ক’ৱিডৰ ‘তৃতীয় ঢ়ৌ’!! সুধীগণ, মুক্তভাবে নিচিন্তে কিয়, মুখ ফুটাই নামানে কিয়?
স্বদেশ আৰু স্বজাতিৰ মহাসংকটৰ কালত, দেশ–দুনিয়াত বলি থকা এক কালধুমুহাৰ পকনীয়াৰ মাজত মই দোষাৰোপৰ স্বার্থত কাৰো ওপৰত দোষ আৰোপ কৰিব খোজা নাই৷ মাতৃ ভূমি তথা মাতৃ ভাষা তথা মাতৃ ভূমিৰ সমূহ থলুৱা ভাষা–সংস্কৃতি মোৰ প্রাণ৷ সিবিলাকৰ অনুসৰণত কৰা একান্ত বস্তুনিষ্ঠ আলোচনাত প্রসংগ বিশেষে, ঠাই বিশেষে ভিন্ ভিন্ পক্ষৰ ফালে আঙুলি পোন হ’ব পাৰে৷
পৰিস্থিতি অত্যন্ত ভয়ানক৷ অলেখজন বলি হ’ল৷ আৰু কাৰ ক’ত কেতিয়া কি হ’ব, কোনেও নাজানে৷ ময়ো নাজানো মোৰ নিজৰ কথা৷ এতিয়ালৈকে বাচি আছোঁ৷ কিন্তু, প্রসংগ সুকীয়া হ’লেও, মনত পৰিছে– কৱি যতীন্দ্র নাথ দুৱৰাই কৰা ওমৰ খায়ামৰ কৱিতাৰ অনুবাদৰ সেই বিখ্যাত অংশ– ‘আজিয়েই দিয়াঁ/ কালিলৈ কিয়/ কোনে জানে মোৰ/ কালি কি হ’ব৷’
এই লেখা ওলায়গৈ মানে, ক’ত, কেতিয়া, কোন দিশত পৰিস্থিতিৰ কেনেকুৱা পৰিৱর্তন ঘটিব পাৰে, তাৰ একো নিশ্চয়তা নাই৷ কিন্তু ইতিমধ্যে, – ক’ৱিডৰ ভয়াৱহ দ্বিতীয় ঢ়ৌটোৱে সংহাৰ চলাই থকাৰ মাজতে ভাৰত চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টাগৰাকীয়ে সতর্ক বাণী শুনাইছে যে দেশত ক’ৱিডৰ তৃতীয় ঢ়ৌ এটা অহাৰ পূর্ণ সম্ভাৱনা আছে৷ সেই ঢ়ৌ আহিলে অসমকে ধৰি সমগ্র ভাৰতত কি ঘটিব পাৰে, সেই কথা মঞি মূঢ়মতিয়ে প্রতিগৰাকী লোকৰ নিজা নিজা কল্পনা শক্তিলৈ এৰিলোঁ৷ আনহাতে, উপদেষ্টাগৰাকীৰ সেই সতর্ক বাণীৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রৰ মহামান্য উচ্চতম ন্যায়ালয়ে, মানুহৰ জীৱন ৰক্ষার্থে দিল্লীকে ধৰি সমগ্র দেশত যথোচিত পৰিমাণৰ অক্সিজে’নৰ উৎপাদন আৰু যোগাৰ তথা চিকিৎসালয়সমূহত যথেষ্ট আই ছী য়ূ–কে ধৰি প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ লগতে, মানুহৰ জীৱনক লৈ হেতালি নেখেলিবলৈও সতর্ক কৰি দিছে৷ দিল্লী ভাৰতৰ ৰাজনৈতিক তথা অন্যান্য প্রায় সকলো ক্ষেত্রৰে হূৎপিণ্ড দেশৰ সকলো অংশৰে আৰু আন্তর্জাতিক ক্ষেত্রৰ লাখ লাখ লোকৰ যাতায়াত আৰু কাম–কাজৰ এক বৃহৎ স্নায়ুকেন্দ্র৷ তেনেস্থলত, দিল্লীত এখন অ–ভাজপা চৰকাৰ চলি থকাৰ কাৰণতে, দিল্লীৰ মুখ্য মন্ত্রী অর্ৱিন্দ্ কেজৰিৱালে দিল্লীৰ চিকিৎসালয়সমূহত অমুক দিয়ক, তমুক দিয়ক বুলি কেন্দ্রৰ ভাজপা চৰকাৰখনক নিতৌ ভিন্ ভিন্ ধৰণে অনুনয়–বিনয় আৰু দাবী কৰি থাকিবলগীয়া হোৱা অৱস্থাটোৱে বহু ৰাজনৈতিক মহলৰ অমানৱীয়, দানৱীয়, পৈশাচিক, অনৈতিক, নিকৃষ্ট, প্রতিশোধপৰায়ণ আৰু হূদয়হীন ৰূপটো প্রকট কৰি তোলাৰ উপৰি, বিশ্বৰ বৃহত্তম ৰাষ্ট্রখনত, বিগত ৭৪টা বছৰত ভিন্ ভিন্ দলীয় চৰকাৰৰ দ্বাৰা প্রস্তুত কেন্দ্রীয় বাজে’টসমূহত ৰাষ্ট্রযন্ত্রৰ অগ্রাধিকাৰৰ স্বৰূপটো উলংগভাবে উদঙাই দিছে৷ ‘আপ’ AAP) চৰকাৰৰ শাসনাধীন দিল্লীৰ মানুহবোৰ, দিল্লীত ক’ৱিডত প্রাণ হেৰুওৱা মানুহবোৰ ক’ৰ? বিগত কেইদিনত, অসমকে ধৰি, দিল্লীকে ধৰি অসমৰ বাহিৰৰ কত ঠাইত যে চিনাকি–চিনাকি, খ্যাত–খ্যাত কিমানজন অমূল্য অসমীয়া মানুহক হেৰুৱালোঁ৷
অসমৰ কাৰণে হস্তিনাপুৰ সদায় দূৰ অস্তি চূড়ান্ত মিথ্যাচাৰ নিক্ষেপৰ লক্ষ্য৷ শ শ উদাহৰণৰ প্রয়োজন নাই৷ ২০১৪ চনৰ ১৬ মেইৰ পাছত, অসমস্থ সকলো বাংলাদেশীয়ে টালি–টোপোলা লৈ নেগুৰ দাঙি বাংলাদেশলৈ প্রস্থান কৰা নয়নাভিৰাম দৃশ্যটোৱেয় যথেষ্ট৷ ‘স্মার্ট্ ছিটি’ গুৱাহাটীখনতো আটাইৰে চকুৰ আগত৷ অসম আৰু পশ্চিমবংগৰ লগতে আৰু তিনিখন ৰাজ্যত হোৱা বিধানসভাৰ নির্বাচনৰ ফলাফল ২ মেইতে ওলাল৷ পশ্চিমবংগৰ বংগবাদী দলৰ মাৰৰ কোবত হিন্দুত্ববাদী দলৰ ‘উদ্বাস্তু’ আহি এসময়ৰ মহাৰাজ নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ৰ কোঁচ ৰাজ্যৰ অংগ, অবিভক্ত গোৱালপাৰাৰ পৰা খণ্ডিত, বেউলা–লক্ষীন্দৰৰ কাহিনী বিজড়িত, নেতাই ধুবুনীঘাটৰ ধুবুৰীৰ অন্তর্গত গোলকগঞ্জত সোমালহি জাকে জাকে৷ হস্তিনাপুৰে মুখ মেলিবলৈ নৌ পাওঁতেই, ঐশ্বর্যশালী খাৰখোৱাৰ প্রাগজ্যোতিষপুৰৰ ৰাজ দৰবাৰৰপৰা তড়িৎ গতিত বার্তা গ’ল,– সিসৱ যিমানদিন তাত থাকে, সিমান দিনলৈ সিসৱৰ বাস আৰু ভৰণ–পোষণৰ ভাৰ অতিথিবৎসল অ–স–মৰ ‘হাংগামা’ হ’ল বংগত৷ দলে–বলে লোকজন বহিলহি অসমত৷ ভাজপাক হুদু খেদা দি নিশ্চিন্ত ‘দিদি’য়ে তাৰ মাজতে চৰকাৰ গঠন কৰিয়েই দিলে বাপ্পেকেA for Assam নামৰ, মামৰে খোৱা জাহাজখনহে অচল হৈ আঠ–দহ দিনে ৰৈ থাকিল নাড্ডা নামে সাগৰৰ মাজপানীত খুন্দিয়াই৷ এইবোৰে নোচোৱে আমাৰ বিদ্যাৰ জাহাজবোৰৰ সুধীগণক৷ মুখত মোটা বেতনৰ পেটুৱা মোনাৰ সোপা৷
মাথোন ‘আহিবলগীয়া তৃতীয় ঢ়ৌ’ৰ বেলিকাতে নহয়৷ দ্বিতীয়টো ঢ়ৌৰো কেইবামাহৰো আগেয়েই, বিশ্ব স্বাস্থ্য সংস্থা, স্বাস্থ্য বিজ্ঞান আৰু চিকিৎসা বিজ্ঞান সম্পর্কীয় বিশ্বৰ বহুতো মহলে মত প্রকাশ কৰিছিল যে ভাৰতত অদূৰ ভৱিষ্যতে ক’ৱিডৰ এটা বৃহৎ গণ সংক্রমণৰ আশংকা আছে৷ কিন্তু ৰেইলৱেইয, বিমান বন্দৰ, তৈল ক্ষেত্র, তেল শোধনাগাৰ, কয়লা ক্ষেত্র, কাগজ কল আদি কৰি, ৰাজহুৱা খণ্ডৰ সকলো সম্পদৰ ওপৰত হস্তক্ষেপ তথা সকলোৰে ব্যক্তিগতকৰণ ৰিযার্ভ বেংক, ন্যায়পালিকা আদিৰ ‘নিয়ন্ত্রণ’ আদি–ইত্যাদি তথা বৈচিত্র্যহীন একীকৰণ আৰু নির্বাচনী বিজয়ৰ অশ্বমেধৰ চিন্তা–চর্চা আৰু কৌশল নির্ণয়ত অহৰহ ব্যস্ত চৰকাৰখনৰ গৰজ আৰু আহৰি নাছিল সেইবোৰলৈ কর্ণপাত কৰিবলৈ৷ গৰজ কিম্বা সময় নাছিল, ৰাষ্ট্রৰ তথা নিজ নিজ ৰাজ্যসমূহৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে দলৰ মজিয়াত কেতিয়াও গভীৰভাৱে চিন্তা–চর্চা আৰু আলোচনা নকৰা কিন্তু ৰাজক্ষমতা হস্তগত কৰি ৰাজপ্রাসাদৰ দধি–দুগ্ধ–ঘৃত–মধু পান আৰু সোণৰ পালেঙত শয়নৰ বাসনা আৰু স্বপ্ণত তথা তৰল পাৰস্পৰিক গালিবর্ষণত অহৰহ মত্ত, আৰু অজুহাত পালেই বাগৰ সলোৱা ‘বিৰোধী’ দলবোৰৰো৷
এটা কথা৷ ডিঙিটোৰ ওপৰৰ নাৰিকলটোত সাৰুৱা কিবা বস্তু থকা আটাই লোকে বুজা কথা৷ বেমাৰৰ গণ সংক্রমণ সাধাৰণতে আৰু বেছিকৈ হয় ক’ত? য’ত জনসংখ্যা বেছি বসবাস থেপাথেপি৷ স্যুইৎসেলেণ্ড্, ন(ৰ্)ৱেই, স্কেণ্ডিনেৱিয়া আদিয়ে কি কয়? আৰু, অসমে? লাহে লাহে অসমত এতিয়া এনেবোৰ কথা ক্রমবর্ধমানসংখ্য লোকে এৰাই চলিবলৈ ধৰিছে৷ সম্প্রতি ‘বাংলাদেশ’ আৰু ‘বাংলাদেশী’ এই শব্দ দুটা আটাই ৰাজনৈতিক দল, অর্ধৰাজনৈতিক সংগঠন তথা বিদ্যাৰ জাহাজ জাতীয় বিদ্যায়তনিক অনুষ্ঠান–প্রতিষ্ঠানৰ্ ভিন্ ভিন্ ৰাজনৈতিক ৰঙৰ মতাদর্শৰ বেছিভাগ জ্ঞানী লোকৰ জিভাৰ পৰা ভিতৰলৈ গৈ গৈ মাছৰ কাঁইট লগাদি ডিঙিত লাগি ধৰিছেগৈ৷ ব্রিটিশ্ ভাৰতৰ অসমত মুছলিম লীগৰ ‘প্রধান মন্ত্রী’ মহম্মদ ছাদুল্লাই,– ব্রিটিশে ভংগ কৰা বংগৰ পূর্ব বংগৰ পৰা মুছলমান লোকৰ ব্যাপক আমদানি আৰু পট্টনৰ ব্যৱস্থা কৰিছিল৷ উদ্দেশ্য আটাইৰে জ্ঞাত৷ ১৯৪৭ চনৰ ১৪–১৫ আগস্তৰ মাজনিশাৰ পৰা আৰম্ভ কৰি গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ কংগ্রে’ছ্ চৰকাৰ দুখনৰ বাদে,– বিমলা প্রসাদ চলিহা আৰু আন আটাই কংগ্রে’ছী মুখ্য মন্ত্রীৰ চৰকাৰকেইখনে নিজৰ ভোট ভাণ্ডাৰ ফিন্দোৱাৰ স্বার্থত মুছলমান আৰু হিন্দু পূব পাকিস্তানীৰ/বাংলাদেশীৰ আহ্বায়ক, আমদানিকাৰী আৰু ৰক্ষক হৈ থাকিল৷ ইতিহাসৰ চাকনৈয়াত ক্ষমতাধিষ্ঠিত জনতা চৰকাৰ আৰু অগপ চৰকাৰো হৈ পৰিল সেই একে পথৰে পথিক৷ অত্যন্ত ন্যায়সংগত আৰু যুক্তিযুক্ত অথচ পথভ্রষ্ট ছবছৰীয়া আন্দোলনটোৰ কথালৈ নাযাওঁ৷ এতিয়া কেন্দ্র আৰু ৰাজ্য, দুয়ো ঠাইতে ক্ষমতাধিষ্ঠিত, ধর্মোন্মাদ, হিন্দুত্ববাদী ভাজপা তথা অসমত ভাজপাৰ অপভ্রংশ অগপকো আৰু সৌ সিদিনালৈকে বী পী এ’ফকো আৰু এই মুহূর্তত য়ূ পী পী এ’লকো (লাগিছিল) লাগে বাংলাদেশী৷ মাথোন মুছলমান নহয়, হিন্দু হিন্দু বাংলাদেশী নাগৰিকৰ সংজ্ঞায় সলনি হৈ গ’ল৷ আৰু, হিন্দুও হিন্দু,– মাথোন এতিয়া থকা অনুপ্রৱেশকাৰী হিন্দু বাংলাদেশীসৱেয় নহয় ঠিক এই মুহূর্তত ঢ়াকা, খুল্না, পাব্না, ৰাজশাহী, সিমলাগ্রাম, চট্টগ্রামত থকা চাবেক হিন্দু বাংলাদেশীসৱো স্থিতিগত ভাৰতীয় নাগৰিক, আৰু, সেহি সূত্রে, অসমত ভূমি পট্টন, চাকৰি–বাকৰি, ব্যৱসায়–বাণিজ্য, ঠিকা–ঠুকলি, ভোটাধিকাৰ, এই সমস্তৰে ন্যায্য অধিকাৰী৷ বিয়পালে বিয়পাওক ক’ৱিড আৰু আন কি কি বিয়পায়৷ ইফালে, থাকিলে থাকক,– বান, খহনীয়া আৰু বিদেশীয়ে খেদি ফুৰা ভূমিহীন থলুৱাহঁত,– মানে, শহুৰেক–শাহুৱেক–বো, ল’ৰা–ছোৱালী, বুঢ়া–বুঢ়ী আটাই একেলগে মথাউৰিত পলিথীনৰ চালি তৰি, গৰু–ম’হ–ছাগলী–হাঁহ–কুকু সমন্বিতে মিলি–জুলি৷
‘আহিবলগীয়া তৃতীয় ঢ়ৌ’ৰ কথা থাকক৷ চলি থকা দ্বিতীয় ঢ়ৌটোৰ কথা শুনক৷ অসমত, গাখীৰ বগা, এঙাৰ ক’লা, সূর্য্যটো পূবে উদিত হৈ পশ্চিমে অস্ত যায় বুলি মুখ ফুটাই ক’ব খোজা মানুহ ক্রমাৎ মহঙা হৈ আহিছে৷ হ’বই মানুহৰ বুদ্ধি–বৃত্তি বেছি হৈ আহিছে,– মানে, বৃত্তিধাৰী বুধিয়ক মানুহৰ সংখ্যা৷ ক’ৱিডৰ দ্বিতীয় ঢ়ৌৱে ৰুদ্র ৰূপ ধৰিবলৈ আৰম্ভ কৰোঁতেই, বছৰৰ বিহুটোৰ দিনা, ১৪ এপ্রিল তাৰিখতে মূঢ়মতিয়ে লিখিছিলোঁ যে সেই ঢ়ৌৰ বাবে চৰকাৰ, চৰকাৰী ৰাজনৈতিক দল আৰু বিৰোধী দলবোৰেয় প্রধানতঃ দায়ী যে সিসৱ আটাইৰে মনৰো মনৰ, প্রাণৰো প্রাণৰ কথাটো আছিল যে পাছে–পৰে যি হয় হৈ থাকিব (লাগিলে, লাখ লাখ মানুহ মৰিলেও মৰক কথা নাই) আগেয়ে নির্বাচনটো হৈ যাওক৷ জিকিবই বুলি আটাই আছিল ‘ছে’ণ্ট্ পে’(ৰ্) ছে’ণ্ট্’ (শতকৰা এশ ভাগ) নিশ্চিত৷ কোনো এটা দলেও নির্বাচন আয়োগক (‘নির্বাচনী– মানে,ELECTORAL COMMISSION নহয়, বাপ্পা হেৰেই) নক’লে যে লাগিলে নির্বাচনটোকে কিছুদিন পিছুৱাই দিয়া হওক, কিন্তু এই অতিমাৰীটোৱে লাখ লাখ মানুহৰ প্রাণ কঢ়াৰ বাটটো সুচল কৰি দিয়া নহওক৷ কিয় ক’ব? সিংহাসনৰ কথা
১৯৭৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিন্হাৰ আদালতে যেতিয়া ১৯৭১ চনৰ লোকসভা নির্বাচনত প্রধান মন্ত্রী ইন্দিৰা গান্ধীৰ নির্বাচনৰ বিৰুদ্ধে, গান্ধীৰ প্রতিদ্বন্দ্বী ৰাজ নাৰায়ণে দাখিল কৰা গোচৰৰ ভিত্তিত দিয়া ৰায় যোগে ইন্দিৰা গান্ধীৰ উক্ত নির্বাচন (জয়) অবৈধ বুলি ঘোষণা কৰিছিল, তেতিয়া ইন্দিৰা গান্ধীয়ে কেন্দ্রৰ তদানীন্তন আইন মন্ত্রী, চাণক্য, সিদ্ধার্থ শংকৰ ৰায়ৰ পৰামর্শ অনুসাৰে, সেই (১৯৭৫) চনৰে ২৪–২৫ জনৰ মাজনিশা,– নিজৰ একান্ত ব্যক্তিগত ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বার্থত সমগ্র দেশতে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰি জয়প্রকাশ নাৰায়ণকে ধৰি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ডাঙৰ ডাঙৰ প্রায় সকলো বিৰোধী ৰাজনৈতিক নেতাক হোৰাহোৰে পোতাশালত ভৰাই পাঁচ বছৰৰ ঠাইত ছয় বছৰ দুই মাহ (অপ–)শাসন কৰিছিল৷ তেনেস্থলত, অর্থাৎ একান্ত ব্যক্তিগত স্বার্থত ঘোষণা কৰা জৰুৰী অৱস্থাৰ বিপৰীতে, বিশ্বৰ নির্ভৰযোগ্য, তথ্যবিজ্ঞ মহলে ব্যক্ত কৰা এক আসন্ন জাতীয় বিপর্য্যয়ৰ পৰিপ্রেক্ষিতত, আটাই ৰাজনৈতিক দলে,– জৰুৰী অৱস্থা ঘোষণা কিম্বা তেনে অন্য কিবা জৰুৰী ব্যৱস্থা অৱলম্বনৰ যোগে, পাঁচখন ৰাজ্যৰ বিধানসভাৰ নির্বাচন কিছুদিনলৈ পিছুৱাই দিবলৈ আর্জি পেছ কৰিব নোৱাৰিলেহেঁতেননে? নোৱাৰে ক্ষমতাৰ খঁক বৰ ডাঙৰ খঁক৷ মানুহবোৰ যেন যুদ্ধত বৰতোপৰ খাদ্য, ‘কেনন্ ফডা(ৰ্) সেয়ে হ’ল সেয়ে হৈ আছে আৰু হ’ব ময়ো হ’ব পাৰোঁ, কি ঠিক?
অসমৰ বেলিকা, পূর্বেও এই কথাটো কওঁতে, ‘বী টী আৰ’ৰ নির্বাচন আৰু ৰাজ্য বিধান সভাৰ নির্বাচন, এই দুয়োটা সন্দর্ভতে, জনদিয়েক বিয়াগোম লোকৰ/ প্রার্থীৰ নাম লৈছিলোঁ৷ আটাইৰে নাম লোৱা কোনোপধ্যে সম্ভৱ নহয়৷ তালিকা অনন্ত৷ তথাপি, আজিৰ সমগ্র ভাৰত তথা বিশেষতঃ অসমৰ পৰিপ্রেক্ষিতত, বর্তমান অৱস্থাৰ বাবে প্রধানতঃ দায়ী বেছ কিছু কাণ্ডাৰী–ভাণ্ডাৰীৰ নাম ল’বই লাগিব৷ লওঁ, দিয়ক৷ সিসৱৰ ভিতৰত নির্বাচনত উঠা, নুঠা, মাথোন অভিযানত নেতৃত্ব দিয়া, নৃত্য–গীত পৰিৱেশন কৰা, ৩০/৩৫/৪০ বছৰ ‘জনপ্রতিনিধিত্ব’ কৰিও একোটো কৰিব নোৱৰা, অথচ মনোনয়ন নাপাই ‘বঞ্চিত’ বুলি ফেকুৰা, সোঁপন্থী, বাঁওপন্থী, মধ্যমপন্থী, সর্বপন্থী, লুটি–বাগৰপন্থী, সকলো আছে৷ ক’ৱিডৰ বিপর্য্যয়ক ঠেলা মাৰি থৈ নির্বাচনত জঁপিয়াই পৰি কালধুমুহা মাতি অহাসকল কোনো সভাত সমৱেত লাখ লাখ জনতাক প্রত্যক্ষ কৰি এনে জনসমুদ্র জীৱনত দেখা নাই বুলি ৫৬ ইঞ্চি বহল বুকু ফুলাই সমগ্র বিশ্বৰ কোটি কোটি বাঙালীক ‘জয়’ কৰাৰ সপোন দেখি ‘দিদি’ৰ থেকেচাত হতভম্ব হোৱা আদি অলেখজনৰে মাজৰ বহুজনৰ নাম আজি অতি প্রাসংগিক ঃ য’ত যেনেকৈ মনত পৰে আৰু= জে’ পী নাড্ডা, নৰেন্দ্র মোদী, অমিত শাSha)হ, সোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী, ৰিপুণ বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, সর্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শর্মা, ৰঞ্জিত দাস, বদৰুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল, প্রফুল্ল মহন্ত, অতুল বৰা, কেশৱ মহন্ত, কল্পনা পাটোৱাৰী, ভাস্কৰ শর্মা, বলীন চেতিয়া, ৰফিকুল হুছেইন, আমিনুল ইছলাম, অজিত ভূঞা, মনজিত মহন্ত, চন্দ্র মোহন পাটোৱাৰী, হাগ্রামা মহিলাৰী, প্রমোদ বড়ো, কমলা কলিতা, ৰমেন্দ্র নাৰায়ণ কলিতা, ফণী ভূষণ চৌধুৰী, ৰাজদীপ ৰয়, নৱ দলে, ৰণোজ পেগু, ভুবন পেগু, বৃন্দাবন গোস্বামী, এসময়ৰ চূড়ান্ত দুর্নীতিগ্রস্ত তথা অগাধ সম্পত্তিৰ মালিক, অগপ মন্ত্রী দিগেন বৰাৰ লগত ছাঁটোৰ দৰে লাগি থকা বাঁওপন্থী নেতা মুনীন মহন্ত, আৰু শত সহস্রজন ঃ ছে’ল্ফী মহোৎসৱ উদ্যাপন কৰি অভিযান চলোৱা এই নির্বাচনটো এতিয়াই পাতি লাখ লাখ মানুহৰ জীৱনলৈ, হাজাৰ–বিজাৰ পৰিয়াললৈ অমানিশা নমাই ননা হ’লে কি দৈৱাসন তল গ’লহেঁতেন, কি আকাশী সৰগ ভাগি পৰিলহেঁতেন, হয়নে? এইবাৰ সাজু হওঁ, আহক, ‘তৃতীয় ঢ়ৌ’লৈ
মাহৰ মাৰ দেখি তিলে বেঁত মেলাৰ দৰে, বিগত কিছুদিনত অতিমাৰীৰ সংহাৰ দেখি অনেকেই আটাহ পাৰিবলৈ ধৰিছে– ‘ইমানৰ পাছতো একাংশৰ সজাগতা নাই৷’ হয়, ক’ৱিডে অতবোৰ মানুহৰ প্রাণ লোৱাৰ পাছতো, চৌদিশে অলেখ লোকে মুখাৱৰণ (মাস্ক্) নিপিন্ধাকৈয়ে ‘বিন্দাছ’ হৈ ঘূৰি ফুৰি নিজৰ লগতে আন হাজাৰ হাজাৰজনৰ জীৱনলৈ কালান্তক যমক নিমন্ত্রণ কৰিছে৷ এই আটাহ বৰ বেছিকৈ পাৰিছে গোটাদিয়েক বাকচে৷ কিন্তু বী টী আ(ৰ্) নির্বাচন আৰু বিধান সভা নির্বাচনৰ কালত যেতিয়া মোদী, শাহ আৰু অন্যান্য বহুজনৰ সভা হৈছিল, তেতিয়া এইসমূহ বাকচেই বিশেষ গুৰুত্ব সহকাৰে আটাহ পাৰি পাৰি দৃশ্য প্রদর্শন কৰিছিল কোনখন সভাত কিমান লাখ মানুহৰ ‘সমুদ্র’ৰ সৃষ্টি হৈছিল কিন্তু আটাহ পৰা নাছিল যে সেই জনসমুদ্রত মাস্ক্বিহীনভাবে সাঁতুৰি থকা জনগণেয় আছিল ক’ৱিডৰ দ্বিতীয় ঢ়ৌক সুৱাগুৰি তুলি আদৰি আনোতা আমন্ত্রকসকল৷ যদি কোনো সাংবাদিকে ক’ৰবাত কিবা এষাৰ কৈছিলেও, সেয়া আছিল মাথোন একোছাটি পার্শ্বজ্যোতিহে৷ এতিয়া চিঞৰ–বাখৰৰ ঢ়ৌ তোলা কোনো নাৰদেই তেতিয়া প্রশ্ণ কৰা নাছিল,– ‘বিশাল জনসমুদ্র’ দেখি বিস্মিত হোৱা মোদী বা শাহে কিয় সোধা নাছিল– ‘আপোনালোকে কিয় মাস্ক্ পিন্ধা নাই’ বুলি মানে, ঠিক যেনেকৈ এসময়ৰ গৃহ (আইন–শৃংখলা) মন্ত্রী তৰুণ গগৈয়ে আৰু তেখেতৰ পৰৱর্তী গৃহ মন্ত্রী সর্বানন্দ সোণোৱালে, যিকোনো বাইক সমদল যাত্রাৰ নেতৃত্ব দিওঁতা নিজ নিজ মন্ত্রীসভাৰ মন্ত্রী তথা দলীয় নেতাসকলে আৰু তেওঁলোকৰ অনুগামী বাইক আৰোহী সেনানীৰ কোনেও হে’ল্মিট্ পৰিধান নকৰা সত্ত্বেও গৃহ মন্ত্রীয়ে কিয় যাত্রাৰ সেউজ সংকেত দিছে বুলি আৰু তাত ‘কর্তব্যৰত’ আৰক্ষী বিষয়াসকলে কিয় একো ব্যৱস্থা গ্রহণ নকৰে বুলি কোনেও একো প্রশ্ণ নকৰে৷
মাস্ক্ নিপিন্ধাকৈ ৰাজহুৱা স্থানত ওলোৱাসকল যে দোষী, তাত সন্দেহ ক’ত? আমি একাংশ লোকেতো সেই কথা সঘনাই সোঁৱৰায়েই থাকোঁ৷ কিন্তু কোনো কোনো মহলৰ মতে যেন, মাথোন মাস্ক নিপিন্ধাসকলহে দোষী তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰা চৰকাৰ যেন ধোৱা তুলসীৰ পাত প্রথম ঢ়ৌৰ সময়ত যে মাস্ক্ নিপিন্ধাকৈ ওলোৱাসকলক আৰক্ষীয়ে বেতেৰে কোবাই কাণত ধৰাই উঠা–বহা কৰাইছিল আৰু ভেকুলী জাঁপ মৰাইছিল, এতিয়া কি হ’ল? এদিন হঠাৎ সাৰ পাই এহেজাৰ টকাকৈ জৰিমনা কৰি আকৌ নাকত তেল দি শুই থাকিলে ‘কিডাল’ হ’ব? দুশ টকাকৈয়ে কৰক আৰু নিতৌ কৰকচোন জৰিমনা কেইদিন দিব? সংক্রামক ৰোগ এজনৰ পৰা লাখ লাখজনলৈ বিয়পিব পাৰে, সেই কথাটো ‘খুপ্ৰি’ত ভৰাই নেদে কিয়া?
পুচ্ছপট ঃ শর্মিলা ঠাকুৰৰ ‘বিহু’ ঃ অসমীয়াৰ বাস্তৱ জীৱনৰ পৰা, অসমীয়াৰ পথাৰ, ভঁৰাল, চোতাল, তাঁত শাল, ঢেঁকী শাল, জুুহাল আৰু মজিয়াৰ পৰা বিহুৱে কোনোবা কাহানিবাতে মেলানি মাগিলে বিহু থাকিলগৈ মাথোন, মঞ্চ নামৰ বিশাল এটা চুকত৷ যোৱা দুটা বছৰত ক’ৱিড নামৰ অতিমাৰীয়ে ভ্রাম্যমান থিয়েটাৰৰ দৰে, গায়ক–গায়িকা, নতর্কক–নর্তকীৰ সেই মঞ্চ বিহুফেৰাৰো পিঠি ফালি ছিৰাছিৰ কৰিছে৷ কিন্তু তথাপি বিহু মৰা নাই এতিয়াও বাচি আছে বাকচৰ পর্দাত ঃ কার্ৎসি শর্মিলা ঠাকুৰ৷ গুণাভিৰাম বৰুৱাৰ পুত্র জ্ঞানদাভিৰাম বৰুৱাৰ নাতিনী শর্মিলা ঠাকুৰ (মানে, টেগ’ৰ)৷ সময়ত সেই শর্মিলা ঠাকুৰ হ’লগৈ পাটাউদিৰ (প্রয়াত) নৱাব মনসুৰ আলী খানৰ বে’গম ঃ বে’গম আয়েশা৷ সেই আয়েশা বে’গম ওৰফে শর্মিলা টেগ’ৰ আৰু দেখাত টেগ’ৰৰ তনয়া যেন লগা এগৰাকী যুৱতীৰ মাৰফৎ, খাৰ খোৱাৰ ‘ৰংগালী’ বিহুৰ ডে’ড্ বডিটো এতিয়াও জীয়াই আছে অধিক মাৰফৎ বাকচৰ পর্দা কার্ৎসি এ’ভ্রিডেই স্পাইছিয্’৷