ইউডিএফে অসমৰ সভ্যতাত আঘাত হানিছে
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ এআইইউডিএফে অসমৰ সভ্যতা ,ভাষা, ধর্ম, শিক্ষা আৰু সংস্কৃতিৰ ওপৰত চৰম আঘাত হানিছে৷ অসমৰ সভ্যতাৰ ওপৰত আঘাত হনা দলৰ সৈতে কংগ্রেছৰ মিত্রতাই অশুভ ইংগিত বহন কৰিছে৷ কংগ্রেছ–এআইইউডিএফৰ্ এই জেজাট অপৱিত্র জেজাট৷ ইয়াৰ বাবে এইবাৰ অসমৰ পৰা কংগ্রেছ শূন্য হ’ব৷ আজি লক্ষীপুৰ সমষ্টিৰ বিন্নাকান্দি আৰু বৰথল চাহ বাগিচাত বিজেপি প্রার্থী কৌশিক ৰাইৰ হৈ বিশাল নির্বাচনী বিজয় সংকল্প সমাৱেশত এনেদৰে মন্তব্য কৰে সাংসদ তথা অভিনেতা মনোজ তিৱাৰীয়ে৷ ভাষণত তেওঁ কয়– এইবাৰ নির্বাচন হ’ব অপশক্তিৰ পৰা অসমৰ সভ্যতা–সংস্কৃতি সুৰক্ষিত কৰা৷ নির্বাচনৰ মূল ইছ্যু হৈছে ৰাজ্যখনত সুৰক্ষিত কৰা আৰু বিকাশৰ দিশত আগুৱাই লৈ যোৱা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনক বাস্তৱায়িত কৰা৷ তেওঁ কয়– অপশক্তিৰ পৰা মুক্ত কৰিবলৈ অসমত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব৷ কংগ্রেছে এআইইউডিএফৰ সৈতে মিত্রতা কৰি স্বাভিমানী অসমবাসীক আঘাত দিয়া বুলি তেওঁ মন্তব্য কৰে৷ লক্ষ্মীপুৰৰ দুখন চাহ বাগিচা বিন্নাকান্দি আৰু বডথলত বিশাল নির্বাচনী জনসভাত বিজেপি প্রার্থী কৌশিক ৰাইক বিপুল ভোটত জয়ী কৰাৰ বাবে তিৱাৰীয়ে আহ্বান জনায়৷ ইয়াৰ পূর্বে বিজেপি প্রার্থী কৌশিক ৰাইয়ে এখন বলিষ্ঠ ৰাজ্য আৰু ৰাষ্ট্র নির্মাণৰ বাবে বিজেপি প্রার্থীক ভোট দিয়াৰ আহ্বান জনায়৷ মনোজ তিৱাৰীয়ে ভোজপুৰী ভাষাত বক্তব্য আগবঢ়োৱাৰ লগতে গান গাই ভোটাৰক আকর্ষিত কৰিবলৈ সক্ষম হয়৷ মনোজ তিৱাৰীয়ে কাছাৰৰ উদাৰবন্দ সমষ্টিৰ পাতিমাৰা চাহ বাগিচাত বিজেপি প্রার্থী মিহিৰ কান্তি সোমৰ হৈ নির্বাচনী প্রচাৰ চলায়৷