বিজেপিক দাবী জনাব অগপৰ সবল স্থিতি থকা ৪০ সমষ্টি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বিগত বিধানসভা নির্বাচনত অসম গণ পৰিষদ দলে দখল কৰিবলৈ সক্ষম হোৱা ১৪টা সমষ্টিত আমি অটল৷ সেই ১৪ সমষ্টিৰ এটাও আমি এৰি নিদিওঁ আৰু এয়া নিশ্চিত৷ –এই মন্তব্য অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰীৰ৷
দেওবাৰে ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ মিলন মন্দিৰত অগপৰ এখন বুথ পর্যায়ৰ সভাত অংশগ্রহণ কৰাৰ পাছতে খাদ্য আৰু অসামৰিক যোগানমন্ত্রী ফণীভূষণ চোধুৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে বর্তামান অসম গণ পৰিষদ দলৰ শক্তি পূর্বতকৈ যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে উক্ত ১৪টা সমষ্টিৰ উপৰঞ্চি আন যিসমূহ সমষ্টিত অগপৰ বর্তমান স্থিতি মজবুত আৰু গণভিত্তি যথেষ্ট সবল, সেইসমূহ সমষ্টিও আমি বিচাৰিম বুলি তেওঁ প্রকাশ কৰে৷ চৌধুৰীয়ে আৰু কয় যে যদিও বিজেপিৰ সৈতে আসনৰ ভাগ–বাটোৱাৰা সন্দর্ভত এতিয়াও কোনো আলোচনা হোৱা নাই, তথাপি আমাৰ সবল স্থিতিত থকা ৪০টা সমষ্টি আমি বিজেপিৰ পৰা দাবী কৰিম৷ শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ সমষ্টি ভৱানীপুৰ বিগত দুটাকৈ নির্বাচনত এ আই ইউ ডি এফ দলে দখল কৰাটো অতি দুর্ভাগ্যজনক বুলি আক্ষেপ কৰি তেওঁ কয় যে এইবেলি অগপ–বিজেপি মিত্রজোঁটে সমষ্টিটো উদ্ধাৰ কৰি শ্বহীদ খর্গেশ্বৰ তালুকদাৰক সন্মান জনাম বুলিও কয়৷
আনহাতে, বি পি এফ–কংগ্রেছৰ মিত্রতা সন্দর্ভতো তেওঁ কয় যে এই মিত্রতাই সমাগত নির্বাচনত কোনো প্রভাৱ নেপালায়৷ কাৰণ বি পি এফ হৈছে এক নির্দিষ্ট সীমাবদ্ধতাৰ দল৷ তেওঁলোকৰ পৰিসৰ মাত্র ১২টা সমষ্টিতহে৷ আনহাতে, পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নির্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে বিগত নির্বাচনত পাটাছাৰকুছিত অগপই অভিলেখসংখ্যক ভোট লাভ কৰিছিল৷ যিহেতু সমষ্টিটোত অগপৰ স্থিতি অতি মজবুত, তেনে ক্ষেত্রত সমষ্টিটো অগপই এৰি দিয়াৰ প্রশ্ণই নুঠে বুলি তেওঁ সজোৰে মন্তব্য কৰে৷ যোৱাবাৰ ১৪ আসন দখল কৰা অগপই এইবাৰ অতি কমেও ২০খন আসন দখল কৰিবই বুলিও চৌধুৰীয়ে সাংবাদিকৰ প্রশ্ণৰ উত্তৰত একপ্রকাৰ হুংকাৰ দিয়ে৷