ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ দুৰৱস্থা
ধুবুৰী চহৰৰ হৃদয়স্থলত অৱস্থিত ‘ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ’ কেৱল এটা খেলপথাৰ নহয়, ই বৃহত্তম ধুবুৰী অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক ঐতিহ্যৰ প্ৰতীক।
গৌৰীপুৰ ৰাজ পৰিয়ালৰ দূৰদৰ্শী শাসক তথা সমাজ হিতৈষী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ নামত নামাঙ্কিত এই ক্ষেত্ৰখনে দশক দশক জুৰি অসংখ্য ক্ৰীড়া প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, ৰাজহুৱা সভা আৰু জাতীয় উৎসৱৰ সাক্ষী হৈ আহিছে।
গৌৰীপুৰক আধুনিক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই শিক্ষা, কলা-সংস্কৃতি, হস্তশিল্প আৰু জনকল্যাণমূলক কামত অসামান্য অৱদান আগবঢ়াইছিল। তেওঁয়েই গৌৰীপুৰৰ মাটিয়াবোগত নিৰ্মাণ কৰিছিল ইতিহাস প্ৰসিদ্ধ হাৱা মহল; যি এসময়ত গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত-সাধনাৰ পীঠস্থান আছিল। ভাৰতীয় চলচ্চিত্ৰ জগতৰ কিংবদন্তী ব্যক্তিত্ব প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ পিতৃ আছিল তেওঁ।
কিন্তু পৰিতাপৰ বিষয় এয়াই যে, আজিৰ দিনত এই ঐতিহ্যমণ্ডিত খেলপথাৰখন অৱস্থাই স্থানীয় বহু ইতিহাসপ্ৰেমী লোকৰ মাজত সৃষ্টি কৰিছে ক্ষোভৰ। যি খেলপথাখন এটা সময়ত ধুবুৰীৰ গৌৰৱৰ প্ৰতীক আছিল, সেয়া এতিয়া সন্ধিয়া হ’লেই একাংশৰ গৰু চৰোৱা স্থানলৈ পৰিণত হোৱাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে, সঠিক ব্যৱহাৰ তথা সংৰক্ষণৰ বাবে খেলপথাৰখনৰ চৌদিশে বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰা হৈছিল আৰু শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে কেইবাটাও প্ৰৱেশদ্বাৰো। অংঞ্চলটেৰ স্থানীয় একাংশৰৱ অভিযোগ, সেই প্ৰৱেশদ্বাৰ কেইটাৰ এটা সৰু দ্বাৰ অজান কাৰণত দিনে-নিশাই আংশিক ভাবে খুলা ৰখা হয় আৰু সেই অংশৰেই গৃহপালিত জন্তুবোৰ অনায়াসে প্ৰৱেশ কৰে খেলপথাৰখনত।
ফলত, স্বাভাবিক ভাবেই ধুবুৰীৰ ইতিহাস আৰু ঐতিহ্য বহন কৰা এনে এখন ৰাজহুৱা সম্পত্তিৰ প্ৰতি অধিক যত্ন আৰু দায়িত্বশীল ব্যৱস্থাপনা প্ৰয়োজন বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। সমান্তৰালকৈ যিগৰাকী ব্যক্তিৰ নামত এই ক্ষেত্ৰখনৰ নামকৰণ কৰা হৈছিল আৰু যিগৰাকীয়ে জনকল্যাণক জীৱনৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল, তেওঁৰ স্মৃতি বহন কৰা এই বিশেষ খেলপথাৰখনৰ মৰ্যাদা ৰক্ষা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই অধিক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছে স্থানীয় সচেতন ৰাইজে।
লগতে, ধুবুৰীৰ এই ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ খনৰ আজিও নাম আছে, ইতিহাস আছে যদিও সংশ্লিষ্ট পক্ষ তথা প্ৰশাসন যন্ত্ৰৰ উদাসীনতাৰ বাবে সেই ঐতিহ্যৰ উদ্দেশ্য আৰু মৰ্যাদা ক্ৰমশঃ হেৰুৱালৈ লৈছে নেকি বুলিও কিন্তু উত্থাপিত হৈছে প্ৰশ্নৰ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ জুন