আমাৰ আসনৰ সংখ্যা ৭০ মানতে ৰাখিমঃ হাগ্রামা
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ সন্মুখতে মহাজোঁটৰ ১০১+ক নস্যাৎ কৰিলে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে৷ বি পি এফ দল মহাজোঁটৰ অংশীদাৰ হোৱাৰ পাছতেই গুৱাহাটীৰ হোটেল ছিগনেট ইনত আয়োজিত এখন সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ কাষতে বহি মহিলাৰীয়ে ১০১+ৰ প্রসংগত কয়– ‘এইবোৰ বিজেপিৰ ডায়েলগ৷ বিজেপিয়েহে ১০১+ৰ কথা কয়৷ চৰকাৰ বনাই দেখাই দিয়া না৷ এইবাৰ আমি একক সংখ্যাগৰিষ্ঠতা পাম৷ কাকো হায়াৰ কৰিব লগা নোহোৱাকৈ মহাজোঁটে চৰকাৰ কৰিব৷ চৰকাৰ বনাবলৈ ৬৪হে লাগে৷ বেছি আহিব পাৰে, বেছি আহিলেও দিগদাৰ৷ আমি ৭০মানহে ৰাখিম৷’
উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনত কংগ্রেছে ৮০খন আসন লাভ কৰিব বুলি পূর্বৰে পৰা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছে৷ যোৱা মাহত মহাজোঁট গঠনৰ পাছত সভাপতি বৰাই বিজেপিৰ সুৰতে সুৰ মিলাই মহাজোঁটে ১০১+ আসন পাব বুলি ক’বলৈ আৰম্ভ কৰে৷ পিছে সভাপতি বৰাৰ সন্মুখতে মহিলাৰীয়ে ১০১+ৰ প্রসংগ নস্যাৎ কৰাটো বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ হাগ্রামা মহিলাৰীৰ সেই মন্তব্যৰ সময়ত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকী চাপচুপ থকা পৰিলক্ষিত হয়৷
আনকি মহাজোঁটৰ আন অংশীদাৰ দলসমূহেও সেই মুহূর্তত সম্পূর্ণ মৌনতা অৱলম্বন কৰে৷ ইপিনে বি পি এফ দলে মহাজোঁটত অংশগ্রহণ কৰাৰ পাছতো দলটোৰ তিনি মন্ত্রীয়ে পদত্যাগ নকৰাৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মহিলাৰীয়ে স্বভাৱসুলভ ভংগিমাৰে কয়– ‘কিহৰ ৰিজাইন লাগে? এতিয়া কোনো মিনিষ্টাৰ আছে নেকি? কোড অৱ কনডাক্ট অহাৰ পাছত মন্ত্রীৰ কি কাম আছে?’ তেওঁৰ মতে, বি পি এফ দল মহাজোঁটলৈ অহাৰ পাছত বিজেপিৰ লগত কোনো সম্পর্ক নাই৷ আনহাতে, ‘কা’ৰ প্রসংগত মহিলাৰীয়ে কৌশলপূর্ণ উত্তৰ দি কয় যে বি পি এফ অসমবাসী ৰাইজৰ লগত আছে৷ অসমবাসী ৰাইজৰ স্থিতিয়েই বি পি এফৰ স্থিতি৷