত্তৰসূৰী ৰূপে৷ সমসাময়িক ঘটনা প্রৱাহ আৰু অসমীয়া মানুহৰ স্বভাৱগত দোষ–দুর্বলতাসমূহ হাস্যৰসত জুবুৰিয়াই মৃদু ব্যংগৰে অলপ জোকাৰি দিয়াটোৱেই ড০ পাঠকৰ ৰচনাৰাজিৰ ঘাই ডদ্দেশ্য৷ বেজবৰুৱাৰ হাস্যৰসত তীব্র–তীক্ষ্ণ বাক্যবাণ নথকাৰ দৰে সৰল হাস্যৰসেৰে ড০ পাঠকে অসমীয়া অনুভূতিক চুই গৈছে তেওঁৰ ঃ ‘নামে কি কৰে’ আৰু ‘থাক ঐ থাক, সোমাই থাক’ সংকলন দুটাৰ ৰস ৰচনাৰাজিৰে৷
ড০ বাণীকান্ত কাকতিয়ে বিজ্ঞানসন্মতভাৱে অসমীয়া ভাষাতত্ত্ব চর্চা কৰিছিল৷ ইংৰাজী ভাষাত ৰচিত তেওঁৰ গৱেষণাগ্রন্থ ‘আছামিজ, ইট্ছ ফর্মেশ্যন এণ্ড ডেভেলপমেণ্ট’ প্রকাশ পোৱাৰ পাছৰে পৰা অসমীয়া ভাষাৰ স্বকীয়তা আৰু ঐশ্বর্য সম্পর্কত পণ্ডিত মহলৰ মাজত ব্যাপকভাৱে চর্চা আৰম্ভ হয়৷ ডক্ত গ্রন্থখন ১৯৩৫ চনত প্রস্তুত হৈছিল যদিও প্রকাশ পাইছিল ১৯৪১ চনত৷ ১৯১২ চনতে প্রকাশ পাইছিল দেৱানন্দ ভৰালি (ভৰালী)ৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ গ্রন্থখন৷ +৬৪ পৃষ্ঠাৰ সৰু গ্রন্থখন প্রণয়নৰ সময়ত ভৰালীৰ আগত কোনো আদর্শ ভাষা বিজ্ঞানী অসম–বংগত নাছিল৷ ভৰালীয়ে ঊনবিংশ শতিকাৰ অসমীয়া ভাষা বিপর্যয়ৰ কাহিনী জানিছিল৷ অসমীয়া ভাষা বাংলা ভাষাৰ চহা ৰূপ নহয়, ইয়াৰ কমেও বাৰশ বছৰীয়া ঐতিহ্য আছে ঃ এই দিশটো প্রতিষ্ঠা কৰিবলৈকে ভৰালীয়ে আকাৰত ক্ষুদ্র হ’লেও গুৰুত্বপূর্ণ গ্রন্থখন প্রকাশ কৰিছিল৷ অৱশ্যে তেওঁ ভাষা চর্চাটো এটা ‘আমোদ’ বুলিহে লিখি গৈছে৷ ভাৰতীয় ভাষাৰ ইতিহাস প্রণয়নৰ প্রচেষ্টা চলিছিল ১৮৬৬ চনত প্রকাশ পোৱা ‘গুজৰাটী ভাষাণো ইতিহাস’ৰ পৰা৷ চৰকাৰী প্রশাসনীয় বিষয়া ভৰালীয়ে ইয়াৰ ৪৬ বছৰ পাছত অসমীয়া ভাষাৰ স্বতন্ত্রতা সম্পর্কত পর্যালোচনা কৰিছিল৷ ভৰালীৰ দুই দশক কাল পাছত ড০ বাণীকান্ত কাকতি ভাষা গৱেষণাত ব্রতী হৈছিল৷ বৃত্তিত উচ্চপদস্থ চৰকাৰী আমোলা হোৱা সত্ত্বেও কালিৰাম মেধিয়ে অসমীয়া ভাষা–সাহিত্য চর্চা কৰি খ্যাতি লাভ কৰিছিল৷ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ শীর্ষক বৃহৎ কলেৱৰৰ গৱেষণা গ্রন্থখন ১৯৩৬ চনত প্রকাশ পোৱাৰ লগে লগে কালিৰাম মেধিৰ পাণ্ডিত্যৰ দিশটো ডন্মোচিত হয়৷ অর্থাৎ শিক্ষক ড০ কাকতি আৰু মেধিৰ অধ্যয়ন–গৱেষণাৰ কাম প্রায় সমান্তৰালভাৱে আগবাঢ়িছিল৷ ড০ কাকতিৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই ভাষা–চর্চাৰ এটি পৰিৱেশ ৰচনা কৰিছিল৷ ডত্তৰসূৰী ড০ গোলোক চন্দ্র গোস্বামীয়ে ভাষাতত্ত্ব, ধ্বনিতত্ত্ব চর্চাৰে এই ক্ষেত্রখন গভীৰভাৱে কর্ষণ কৰে৷ ড০ ডপেন্দ্র নাথ গোস্বামীয়ে অসমীয়া ভাষাৰ দিশত কেইবাটাও নতুন দিশৰ ওপৰত আলোকপাত কৰে৷ ড০ প্রমোদ চন্দ্র ভট্টাচার্য, ড০ সত্যেন্দ্র নাৰায়ণ গোস্বামী, ড০ ভীমকান্ত বৰুৱা আদি ভাষাতত্ত্বৰ গৱেষকসকলেও ন ন দিশত অধ্যয়ন বিশ্লেষণ কৰিছিল৷
আধুনিক ভাষা বিজ্ঞানৰ নিৰলস সাধক ৰূপে পোনতে নাম ল’ব লাগিব অধ্যাপক ড০ ৰমেশ পাঠকৰ৷ ভাষাতত্ত্ব, ব্যাকৰণ চর্চাৰ কামটো কঠিন৷ কঠিন বিষয়বস্তু যিকোনো পাঠকৰ আগত সৰলভাৱে ডপস্থাপন কৰাটো দুৰূহ৷ ড০ পাঠকে কঠিন বিষয়কো কোমল ভাষাৰে, যুক্তিসিদ্ধ আৰু পতিয়নযোগ্যকৈ বিশ্লেষণ কৰিব জানে৷ এই আদর্শটো তেওঁ সম্ভৱ আয়ত্ত কৰিছে বর্ণনাত্মক ভাষা বিজ্ঞানৰ বাটকটীয়া বিশ্রুত ভাষা বিজ্ঞানী লি’নার্ড ব্লুমফিল্ড, ৰূপান্তৰ ডৎপাদক ব্যাকৰণৰ বিশ্লেষক নোৱাম চ’মকি আদিৰ পৰা৷ ড০ পাঠকে ভাষাৰ ইতিহাস, ভাষাতত্ত্ব আৰু ব্যাকৰণৰ দিশত অধ্যয়ন–গৱেষণা কৰি ভালেমান মূল্যৱান প্রবন্ধ ৰচনা কৰিছে৷ সেইবোৰৰ সৰহভাগেই গৱেষণা–পত্র৷ অসমৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ভাৰতৰ বিদ্যায়তনিক প্রতিষ্ঠান আৰু আন্তঃৰাষ্ট্রীয় বিশ্ববিদ্যালয় আৰু গৱেষণা প্রতিষ্ঠানত আমন্ত্রিত পণ্ডিত ৰূপে গৱেষণা–পত্র পাঠ কৰি তেওঁ সমাদৃত হৈছে৷ নেফা তথা বর্তমানৰ অৰুণাচলৰ পাছিঘাটৰ জৱাহৰলাল নেহৰু কলেজৰ অধ্যাপনা (১৯৬৬–১৯৭০) এৰি কটন কলেজলৈ আহি (১৯৭০) তিনি দশক কাল (১৯৭০–২০০০) অধ্যাপনা কৰিবলৈ লোৱাত ড০ পাঠকৰ ভাষাতত্ত্ব চর্চাই বিশেষ গতি লাভ কৰে৷ সেই কাৰণে কটনৰ প্রথমটো দশকতে তেওঁ চমকপ্রদ পৰিপক্বতা লাভ কৰে৷ ১৯৮০ চনত ড০ পাঠকৰ ভাষা বিষয়ৰ প্রথমখন প্রকাশিত গ্রন্থ ‘ভাষা বিজ্ঞানৰ ভূমিকা’৷ গ্রন্থখন ইমানেই জনপ্রিয় হৈছে যে ইয়াৰ দহটা সংস্কৰণ প্রকাশ পায়৷ ১৯৮৫ চনত আন এখন গুৰুত্বপূর্ণ গ্রন্থ ‘অসমীয়া ভাষাৰ ইতিহাস’ প্রকাশ পোৱাৰ পাছত এতিয়ালৈকে এই গ্রন্থখনৰো দহটা সংস্কৰণ প্রকাশ পাইছে৷ তিনি বছৰ পাছত ১৯৮৮ চনত তেওঁৰ ‘ব্যাকৰণ আৰু প্রাকৃতি বিজ্ঞান’, ২০০৫ চনত ‘পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব’ (বিশ্ববিঃ অনুদান আয়োগৰ আঁচনিৰ অন্তর্ভুক্ত), ২০০৮ চনত ‘ডপভাষা বিজ্ঞানৰ ভূমিকাৰ’ ষষ্ঠ সংস্কৰণ প্রকাশ পালে৷
১৯৮৫ চনত প্রকাশ পোৱা ড০ পাঠকৰ গৱেষণা গ্রন্থখনৰ নাম ঃStudies in Assamese Vocabulary’ গ্রন্থখন কেডদিশৰ পৰা সমৃদ্ধ৷ অসম নামৰ ডৎপত্তি, অসমীয়া ভাষা আৰু জাতি, কামৰূপ শব্দৰ ব্যুৎপত্তিগত অর্থ, অসমীয়া ভাষাৰ বিকাশ আৰু সমৃদ্ধিৰ আলোচনা গ্রন্থখনত দাঙি ধৰা হৈছে৷ অসমীয়া শব্দমালা (ভকেবুলাৰীৰ) বিচিত্র ৰূপ ব্যাখ্যা কৰি ইয়াৰ ওপৰত অনার্য প্রভাৱ, অসমীয়া শব্দৰ শ্রেণীবিভাগ, অসমীয়া মৌলিক শব্দ আৰু ঋণ শব্দৰ ধ্বনি তত্ত্বৰ বিষয়ে তেওঁ বিশ্লেষণ দাঙি ধৰিছে৷ বিশেষকৈ ড০ পাঠকে অসমীয়া ভাষাত শব্দার্থতত্ত্বৰ আলোচনা কৰা বাবে ছাত্র–শিক্ষকৰ ডপৰি যিকোনো অনুসন্ধিৎসু পাঠকৰ কাৰণে এয়া সহজবোধ্য হৈছে৷ ড০ পাঠকৰ ভাষা বিষয়ক নির্বাচিত প্রবন্ধৰ সংকলনত প্রকাশিত, অপ্রকাশিত ভালেমান প্রবন্ধ সন্নিৱিষ্ট হৈছে৷ ‘অসমীয়া ভাষাৰ বিভিন্ন দিশ ঃ মত আৰু বিতর্কিত মত’, অসমীয়া ভাষা চর্চাকাৰীসকলৰ হাতপুথি (দ্বিতীয় সংস্কৰণ) আদি ড০ পাঠকৰ আন দুখনমান ভাষা বিষয়ক প্রকাশিত পুথিত আৱেগবর্জিত, যুক্তিনিষ্ঠ আৰু ব্যাকৰণ–ভিধান সিদ্ধ সিদ্ধান্তসমূহ দাঙি ধৰিছে৷ ‘ভাৰতৰ পূর্বাঞ্চলত অসমীয়া ভাষাৰ গুৰুত্ব’ শীর্ষক গ্রন্থত বিভিন্ন জাতি–জনগোষ্ঠীক সম্প্রীতিৰ ডোলেৰে বান্ধি ৰখাৰ ক্ষেত্রত অসমীয়া ভাষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তা অতীততো আছিল আৰু এতিয়াও যে আছে, সেয়া যুক্তিপূর্ণভাৱে ড০ পাঠকে ডত্থাপন আৰু ডপস্থাপন কৰিছে৷
১৯৯১ চনত ইড এছ এৰ আর্লিংটন বিশ্ববিদ্যালয়ত অনুষ্ঠিতSino-Tibetan Languages and Linguistics সম্পর্কীয় ২৩সংখ্যক আন্তর্জাতিক সন্মিলনত ড০ পাঠকে যোগদান কৰি পাঠ কৰা গৱেষণা–পত্রখনতো(Tibeto Burman influence on Assamese) ড০ পাঠকে অসমীয়া ভাষাৰ ওপৰত অসমীয়া ভিন্ন ডপাদান কিদৰে সোমাই পৰিছে, তাৰ এটি বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়াইছে৷ ১৯৯৪ চনত জাপানৰ ওচাকাৰ নেচনেল মিডজিয়াম অৱ এথ্নোল’জীত অনুষ্ঠিত ২৬সংখ্যক আন্তর্জাতিক অধিৱেশনত ড০ পাঠকে’Influence of Tibeto-Burman Languages on Assamese Phonology’ শীর্ষক গৱেষণা–পত্র পাঠ কৰি ডচ্চ প্রশংসা লাভ কৰিছে৷ ১৯৯৯ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চমসংখ্যক আন্তর্জাতিক অধিৱেশনHimalayan Languages Symposiumত ড০ পাঠকে’Numerals and classifiers in Dolakha and Karbi’ শীর্ষক গৱেষণা–পত্র পাঠ কৰি বিদ্বৎ সমাজৰ দৃষ্টি আকর্ষণ কৰে৷ ড০ পাঠকে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানত অনেক গধুৰ নিবন্ধ পাঠ কৰিছে আৰু সেইবোৰৰ সৰহভাগ দেশ–বিদেশৰ গৱেষণা পত্রিকা আৰু গ্রন্থত প্রকাশ পাইছে৷ এনে এগৰাকী অসমীয়া ভাষাতাত্ত্বিক পণ্ডিতৰ গৰিমা বিভিন্ন কর্মক্ষেত্রত পৰিব্যাপ্ত হোৱাটো গৌৰৱৰ বিষয়৷
আঢ়ৈ কুৰিৰো অধিক ভাষা–ভাষাতত্ত্ব আৰু ধ্বনিতত্ত্বমূলক মৌলিক গৱেষণা–পত্র, বত্তৃণতাৰে ড০ পাঠকে অসমীয়া ভাষালৈ সমৃদ্ধি কঢ়িয়াই আনিছে৷ তদুপৰি তেওঁৰ শতাধিক তত্ত্বগধুৰ প্রবন্ধ অসম সাহিত্য সভা পত্রিকা, অসম ভাষা বিজ্ঞান সমিতিৰ পত্রিকা প্রভাষিকা, ‘গৰীয়সী’, ‘প্রকাশ’ আদিৰ ডপৰি ‘দৈনিক অসম’, ‘অসম বাণী’, ‘অসম বাতৰি’, ‘বুধবাৰ’, ‘আজিৰ অসম’, ‘আমাৰ অসম’, ‘নতুন দৈনিক’, ‘দৈনিক অগ্রদূত’, ‘অসমীয়া খবৰ’, ‘নিয়মীয়া বার্তা’ আদি বাতৰিকাকতত প্রকাশ পাইছে৷ তেওঁৰ এলানি ৰম্য ৰচনা ১৯৬৮ চনৰ পৰা ১৯৯৮ চনলৈ ‘দৈনিক অসম’, ‘কটনিয়ান’, ‘পয়োভৰা’, ‘আমাৰ প্রতিনিধি’, ‘আজিৰ অসম’, ‘প্রজন্ম’ আদিত প্রকাশ পাইছে৷ ‘বাতৰিকাকতৰ বিশেষ শিতান’ত ড০ পাঠকৰ এবিধ চুটি অথচ মৃদু হাস্য–ব্যংগ ৰচনা বৰপেটাৰ পৰা প্রকাশিত ‘বৰপীঠ’ত প্রকাশ পাইছিল৷ সেইদৰে ‘চতুর্মুখৰ জার্নেল’ বুধবাৰ কাকতৰ বিশেষ শিতান, সাদিনীয়া ‘পূর্বাচল’ৰ ‘চিন্তা–দুশ্চিন্তা’ শিতান, অগ্রদূতত ‘বিক্ষিপ্ত চিন্তা’ শিতানত প্রকাশিত ৰচনাৰাজিত ড০ পাঠকে সমসাময়িক সমস্যা, ৰাজনীতি, অর্থনীতি, ভাষা–সাহিত্যৰ জগতত দেখা দিয়া পয়মাল আদিৰ সূক্ষ্ম বিশ্লেষণ দাঙি ধৰিছে– তেওঁৰ স্বভাৱসুলভ বিশেষ বাক্ভংগী আৰু হাস্যবোধেৰে৷
ড০ পাঠকে সুচিন্তিত বিশ্লেষণেৰে শংকৰদেৱৰ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, অনন্ত কন্দলিৰ কুমৰ হৰণ, হৰিবৰ বিপ্রৰ বব্রুবাহনৰ যুদ্ধ কাব্য আৰু মাধৱদেৱৰ অর্জুন ভঞ্জন নাট সম্পাদনা কৰিছে৷
ড০ পাঠকে কৰা গ্রন্থ সমালোচনাবোৰ নিৰপেক্ষ আৰু যুক্তিপূর্ণ৷ চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ (অসম সাহিত্য সভা পত্রিকা, ১৯৭২), দেৱেন্দ্র নাথ আচার্যৰ ‘অন্য যুগ অন্য পুৰুষ’ (অসম সাহিত্য সভা পত্রিকা, ২৯সংখ্যক বর্ষ), হেমাংগ বিশ্বাসৰ ‘আকৌ চীন চাই আহিলোঁ’ (কটনিয়ান, ১৯৭৫–৭৬), লুইতপাৰৰ অগ্ণিসুৰ (১৯৭৩–৭৪), ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ ঃ এটি পৰিচয়াত্মক টোকা (১৯৮৪), ‘বীৰেশ্বৰ বৰুৱাৰ নির্বাচিত গল্প’ (গৰীয়সী, ১৯৯৩) ইত্যাদি গ্রন্থবোৰৰ পুংখানুপুংখ বিশ্লেষণ কৰি আগবঢ়োৱা ইতিবাচক–নেতিবাচক মতামতবোৰ অনুসন্ধিৎসু পাঠকৰ বাবে প্রয়োজনীয় সমল৷
গুৱাহাটী আৰু ডিব্রুগড বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক (২০০৬–২০০৮) ৰূপে ড০ পাঠকে দিয়া মূল্যৱান বত্তৃণতাবোৰৰ বিষয় বৈচিত্র্যই অধ্যাপক ড০ পাঠকৰ ৰুচি আৰু অধ্যয়নৰ গভীৰতা প্রতিপন্ন কৰিছে৷ অসম সাহিত্য সভাই প্রদান কৰা সাহিত্যাচার্য সন্মানৰ ডপৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ ড০ পাঠক চৰকাৰৰ সর্বশিক্ষাৰ ভাষা ডপদেষ্টা, প্রাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ সদস্য, অসম প্রকাশন পৰিষদৰ সদস্য, আনন্দৰাম বৰুৱা ভাষা–সংসৃকতি সঞ্চালকালয়ৰ ‘সামগ্রিক অসমীয়া শব্দকোষ’ৰ মুখ্য সম্পাদক, অসম ডচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ‘সাহিত্য সৌৰভ’ পাঠ্যপুথিৰ মুখ্য সম্পাদক, ‘হেমকোষ’ অভিধান আৰু ‘অসম গৌৰৱ’ গ্রন্থৰ সহকাৰী সম্পাদক, অসম ভাষা বিজ্ঞান সমিতিৰ মুখপত্র ‘প্রভাষিকা’ৰ সম্পাদক, অসম ভাষা বিজ্ঞান সমিতিৰ সভাপতি, অসম সাহিত্য সভাৰ ভাষা ডপদেষ্টা সমিতিৰ সদস্য, এছ টি–ই–আৰ–টিৰ ভাষা ডপদেষ্টা, ‘জাতীয় অভিধান’ৰ ডপদেষ্টা আদি অনেক পদ অলংকৃত কৰা ড০ পাঠকৰ জন্ম নলবাৰী জিলাৰ টিহুৰ খলিহাগুৰিত৷ ১৯৪২ চনৰ এক মে’ত জন্মগ্রহণ কৰা ড০ ৰমেশ পাঠকে ২০২১ চনৰ ২৬ জানুৱাৰীত পৰলোকলৈ গমন কৰে৷
বিংশ শতিকাৰ শেষার্ধৰ পৰা একবিংশ শতিকাৰ আৰম্ভণিৰ ডেৰ দশকলৈ অসমীয়া ভাষা–সাহিত্যৰ নিৰলস সাধক ড০ ৰমেশ পাঠকৰ জীৱনৰ কীর্তিস্তম্ভ–লক্ষাধিক্ শব্দসম্বলিত ‘অসমীয়া ভাষাৰ সামগ্রিক শব্দকোষ’৷ ২০১৭ চনৰ এক মে’ তাৰিখে তেওঁৰ ৭৬সংখ্যক জন্মদিনৰ স্মাৰকস্বৰূপ এই বিশাল অভিধানখন ডন্মোচিত হয়৷
(লেখক পাণ্ডু কলেজৰ অৱসৰপ্রাপ্ত অধ্যাপক) ফোন ঃ ৯৮৬৪০–৭৯০১৯