নিয়মীয়া বাৰ্তা, ৩০ মেঃ কালান্তক ক’ৰোনা মহামাৰী সমাপ্ত কৰিবলৈ হ’লে বিশ্বৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ ক’ভিড–১৯ টিকাকৰণ অতিকে জৰুৰী৷ বিশ্বৰ দেশসমূহক সকীয়নি দি এই মন্তব্য আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় সঞ্চালক হান্স ক্লুগে৷
ইউৰোপ মহাদেশত চলি থকা ক’ভিড–১৯ টিকাকৰণক কঠোৰ ভাষাৰে সমালোচনা কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ আঞ্চলিক সঞ্চালক হান্স ক্লুগে কয় যে দেশসমূহে তেওঁলোকৰ জনসংখ্যাক লৈ মহামাৰীৰ সময়ত অধিক সচেতন হ’ব লাগিব৷ কিয়নো তেওঁ ভাবে যে ক’ভিড–১৯ মহামাৰী শেষ হৈ যোৱা নাই৷ গতিকে ক’ভিড–১৯ টিকাকৰণ বৃদ্ধি কৰাৰ অতিকে প্রয়োজন আছে৷ সঞ্চালকগৰাকীয়ে কয় যে বিশ্বৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশক যদি ক’ভিডৰ ভেকচিন প্রদান কৰিব পৰা যায়, তেতিয়াহ’লে মহামাৰী অতিক্রম কৰিব পৰা যাব৷ অর্থাৎ ৭০ শতাংশক ভেকচিন প্রদান কৰিলেহে মহামাৰীৰ সমাপ্তি ঘটিব৷
ভেকচিন প্রদান প্রক্রিয়া চলি থকাৰ সময়তে দেশসমূহত নতুন প্রকৰণৰ ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটি থকাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি সঞ্চালক ক্লুগে কয় যে বি.১৬১৭ (ভাৰতীয় প্রকৰণ) অধিক সংক্রমিত ব্রিটিছ প্রকৰণ বি.১১৭তকৈ৷ ইতিমধ্যে ভাৰতীয় প্রকৰণৰ সংক্রমণ পূর্বতকৈ অধিক ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ ইউৰোপীয় সংঘৰ ৫৩ দেশ আৰু স্বায়ত্ত শাসিত অঞ্চলৰ ভিতৰত ইতিমধ্যে ২৭টা অঞ্চলত ভাৰতীয় প্রকৰণৰ প্রভাৱ পৰিলক্ষিত হৈছে৷
সঞ্চালকগৰাকীয়ে প্রকাশ কৰা মতে ইউৰোপীয় সংঘৰ দেশসমূহৰ ৩৬.৬ শতাংশ লোকক অতিকমেও এটা ড’জ আৰু ১৬.৯ শতাংশ লোকক সম্পূর্ণ টিকাকৰণ কৰা হৈছে৷ এই হাৰ সন্তুষ্টজনক নহয় বুলি প্রকাশ কৰি সঞ্চালক ক্লুগে যথাশীঘ্রে টিকাকৰণৰ হাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে৷ বিশ্বজুৰি বিগত চাৰি সপ্তাহ ধৰি নতুনকৈ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা হ্রাস পাই আহিছে যদিও কিছুসংখ্যক দেশৰ নতুন নতুন প্রকৰণৰ ক’ৰোনাই শংকাৰ পৰিৱেশ এটা সৃষ্টি কৰি আহিছে৷
শেহতীয়াভাৱে মালয়েছিয়াত কেনিন ক’ৰোনা ভাইৰাছ মানৱ দেহত ধৰা পৰিছে৷ বিজ্ঞানীয়ে নিউমোনিয়াত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হোৱা লোকৰ দেহত কুকুৰৰ ক’ৰোনা ভাইৰাছ চিনাক্ত কৰাৰ পিছত এই সন্দর্ভত সচেতন হ’বলৈ দেশসমূহক আহ্বান জনাইছে৷