নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহকর্মীৰ কিশোৰী কন্যাক নির্যাতনঃ আইপিএছ গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে চার্জশ্বীট

নিয়মীয়া বাৰ্তা, ১৬ মে’:  সহকর্মীৰ কিশোৰী কন্যাক নির্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছে চি আই ডিয়ে৷ অলপতে তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা অভিযোগনামাত আই পি এছ বিষয়াজনক ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৩৫৪(এ) আৰু পকছ’ আইনৰ ১০ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে৷

উল্লেখ্য যে কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়ছোৱাত ২০১৯ চনৰ ৩১ ডিচেম্বৰত চৰকাৰী বাসভৱনত এটা পার্টীৰ আয়োজন কৰিছিল গৌৰৱ উপাধ্যায়ে৷ তালৈ নিমন্ত্রিত হৈছিল এগৰাকী মহিলা আৰক্ষী বিষয়াও৷ নিমন্ত্রণ ৰক্ষা কৰি সেইদিনা কন্যা আৰু পুত্র সন্তানক লগত লৈ ডিফুলৈ গৈছিল মহিলা বিষয়াগৰাকী৷ কিন্তু নিশা পার্টী চলি থকা সময়ত গৌৰৱ উপাধ্যায়ে মহিলা বিষয়াগৰাকীৰ কন্যা সন্তানক জোৰজবৰদস্তি চুমা খায়৷ চিনেমা দেখুওৱাৰ ছলেৰে কন্যা শিশুটিৰ বুকু–পেট আদিতো স্পর্শ কৰে৷ পিছত আৰক্ষী বিষয়াজনৰ এই ঘৃণনীয় কাণ্ডৰ বিষয়ে মাকক জানিবলৈ দিয়ে নির্যাতিত কিশোৰীগৰাকীয়ে৷

তেওঁৰ মাতৃ তথা মহিলা আৰক্ষী বিষয়াগৰাকীয়ে গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে পাণবজাৰৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ আৰক্ষী থানাত ৰুজু হোৱা ৫/২০২০নং গোচৰটোৰ বিতং অনুসন্ধান চলাই তদন্তকাৰী বিষয়া ক্রমে মহিলা আৰক্ষী থানাৰ এচিপি অৰুণিমা ভূঞা আৰু চি আই ডিৰ ডি এছ পি প্রদীপ কুমাৰ দাসে অলপতে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চার্জশ্বীট দাখিল কৰিছে৷ উল্লেখ্য যে মহিলা আৰক্ষী থানাত ৰুজু হোৱা গোচৰটো পৰৱর্তী সময়ত চি আই ডিলৈ স্থানান্তৰ কৰা হৈছিল৷ লক্ষণীয় বিষয়টো হ’ল, কিশোৰী নির্যাতনত অভিযুক্ত গৌৰৱ উপাধ্যায়ক শেহতীয়াকৈ চিৰাঙৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ ইয়াকে লৈ আৰক্ষী বাহিনীৰ ভিতৰে–বাহিৰে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like