কভিড ভেকচিন লোৱাৰ পিছত কি কি খাদ্য খাব লাগে…
নিয়মীয়া বাৰ্তা ২০ মেঃ দেশত কৰোনাই কালৰূপ ধাৰণ কৰি থকাৰ মাজতে টিকাকৰণো সমানেই চলি আছে। কৰোনাৰ ভেকচিন লোৱাৰ পিছত বহুতৰে গাৰ বিষ, জ্বৰ, মূৰৰ বিষকে ধৰি কেইবাটাও পাৰ্শ্বক্ৰিয়াই দেখা দিছে।
এই সন্দৰ্ভত বিশেষজ্ঞ সকলে জানিবলৈ দিছে সঠিক ডাইটৰে মাজেদি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। এনেধৰণৰ কিছুমান খাদ্য আছে যি আমি খালে পাৰ্শ্বক্ৰিয়াৰ পৰিমাণ কমি যোৱাৰ লগতে শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি হোৱাৰ লগতে ভেকচিনৰ প্ৰভাৱো বেছিকৈ দেখিবলৈ পোৱা যায়।
পিঁয়াজ আৰু নহৰুঃ পিঁয়াজ আৰু নহৰুত ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বাবে বহুতে কাৰ্যক্ষম। ভেকচিন লোৱাৰ পিছত পিঁয়াজ আৰু নহৰু খাব লাগে। কেচা নহৰুত মেংগানিজ, ভিটামিন b6, ফাইবাৰ, ভিটামিন c, প্ৰচুৰ পৰিমাণে পোৱা যায়। লগতে নহৰুত এণ্টি অক্সিডেণ্টো প্ৰচুৰ পৰিমাণে পোৱা যায়। লগতে পিঁয়াজতো প্ৰচুৰ পৰিমাণে ভিটামিন c পোৱা যায়।
ফল মূলঃ যি সমূহ ফলত ভৰপূৰ পৰিমাণে পানী থাকে সেইসমূহ ফল খাব লাগে।ইয়াৰ দ্বাৰা ভেকচিনৰ পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে কমি যায়। সেই সমূহে ফলে শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা গঢ়ি তোলে। লগতে পুৱাৰ ভাগত এইসমূহ ফল খাব লাগে।
সেউজীয়া শাক পাচলিঃ সেউজীয়া শাক পচলিয়ে শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতাই বঢ়াই তোলাৰ লগতে খনিজ পৰ্দাথও থাকে। ভেকচিন লোৱাৰ পিছত প্ৰচুৰ পৰিমাণে সেউজীয়া শাক পাচলি খাব লাগে।
হালধীঃ হালধী প্ৰাকৃতিক ভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হয়। দিনত এবাৰ বা দুবাৰ হালধী গাখীৰত মিহলাই খাব লাগে।
পানীঃ ভেকচিন লোৱাৰ পিছত পানী প্ৰচুৰ পৰিমাণে খাব লাগে, তেতিয়া শৰীটো সক্ৰিয় হোৱাৰ উপৰিও পাৰ্শ্বক্ৰিয়া কম পৰিমাণে অনুভৱ হয়। বিশেষজ্ঞ সকলৰ মতে ভেকচিন লোৱা এদিন আগত বা পিছত বহুপৰিমাণে পানী খাব লাগে।
ভাল টোপনিঃ ভেকচিন লোৱাৰ পিছত ভাল টোপনি লোৱাটো খুবেই জৰুৰী। বিশেষজ্ঞ সকলে জানিবলৈ দিছে ভাল টোপনি নহলে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া অনুভৱ হব। ভেকচিন লোৱাৰ পিছত বেছি ভাগ লোকৰ ভাগৰুৱা অনুভৱ কৰে। সেইবাবে ভেকচিন লোৱাৰ পিছত ভালদৰে টোপনি মাৰিব লাগে, যাতে দেহটোৱে আৰাম পায়।