নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পীৰ ‘সুবিধাবাদী পলিটিক্স’

- কৃষ্ণা কাংকান

‘সংস্কৃতিয়ে সমাজ গঢে আৰু ৰাজনীতিয়ে ভাঙে’ প্রচলিত এই আপ্তবাক্যশাৰীৰ বিপৰীতে সংস্কৃতি আৰু ৰাজনীতিৰ সমিলমিল অত্যাচাৰত সমাজ এতিয়া যেন ভাঙোনমুখিতাৰ দিশে গতি কৰিছে৷ বর্তমান চাৰিওদিশে ঘটি থকাঘটনাৱলীয়েই ইয়াৰ সঠিক উদাহৰণ৷ পূর্বতে সংস্কৃতিৰ বহল ক্ষেত্রখনৰ সৈতে সংসদীয় ৰাজনীতিৰ দূৰ দূৰলৈকে কোনো সম্পর্ক নাছিল৷ প্রকৃত শিল্পীৰ কোনো ধর্ম নাই জাত নাই৷ এক জাতিৰ এক প্রাণ৷ শিল্পী নদীৰ দৰে পৱিত্র আৰু নিষ্কলুষ৷ প্রতিগৰাকী ক্তিৰ হূদয়ত ভগৱানৰ দৰে স্থান পূৰ কৰে সংস্কৃতিৰ পূজাৰী অর্থাৎ শিল্পীসকলে৷ শিল্পীসকলৰ সন্মান মর্যাদা সদায় ঊর্ধ্বত৷ কিন্তু সাম্প্রতিক প্রেক্ষাপটত ৰাজনৈতিক ক্ষমতাৰে লীয়ান সোঁতে কলুষিত কৰি তুলিছে শিল্পীৰ সমাজখনকো৷ মানুহৰ এতিয়া সন্দিহান দৃষ্টি সেইসকল চতুৰ শিল্পীৰ() ওপৰত৷ ক্ষমতাৰ খঁকত মোহান্ধ হৈ দলে লে ৰাজনীতিৰসোঁতত উটি গৈছে এচাম গায়ক–গায়িকা, অভিনেতা–ভিনেত্রী৷ বর্তমান ৰাজনৈতিক ক্ষেত্রখনত শিল্পীৰ কদৰ যেন হু েবছি াঢিল৷ এতিয়া ৰাজনৈতিক শক্তিৰে নিজৰ প্রভাৱ বিস্তাৰ কৰ্বিলৈ লুট্বিাগৰ কথাৰে ৰাইজক আমোদ দ্বিলৈ ধৰিছে চোং সলোৱাসকলে৷ এইসকলৰ শেহতীয়া কাম–কাজে নিজস্ব সত্তাক খহোৱাৰ লগতে প্রকৃত শিল্পীৰ মর্যাদাক অপমানিত কৰা নাইনে? অৱশ্যে গণতান্ত্রিক ৰাষ্ট্রৰ এগৰাকী নাগৰিক হিচাপে প্রতিগৰাকী ক্তিৰে সাংবিধানিক অধিকাৰ আছে৷ সেই সাংবিধানিক অধিকাৰ লৈয়ে ৰাজনীতিৰ ক্ষেত্রখনত খোজ পেলাব পাৰে৷ ৰাজনীতিবিদ হ’ পাৰে৷ কিন্তু অসমীয়া জাতিৰ গণজীৱনৰ সৈতে কেতিয়াও খেলা কৰাৰ অধিকাৰ দিয়া হোৱা নাই৷ সম্প্রতি ক্ষমতাকেন্দ্রিক ৰাজনীতিৰ েবাকাত লেটিপেটি হৈ একাংশ গায়ক–গায়িকা, অভিনেতা–ভিনেত্রী এতিয়া নিশাটোৰ ভিতৰতে ‘ৰাজনৈতিক শিল্পী’লৈ পর্য্বসিত হোৱা বিষয়টোক লৈ যথেষ্ট চর্চা হৈছে৷ ক’ পাৰি যে অসম আৰু অসমীয়াৰ স্বাভিমানৰ যুঁজ ক্বে আৰু কা–আন্দোলনতে সেইসকল শিল্পীৰ স্বৰূপ উদং হ’ল৷ কা–আন্দোলনৰ গইনা লৈ নেতা–নেত্রী হোৱাৰ প্র্বল াসনা জাগিল৷ দুদিন আগলৈকে মা–ভনীৰ তপিনা চোৱা গায়কৰ কুত হঠাৎ জাতিপ্রেম উথলি উঠিল৷ যৌনতাৰ সুৰসুৰণি তোলা গীত গাই সস্তীয়া জনপ্রিয়তাৰ দিশত দৌৰ মৰা এনে একাংশ গায়কৰ মুখতো হঠাৎ আই–মাতৃৰ ন্দনা৷ সংগীত–ভিনয় জগতৰ একাংশ শিল্পীয়ে কা–আন্দোলনৰ মজিয়াত নিজকে প্রম’ট কৰি যি যি ৰাজনৈতিক দলত নিজৰ স্থান অধিক সুৰক্ষিত আৰু সুবিধা কৰি ৰখাৰ ইংগিত পালে সেই ৰাজনৈতিক দললৈ হোৰহোৰাই গমন কৰি একোখনকৈ ‘ৰাজনৈতিক শিল্পী’ৰ মুখা পিন্ধি ল’লে৷ এইসকল তথাকথিত শিল্পীয়েই কা–আন্দোলনৰ ভৰপক সময়ত দেশ–জাতি, নিজৰ কৃষ্টি–সংস্কৃতি চাব লাগে লি উদাত্ত গীত–কথাৰে অসমীয়াক ক্ষণিকৰ ােব আৱেগপ্রৱণ কৰি তোলা নাছিল জানো৷ পিছলৈ ওলোটা খৰ মাৰি একো একোজন ৰাজনৈতিক শিল্পীলৈ পর্য্বসিত হৈ এইসকলৰ স্মৃতি লোপ পালেও প্রকৃত অসমীয়াই সেই কথা আজিও মনত ৰাখিছে ভালদৰে৷ স্বাভিমানী অসমীয়া জাতিৰ গণচেতনাত প্রচণ্ড কোব শোধালে এইসকল ৰাজনৈতিক মুখাধাৰী শিল্পীয়ে৷ কিছুদিন আগলৈকে কা–বিৰোধ কৰি এতিয়া সেইসকলেই র্ন্বিাচনী তৰত কা–সমর্থনকাৰী ৰাজনৈতিক দলৰ া প্রাথ্ৰ প্রশংসাসূচক গানে–বাজনাই ৰাইজক আভুৱা–ভাঁৰি চার্কাছৰ হুৱাৰ দৰে নিজকে উপভোগ্য কৰি তুল্বিলৈ কিঞ্চিৎ লজ্জােবাধ নকৰা হ’ল৷ সৌ–সিদিনালৈকে কা–আন্দোলনৰ মজিয়াত সকলোৱে একেলগে হি চৰকাৰ তথা কা–সমর্থনকাৰীৰ বিৰুদ্ধে ঐক্যতান জুৰিছিল৷ সাম্প্রতিক সময়ত সুবিধানুযায়ী ভিন্ন দলীয় ৰাজনীতিৰ পোছাক পিন্ধি নিজ নিজ ক্ষমতাৰ দখলত নিজৰ আইজনীকো ভাগভাগ কৰা হ’ল৷ যি ৰাজনৈতিক দলক তীব্র সমালোচনাৰে থকাসৰকা কৰিছিল গীতেৰে, কথাৰে, হঠাৎ ভাং খোৱা মানুহৰ নিচা ফটাৰ দৰে সেই একেটা ৰাজনৈতিক দলৰে প্রিয় ভক্ত হৈ মেৰুদণ্ডহীন প্রাণীৰ ৰূপ ল’লে আৰু কাৰোবাৰ সুবিধাবাদৰ দৰ–দাম নিমিলাত বিৰোধী শিবিৰত আনুষ্ঠানিকভাৱে যোগদান কৰি জাতিপ্রেমৰ চূডান্ত নিদর্শন () দাঙি ধৰিলে৷ ইফালে কা–বিৰোধী আন একাংশ শিল্পী তমানেও ৰহস্যজনকভাৱে নিশ্চুপ৷ আন একাংশই আকৌ ৰাষ্ট্রীয়তাবাদী শিবিৰত যোগদান নকৰি আত্মাভিমান তাই আঞ্চলিকতাবাদী ৰাজনৈতিক শিবিৰৰ প্রতি আনুগত্য দেখুৱাই দিনে–নিশাই সেৱা কৰি গৈছে৷ মুঠতে ৰাজনীতিৰ পাকচক্রত পৰি ভাগ ভাগ হ’ল কা–বিৰোধী শিল্পীৰ সমাজ৷ এসময়ৰ কা–আন্দোলনকাৰী একত্রিত শিল্পীসমাজ এতিয়া ল্বীকেন্দ্রীক বিপৰীতমুখী স্থানত অৱস্থান৷ শিল্পীসমাজত এই ভাঙোনমুখিতা কিয়? অৱশ্যে প্রকৃত শিল্পী হ’লৈ গণচেতনা লাগ্বি৷ যাৰ শব্দৰে মুমূর্ষু জাতি এটাক প্রাণ সঞ্চাৰ কৰ্বি পাৰে, প্রকৃত জাতিপ্রেমেৰে হূদয় উদ্বেলিত কৰ্বি পাৰে, জাগ্রত কৰ্বি পাৰে চেতনা প্র্বাহ, সেই লিষ্ঠ শব্দৰ যুগজয়ী স্রষ্টা অসমীয়াৰ জাতিৰ দিক্নির্ণায়ক জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, ৰুদ্র ৰুৱা, কেশৱ মহন্ত, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰ দৰে চিৰনমস্য শিল্পীৰ গীতেৰে আজিও অসমীয়া সমাজখনক জোনাকী পৰুৱাৰ দৰে পোহৰাই আছে৷ সেইসকল চিৰনমস্য শিল্পীৰ তুলনাত আজিৰ শিল্পী()য়ে সৃষ্টি কৰা কিছুমান গীতেৰে–কথাৰে ক্ষন্তেকীয়া আৱেগৰ সুৰসুৰণি সৃষ্টি কৰ্বি পাৰে, যৌৱনৰ উন্মাদনাক প্রতিফলিত কৰ্বি পাৰে, কিন্তু সিৰাই সিৰাই জাতিপ্রেম প্রবাহিত কৰ্বি পৰাৰ সামর্থ্য আছেনে? অসমীয়া জাতিটোৰ উত্তৰণৰ ােব তেওঁলোকে কি আর্হি দেখুৱাই গ’ল, এবাৰলৈ বিেবচনা কৰক ‘ৰাজনৈতিক শিল্পী’সকলে৷ নিশ্চয় সময় নাই, কাৰণ এতিয়া ৰাজপাট দখলৰ ােব দিনে–নিশাই ৰাজনৈতিক শিল্পীসকলৰ খদমদম পৰিৱেশ৷ শিল্পীৰ সত্তাক কলংকিত কৰি ক্তিগত অভীপ্সা সিদ্ধিৰ ােব সুবিধাবাদৰ ৰাজনীতিৰ পোহাৰ মেলা এইসকলে কথাৰ ফুলজাৰিৰে ৰাজপাট দখল কৰিলেও অসম আৰু অসমীয়াৰ ােব কি কৰ্বি পাৰ্বি, ইয়াৰ সঠিক উত্তৰ ইতিমধ্যে প্রকৃত অসমীয়াই পাইছে৷ ইয়াৰ পূবতে সাংস্কৃতিক ক্ষেত্রখনৰ পৰা যোৱা ৰাজনৈতিক ক্তিসকলে যোৱাটো পাঁচ্বছৰীয়া শাসনত কিমানখিনি শিল্পী সমাজ তথা অসমৰ সংস্কৃতিৰ উত্তৰণৰ কামত নিজকে নিয়োজিত কৰ্বিলৈ সমর্থ হ’ল, স্বাভাৱিকভাৱে সেয়া ৰাইজে বিচাৰ কৰ্বি৷

You might also like