নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰা–সৰুপথাৰ নাহৰকটীয়া–লখিমপুৰ হ’ব আকর্ষণীয় যুঁজ

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ প্রচাৰৰ অন্তিম দিনটোত বিশেষভাৱে আকর্ষণীয় হৈ উঠিছে উজনি আৰু উত্তৰ অসমৰ নির্বাচনী যুঁজখন৷ প্রতিটো দল এতিয়া সাজু হৈছে শেষ নিশাৰ ৰণৰ বাবে৷ আনুষ্ঠানিকভাৱে আজি সন্ধিয়াৰ লগে লগে প্রচাৰ অভিযানৰ সামৰণি পৰে যদিও ভোটদানৰ প্রাক্মুহূর্তত কোনে কেনেদৰে ভোটাৰৰ মন জয় কৰিব পাৰে, তাৰ ৰণকৌশল যুগুতোৱাত ব্যস্ত হৈ পৰিছে প্রতিটো দল৷ তাৰ মাজতে চাৰিটা সমষ্টিত নিবদ্ধ হৈ পৰিছে ৰাজ্যবাসীৰ দৃষ্টি৷ কিয়নো এই সমষ্টিকেইটাত প্রতিদ্বন্দ্বিতাত নামিছে কেইবাখনো নতুন মুখে৷ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ বিৰুদ্ধে বিজেপিয়ে প্রার্থিত্ব প্রদান কৰিছে যুৱ নেতা ময়ূৰ বৰগোহহাইক৷ দীঘলীয়া সময় তাই আহোম ছাত্র সন্থাক নেতৃত্ব দিয়াৰ পাছত ময়ূৰ বৰগোহাঁই এইবাৰ নামি পৰিছে ৰাজনৈতিক পথাৰত৷

নাজিৰাবাসীৰ বাবে তেনেই চিনাকি ময়ূৰ বৰগোহায়ে বিজেপিৰ পৰা প্রার্থিত্ব লাভ কৰাৰ পাছতে কংগ্রেছ শিবিৰত শংকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ কিয়নো বিগত সময়ছোৱাত দেৱব্রত শইকীয়াই নাজিৰাৰ সামগ্রিক উন্নয়নৰ দিশত বিশেষ একো কামেই কৰিব নোৱাৰিলে৷ বেছিভাগ সময় গুৱাহাটীত কটোৱাৰ বাবে কংগ্রেছ নেতাজনৰ প্রতি সাধাৰণ ৰাইজো বিতুষ্ট৷ ইয়াৰ বিপৰীতে বিজেপি প্রার্থী ময়ূৰ বৰগোহায়ে নাজিৰাতে বাহৰ পাতি নিজৰ গণভিত্তি শক্তিশালী কৰি তুলিছে৷ যাৰ প্রতিফলন দেখা গৈছিল বিগত পঞ্চায়ত নির্বাচনত৷ বিজেপি দলৰ বাবে নাজিৰাৰ দুখন জিলা পৰিষদ আৰু ৯খন পঞ্চায়ত দখল কৰিব পৰাটো আছিল অপ্রত্যাশিত৷

আনহাতে, ২০১৯ চনৰ লোকসভা নির্বাচনত নাজিৰা সমষ্টিত বিজেপি দলে কংগ্রেছতকৈ অধিক ভোট লাভ কৰি একপ্রকাৰ চমক সৃষ্টি কৰে৷ বিগত লোকসভা নির্বাচনত নাজিৰাত কংগ্রেছে ৪৫,৫২৯টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ৪৭,৩৫০টা ভোট৷ অথচ ২০১৬ৰ বিধানসভা নির্বাচনত দেৱব্রত শইকীয়াই লাভ কৰিছিল ৫২,৮৬৯টা ভোট৷ বিজেপি প্রার্থী প্রহ্লাদ গোৱালাই লাভ কৰা ভোটৰ সংখ্যা আছিল ৩৮,০১৪টা৷ তাৰ পাছৰে পৰা ক্রমাগতভাৱে নাজিৰাত কংগ্রেছৰ ভেটি খহিবলৈ ধৰে আৰু বিজেপিৰ অভাৱনীয় উত্থান হয়৷ এনে প্রেক্ষাপটত নাজিৰাৰ পৰা দেৱব্রত শইকীয়া পুনৰ নির্বাচিত নোহোৱাৰ সম্ভাৱনা ক্রমাৎ গাঢ় হৈ আহিছে৷ ইয়াৰ বিপৰীতে আগ্রাসী প্রচাৰ অভিযানেৰে অন্তিম দিনটোতো ময়ূৰ বৰগোহাঁয়ে জনতাৰ মাজত নিজকে ব্যস্ত ৰাখে৷

ডিব্রুগড় জিলাৰ নাহৰকটীয়া সমষ্টি এইবাৰৰ নির্বাচনৰ হট ছিট হিচাপে বিবেচিত হৈছে৷ কিয়নো এই সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ তেওঁৰ বিৰুদ্ধে বিজেপিয়ে প্রক্ষেপ কৰিছে যুৱ নেতা তৰংগ গগৈক৷ প্রাক্তন মন্ত্রী প্রণতি ফুকন কংগ্রেছৰ প্রার্থী হোৱাৰ বিপৰীতে বর্তমানৰ বিধায়ক নৰেন সোণোৱালেও প্রার্থিত্ব আগবঢ়াইছে৷ কিন্তু নাহৰকটীয়াত এতিয়া নৰেন সোণোৱাল শক্তিহীন৷ বিজেপি–গপ মিত্রজোঁটৰ প্রার্থী তৰংগ গগৈৰ আগ্রাসী প্রচাৰে নিষ্প্রভ কৰি তুলিছে বিধায়ক নৰেন সোণোৱালক৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত নৰেন সোণোৱালে তেতিয়াৰ মন্ত্রী প্রণতি ফুকনক প্রায় ৪ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ কিন্তু তাৰ পাছৰে পৰা বিজেপিয়ে সমষ্টিটোত নিজৰ শক্তি বৃদ্ধি কৰিবলৈ উঠিপৰি লাগে৷ ইয়াৰ পৰিণতিত ২০১৯ৰ লোকসভা নির্বাচনত নাহৰকটীয়াত কংগ্রেছৰ পৱন সিং ঘাটোৱাৰে ৩৩,৭২৭টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ৰামেশ্বৰ তেলীয়ে ৫৮,০৯৩টা ভোট লাভ কৰি বৃহৎ অগ্রগতি লাভ কৰিবলৈ সক্ষম হয়৷ লোকসভা নির্বাচনৰ পাছৰে পৰা নাহৰকটীয়াত বাহৰ পাতি তৰংগ গগৈয়ে বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী কৰি তোলে৷

এইবাৰ যুৱ নেতাজনক বিজেপিয়ে দলীয় প্রার্থিত্ব প্রদান কৰি আন এখন নতুন মুখ ৰাজ্যৰ ৰাজনীতিলৈ আগবঢ়াই দিয়ে৷ যুৱ ভোটাৰসকলৰ মাজত থকা জনপ্রিয়তাৰ বাবেই অতি সহজতে তেওঁ নাহৰকটীয়াৰ ৰাইজৰ মাজত সোমাই পৰিবলৈ সক্ষম হয়৷ লুৰিণজ্যোতি গগৈ স্থানীয় বাসিন্দা নোহোৱা বাবে তেওঁৰ সন্মুখত আহি পৰে কঠিন প্রত্যাহ্বান৷ এনে পৰিস্থিতিত সমষ্টিটোত ত্রিকোণীয়া প্রতিদ্বন্দ্বিতা হ’লেও বিজেপিৰ সাংগঠনিক স্থিতি আন দলতকৈ বহু বেছি শক্তিশালী৷ গোলাঘাট জিলাৰ সৰুপথাৰৰ নির্বাচনী ৰণো আন এক আকর্ষণৰ কেন্দ্র হৈ পৰিছে৷ সমষ্টিটোত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থী বিশ্বজিৎ ফুকন৷ তেওঁ যোৱা বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিও ৩৭,২৮১টা ভোট লাভ কৰিছিল৷ কংগ্রেছ বিধায়িকা ৰ’জলীনা তির্কীয়ে ৬৭,১৫০টা ভোট লাভ কৰাৰ বিপৰীতে অগপ প্রার্থী বিনোদ গোৱালাই ৬৪,২২৩টা ভোট লাভ কৰে৷ বিশ্বজিৎ ফুকনে নির্দলীয় প্রার্থী ৰূপে থিয় হোৱা বাবেই মিত্রজেজাটৰ প্রার্থীজন পৰাজিত হ’বলগীয়া হয়৷ কিন্তু বিগত লোকসভা নির্বাচনত সৰুপথাৰত কংগ্রেছৰ গৌৰৱ গগৈয়ে ৭৫,৪৭২টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ মণিমাধৱ মহন্তই লাভ কৰিছিল ১,০৫,১৩২টা ভোট৷ এইবাৰ বিশ্বজিৎ ফুকন বিজেপি মিত্রজেজাটৰ প্রার্থী৷এনে প্রেক্ষাপটত সৰুপথাৰৰ ফলাফল কি হ’ব পাৰে, সেয়া সহজেই অনুমেয় হৈ পৰিছে৷ অসম জাতীয় পৰিষদৰ ৰাজু ফুকনেও সৰুপথাৰত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ কিন্তু তেওঁ শেষৰ দিনটো পর্যন্ত শক্তি প্রদর্শনত ব্যর্থ হ’ল৷

উত্তৰ অসমৰ এটা গুৰুত্বপূর্ণ সমষ্টি হ’ল লখিমপুৰ৷ লখিমপুৰ সমষ্টি অগপৰ দখলত আছিল যদিও এইবাৰ তাত বিজেপিয়ে প্রার্থিত্ব প্রদান কৰিছে যুৱ নেতা মানৱ ডেকাক৷ অগপ বিধায়ক উৎপল দত্তয়ো সমষ্টিটোৰ অন্যতম প্রার্থী৷ লখিমপুৰত কংগ্রেছ প্রার্থী হ’ল জয়প্রকাশ দাস৷ ২০১৬ৰ বিধানসভা নির্বাচনত লখিমপুৰত কংগ্রেছে সবল প্রতিদ্বন্দ্বিতা কৰিছিল যদিও ক্রমাগতভাৱে আভ্যন্তৰীণ বিসম্বাদৰ বাবে দলীয় স্থিতি দুর্বল হৈ পৰিছে৷ ইয়াৰ স্পষ্ট আভাস পোৱা গৈছিল ২০১৯ চনৰ লোকসভা নির্বাচনত৷ শেহতীয়া লোকসভা নির্বাচনত লখিমপুৰত বিজেপি প্রার্থী প্রদান বৰুৱাই ৬২,৩৭৫টা ভোট পোৱাৰ বিপৰীতে কংগ্রেছৰ অনিল বৰগোহায়ে লাভ কৰিছিল মাত্র ২৪,২৪২টা ভোট৷ এই সময়ছোৱাত চৰকাৰী আঁচনিসমূহৰ জৰিয়তে বিজেপিৰ স্থিতি লখিমপুৰত অধিক মজবুত হৈ পৰে৷ নতুন প্রার্থী প্রদান কৰি লখিমপুৰক একঘেয়ামী ৰাজনীতিৰ পৰা মুক্ত কৰিবলৈ বিজেপিয়ে এক নতুন ৰণকৌশল গ্রহণ কৰে৷ সমষ্টিটোৰ ৰাইজেও ইয়াৰ প্রতি সঁহাৰি দিয়া পৰিলক্ষিত হৈছে৷ গতিকে নতুন মুখক লৈ বিজেপিয়ে গ্রহণ কৰা নতুন সম্পৰীক্ষা এতিয়া ৰাজ্যৰ ৰাজনীতিৰ বাবেও আগ্রহৰ বিষয় হৈ পৰিছে৷ অৱশ্যে শেষ হাহি কোনে মাৰে, সেয়া ২ মে’ৰ ফলাফল ঘোষণাৰ দিনটোতহে স্পষ্ট হ’ব৷

You might also like