পানীপুৰি প্ৰস্তুত যন্ত্ৰ উদ্ভাৱনেৰে চমক তিনি ছাত্ৰৰ
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ মুখৰোচক খাদ্য হিচাপে পানীপুৰি বা ফুচকা বহুতৰে প্রিয়৷ খাই ভাল পোৱা সত্ত্বেও পানীপুৰি বিক্রেতাৰ পৰিষ্কাৰ–পৰিচ্ছন্ন কথা ভাবি বহুতে থমকি ৰ’বলগীয়া হয়৷ কিন্তু এই সকলোবোৰ সমস্যাৰ পৰা মুক্ত কৰি পানীপুৰিৰ সোৱাদ দিবলৈ আগবাঢ়ি আহিছে দুগৰাকী অসমীয়া যুৱক৷ এতিয়াৰে পৰা ফুচকাৱালাৰ লেতেৰা হাতখনৰ কথা চিন্তা নকৰাকৈও সোৱাদ ল’ব পাৰিব ফুচকাৰ৷ যুৱক দুগৰাকীৰ প্রচেষ্টাত শীঘ্রেই বজাৰলৈ আহিব স্বয়ংক্রিয়ভাৱে পানীপুৰি প্রস্তুত কৰিব পৰা যন্ত্র৷ এই যন্ত্রত নিজে নিজেই প্রস্তুত হয় পানীপুৰি৷ যন্ত্রৰ দ্বাৰাই কেঁচা সামগ্রীৰ পৰা পানীপুৰি প্রস্তুত কৰাৰে পৰা পানীপুৰিত আলুবা মা–মচলা দিয়ালৈকে সকলো কৰিব পাৰি৷ এই পানীপুৰি ভেণ্ডিং মেচিনৰ জৰিয়তে একেলগে প্রস্তুত হয় পাঁচবিধ ভিন্ন সোৱাদৰ পানীপুৰি৷ সেয়া ২০১৬ চনৰ কথা– তেজপুৰ বিশ্ববিদ্যালয়ৰ অভিযান্ত্রিক পাঠ্যক্রমৰ তিনিগৰাকী ছাত্র সৌৰভজ্যোতি শর্মা, অভিজিত নাথ আৰু সন্দীপ গগৈয়ে বিদ্যায়তনিক প্রকল্প হিচাপে সাজি উলিয়াইছিল পানীপুৰি ভেণ্ডিং মেচিন৷
বিজ্ঞানসন্মতভাৱে সাজি উলিওৱা এই যন্ত্রই প্রতি মিনিটত দহটাকৈ পানীপুৰি স্বয়ংক্রিয়ভাৱে প্রস্তুত কৰিব পাৰে৷ ছাত্র তিনিগৰাকীৰ এনে উদ্ভাৱনী শক্তিৰ বাবে তেওঁলোকে উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুৰ পৰা গান্ধীয়ান ইয়ং টেকন’লজিকেল ইন’ভেচন এৱার্ড গ্রহণ কৰিবলৈ সক্ষম হৈছে৷ ‘আচলতে তেজপুৰ বিশ্ববিদ্যালয়ত এন এছ এছৰ সৈতে জডিত থকাৰ সময়ত মোৰ নেতৃত্বত এটা দল এখন অনাথ আশ্রমলৈ গৈছিলোঁ৷ তাত শিশুসকলৰ দাবীত আমি ফুচকা খুৱাইছিলোঁ৷ কিন্তু তাৰ পিছৰ দিনা ছটা শিশু অসুস্থ হৈ পৰে৷ মই ফুচকাৱালাজনৰ ঘৰলৈ গৈ পানীপুৰি প্রস্তুত কৰাৰ যি লেতেৰা পৰিৱেশ দেখিছিলোঁ, তাৰ পৰাই এই যন্ত্রটোৰ কথা ভাবিবলৈ বাধ্য হৈছিলোঁ৷’– যন্ত্রটো তৈয়াৰ কৰি উলিওৱাৰ আঁৰৰ কাহিনী এনেদৰে প্রকাশ কৰে সৌৰভজ্যোতি শর্মা নামৰ যুৱকজনে৷ পৰৱর্তী সময়ত অভিযান্ত্রিক শিক্ষা সাং কৰাৰ পিছত লোভনীয় চাকৰি পায়ো নকৰি পানীপুৰি ভেণ্ডিং মেচিন ব্যৱসায়িকভাৱে তৈয়াৰ কৰিবলৈ লয় সৌৰভ আৰু অভিজিত নামৰ যুৱক দুগৰাকীয়ে৷ ইপিনে, সন্দীপেও নিজাকৈ আন এক ব্যৱসায়িক প্রতিষ্ঠান আৰম্ভ কৰিছে৷ পিকহংস নামৰ ষ্টার্ট–আপটোৰ জৰিয়তে সৌৰভ আৰু অভিজিতে সদ্যহতে পানীপুৰি মেকিং মেচিন বজাৰত মেলি দিছে৷ তেওঁলোকৰ প্রতিষ্ঠানৰ প্রথমটো পানীপুৰি ভেণ্ডিং মেচিন ২০২০ চনৰ ভিতৰতে বজাৰলৈ আহিববুলি জনাইছে উদ্যমী যুৱক দুজনে৷ ২০–৩০ হাজাৰ টকাৰ ভিতৰত দাম হ’বলগীয়া এই যন্ত্রটোৰ ক্ষেত্রত চাফ–চিকুণতাৰ ওপৰত গুৰুত্ব প্রদান কৰাৰ লগতে সময় ৰাহি হোৱাৰ বাবে বিক্রেতাসকলো উপকৃত হ’ব৷ বর্তমান প্রট’টাইপ স্তৰত থকা যন্ত্রটোক ফুচকা বিক্রেতাসকলৰ লগতে ফুচকা খাই ভাল পোৱাসকলেও আদৰি ল’ব বুলি আশা প্রকাশ কৰিছে যুৱ ব্যৱসায়ী দুজনে৷ ভৱিষ্যতে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্রখন সম্প্রসাৰিত কৰিব বুলিও আমাক জনাইছে৷ এই ক্ষেত্রত দেশ–বিদেশৰ বহু বিশেষজ্ঞৰ পৰাও যুৱক দুজনে প্রশিক্ষণ গ্রহণ কৰিছে৷ কেৱল ভাষণ আৰু আন্দোলনে জাতিক জীয়াই ৰাখিব নোৱাৰে, যদিহে বজাৰ আৰু পথাৰ আমাৰ হাতত নাথাকে৷ সেই কথাকে অনুধাৱন কৰি স্ব–নিয়োজনৰ দিশেৰে আগবঢ়া সৌৰভ আৰু অভিজিত নামৰ যুৱ ব্যৱসায়ী দুজন বহুতৰে বাবে অনুকৰণীয় হোৱা উচিত৷
- ৰিংকুমণি পাঠক