কুৰিটাতকৈও অধিক গেছ আৰু তেলকূপযুক্ত এখন অভিশপ্ত তৈলক্ষেত্রৰ নামেই বাঘজান৷ কিন্তু এই তৈলক্ষেত্রখনৰ বিষয়ে কিমানে জানিছিল৷ আচলতে যিকোনো ঘটনা–পৰিঘটনা কিম্বা বিশিষ্টতাইহে এটা অখ্যাত অঞ্চলৰ পৰিচয় প্রদান কৰে৷ বাঘজানৰ ক্ষেত্রতো তেনেকুৱাই হৈছিল৷ আজিৰ পৰা এটা বছৰৰ পূর্বে অর্থাৎ যোৱা ২৭ মে’ত প্রায় ১০.৩০ বজাত বাঘজানৰ ৫নং খাদত ‘ৱর্ক অভাৰ’ৰ কাম চলি থকাৰ সময়তে ‘ব্ল’আউট প্রিভেণ্টাৰ’ (বি’পি) ওফৰাই এটা বিকট শব্দৰে আৰম্ভ হয় প্রাকৃতিক গেছসহ কণ্ডেনছেটৰ নির্গমন৷ ৱর্ক অভাৰ কামৰ ঠিকা লাভ কৰা বহিঃৰাজ্যৰ ব্যক্তিগত কোম্পানী মেছার্ছ জ’ন এনার্জী আৰু অইল ইণ্ডিয়া লিমিটেডৰ তদাৰকী বিষয়াৰ গাফিলতিৰ বাবেই ব্ল’আউটৰ ঘটনাৰ সূত্রপাত হৈছিল বুলি পৰৱর্তী কালত প্রমাণিত হ’ল৷
স্থানীয়ভাৱে ব্ল’আউট নিয়ন্ত্রণৰ ক্ষমতা নথকাৰ হেতু ভাস্কৰ দুৱৰা নামৰ এজন মধ্যস্থতাকাৰীৰ যোগেদি ছিংগাপুৰস্থিত ‘মেছার্ছ এলার্ট ডিজেষ্টাৰ’ নামৰ ব্যক্তিগত কোম্পানীটোৰ ছয় বিশেষজ্ঞক ব্ল’আউট নিয়ন্ত্রণৰ কামত নিয়োজিত কৰিছিল পঞ্চৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডে৷ এইখিনি সময়ত আতংকগ্রস্ত বাঘজান আৰু পার্শ্বৱর্তী গাঁওসমূহৰ বাসিন্দাক স্থানীয় বিদ্যালয়সমূহত আশ্রয় শিবিৰ পাতি ৰক্ষণাবেক্ষণ দিয়া হৈছিল৷ উৎকট শব্দ আৰু ভূ–কম্পনসহ গেছ–তেল নির্গমনৰ ১২ দিনৰ পিছত অর্থাৎ ৯ জুন, ২০২০ত অগ্ণিকাণ্ডৰ সূত্রপাত হয় বাঘজানৰ অভিশপ্ত ৫নং খাদটোত৷ আকস্মিকভাৱে উদ্ভৱ হোৱা এই অগ্ণিকাণ্ডৰ লেলিহান শিখাৰ পৰা নিজকে বচাবলৈ একমাত্র বিকল্প হিচাপে কাষৰ জলাশয়ত জঁপিয়াই দি অইলৰ অগ্ণিনির্বাপক বাহিনীৰ দুই কর্মচাৰী ক্রমে দুর্লভ গগৈ আৰু তিখেশ্বৰ গোহঁাইৰ সলিল সমাধি ঘটাৰ বিপৰীতে সতীর্থ ৰংমন হাজৰিকা আৰু অ’ এন জি চিৰ কর্মচাৰী আকাশজ্যোতি দাস কথমপি মৃত্যুমুখৰ পৰা বাচিবলৈ সক্ষম হয়৷ অপৰিৱর্তিত ৰূপত থকা বাঘজানৰ পৰিস্থিতিয়ে প্রত্যাশিতভাৱেই চূডান্ত ৰূপ ধাৰণ কৰিবলৈ ধৰে৷ অতিশয় ভয়াৱহ আৰু কিংকর্তব্যবিমূঢ় পৰিৱেশে কোঙা কৰি পেলাইছিল গাঁওবাসী আৰু কোম্পানী উভয় পক্ষকেই৷ আকৌ বিশ্বখ্যাত জৈৱ মণ্ডলীয় বনাঞ্চলযুক্ত ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ইক’ ছেঞ্চিটিভ জ’ন তথা জনবসতিপূর্ণ অঞ্চলত কাৰ সেউজ সংকেত মতে অইলে তৈলখাদ খননৰ (ড্রিলিং) অনুমতি লাভ কৰিলে বুলিও প্রশ্ণ উত্থাপন হৈছিল৷ ইফালে, পৰিভ্রমী পক্ষীসহ কেইবাশ ভিন্ন প্রজাতিৰ পক্ষীৰ বিচৰণ ক্ষেত্র, পর্যটনস্থলী বিশ্বখ্যাত মাগুৰি– মতাপুং বিল (ৱেটলেণ্ডৰ) ওপৰেদি বাৰেকুৰি–বাঘজান অঞ্চললৈ সম্প্রসাৰিত বিপদসংকুল সুদীর্ঘ পাইপ লাইন স্থাপনৰ বাবে কোনে কোনে মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰি প্রায় ৬ কোটি টকাৰ টোপ গিলিলে আদি প্রশ্ণই স্বাভাৱিকতেই এতিয়াও আমনি কৰে সচেতন ব্যক্তিবিশেষক৷
বাঘজান কাণ্ডৰ বাবে দায়ী বুলি ভবা সংশ্লিষ্ট পক্ষসমূহৰ বিৰুদ্ধে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কর্মী অপূর্ব বল্লভ গোস্বামীকে ধৰি কেইবাটা পক্ষই বাঘজান, তিনিচুকীয়া সদৰ থানা আদিত অপৰাধমূলক গোচৰ ৰুজু কৰাৰ সমান্তৰালকৈ কেইবাটাও প্রকৃতিপ্রেমী সংগঠন কিম্বা পৰিৱেশ কর্মীবিশেষে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ৰ ওচৰত ভিন্ন ভিন্ন বিষয়ত ভিন্ন পক্ষৰ বিৰুদ্ধে গোচৰ তৰে৷ উক্ত গোচৰসমূহৰ ভিতৰত পৰিৱেশ কর্মী বনানী কাক্কাৰ বনাম অইল ইণ্ডিয়া লিমিটেড (আৰু অন্যান্য),ৱাইল্ড লাইফ এণ্ড এনভাইৰনমেণ্ট কনজার্ভেচন অর্গেনাইজেচন (ৱেক’) বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য), পৰিৱেশ কর্মী বিমল গগৈ আৰু মৃদুপৱন ফুকন বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য) আৰু পৰিৱেশ কর্মী ক্রমে সোণেশ্বৰ নৰহ, সমুদ্রজিৎ গোহাই আৰু আফ্রিন ৰহমান বনাম অইল ইণ্ডিয়া লিমিটেড (আৰু অন্যান্য) অন্যতম৷
প্রথম দুটা গোচৰৰ ভিত্তিত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ এছ পি ৱাংডি আৰু সিদ্ধান্ত দাসক লৈ গঠিত প্রধান বিচাৰপীঠে বাঘজান কাণ্ড সন্দর্ভত তদন্তৰ বাবে আঠজনীয়া সমিতি গঠন কৰি দিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ ব্রজেন্দ্র প্রসাদ কটকীৰ নেতৃত্বত গঠিত তদন্ত সমিতিয়ে ২০২০ৰ ২৪ জুলাইত এন জি টিৰ মুখ্য বিচাৰপীঠৰ ওচৰত ৪০৭ পৃষ্ঠাজোৰা প্রাথমিক প্রতিবেদন দাখিল কৰে৷ ইফালে, এছ পি ৱাংডি আৰু ড০ নাগিন নন্দাক লৈ গঠিত এন জি টিৰ মুখ্য বিচাৰপীঠে পৰিৱেশ কর্মী বিমল গগৈ আৰু মৃদুপৱন ফুকন বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য) গোচৰৰ শুনানি ১৩ আগষ্ট, ২০২০ তাৰিখে গ্রহণ কৰে৷ ২০২০ৰ ২০ জুলাইত নির্দেশটোত এন জি টিৰ বিবেচনার্থে আবেদনকাৰীয়ে উত্থাপন কৰা নির্দিষ্ট প্রশ্ণকেইটাৰ ওপৰত প্রতিবেদন দাখিল কৰিবলৈ পৰিৱেশ আৰু বন মন্ত্রালয় আৰু ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ পৰিষদক নির্দেশ দিয়া হৈছিল৷ গোৰা চন্দ ৰয়চৌধুৰীয়ে ২০২০ৰ ১০ আগষ্টত যুগুটোৱা প্রতিবেদন পৰিৱেশ আৰু বন মন্ত্রালয়ক দাখিল কৰিছিল যদিও এন জি টিৰ ওচৰত কৰা হোৱা নাই৷ ৰয়চৌধুৰীক এন জি টিৰ ওচৰত প্রতিবেদন দাখিল নিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ এইক্ষেত্রত ৰাজ্যিক পি চি বিৰ অধ্যক্ষ আৰু সদস্য সচিবক ১৭ ছেপ্ঢেম্বৰত পৰৱর্তী শুনানিত ব্যক্তিগতভাৱে এন জি টিৰ বিচাৰপীঠৰ সন্মুখত উপস্থিত থাকিবলৈ নির্দেশ দিয়া হৈছিল৷
দেশ কঁপাই যোৱা বাঘজান কাণ্ডৰ পৰৱর্তী কালত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ৰ মুখ্য বিচাৰপীঠৰ দ্বাৰা গঠিত তদন্ত কমিটীৰ প্রতিবেদন (চূডান্ত নহয়)ৰ বাদে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতিসমূহৰ প্রতিবেদন আজি এবছৰেও প্রকাশ পোৱা দেখা নগ’ল৷ এইচ এম পি– ১৯/৫০/২০২০– পি অ’ আই (এ)/৪ (১২ জুন) নং জাননী (বিজ্ঞাপন)যোগে তদন্তৰ ভিত্তিত বাঘজান ৰিগ নম্বৰ ৫ত গেছ–তেল নির্গমন আৰু অগ্ণিকাণ্ডৰ কাৰণ, কি পৰিস্থিতিত তেনে ঘটনাৰ সূত্রপাত হ’বলৈ পালে, তাৰ বাবে দায়বদ্ধ কোন আৰু ভৱিষ্যতে যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ সমাধানসূত্র নোলাল৷ এই সন্দর্ভত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক লৈ এখন এজনীয়া তদন্ত সমিতি গঠন কৰাৰ উপৰি এফ আৰ ডব্লিউ ৬/২০২০/১নং জাননী (বিজ্ঞাপন)যোগে পৰিৱেশ সম্পর্কীয় দিশসমূহ চোৱাচিতাৰ বাবে অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱক লৈ আন এখন এজনীয়া তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল৷ এই দুয়োখন সমিতিৰ সাক্ষ গ্রহণৰ শেষ সীমা আছিল ২০২০ৰ ২৪ জুন৷ কিন্তু ডাঙৰ প্রশ্ণটো হ’ল– এমাহৰ ভিতৰতে তদন্তৰ প্রতিবেদন দাখিল কৰিব লগা সমিতি দুখনৰ তদন্তৰ প্রতিবেদন অগ্ণি নির্বাপণ হোৱাৰ পিছত (১৭২ দিনৰ মূৰত)হে নালাগে, ব্ল’আউট ঘটনাৰ এটা বর্ষপূর্তিৰ পিছতো ৰাজহুৱা নহ’ল৷ ইফালে, তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে যোৱা ১৫ জুনত উত্তৰ–পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানকো গুৱাহাটীৰ আই আই টিৰ সহযোগত কেতবোৰ বিশেষ দিশ চোৱাচিতা কৰিবৰ বাবে বিশেষ দায়িত্ব অর্পণ কৰিছিল৷ একেদৰে কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রালয়ে অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ পূর্বৰ শীর্ষ বিষয়া বিকাশ চন্দ্র বৰা, তাপস কুমাৰ সেনগুপ্ত আৰু পেড্র’লিয়াম আৰু হাইড্র’কার্বনৰ সঞ্চালকপ্রধান সুভাষ চন্দ্র লালদাসক লৈ এখন তিনিজনীয়া উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰি দিছিল৷ এই সমিতিখনে ‘ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিয়ৰ’ (এছ অ’ পি) কার্যকৰী হৈছিলনে নাই আদি দিশৰ ওপৰতো নজৰ দিয়াৰ কথা উল্লেখ কৰিছিল৷ কেৱল সিমানেই নহয়, কেন্দ্রীয় চৰকাৰৰ শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ মাইনছ এণ্ড ছেফটী (ডি জি এম এছ)ৰ ওপৰতো তদন্তৰ দায়িত্ব অর্পণ কৰা হৈছিল৷ তদ্রূপ কোম্পানী কর্তৃপক্ষই ‘অইল ইণ্ডাষ্ট্রী ছেফটী ডাইৰেক্টৰেট’ (অ’ আই এছ ডিৰ) ৩৮জনীয়া সদস্যৰ প্রধান তালিকা (প্রিঞ্চিপাল পেনেলিষ্ট) খনৰে ৫গৰাকী বিষয়াক লৈ এখন তদন্ত সমিতি গঠন কৰি দিছিল৷ কিন্তু ইমানবোৰ তদন্ত সমিতিয়ে তদন্ত কৰি কি পালে, নে তদন্ত কেৱল কাগজতে সীমাবদ্ধ থাকিল, সেয়া অদ্যাপি ৱেবছাইট যোগেই হওক বা অন্য মাধ্যমেৰে ৰাজহুৱা কৰা নহ’ল৷ কেৱল সিমানেই নহয়, দেশ কঁপোৱা বাঘজান কাণ্ডৰ বিৰুদ্ধে কেইবাটাও পক্ষই দেশৰ সেউজ ন্যায়াধিকৰণত তৰা গোচৰৰ ভিত্তিত ২০২১ৰ ১৫ ফেব্রুৱাৰীত ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে ড্রিবিউনেলৰ প্রিঞ্চিপাল বেঞ্চে পুনৰবাৰ শুনানি গ্রহণ কৰিছিল৷ উক্ত শুনানিৰ প্রতিবেদনৰ পাৰা নং ২৮ অনুসৰি ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাগুৰি–মতাপুং ৱেটলেণ্ডৰ ধবংসপ্রাপ্ত পৰিৱেশৰ প্রতিকাৰমূলক পুনৰুদ্ধাৰ আঁচনিৰ চোৱাচিতা আৰু প্রতিৰোধমূলক পৰিকল্পনাৰ বাবে এন জি টিয়ে অসম চৰকাৰৰ মুখ্য সচিবৰ নেতৃত্বত গঠন কৰি দিছিল এখন দহজনীয়া সমিতি৷ অইল ইণ্ডিয়া লিমিটেডৰ স্বয়ং পৰিচালন সঞ্চালকৰ নাম অন্তর্ভুক্ত থকা সমিতিখনত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয় আৰু কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ মনোনীত প্রতিনিধি, অসম ৱেটলেণ্ড কর্তৃপক্ষ, অসমৰ ষ্টেট বায়’ ডাইভার্ছিটী ব’ড, ষ্টেট এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট অথ’ৰিটী, ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ পৰিষদ, অসমৰ চীফ ৱাইল্ড লাইফ ৱার্ডেন আৰু তিনিচুকীয়াৰ জিলা দণ্ডাধীশ অন্তর্ভুক্ত আছিল৷ উক্ত প্রতিবেদনত কোৱা হৈছিল যে এন জি টিৰ শুনানিৰ প্রতিবেদনৰ গুৰুত্বপূর্ণ তথা জটিল দফাসমূহৰ সৰলিকৃত বিৱৰণ ইংৰাজী আৰু অসমীয়া ভাষাত প্রস্তুত কৰি জিলা দণ্ডাধীশৰ কার্যালয়ৰ উপযুক্ত স্থান আৰু প্রতিষ্ঠান চৌহদৰ কাষৰ কিছু সুবিধাজনক স্থানত ৰাজহুৱা জাননীৰ ৰূপত প্রদর্শন কৰিব লাগিব৷ বিষয়টো নিশ্চিত কৰিবলৈ জিলাৰ উপায়ুক্তক দায়িত্বও দিয়া হৈছিল৷ কিন্তু ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ক্ষতিগ্রস্তলৈ ক্ষতিপূৰণ প্রদান, পৰিৱেশ পুনৰুদ্ধাৰ পৰিকল্পনা কিম্বা অসমীয়া ভাষত ৰাজহুৱা জাননী প্রদর্শন কৰাৰ দৰে নির্দেশৰ বাস্তৱ ৰূপায়ণ দেখা নগ’ল৷ এই আটাইসমূহ পক্ষকে অইলে বিশেষ প্রক্রিয়াৰে মোহাচ্ছন্ন কৰি ৰাখিলে নেকি? আজি এবছৰে সাঁথৰ হৈ ৰোৱা এই প্রশ্ণসমূহৰ উত্তৰ ওলাবনে কাহানিবা?
উল্লেখ্য যে যোৱা ২৪ জুলাইত দাখিল কৰা এন জি টিৰ তদন্তকাৰী দলৰ প্রতিবেদনতো ব্ল’আউট আৰু অগ্ণিকাণ্ডৰ ফলত পৰিৱেশৰ ওপৰত পৰা কুপ্রভাৱ সম্পর্কে স্পষ্টকৈ উল্লেখ কৰিছে৷ ডব্লিউ আই আইৰ বিশ্লেষণ দাঙি ধৰি প্রতিবেদনত কোৱা হৈছিল যে ইয়াৰ জৈৱ–বৈচিত্র্য প্রচণ্ডভাৱে ধ্বংসপ্রাপ্ত হৈছ৷ প’লিচাইক্লিক এৰ’নেটিক হাইড্র’কার্বনৰ প্রদূষণৰ বাবে দীর্ঘকালৰ বাবে ব্যাঘাত হ’ব পাৰিপার্র্শ্বিক ব্যৱস্থা৷ ভাৰত বা বিশ্বৰ অন্যান্য ঠাইৰ অধ্যয়নতকৈ পি এ এইচৰ পৰিমাণ ইয়াত অত্যধিক৷ বিশ্বৰ অন্যান্য ঠাইত কৰা পূর্বৰ পৰীক্ষা–নিৰীক্ষাতকৈ ১০–১০০ গুণ অধিক পি এ এইচ ধৰা পৰিছে মাগুৰি–মতাপুং বিল (ৱেটলেণ্ডৰ) মাছত৷ ই ভূমি আৰু পানী প্রদূষিত কৰিছে৷ বিষাক্ত তেলৰ দ্বাৰা প্রদূষিত হৈ পৰা অঞ্চলটোৰ শিহুকে ধৰি মাছ, কাছ, কীট–পটংগ, সৰীসৃপ আদিৰ মাজত মৰণশীলতাৰ হাৰ বৃদ্ধি পাইছে৷ অইল ব্ল’আউটৰ পিছত গংগেটিক ডলফিনৰ প্রতিৰোধী ক্ষমতাৰ হাৰ ৮৯ শতাংশলৈ হ্রাস পালে৷ লোহিত, ডিব্রু নৈ আৰু মাগুৰি–মতাপুং বিলৰ অক্সিজেন মিশ্রণৰ সীমা ব্রহ্মপুত্রৰ নূ্যনতম নথিভুক্ত পৰিমাণ আৰু কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ ‘এ’ শ্রেণীভুক্ত পর্যায়তকৈ নিম্ন পোৱা গৈছে৷ যাৰ ফলত মাগুৰি–মতাপুং বিলৰ বৃহৎ পৰিমাণৰ প্রাণীকুলৰ মৃত্যু ঘটিছে৷ ডব্লিউ আই আইৰ ড০ ৰঞ্জিত কুমাৰ দাসৰ মতামতৰ উদ্ধৃতি দি কোৱা হৈছে যে ২৫ মে’ৰ পৰা ৮ জুনৰ সময়ছোৱাত কণ্ডেনছেটৰ স’তে নির্গত হোৱা বিষাক্ত গেছে বিস্তৰ ক্ষতিসাধন কৰিছে৷ যাৰ ফলত গ্রাছলেণ্ড আৰু আন্তঃৰাষ্ট্রীয় প্রকৃতি সংৰক্ষণ সংস্থা আই ইউ চি এনৰ ‘ৰেড ডাটা বুক’ত সন্নিৱিষ্ট দুষ্প্রাপ্য প্রজাতিৰ চৰাই–চিৰিকটি যেনে– স্বাম্প ফ্রেংকলিন, মার্ছ বেবলাৰ, জের্ডনছ বেবলাৰ, ব্লেক ব্রিষ্টেড পেৰ’টবিল, স্বাম্প প্রিনিয়া আদিয়ে বংশবিস্তাৰৰ ক্ষমতা হেৰুৱাই পেলাইছে৷
মৃত্যুৰ কিৰীলিয়ে সন্ত্রসিত কৰি তুলিছিল বাঘজানবাসীক৷ অইলৰ হেমাহিৰ বাবেই যোৱা ৯ জুনত সূত্রপাত হোৱা অগ্ণিকাণ্ডৰ ফলত সলিল সমাধি ঘটি দুই অইল কর্মচাৰী ক্রমে দুর্লভ গগৈ আৰু তিখেশ্বৰ গোহঁাইৰ মৃত্যুৰ পিছতে অনিশ্চিত ভৱিষ্যতৰ আশংকাত আত্মহননৰ পথ বাছি লৈছিল বাঘজানৰ শুক্লেশ্বৰ নেওগ নামৰ দুর্ভগীয়া লোকজনে৷ তাৰ পিছতেই কর্মৰত অৱস্থাত জ্যেষ্ঠ অভিযন্তা অর্ণৱ কিশোৰ বৰদলৈৰ মৃত্যুৰ পিছত চতুর্থজনলৈ বৃদ্ধি পালে অভিশপ্ত বাঘজান ৰিগ ৫–এ নৰবলি লোৱাৰ সংখ্যা৷
দেশী–বিদেশী বিশেষজ্ঞ দলৰ ব্ল’আউট নিয়ন্ত্রণৰ প্রচেষ্টা বাৰে বাৰে ব্যর্থ হৈছিল৷ বিধ্বস্ত হৈছিল জনজীৱন, জৈৱ–বৈচিত্র্যকে ধৰি আর্থ–সামাজিক ব্যৱস্থা৷ আনকি ক্ষতিৰ সন্মুখীন হয় স্বয়ং অইল ইণ্ডিয়া লিমিটেড নামৰ ৰাজহুৱা খণ্ডৰ কোম্পানীটোও৷ ছার্ফেচ কিলিঙৰ কেইবাটাও ব্যর্থ প্রচেষ্টাৰ পিছত অইলে ব্ল’আউট কিলিং অপাৰেচনৰ বাবে স্নাৱিং পদ্ধতি প্রয়োগ কৰিব লগা হ’ল৷ অৱশেষত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কানাডাৰ এলবের্টাৰ পৰা আমদানি কৰা স্নাৱিং ইউনিটৰ যন্ত্রাংশ আহি বাঘজান পায়হি৷ স্নাৱিং ইউনিটৰ যোগেদি ব্ল’আউট কিলিং অপাৰেচনৰ ঠিকা লাভ কৰিছিল ৫ মাহতকৈও অধিক কালতো ব্ল’আউট নিয়ন্ত্রণত বিফল হোৱা ‘এলার্ট ডিজেষ্টাৰ’ নামৰ বিদেশী কোম্পানীটোৱেই৷ অৱশ্যে বিদেশী বিশেষজ্ঞসকলে ৯ নৱেম্বৰৰ পৰা স্নাৱিং ইউনিটৰ দ্বাৰা ব্ল’আউট নিয়ন্ত্রণ অভিযান আৰম্ভ কৰি এসপ্তাহৰ ভিতৰত অর্থাৎ ১৫ নৱেম্বৰত অভিশপ্ত খাদটো ‘কিল’ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে সুদীর্ঘ ১৭২ দিনীয়া উৎকণ্ঠা আৰু উত্তেজনাৰ অন্ত পৰে৷ কিন্তু এই লোমহর্ষক ঘটনাৰ ফলত দুই–এখন গ্রন্থ প্রকাশৰ সুযোগ দিয়াৰ বাদে বাঘজানবাসীয়ে কি পালে, কি নাপালে কোনোবাই হিচাপ ৰাখিছেনে?
ফোনঃ ৯১০১৮–৬২৪৮২