বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক শ্রীযুত হোমেন বৰগোহাঞিদেৱৰ দেহাৱসান ঘটাৰ দুঃখবৰটো ২০২১ চনৰ ১২ মে’ তাৰিখ, বুধবাৰৰ পুৱাতে বিয়পি পৰিছিল৷ এনে এক অপ্রত্যাশিত খবৰে সমগ্র অসমবাসীৰ লগতে আমাকো শোকবিহ্বল কৰি তুলিছে৷ বৃহত্তৰ অসমীয়া জাতিৰ বাবে এয়া এক চৰম দুখৰ মুহূর্ত৷ এটা বর্ণাঢ়্য জীৱনেৰে জাতিটোক বৌদ্ধিক নেতৃত্ব দিয়া এইজনা পুৰোধা ব্যক্তিৰ অসংখ্য স্মৃতিৰে সমগ্র অসম আজি ম্রিয়মাণ হৈ পৰিছে৷ অসমৰ বৌদ্ধিক ক্ষেত্রখনলৈ হিমালয়সদৃশ বৰঙণি আগবঢ়াই আমাৰ জাতীয় জীৱনৰ সুউচ্চ আৰু অতুলনীয় এখন আসন তেখেতে অধিকাৰ কৰিছিল৷
নিজৰ জীৱনচর্যাৰ দ্বাৰা বৰগোহাঞিদেৱ জাতিটোৰ বাবে এক উজ্জ্বল আদর্শস্বৰূপ হৈ উঠিছিল৷ এটা অধ্যয়নপিপাসু মন, কঠোৰ সময়ানুৱর্তিতা, পৰিমিত জীৱন যাপন, নিয়মানুৱর্তিতা, স্পষ্টবাদিতা, মহানুভৱতা, মহৎ চিন্তা আৰু কর্মৰ জৰিয়তে গঢ়ি উঠা তেখেতৰ প্রোজ্জ্বল ব্যক্তিত্বই প্রতিটো প্রজন্মকে উদ্বুদ্ধ কৰে আৰু ভৱিষ্যতেও উদ্বুদ্ধ কৰি থাকিব৷
প্রায় ৫৩ বছৰীয়া সংবাদ সেৱাৰে অসমৰ সাংবাদিকতাৰ ক্ষেত্রখনক বৰগোহাঞিদেৱে নির্ভীক আৰু নীতিনিষ্ঠ সাংবাদিকতাৰে সমৃদ্ধ কৰি থৈ গৈছে৷ সংবাদ সেৱাৰ ক্ষেত্রত তেখেতে গঢ়ি থৈ যোৱা পৰম্পৰাৰে আমাৰ জাতিটো চিৰদিন চহকী হৈ থাকিব৷ অসম সাহিত্য সভাৰ নেতৃত্ব বহন কৰি বৰগোহাঞিদেৱে অসমীয়া সাহিত্যৰ ক্ষেত্রলৈ আগবঢ়াই থৈ গৈছিল বিশ্বকোষৰ দৰে অমূল্য সম্পদ৷ বিশ্বকোষ প্রকল্পৰ জৰিয়তে অসমীয়াসকলৰ জাতীয় মর্যাদা উচ্চ শিখৰলৈ গতি কৰিছিল৷ তদুপৰি নিজৰ স্বাভাৱিক প্রতিভাৰে তেখেতে সংবাদ আৰু সাহিত্যৰ ক্ষেত্রত বহুতো নবীন প্রতিভাৰ জন্ম দিছিল৷ মানৱ সম্পদ সৃষ্টি কৰাৰ এই মহৎ কর্মযজ্ঞৰ দ্বাৰা তেওঁ হৈ পৰিছিল একক আৰু অনন্য৷ তদুপৰি আর্ত আৰু মুমূর্ষুজনৰ বাবে তেওঁ আছিল কৰুণাৰ অনাবিল শ্রোত৷ অসমত ‘কৰুণাধাৰা’ আন্দোলনৰ গুৰি ধৰি তেখেতে কৰুণাৰে দ্রৱীভূত নিজৰ এখন অসামান্য অন্তৰৰ চিনাকি দাঙি ধৰিছিল৷ তেখেত আছিল এগৰাকী কর্মৰ উপাসক৷ তেখেতৰ নিজৰ ভাষাতেই কামেই হ’ল জীৱনৰ শ্রেষ্ঠতম উপাসনা৷
বৰগোহাঞিদেৱৰ অসামান্য সাহিত্যিক অৱদানৰ বাবে তেখেতক প্রকাশন পৰিষদ বঁটা আৰু সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল৷ অসম চৰকাৰৰ শংকৰদেৱ বঁটাৰে তেখেত বিভূষিত হৈছিল৷ তদুপৰি অসমৰ বহুতো প্রখ্যাত সংস্থাই অগণন বঁটাৰে তেখেতক সন্মানিত কৰিছিল৷ সকলো বঁটাৰ ঊর্ধ্বত আছিল তেখেতৰ প্রতি অগণন জনতাৰ অকৃত্রিম শ্রদ্ধা৷ সেই শ্রদ্ধাৰ উৎস আছিল পাঠকসকলৰ হূদয়, যাক তেখেতৰ গদ্যই স্পর্শ কৰিছিল৷ এক অসামান্য অথচ পৰিমিত গদ্যশৈলীৰে তেখেতে অসমীয়া ভাষাৰ সৌন্দর্য আৰু শক্তিক তর্কাতীতভাৱে প্রতিষ্ঠা কৰি থৈ গৈছে৷
তেখেতৰ সৈতে মোৰ বহুদিনীয়া সম্বন্ধৰ এক আত্মিক বন্ধন আছিল৷ ‘অসম বাণী’ৰ সম্পাদক হৈ থকা কালত বহুদিন মই তেখেতৰ সান্নিধ্যৰে ধন্য হৈছিলোঁ৷ তাৰ পৰৱর্তী কালত বহুদিন তেখেতৰ ঘৰলৈ গৈ বিভিন্ন বিষয়ৰ কথা–বতৰা পতাৰ মোৰ সৌভাগ্য হৈছিল৷ ক’বলৈ গ’লে মোৰ শৈশৱৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্রিত্বৰ প্রথম দিনটোলৈকে মোৰ সমগ্র জীৱন পৰিক্রমাটো বৰগোহাঞি ছাৰৰ চকুৰ সন্মুখত আগবাঢ়িছিল৷ কেতিয়াবা সন্মুখত বহুৱাই লৈ তেখেতে মোক সমালোচনা কৰিছিল আৰু পথচ্যুত হোৱাৰ আগজাননী পোৱা যেন দেখিলে মোৰ প্রতি সু–পৰামর্শ দাঙি ধৰিছিল৷ মোৰ প্রতিখন কিতাপৰ প্রতিটো পৃষ্ঠা তেখেতে পঢ়িছিল আৰু তেখেতৰ অনুভৱক লিখিত ৰূপত ব্যক্ত কৰিছিল৷ কেতিয়াবা তেখেতে মোলৈ একোখন পত্র প্রেৰণ কৰিছিল এইবাবেই যে তেখেতৰ কথাই যাতে মোৰ মনত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে৷ মোৰ দৃষ্টিত তেখেত আছিল সঁচাক সঁচা বুলি কোৱা আৰু মিছাক মিছা বুলি কোৱা এজন স্পষ্টবাদী ব্যক্তি৷ তাৰ বাবে তেখেতে কেতিয়াবা সোঁতৰ বিপৰীতে খোজ দিছিল আৰু কেতিয়াবা নিজেই সোঁত সৃষ্টি কৰাৰ সাহস কৰিছিল৷ ব্যক্তিগত জীৱনত তেখেত মোৰ বাবে আছিল এজন পথ প্রদর্শক৷ মোৰ বাবে তেখেত আছিল এনে এজন অভিভাৱকস্বৰূপ ব্যক্তি, যি নিজৰ বাণীৰে মোক কক্ষচ্যুত হ’লে কক্ষলৈ ওভতাই আনিব পাৰিছিল৷ অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে হোমেন বৰগোহাঞিৰ প্রাসংগিকতা সজীৱ হৈ থাকক, তাৰ বাবে ৰাজ্য চৰকাৰে সকলোখিনি কৰিব৷ তেখেতৰ সৃষ্টি আৰু আদর্শ ভৱিষ্যৎ প্রজন্মৰ বাবে জীয়াই ৰাখিবলৈ আমি দুখোজ আগুৱাই যাম কিন্তু এখোজো পিছুৱাই নাহোঁ৷ এই দিশত ইতিমধ্যে কিছু পৰিকল্পনা যুগুতোৱাৰ কাম কৰি থকা হৈছে আৰু ইয়াৰে প্রথমটো পদক্ষেপ হিচাপে ইতিমধ্যে গুৱাহাটী মহানগৰৰ নাৰেংগীৰ পৰা মৰিগাঁৱৰ জাগীভকতগাঁও সংযোগী পথছোৱা হোমেন বৰগোহাঞিদেৱৰ নামত নামাংকিত কৰা হৈছে৷ গুৱাহাটীৰ পৰা উজনি অসমলৈ যাত্রা কৰাৰ ক্ষেত্রত এই পথছোৱা যোৰাবাটৰ ৰাষ্ট্রীয় ঘাইপথৰ এক বিকল্প হিচাপে ব্যৱহাৰ হৈ আছে৷ অহা সময়ছোৱাত আৰু কেইবাটাও পদক্ষেপ লোৱাৰ বাবে আমাৰ চৰকাৰৰ পৰিকল্পনা চলি আছে৷
বৰগোহাঞিদেৱৰ পার্থিৱ শৰীৰ আজি আমাৰ মাজত নাই৷ কিন্তু তেখেত আমাৰ মাজত চিৰদিন জীয়াই থাকিব তেখেতৰ সৃষ্টিৰে, চিন্তাৰে আৰু কথাৰে৷ জাতীয় উৎকর্ষৰ যাত্রা পথত তেখেতৰ সৃষ্টিৰাজিয়ে আমাক চিৰদিন দিক্দর্শন দিব থাকিব৷ তেখেতৰ সৃষ্টিৰাজি আমাৰ মাজত চিৰদিন জীয়াই থাকিব৷