ফাগুনে কঢ়িয়াই আনে ব’হাগৰ বতৰা৷ ব’হাগ মানেই মনত প্রাকৃতিকভাৱে জাগি উঠা এক ৰং, এক বুজাব নোৱাৰা আনন্দ, এক প্রেমভাবৰ শিহৰণ৷ প্রকৃতিয়ে এই সময়ত নতুন ৰূপ লয়৷ গছে গছে কোমল কুঁহিপাত ওলায় আৰু তাৰ আঁৰে আঁৰে কুলিৰ শুৱলা মাত– কু–উ, কু–উ৷ ডালে ডালে ৰং–বিৰঙৰ কপৌফুলৰ সমাহাৰ আৰু তাৰ সৌন্দর্যই বিহুৱতী নাচনীৰ খোপা শুৱায়৷ এক অপূর্ব ৰোমাণ্টিক পৰিৱেশে গা কৰি উঠে ব’হাগৰ বতাহজাকত৷ মন উতলা হয় বিহুৱা ডেকা–ডেকেৰীৰ৷ প্রেমৰ বার্তা বহন কৰে বিহুৰ ফুলাম গামোচাখনিয়ে৷ প্রতিজন অসমীয়াৰ মন–প্রাণ চঞ্চল কৰা বতাহজাকে আদৰি আনে ‘বৰদৈচিলা’ অসমীৰ বুকুলৈ৷ অসমৰ আকাশে–বতাহে ঢ়োল, পেঁপা, গগনাৰ মাত আৰু শিপিনীৰ তাঁতৰ খট্খট্ মাতত প্রাণ পাই উঠে প্রতিজন অসমীয়াৰ অন্তৰ৷ নতুন বছৰক আদৰি পৰম তৃপ্তিৰে বিহুৰ লাডু, পিঠা, দৈ, চিৰা, গুৰ, সান্দহ আদিৰ সোৱাদ গোটেই মাহজুৰি জিভাৰ পৰা আঁতৰি নাযায়৷ এনেহেন ব’হাগ বিহুটিৰ যি পৰম্পৰা, তাক সকলোৱে ধৰি ৰাখিবলৈ বিভিন্ন প্রকাৰে চেষ্টা কৰা দেখা যায়৷
আমি সকলোৱে জানো যে বিহুৰ প্রথম দিনাক গৰুবিহু বুলি কোৱা হয়৷ সেই দিনটোত ঘৰচীয়া জীৱ–জন্তুক আদৰ–সাদৰ কৰি লাউ, বেঙেনা খুৱায় আৰু মাহ, তেল সানি গা ধুওৱাই পূজা কৰা হয়৷ দীঘলতি, মাখিয়তীৰ পাতেৰে কোবাই ডাঙৰ–দীঘল হ’বলৈ কামনা কৰা হয় যাতে কৃষিকার্য সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে৷ গধূলি পৰত গোহালিত নতুন পঘাৰে বান্ধি বিশেষ ধোঁৱাৰ ব্যৱস্থাও কৰা হয়৷ ধোঁৱাৰ বাবে জ্বলোৱা থূপাটোত অগৰু, বেতৰ গজালি দিয়াটো নিয়ম৷ সেই নিয়মত কিন্তু বৈজ্ঞানিক কাৰণ যে নিহিত হৈ আছে, সি নিশ্চিত৷
বিহুৰ দ্বিতীয় দিনটোক মানুহ বিহু বুলি কোৱা হয়৷ সেইদিনা মাহ, হালধিৰে গা–পা ধুই সৰুৱে ডাঙৰক সেৱা জনাই শ্রদ্ধা যাচে আৰু গৃহিণীয়ে দিয়া বিহুৱানখন ডিঙিত আঁৰি লৈ অসমীয়াই নিজকে ধন্য মানে৷ ঘৰে ঘৰে দৈ, চিৰা, লাডু পিঠা, সান্দহৰ গোন্ধে চৌদিশ ছানি ধৰে৷ তেনে এটি দিনতেই এসময়ত কণ কণ শিশুবোৰে ঘৰৰ পদূলি অথবা চোতালত বিহুনাচ প্রদর্শন কৰিছিল আৰু গৃহস্থয়ো তাকে চাই পৰম আনন্দ পাইছিল৷ সেই স্মৃতি আজিও চকুৰ আগত ভাহি আহে৷ পদূলি, চোতালৰ সেই বিহুনাম আৰু বিহুনাচবোৰেই আমাৰ পৰম্পৰা ধৰি ৰখাৰ আখৰা আছিল বুলি ক’ব পাৰি৷ বর্তমান সময়ত তেনে দৃশ্য অতিকৈ বিৰল৷ ইয়াৰ কাৰণো যথেষ্ট আছে৷ ল’ৰালিৰ বিহুৰ সেই মধুৰ স্মৃতি বহুতৰে মনত হয়তো আজিও সজীৱ হৈ আছে৷
আমাৰ আগৰ প্রজন্মৰ আজিও হয়তো মনত পৰে– কিদৰে আই, বৌটিয়ে মৰমেৰে বৈ দিয়া বিহুৱানখন মূৰত বান্ধি লৈ সমনীয়াৰ সৈতে বিহু মাৰিবলৈ ওলাই গৈছিল৷ তেনে কার্যত অভিভাৱকসকলেও কেতিয়াও বাধা আৰোপ কৰা নাছিল৷ বৰঞ্চ সেইবোৰত উৎসাহহে যোগাইছিল৷ তেওঁলোকে জানিছিল– কেনেকৈ নতুন প্রজন্মৰ দ্বাৰা আমাৰ সংস্কৃতি, পৰম্পৰা আগুৱাই লৈ যাব লাগে ভৱিষ্যতলৈ৷
আমি এসময়ত প্রতিবছৰে দেখিবলৈ পাইছিলোঁ যে বিহু নাচিবলৈ যাওঁতে শিশুসকলে সৰু পুতলা ঢ়োল, বাঁহৰ টকা, বাঁহী আৰু কান্ধত এখন কাপোৰৰ মোনা লৈ ওলাইছিল আৰু তাত বিহু নচাৰ বাবদ গৃহস্থই দিয়া মাননি ভৰাই আনিছিল৷ মাননি হিচাপে পোৱা বিভিন্ন ৰং আৰু আকৃতিৰ চাউল, খুচুৰা পইচা, টকা গৃহস্থই মাননি হিচাপে দিছিল আৰু শিশুসকলে সেইবোৰেৰে মিলাপ্রীতিৰে এসাঁজ ভোজ–ভাত খাইছিল৷ সেই ভোজ–ভাতৰ সোৱাদ তেতিয়াৰ শিশু, আজিৰ জ্যেষ্ঠসকলে কেতিয়াও পাহৰিব নোৱাৰে৷ বিভিন্ন কাৰণত আজিৰ প্রজন্মই উৎসৱ–পার্বণ আদিৰ সেই প্রকৃত ৰং, স্ফূর্তি, আনন্দৰ পৰা বঞ্চিত হ’বলগীয়াত পৰিছে৷
সময়ৰ সোঁত আৰু আধুনিকতাৰ দৌৰত আগৰ পৰিস্থিতি, পৰিৱেশ সলনি হ’ল৷ প্রকৃতিৰ সৈতে একাত্ম হৈ উপভোগ কৰা আনন্দ, স্ফূর্তিবোৰ কৃত্রিমতাৰ গহ্বৰত সোমাই পৰিল৷ জনসাধাৰণৰ আর্থ–সামাজিক স্থিতিৰ পৰিৱর্তনে বিহুৰ প্রকৃত অর্থ সলাই পেলালে৷ যান্ত্রিকতাৰ দৌৰত মানুহবোৰ ব্যস্ত হৈ পৰিল৷ সময়ৰ অভাৱৰ অজুহাত শিশুৰ পৰা বৃদ্ধলৈকে সমাজৰ প্রতিটো স্তৰৰ জনসাধাৰণৰ লগত সাঙোৰ খাই পৰিছে৷ বিহু নাচিবলৈ অহা শিশু অথবা কিশোৰ–কিশোৰীৰ সংখ্যা চহৰ বাদেই, গ্রামাঞ্চলতো আঙুলিৰ মূৰত গণিব পৰা হ’ল৷ ঘৰে ঘৰে বিহুনাচ, বিহুনাম গোৱা কার্য এতিয়া এচামৰ বাবে লজ্জাৰ বিষয় হৈ পৰিল৷ স্মার্টফোন আৰু ইণ্টাৰনেটৰ সুবিধা পোৱা বহুতো শিশুই সেইবোৰ কথাত বিশেষ গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷ তাহানিৰ বিহুৰ প্রতি যি উৎসাহ–আন্তৰিকতা আছিল, সাম্প্রতিক সময়ত ই হ্রাস পাইছে৷
সেই তাহানিৰ বিহু আৰু আজিৰ বিহুৰ মাজত যথেষ্ট পার্থক্য দেখা পোৱা যায়৷ সময়ৰ পৰিৱর্তনৰ লগে লগে এচাম অভিজাত লোকৰ পৃষ্ঠপোষকতাত গছৰ তল, পদূলি, চোতালৰ বিহু আহি মঞ্চ পালেহি৷ বহুতেই ইয়াত ব্যৱসায়ৰ উৎসও বিচাৰি পালে৷ বিহুৰ সকলো উপাদান বাণিজ্যিক হৈ পৰিল৷ শেহতীয়াকৈ ম’বাইলৰ বহুল ব্যৱহাৰে বিহুক সস্তীয়া–তৰল স্তৰলৈ নিয়াত প্রধান ভূমিকা গ্রহণ কৰাটো লক্ষণীয়৷ ব’হাগী বিদায় এক আবতৰীয়া উৎসৱ হিচাপে পৰিগণিত হ’ল আৰু ঠাইবিশেষে আহাৰ মাহপর্যন্ত উদ্যাপন কৰা পৰিলক্ষিত হৈ আহিছে৷ এনে প্রৱণতা জাতিটোৰ বাবেই ক্ষতিকাৰক৷
আধুনিকতাৰ দৌৰত ভাৰাক্রান্ত চহৰীয়া জীৱনত কৃষ্টি, সংস্কৃতি, পৰম্পৰা আদিৰ সংজ্ঞা সলনি হৈছে আৰু ইয়াৰ বিৰূপ প্রভাৱ আমাৰ বাপতিসাহোন বিহুৰ ওপৰতো নপৰাকৈ থকা নাই৷ সেই গৰখীয়াৰ বিহু আজি আভিজাত্যৰ বিহু যেন লগা হ’ল৷ পৰিৱর্তনৰ চেপা–খুন্দাত আমাৰ বিহুৰ স্বকীয়তালৈ ভাবুকি আহি পৰিছে৷
বিহুৱান ব’বলৈ শিপিনীৰ অভাৱ হ’ল৷ ঘৰতে তৈয়াৰী বিহুৱান গুচি বহিঃৰাজ্যৰ মেচিনত তৈয়াৰী গামোচাই ঠাই ল’লে৷ তেনেধৰণৰ মানহীন গামোচা আমাৰ ঘৰে ঘৰে সোমাল৷ পর্যাপ্ত পৰিমাণৰ এনে গামোচাই বজাৰ দখল কৰাটো অসমীয়া জাতিৰ বাবে দুর্ভাগ্যজনক কথা৷ বিহুৰ পৰম্পৰা অনুসৰি যিবোৰ খাদ্য তৈয়াৰ কৰা হয়, সেইবোৰ বাণিজ্যিক উপাদান হিচাপে চিহ্ণিত হ’ল৷ ইয়াৰ ফলত অৱশ্যে এচাম নিবনুৱা মহিলাৰ কর্মসংস্থাপনৰ পথ ওলাল৷ ই এক সুখৰ কথা৷ সময় আৰু অনীহাৰ বাবে বজাৰত উপলব্ধ লাডু, পিঠা, বিহুৱান আদিৰে প্রায়ভাগ লোকেই বিহু পালন কৰাৰ পৰম্পৰা বিশেষকৈ চহৰ অঞ্চলত গঢ় লৈ উঠিছে৷ ইও সময়ৰ দাবী বুলি মানি লোৱাৰ বাহিৰে আন একো উপায় নাই৷
বিহু বসন্ত ঋতুৰ উৎসৱ৷ ঋতুবোৰৰ চৰিত্র প্রকৃতিৰ নিয়ম অনুসৰি নির্ধাৰণ হয়৷ আমি মানৱ জাতি প্রকৃতিৰ দাস৷ ভোগালী বিহুত ভোগৰ সামগ্রী, মেজি, কাতি বিহুত তুলসী ৰোপণ, ধাননি পথাৰত বন্তি প্রজ্বলন, ব’হাগ বিহুত বিহুৱান, বিহুনাম, বিহুনাচ, কপৌফুল ফুলা, কুলিৰ মাত আদি পৰিৱেশৰ আমেজ আৰু এক সুকীয়া পৰম্পৰা বিদ্যমান৷ তেনেবোৰ কথা মনত ৰাখি সকলো ছ’চিয়েল মিডিয়াই সম্প্রচাৰত গুৰুত্ব আৰোপ কৰিলে জাতিটোৰ বাবে মংগল হ’ব বুলি ভাবোঁ৷ বতৰৰ বস্তু বতৰতেই সোৱাদ৷ ঠিক তেনেদৰে ঋতু অনুযায়ী উদ্যাপিত উৎসৱ–পার্বণসমূহ্ গীত–মাত সম্প্রচাৰ কৰিলে মান একেই থাকে৷ অন্যথা, মাদকতা হ্রাস হোৱা যেন অনুভৱ হয়৷
সময় পৰিৱর্তনশীল৷ আমাৰ জাতীয় জীৱনৰ প্রধান স্তম্ভ ৰঙালী বিহুটিক অনাগত ভৱিষ্যতত কেনেদৰে পৰম্পৰাগতভাৱে পালন কৰি আগুৱাই লৈ যাব পাৰি, তাৰ চিন্তাচর্চা বিভিন্ন স্তৰত চলি আহিছে৷ লোকজীৱনে গর্ভধাৰণ কৰা লোকসংস্কৃতিৰ অধিকাংশই অধিকাৰ কৰি আছে আমাৰ বিহুত৷ বিহু অসমীয়াৰ জাতীয় পৰিচয়, জাতীয় গৌৰৱ৷ বিহুৰ লগত জডিত হৈ থকা থলুৱা বাদ্যযন্ত্র, গীত–মাত, লোকনৃত্য, সাজ–পোছাক, খাদ্যসম্ভাৰ, লোকাচাৰ আদিৰ বিষয়ে শুদ্ধ জ্ঞান আৰু শুদ্ধ তথ্য প্রচাৰত আমি সকলো সচেতন হোৱা উচিত৷ কোনো ক্ষেত্রতে যাতে আমাৰ বিহুক বিকৃত ৰূপত দাঙি ধৰা নহয়, তাৰ বাবে আমিয়েই নজৰ ৰাখিব লাগিব৷ আমি আমাৰ নতুন প্রজন্মক আমাৰ সংস্কৃতি, পৰম্পৰাৰ সঠিক জ্ঞান দি সেইবোৰ ধৰি ৰাখিবলৈ উৎসাহিত কৰিব লাগিব৷ এয়া প্রতিজন অসমীয়াৰ দায়িত্ব আৰু কর্তব্য৷