নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুযুধান আমেৰিকা

ৱবর্ষৰ প্রথমটো দিনতেই মধ্যপ্রাচ্যত এক যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিছে আমেৰিকাই৷ ইৰানৰ বিৰুদ্ধে এই যুদ্ধৰ হুংকাৰ দিছে হোৱাইট হাউছ প্রশাসনে৷ ইৰাকৰ ৰাজধানী বাগদাদস্থিত মার্কিন দূতাৱাসত ইৰান সমর্থিত ছিয়া বিদ্রোহী তথা বিক্ষুব্ধ জনতাই কালি আক্রমণ চলোৱাৰ পিছতেই মধ্যপ্রাচ্যলৈ সেনা প্রেৰণৰ সিদ্ধান্ত লৈছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ স্মর্তব্য যে ইৰাক আৰু ছিৰিয়াত হিজব’ল্লাৰ ঘাটিত আমেৰিকাই চলোৱা বোমা বর্ষণত প্রায় ২৫জন বিদ্রোহী যোদ্ধা নিহত হোৱাৰ পিছত বাগদাদৰ পৰা মার্কিন দূতাবাস প্রত্যাহাৰ কৰাৰ দাবীত ইৰান সমর্থিত বিদ্রোহীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আনকি বিক্ষুব্ধ লোকসকলে বাগদাদস্থিত মার্কিন দূতাবাসৰ চৌহদত সংঘটিত কৰে অগ্ণিকাণ্ড৷ কেইবাখনো দেৱালত অগ্ণিসংযোগ কৰি ছিয়া বিদ্রোহীয়ে ইৰাকত আমেৰিকাৰ উপস্থিতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ পিছতে হোৱাইট হাউছ প্রশাসনে হুংকাৰ দিছে যে ইৰানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ নৱবর্ষৰ প্রথমটো দিনতেই পেণ্টাগনে বাগদাদস্থিত দূতাৱাস চৌহদলৈ চিনুক হেলিকপ্ঢাৰেৰে প্রেৰণ কৰিছে ১০০জন মেৰিন বাহিনীৰ জোৱানক৷ ইফালে, কোৱেইটত ৪ হাজাৰ জোৱান মোতায়েনৰ সিদ্ধান্ত লৈছে হোৱাইট হাউছে৷ ইতিমধ্যে ৭৫০জন অর্ধসেনাক কুৱেইট অভিমুখে প্রেৰণ কৰাও হৈছে৷ আমেৰিকাৰ এই যুযুধান ভূমিকাই পুনৰ অস্থিৰ কৰি তুলিছে মধ্যপ্রাচ্য৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছে যে ইৰানৰ বাবেই আমেৰিকান ব্যৱসায়ী এগৰাকী নিহত হোৱাৰ উপৰি কেইবাজনো আহত হৈছে৷ ইৰানৰ এই কার্যৰ প্রতিশোধ লোৱা হ’ব বুলিও ট্রাম্পে মুকলিকৈ ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে ইৰাকত মার্কিন দূতাৱাসত সংঘটিত আক্রমণৰ ঘটনাৰ মূল কাৰিকৰ ইৰান বুলিও অভিযোগ কৰিছে ট্রাম্পে৷ গতিকে আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্রাচ্যত এই আক্রমণৰ পোষকতা কৰা ইৰানক কেতিয়াও ৰেহাই দিয়া নহ’ব বুলি ট্রাম্পে ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰাৰ লগে লগে ২০২০ৰ প্রথমটো দিনতেই এক যুদ্ধৰ আশংকা ঘনীভূত হৈছে সমগ্র অঞ্চলটোত৷ ইফালে ইৰাকৰ ৰাজধানী বাগদাদত এক যুদ্ধৰ অশনি সংকেত সৃষ্টি হোৱাৰ লগে লগেই সতর্ক হৈছে দেশখনৰ সেনা ৷

গুৰুত্বপূর্ণ পৰমাণু চুক্তিৰ পৰা আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সমর্থন প্রত্যাহাৰ কৰাৰ পিছতে ইৰান আৰু হোৱাইট হাউছ প্রশাসনৰ মাজত মতানৈক্য তীব্রতৰ হৈছে৷ বিগত এটা বছৰ ধৰি দুয়োখন দেশৰ মাজত চলা মতানৈক্যই সঘনে যুদ্ধৰ আশংকা সৃষ্টি কৰি আহিছে মধ্যপ্রাচ্যৰ বিভিন্ন অঞ্চলত৷ পাৰস্য উপসাগৰত ইতিমধ্যে আমেৰিকাই অত্যধিক সেনা মোতায়েন কৰি ইৰানৰ পৰা আহিব পৰা যিকোনো আক্রমণৰ ভাবুকিক মোকাবিলা কৰিবলৈ সষ্টম হৈছে৷ এনে এক অস্থিৰ পৰিস্থিতিৰ মাজতেই ছৌদি আৰবৰ তৈল ক্ষেত্রত সংঘটিত ক্ষেপণাস্ত্র আক্রমণ আৰু অ’মানৰ উপসাগৰত কেইবাখনো তেল টেংকাৰত চলা ৰহস্যজনক আক্রমণৰ ঘটনাত ইৰান জড়িত থকা বুলি অভিযোগ কৰি আহিছে হোৱাইট হাউছে৷ ইফালে, ইৰানৰ তেল বাণিজ্যক ধ্বংস কৰাৰ বাবে হোৱাইট হাউছ প্রশাসনে আৰোপ কৰা নিষেধাজ্ঞাৰ প্রতিশোধ ল’ব বুলি বাৰে বাৰে হুংকাৰ দি আহিছে তেহৰান প্রশাসনে৷ এই হুংকাৰ আৰু প্রতি হুংকাৰৰ মাজত ২০১৯ বর্ষটো অতিক্রম কৰাৰ পিছতেই ২০২০ৰ প্রথমটো দিনত আমেৰিকাৰ যুদ্ধৰ আস্ফালনে পুনৰ অশান্ত কৰি তুলিছে মধ্যপ্রাচ্য৷ লক্ষণীয়ভাৱে আমেৰিকা আৰু কেইবাখনো ইউৰোপীয় দেশৰ সৈতে মতানৈক্য চলি থকা সত্ত্বেও ইৰানে চীন আৰু ৰাছিয়াৰ সৈতে অঞ্চলটোত নৌ সেনাৰ সমৰ অনুশীলন চলায়ো উত্তেজনা বৃদ্ধি কৰিছে৷ এই সকলোবোৰ ঘটনাৰ মাজত ইৰান সমর্থিত হিজব’ল্লাৰ ঘাটিত আমেৰিকাৰ বোমা বর্ষণ আৰু বাগদাদস্থিত আমেৰিকান দূতাৱাসত আক্রমণৰ ঘটনাই পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে৷ এতিয়া মূল প্রশ্ণটো হৈছে মধ্যপ্রাচ্য তথা সমগ্র মধ্য এছিয়াত শান্তিৰ পোষকতা কৰা আমেৰিকাই প্রকৃতার্থত শান্তি বিচাৰে নে যুদ্ধ৷ ছিৰিয়াকেন্দ্রিক সংঘাতে স্পষ্ট কৰিছে যে ইজৰাইলৰ জৰিয়তে ইৰান আৰু মধ্যপ্রাচ্যৰ আন আন ৰাষ্ট্রৰ বিৰুদ্ধে আমেৰিকাই প্রতি মুহূর্ততে চলাই আহিছে ষড়যন্ত্র৷ হিজব’ল্লাৰ শিবিৰত আক্রমণ এই ষড়যন্ত্রৰে এক অংশ বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ ইফালে, কুৱেইটৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্রণ সাব্যস্ত হ’বলৈ গৈ আছে৷ বিশেষকৈ কুৱেইটৰ তেল সাম্রাজ্য অতি কৌশলেৰে নিজৰ হাতলৈ অনাৰ বাবে আমেৰিকাই যি ষড়যন্ত্র চলাই আছে তাক লৈও অশান্তি বৃদ্ধি পাইছে মধ্যপ্রাচ্যত৷ এনে জটিল সন্ধিক্ষণত নৱবর্ষৰ প্রথমটো দিনতেই মধ্যপ্রাচ্যত আমেৰিকাৰ যুদ্ধৰ কুচকাৱাজেই ভৱিষ্যৎ দিনত সমগ্র অঞ্চলটোলৈ দীর্ঘস্থায়ী অশান্তি কঢ়িয়াই অনাৰ আশংকা ঘনীভূত কৰিছে৷

You might also like