ভয়াৱহ ভূমিকম্পত ফিলিপাইনছত হাহাকাৰ, ছুনামিৰ সতৰ্কতা জাৰি
ফিলিপাইনছৰ পৰা এই মুহূৰ্তত অত্যন্ত উদ্বেগজনক দৃশ্য পোহৰলৈ আহিছে। পুৱাই সংঘটিত হোৱা এক শক্তিশালী ভূমিকম্পই আতংকিত কৰি তুলিছে লাখ লাখ লোকক। তীব্ৰ কম্পনৰ ফলত বহু অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু কেইবাটাও অট্টালিকা চকুৰ পলকতে তাচপাতৰ ঘৰিৰ দৰে ভাঙি পৰে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা বিভিন্ন ভিডিঅ’ত দেখা গৈছে যে লোকসকলে চিঞৰ-বাখৰ কৰি নিজৰ প্ৰাণ ৰক্ষাৰ বাবে মুকলি স্থানলৈ দৌৰি পলাই গৈছে। প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পটোৰ তীব্ৰতা আছিল ৰিখ্টাৰ স্কেলত ৭.৮, যাৰ জোকাৰণি বহু দূৰ-দূৰণিলৈ অনুভৱ কৰা হয়।
জানিব পৰা মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল ভূমিৰ প্ৰায় ১০ কিলোমিটাৰ তলত অৱস্থিত আছিল। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩৭ বজাত মাটি কঁপি উঠে আৰু মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰে।
ভূমিকম্পৰ সৰ্বাধিক প্ৰভাৱ পৰিছে মিন্দানাও দ্বীপ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত। বহু ঘৰ-বাৰী আৰু অট্টালিকা ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ আৰু সাহায্যকাৰী দলসমূহে ক্ষতিগ্ৰস্ত এলেকাসমূহত অবিৰতভাৱে কাম কৰি আছে আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ চেষ্টা চলাই আছে।
ইফালে, ভূমিকম্পৰ পিছত বিপদৰ আশংকা এতিয়াও শেষ হোৱা নাই। ফিলিপাইনছ আৰু ইয়াৰ কাষৰীয়া কেইবাটাও উপকূলীয় অঞ্চলৰ বাবে ছুনামি সতৰ্কবাণী জাৰি কৰিছে কৰ্তৃপক্ষই। সাগৰৰ পাৰৰ বাসিন্দাসকলক তৎক্ষণাত সুৰক্ষিত আৰু উচ্চ স্থানলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনোৱা হৈছে।
লগতে, আগন্তুক কেইঘণ্টা বা কেইদিনৰ ভিতৰত আফ্টাৰশ্বক অৰ্থাৎ পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ হোৱাৰ সম্ভাৱনাৰ কথাও সতৰ্কবাণীত উল্লেখ কৰা হৈছে।
ডিজিটেল ডেস্ক, ৮ জুন