নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজক দেখুৱাই নাটক কৰা মহাজোঁটেই নামিছে হর্ছ ট্রেডিঙত

নিজ প্রার্থীৰ বাবে সাজু কৰিছে গুৱাহাটী–তেজপুৰৰ হোটেল

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ বিজেপিয়ে হর্ছ ট্রেডিং কৰিব বুলি ৰাইজক দেখুৱাই ইখনৰ পাছত সিখন নাটক কৰি অহা মহাজোঁট নিজেই নামিছে হর্ছ ট্রেডিঙত৷ ৰাজ্যখনত তিনিটা পর্যায়ত ভোটগ্রহণ শেষ হোৱাৰ পাছতেই বিজেপিয়ে মহাজোঁটৰ প্রার্থীক হর্ছ ট্রেডিং কৰিব বুলি প্রথমতে এ আই ইউ ডি এফৰ প্রার্থীসকলৰ লগতে কংগ্রেছৰো একাংশ প্রার্থীক ৰাজস্থানৰ জয়পুৰলৈ পঠিয়ায়৷ ইয়াৰ কেইদিনমান পাছতেই বি পি এফৰ প্রার্থীসকলকো ছত্তিশগড়লৈ পঠিয়ায়৷ বিজেপিয়ে যাতে তেওঁলোকক হর্ছ ট্রেডিং কৰিব নোৱাৰে, তাৰেই সতর্কতামূলক ব্যৱস্থা হিচাপে মহাজোঁটে এই পদক্ষেপ গ্রহণ কৰে৷ সেইদৰে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছে কালি দলীয় প্রার্থীসকলৰ সৈতে গুৱাহাটীৰ আজাৰাৰ এখন বিলাসী হোটেলত বৈঠকত মিলিত হৈ দলীয় প্রার্থীসকলক অহা ২২ এপ্রিলৰ পৰা ভোটগণনা পর্যন্ত একেলগে ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে৷

সেই অনুসৰি গুৱাহাটীৰ খানাপাৰাস্থিত গ্রীনউড ৰিজ’ট আৰু তেজপুৰৰ গ্রীনউড হোটেল সাজু কৰি ৰাখিছে৷ গুৱাহাটীকে ধৰি মধ্য অসম আৰু নামনি অসমৰ প্রার্থীসকলক গ্রীনউড ৰিজ’টত আৰু উজনি অসম আৰু উত্তৰ অসমৰ প্রার্থীসকলক তেজপুৰৰ গ্রীনউড হোটেলত ৰাখিব৷ ৰাইজক দেখুৱাই হর্ছ ট্রেডিঙৰ অজুহাতত মহাজোঁটে ইখনৰ পাছত সিখন নাটক কৰি অহাৰ সময়তে স্বয়ং মহাজোঁটেই নামিছে হর্ছ ট্রেডিঙত৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ পাছত কংগ্রেছ সাংসদ আব্দুল খালেকৰ মন্তব্যতেই প্রকাশ পাইছে মহাজোঁটৰ সেই ভয়ানক পৰিকল্পনাৰ বিষয়৷ উল্লেখ্য যে যোৱা ৯ এপ্রিলত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এইবাৰ মহাজোঁটে হর্ছ ট্রেডিং কৰিব বুলি সদম্ভে মন্তব্য কৰে৷

ইয়াৰ কেইদিনমান পাছতেই এ আই ইউ ডি এফৰ সোণাই সমষ্টিৰ প্রার্থী কৰিমুদ্দিন বৰভূঞাই বিজেপিৰ বহু প্রার্থী তেওঁলোকৰ সৈতে যোগাযোগত থকাৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি অহা ২ মে’ত নির্বাচনী ফলাফল প্রকাশৰ পাছতেই তেওঁলোক মহাজোঁটলৈ আহিব বুলি প্রকাশ কৰে৷

আজমলৰ পাছত  বৰপেটাৰ কংগ্রেছ সাংসদ আব্দুল খালেকে ‘নিয়মীয়া বার্তা’ৰ আগত মিত্রজোঁটৰ একাংশ প্রার্থীৰ সৈতে মহাজোঁটৰ যোগাযোগ চলি আছে বুলি জানিবলৈ দিয়ে৷ এই সম্পর্কত সাংসদ খালেকে কয়– ‘অগপ আৰু ইউ পি পি এলৰ প্রার্থীও আমাৰ লগত যোগাযোগত আছে৷’ অৱশ্যে তেওঁ অগপ আৰু ইউ পি পি এলৰ কোন কোন প্রার্থী তেওঁৰ সৈতে যোগাযোগত আছে, সেই বিষয়ে বিশেষ তথ্য দিবলৈ অস্বীকাৰ কৰে৷ ইউ পি পি এলৰ প্রসংগত তেওঁ আৰু কয় যে ইউ পি পি এলে কেইখন আসন লাভ কৰে, তাৰ ওপৰতো বিষয়টো নির্ভৰ কৰিব৷ তদুপৰি বি পি এফ হৈছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ বিশ্বস্ত সংগী৷ সেয়ে বি পি এফে বেয়া পোৱা কামো তেওঁলোকে কৰিব নোৱাৰে৷

আনহাতে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একাংশ প্রার্থীৰ সৈতে তেওঁৰ যোগাযোগ চলি থকাৰ বিষয়ে জানিবলৈ দি কয় যে তেওঁ নিজেই দল দুটাৰ দুই–এজন প্রার্থীৰ লগত নিয়মিত কথা–বতৰা পাতি আছে৷ তেওঁলোকে যদি মহাজোঁটৰ চৰকাৰত যোগ দিব খোজে, তেওঁলোকৰ বাবে মহাজোঁটৰ দুৱাৰ খোলা থাকিব৷ সাংসদ খালেকৰ সেই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে, প্রয়োজনত মিত্রজোঁটত ভাঙোন আনি হ’লেও মহাজোঁটে এইবাৰ চৰকাৰ গঠনৰ বাবে পৰিকল্পনা সাজু কৰি ৰাখিছে৷ যাৰ বাবে মিত্রজোঁটৰ অংশীদাৰ দল অগপ, ইউ পি পি এলৰ প্রার্থীৰ সৈতেও নির্বাচনী ফলাফল প্রকাশৰ পূর্বেই তেওঁলোকে যোগাযোগ ৰক্ষা কৰি চলিছে৷ মুঠতে বিজেপিয়ে হর্ছ ট্রেডিং কৰি চৰকাৰ কৰিব পাৰে বুলি ৰাইজক দেখুৱাই ইখনৰ পাছত সিখন নাটক কৰি অহা মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছ আৰু ছেকেণ্ড বিগ ব্রাদাৰ এ আই ইউ ডি এফে ভোটগণনাৰ পূর্বেই হর্ছ ট্রেডিঙৰ চিকাৰত নামি পৰিছে৷

অৱশ্যে এই হর্ছ ট্রেডিং কিমান দূৰ সফল হয়, সেয়া অহা দুই মে’ৰ নির্বাচনী ফলাফলৰ পাছতহে স্পষ্ট হ’ব৷ কিয়নো এ আই ইউ ডি এফ আৰু কংগ্রেছে যোগাযোগ অব্যাহত ৰখা বিজেপি, অগপ, ইউ পি পি এলৰ প্রার্থীসকল জয়লাভ কৰিলেহে তেওঁলোকৰ অভিযানে সফলতা লাভ কৰিব৷

You might also like