জিভা পুৰিলে কি কৰিব জানক আজিয়েই…
নিয়মীয়া বাৰ্তা ১৮ মেঃ কেতিয়াবা আমি গৰম খাদ্য খালে প্ৰায়েই জিভা পুৰি জিভাৰ ছাল ছিগে । তেতিয়া বহুলোকে চেনি খাই দিয়ে। কিন্তু জিভাৰ পোৰণিৰ পৰা সকাহ পাবলৈ কেৱল চেনীয়ে নহয় আন বহুতো বস্তু ব্যৱহাৰ কৰিব পাৰি। এই বিষয়ে জানো আহক।
কি কি বস্তু খালে এনে অৱস্থাৰ পৰা আৰাম পাব পাৰিঃ
আইচক্ৰিম খাব লাগেঃ গৰম খাদ্য থোৱাৰ পিছত যদি জিভা পুৰে তেতিয়া আইচক্ৰিম খাব লাগে। আইচক্ৰিম গিলি নিদি লাহে লাহে খাব লাগে। তেতিয়া বহুত আৰাম পোৱা যায়।
আইচক্ৰিমৰ উপৰিও বৰফৰ লগাব লাগে। বৰফৰ টুকুৰা মুখত থৈ দিলে যথেষ্ট আৰাম পোৱা যায়।
দৈ খাব লাগেঃ দৈও এক উত্তম আহিলা জিভা পোৰা নিৰাময় কৰাৰ বাবে। দৈ অলপ অলপকৈ সেৱন কৰিব লাগে। জিভাৰ জ্বলা-পোৰা নোহোৱা কৰাত সহায় কৰে।
ফলৰ ৰস বা পানীঃ জিভাৰ জ্বলা-পোৰা উপশম কৰিবলৈ ঠাণ্ডা ফলৰ ৰস, চৰবত বা পানীৰ সহায় ল’ব পাৰে। ইয়াৰ বাবে, আধা গিলাচ ঠাণ্ডা ফলৰ ৰস বা পানী ল’ব লাগে অলপ সময়ৰ বাবে মুখত ৰাখিব লাগে। মুখৰ তাপমাত্ৰা স্বাভাৱিক হোৱাৰ পিছত এনেদৰে আধা গিলাচ ঠাণ্ডা ফলৰ ৰস বা পানী পুনৰ খাব লাগে।
মৌৰ সহায় ল’ব লাগেঃ জিভা জ্বলিলে আপুনি মৌৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে, এচামুচ মৌ লওঁক আৰু ইয়াক জিভাত প্ৰলেপ দিয়ক। কিছু সময়ৰ পিছত ইয়াৰ আৱৰণ পাতল হ’বলৈ আৰম্ভ কৰিলে পুনৰ প্ৰলেপ দিয়ক। এনে কৰিলে পোৰণিৰ পৰা সকাহ পায়।