নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ ব্রহ্মপুত্রৰ বুকু খনন কৰি দুয়োপাৰে এক্সপ্রেছ হাইৱে’ বা দ্রুতগামী ঘাইপথ নির্মাণক লৈ নিজৰেই মিথ্যাচাৰ উদঙালে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে৷ ২০১৭ চনৰ ৫ এপ্রিলত নমামি ব্রহ্মপুত্রৰ সামৰণী অনুষ্ঠানত ৪০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণ কৰাৰ কথা ঘোষণা কৰা কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে আজি ৰাজ্যসভাৰ মজিয়াত এক লিখিত প্রশ্ণৰ বিপৰীতে দিয়া উত্তৰে অসমবাসীক কার্যতঃ হতচকিত কৰি তুলিছে৷ সকলোকে আশ্চর্যান্বিত কৰি কেন্দ্রীয় পথ পৰিবহণ মন্ত্রীজনে অতি স্পষ্টভাৱে আজি ক’লে– ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ কোনো প্রস্তাৱ কেন্দ্রীয় চৰকাৰৰ ওচৰত নাই৷ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে প্রায় ৪ বছৰ পূর্বে কৰা ঘোষণাৰ বিপৰীতে একেজন ব্যক্তিয়ে ৰাজ্যসভাত আগবঢ়োৱা এনে ভাষ্য অসমৰ প্রতি পুনৰ কেন্দ্রৰ চৰম উপহাসসূচক ৰূপে চর্চিত হৈছে৷ উল্লেখ্য যে ২০১৭ চনৰ ৫ এপ্রিলত অনুষ্ঠিত নমামি ব্রহ্মপুত্রৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰিছিল কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে৷ সেই অনুষ্ঠানতে তেওঁ লুইতৰ বুকু খনন কৰি সেই মাটিৰে দুয়োপাৰে ১,৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ এক্সপ্রেছ হাইৱে’ নির্মাণ কৰাৰ কথা ঘোষণা কৰিছিল৷ সেই সময়ত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে ব্রহ্মপুত্রৰ খনন তথা এক্সপ্রেছ হাইৱে’ নির্মাণৰ নামত ৪০ হাজাৰ কোটি টকা ব্যয় হ’ব বুলিও সদৰী কৰিছিল ৰাজহুৱাভাৱে৷ কিন্তু আজি ৰাজ্যসভাৰ প্রশ্ণোত্তৰ কালত সাংসদ অজিত কুমাৰ ভূঞাৰ এক লিখিত প্রশ্ণৰ উত্তৰত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ প্রস্তাৱ কেন্দ্রীয় চৰকাৰৰ হাতত নাই বুলি উল্লেখ কৰে৷
লক্ষণীয়ভাৱে ব্রহ্মপুত্রৰ খনন সম্পর্কত সোধা প্রশ্ণৰ উত্তৰ দিবলৈ গৈ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রীজনে লুটি–বাগৰ মৰা পৰিলক্ষিত হ’ল৷ সমগ্র বিষয়টো তেওঁ কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রালয়লৈ ঠেলি দি কয় যে নদী খননকার্য কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রালয়ৰ অধীনস্থ ‘ভাৰতৰ ইনলেন ৱাটাৰৱেজ অথ’ৰিটী’–এ চোৱাচিতা কৰে৷ এখন নদী কেৱল খৰাং কালতহে খনন কৰা হয়৷ বিশেষকৈ জলপথ ব্যৱহাৰৰ ক্ষেত্রত বাধাৰ সন্মুখীন হ’লেহে নদী খননৰ কাম হাতত লোৱা হয়৷ সাধাৰণতে নদী খননকার্য অক্টোবৰৰ পৰা মার্চ মাহৰ ভিতৰত চলোৱা হয় বুলি উল্লেখ কৰি তেওঁ ব্রহ্মপুত্র খননৰ বাবে কোনো বিশেষ প্রকল্প কেন্দ্রীয় চৰকাৰৰ ওচৰত নাই বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াৰ সমান্তৰালভাৱে নিজৰ লিখিত উত্তৰৰ শেষভাগত গাডকাৰিয়ে সুনির্দিষ্টভাৱে উল্লেখ কৰে যে ব্রহ্মপুত্রৰ দুয়োপাৰত এক্সপ্রেছ হাইৱে’ নির্মাণৰ কোনো প্রস্তাৱ নাই৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১৭ চনৰ ৫ এপ্রিলত অনুষ্ঠিত নমামি ব্রহ্মপুত্রৰ সামৰণী অনুষ্ঠানত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিৰ সন্মুখতেই ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ উদ্দেশ্যে নদীখনৰ বুকুত খননকার্য চলোৱাৰ বাবে এখন ত্রিপাক্ষিক চুক্তি সম্পাদিত হৈছিল৷ এই চুক্তি–পত্রত স্বাক্ষৰ কৰিছিল অসম চৰকাৰ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু ইনলেন ৱাটাৰৱেজ প্রাধিকৰণৰ প্রতিনিধি৷ সেই দিনাই কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ কাৰণে ভূমি অধিগ্রহণৰ দায়িত্ব ৰাজ্য চৰকাৰক অর্পণ কৰিছিল৷ নমামি ব্রহ্মপুত্রৰ সামৰণী অনুষ্ঠানত এই সম্পর্কত তেওঁ ঘোষণা কৰিছিল যে এই এক্সপ্রেছ হাইৱে’ৰে দ্রুতগতিত যান–বাহনৰ চলাচল সম্ভৱ হ’ব৷ পিছে নমামি ব্রহ্মপুত্রৰ দৰে অতি আড়ম্বৰপূর্ণ অনুষ্ঠানত ঘোষণা কৰা এই অভিলাষী প্রকল্পৰ কোনো প্রস্তাৱ কেন্দ্রীয় চৰকাৰৰ ওচৰত নাই বুলি কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে আজি ৰাজ্যসভাৰ মজিয়াত কৰা ঘোষণাই অসমবাসীক কেন্দ্রৰ আভুৱা ভাঁৰা পৰম্পৰা এতিয়াও যে অব্যাহত আছে, সেই কথা পুনৰ স্পষ্ট হৈ পৰিল৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে নমামি ব্রহ্মপুত্রৰ সামৰণী অনুষ্ঠানত কৰা ঘোষণাৰ পূর্বে ২০১৭ চনৰ ২৪ জানুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ বাবে ডিব্রুগড়ত জৰীপকার্যৰ শুভাৰম্ভ কৰিছিল৷ তেতিয়া জলসম্পদ বিভাগে প্রকাশ কৰি উলিয়াইছিল এখন চাৰি পৃষ্ঠাৰ পুস্তিকা৷ এই পুস্তিকাখনত কোৱা হৈছিল যে ব্রহ্মপুত্র খননৰ ব্যৱস্থা ২০১৬ চনৰ পৰা ২০২৫ চনলৈকে ‘অসম ভৱিষ্যদর্শন দস্তাবেজ’ৰ ভিতৰতো অন্তর্ভুক্ত কৰা হৈছে৷ ২০১৬ চনৰ ৩০ আৰু ৩১ জুলাইত অসমৰ বান–গৰাখহনীয়া সমস্যাৰ ওপৰত জলসম্পদ বিভাগে কর্মশালা অনুষ্ঠিত কৰিছিল আৰু এই কর্মশালাই ব্রহ্মপুত্রৰ খননকার্যৰ জৰিয়তে বান–গৰাখহনীয়া সমস্যা লঘু কৰিব পৰা সম্ভাৱনীয়তা উদ্ভাৱনৰ পৰামর্শ আগবঢ়ায়৷ এই উদ্ভাৱনৰ ব্যৱস্থাক ১০০ দিনীয়া কর্মসূচীৰ ভিতৰত অন্তর্ভুক্ত কৰা হয়৷ অসম চৰকাৰৰ আমন্ত্রণক্রমে ড্রেজিং কর্প’ৰেচন অৱ ইণ্ডিয়াৰ এটা বিশেষজ্ঞ দলে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত এই বিষয়ে ক্ষেত্রভিত্তিক অধ্যয়ন কৰিবলৈ আহে৷ তেওঁলোকৰ প্রাৰম্ভিক প্রতিবেদন অনুসৰি ব্রহ্মপুত্র নদীখনৰ ভৌগোলিক অৱস্থিতি (ৰূপাত্মক) আৰু জলবিজ্ঞানৰ দিশত অধ্যয়ন কৰি নদীখনৰ গর্ভত জমা হৈ থকা গেদবোৰ খনন সম্পর্কে অধ্যয়ন কৰাত গুৰুত্ব আৰোপ কৰিছে৷
ব্রহ্মপুত্রৰ দুয়োপাৰে ঘাইপথ দুটাই সামগ্রিকভাৱে জলবায়ু পৰিৱর্তনৰ অনুকূলে বৃহৎ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিৰ সৈতে ২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত এই প্রস্তাৱটো সম্পর্কত আলোচনা কৰাৰ কথাও কোৱা হৈছিল পুস্তিকাখনত৷ একেখন পুস্তিকাত প্রকাশ কৰা অনুসৰি ৰাজ্যিক জলসম্পদ বিভাগে জৰীপকার্যৰ বাবে ক্ষেত্র অভিযন্তাসকলৰে ১৬টা গোট গঠন কৰি দিছিল৷ কিন্তু আজি কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে ৰাজ্যসভাৰ মজিয়াত দিয়া উত্তৰে অসাৰ কৰিলে জলসম্পদ বিভাগে প্রকাশ কৰা এই চাৰি পৃষ্ঠাৰ পুস্তিকাখনক৷ মন কৰিবলগীয়া যে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ কথা নমামি ব্রহ্মপুত্রৰ সময়ত গাডকাৰিয়ে উল্লেখ কৰাৰ বিষয়টো আকৌ এবাৰ দোহাৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– নমামি ব্রহ্মপুত্রৰ সময়ত তেওঁ সেই কথাটো উল্লেখ কৰিছিল৷ তাৰ পৰৱর্তী সময়ত আমি জলসম্পদ বিভাগৰ তৰফৰ পৰা ১৬টা এক্সপার্ট টীম গঠন কৰি সমগ্র অসমখন জৰীপ কৰি তাৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰক অর্পণ কৰাৰ বিষয়ে আমি পূর্বতেও কৈছোঁ৷ ব্রহ্মপুত্র খনন কৰি দক্ষিণ–উত্তৰ পাৰৰ জনসাধাৰণক বান আৰু গৰাখহনীয়াৰ পৰা পৰিত্রাণ দিবলৈ আগন্তুক দিনত চৰকাৰৰ স্পষ্ট লক্ষ্য–পৰিকল্পনা আছে৷ ইফালে সাংসদ অজিত কুমাৰ ভূঞাৰ প্রশ্ণৰ উত্তৰত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিয়ে যোৰহাট–মাজুলী সংযোগী দলংখনৰ বাবে কেন্দ্রই ৯২৫.৪৭ কোটি টকা অনুমোদন দিয়াৰ লগতে নিবিদা প্রক্রিয়া ইতিমধ্যে সম্পন্ন হোৱা বুলি সদৰী কৰে৷ কিন্তু দলংখনৰ নির্মাণকার্য কেতিয়া আৰম্ভ হ’ব, সেই কথা তেওঁ স্পষ্ট নকৰিলে৷