নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীত অবৈধ পাহাৰ খনন ভূ–মাফিয়াৰ

যিকোনো মুহূর্ততে ভূমিস্খলনত খহি পৰিব দুটাকৈ বাসগৃহঃ শংকিত অঞ্চলবাসী

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ  বন বিভাগ, আৰক্ষী–প্রশাসনৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি বন মাফিয়াই মহানগৰীৰ বিভিন্ন স্থানত অবৈধ পাহাৰ খনন অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ পানীখাইতীস্থিত কেন্দ্রীয় গৃহৰক্ষী প্রশিক্ষণ কেন্দ্রৰ সন্মুখত প্রতীক্ষা নার্ছিং স্কুলৰ মূল প্রৱেশদ্বাৰৰ সন্মুখত দিনে–নিশাই অবৈধভাৱে পাহাৰ খনন অব্যাহত ৰখাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্রণৱ বিশ্বাস নামৰ ভূ–মাফিয়াজনে হোষ্টেল নির্মাণৰ বাবে অবাধ হাৰত পাহাৰ খনন অব্যাহত ৰাখিছে৷ এনেদৰে পাহাৰ খনন কৰাৰ ফলত সমীপতে থকা দুটাকৈ বাসগৃহ যিকোনো মুহূর্ততে খহি পৰাৰ আশংকাই দেখা দিছে৷ বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে যিকোনো মুহূর্ততে এই বাসগৃহ দুটা ভূমিস্খলনৰ কবলত পৰাৰ শংকা প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগৰ বিষয়া, চন্দ্রপুৰ ৰাজহ চক্র বিষয়া আৰু পানীখাইতী আৰক্ষীক মেনেজ কৰি অবৈধভাৱে পাহাৰ খনন অব্যাহত ৰখাৰ পাছতো প্রণৱ বিশ্বাসৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ বিগত দুটা দিনত মহানগৰী আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহত পাতলীয়াকৈ দুই–এজাক বৰষুণ দিছে৷ এনেদৰে কেইবাদিনো ধৰি যদি বৰষুণ দিয়ে তেনেহ’লে যিকোনো মুহূর্ততে উক্ত অঞ্চলটোত ভূমিস্খলন হ’ব পাৰে৷ সেয়েহে স্থানীয় ৰাইজে এই অবৈধ পাহাৰ খনন শীঘ্রে বন্ধ কৰাৰ বাবে উপায়ুক্তক আহ্বান জনাইছে৷

You might also like