নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ২০ লাখ ক’ভিড পৰীক্ষণেৰে ভাৰতৰ বিশ্বাভিলেখ

নিয়মীয়া বাৰ্তা ২০ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰসৃষ্ট দেশৰ পৰিস্থিতি বিপজ্জনক হৈ আছে৷ যদিও বিগত দুদিন ধৰি আক্রান্তৰ সংখ্যা প্রতিদিনে তিনি লাখৰ তললৈ অৱনমিত হৈছে৷ আক্রান্তৰ সংখ্যা সামান্য হ্রাস পালেও মৃতকৰ সংখ্যা প্রতিদিনে বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত পুনৰ আন এক অনাকাংক্ষিত অভিলেখেৰে দেশজুৰি ৪,৫২৯জনৰ মৃত্যু ঘটিছে৷ ইয়াকে লৈ দেশজুৰি মৃতকৰ সংখ্যা ২,৮৩,২৪৮জনলৈ বৃদ্ধি পাইছে৷ মৃতকৰ সংখ্যা বৃদ্ধি পাই থাকিলেও আক্রান্তৰ সংখ্যা সামান্য হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ২,৬৭,৩৩৪জন৷ ইয়াকে লৈ দেশজুৰি আক্রান্তৰ সংখ্যা ২,৫৪,৯৬,৩৩০লৈ বৃদ্ধি পাইছে৷

তাৎপর্যপূর্ণ যে বিগত দুদিন ধৰি আক্রান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাত ২.৬৭ লাখ আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩.৮৯ লক্ষাধিক লোক৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত আক্রান্ত আৰু মৃতকৰ তালিকাৰ শীর্ষস্থানত আছে মহাৰাষ্ট্র৷ মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত ৩৪ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ১,২৯১জনে৷

ইয়াৰ পিছতে কর্ণাটকত ৫২৫জন লোকে প্রাণ হেৰুৱাইছে৷ তাৎপর্যপূর্ণ যে মহাৰাষ্ট্র, কর্ণাটক, তামিলনাডু, কেৰালা, অন্ধ্রপ্রদেশত যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা দেশজুৰি আক্রান্তৰ ৫৪.০৫ শতাংশ৷ তামিলনাডুত ৩৩ সহস্রাধিক, কেৰালাত ৩১ সহস্রাধিক, কর্ণাটকত ৩০ সহস্রাধিক আৰু অন্ধ্রপ্রদেশত ২১ সহস্রাধিক লোক আক্রান্ত হৈছে৷ ই

ইপিনে, উত্তৰ প্রদেশত বুধবাৰে ৰাজ্যখনৰ ৰাজহ আৰু বান নিয়ন্ত্রণৰ ৰাজ্যিক মন্ত্রী বিজয় কাশ্যপে ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ মুজাফৰনগৰৰ ছর্থৱাৰ সমষ্টিৰ বিধায়ক বিজয় কাশ্যপে ৰাজ্যখনৰ মন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়তে ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত গুৰগাঁও হাস্পতালত ভর্তি কৰোৱা হয়৷ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱানিশা ৫৬ বছৰীয়া মন্ত্রী কাশ্যপৰ মৃত্যু ঘটে৷ তাৎপর্যপূর্ণ যে কাশ্যপ হৈছে উত্তৰ প্রদেশৰ তৃতীয়গৰাকী মন্ত্রী, যাৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হৈছে৷ ইয়াৰ পূর্বে মন্ত্রী কমলৰাণী বৰুণ আৰু চেতন চৌহানৰ মৃত্যু হৈছিল৷ মন্ত্রী কাশ্যপৰ মৃত্যুত গভীৰ শোক কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

আনপিনে, এদিনত ২০ লাখ ক’ভিড পৰীক্ষণ কৰি ভাৰতে বিশ্ব অভিলেখ গঢ়িছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত ২০ লাখতকৈ অধিক ক’ভিড পৰীক্ষণ কৰা হৈছে আৰু ই হৈছে এদিনত সর্বাধিক পৰীক্ষণ কৰাৰ অভিলেখ৷ যোৱা ২৪ ঘণ্টাত ২০ লাখ ক’ভিড পৰীক্ষণ কৰাৰ পিছত দেশজুৰি এতিয়ালৈকে ৩২ কোটি লোকৰ পৰীক্ষণ চলোৱা হৈছে বুলিও স্বাস্থ্য মন্ত্রালয়ৰ বিবৃতিত প্রকাশ৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্যত প্রকাশ পোৱা মতে দেশজুৰি এতিয়ালৈকে ২,১৯,৮৬,৩৬৩জন লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে৷ দেশৰ সুস্থৰ হাৰ ৮৬.২৩ শতাংশ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত প্রতিদিনে আক্রান্তৰ সংখ্যাই বিশ্বৰ সকলো অভিলেখ ভংগ কৰাৰ পিছত বিগত সপ্তাহত প্রতিদিনে আক্রান্তৰ সংখ্যা লাহে লাহে নিম্নগামী হৈ আহিছে৷ ভাৰতত আক্রান্তৰ সংখ্যা চলিত সপ্তাহত ১৩ শতাংশ হ্রাস পোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে যদিও সংস্থাটোৱে এই কথাও সতর্কৰে প্রকাশ কৰিছে যে বিশ্বৰ ভিতৰত প্রতিদিনে আক্রান্তৰ তালিকাত এতিয়াও ভাৰত শীর্ষতে আছে৷

মন কৰিবলগীয়া যে দ্বিতীয় জোৱাৰৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে তৃতীয় জোৱাৰৰ সম্ভাৱনাক লৈ ব্যাপক চর্চা চলিছে৷ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সম্ভাৱনাক লৈ আজি ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ আই এম এ–ই সতর্কবাণী প্রকাশ কৰিছে৷ আই এম এ–ই প্রকাশ কৰা মতে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ প্রতিহত কৰাৰ একমাত্র পথে হৈছে টিকাকৰণ আগুৱাই লৈ যোৱা৷ যদি গণ টিকাকৰণ আগুৱাই লৈ যোৱা নহয় তেতিয়াহ’লে তৃতীয় জোৱাৰৰ সন্মুখীন হোৱাটো নিৰাপদ নহয়৷ গণ টিকাকৰণ কৰিবই লাগিব৷ কেন্দ্রই সর্বোচ্চ ভেকচিন যোগান ধৰা, ৰাজ্যৰ সৈতে মিলিত হৈ টিকাকৰণ চলাই যোৱা, আনকি ঘৰে ঘৰে গৈ টিকাকৰণ কৰাটোতো গুৰুত্ব দিব লাগিব৷ আই এম এৰ সভাপতি ডাঃ জে এ জয়ালালে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ ডাঃ জয়ালালে প্রকাশ কৰা মতে টিকাকৰণ ক্ষিপ্রতৰ কৰি শীঘ্রে দেশৰ জনসংখ্যাৰ ৬০–৭০ শতাংশক ভেকচিন প্রদান কৰিব লাগে৷

You might also like