নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলৰ আকাশত দেখিবলৈ পোৱা গ’ল ক’লীয়া ডাৱৰ

নিয়মীয়া বাৰ্তা, ৩১ মেঃ ৰক্তাভ গ্রহ মঙলক লৈ প্রতিদিনে ন ন পৰীক্ষা চলাই আছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ শেহতীয়াকৈ নাছাই প্রেৰণ কৰা ‘কিউৰি’ছিটী ৰ’ভাৰ’এ প্রেৰণ কৰিছে মঙলক লৈ আশাব্যঞ্জক চিত্র৷ এই ছবিত দেখিবলৈ পোৱা গৈছে মঙলৰ আকাশত ক’লীয়া ডাৱৰ৷ পূর্বেও মঙলৰ আকাশত ডাৱৰ দৃশ্যমান হৈছিল যদিও এইবাৰ এই ডাৱৰে বিজ্ঞানীসকলৰ মাজত কৌতূহল সৃষ্টি কৰিছে৷ কাৰণ পূর্বতে ৰঙা গ্রহ মঙলৰ আকাশত এনে ডাৱৰ দৃশ্যমান হোৱা নাছিল৷ পূর্বতে দৃশ্যমান হোৱা ডাৱৰ আছিল অতি অস্পষ্ট৷ কিউৰি’ছিটী ৰ’ভাৰে ৰঙা গ্রহটোৰ বক্ষত দীর্ঘদিন ধৰি চলাই আছে বিভিন্ন অনুসন্ধান৷

শেহতীয়াকৈ ক’লীয়া ডাঠ ডাৱৰ মঙলৰ আকাশত দৃশ্যমান হোৱাৰ পিছতে জোতির্বিজ্ঞানীসকলে ধাৰণা কৰিবলৈ লৈছে গ্রহটোত জীৱৰ অস্তিত্ব এতিয়াও বর্তি আছে৷ অর্থাৎ পৃথিৱীৰ আকাশত দৃশ্যমান হোৱা ডাৱৰৰ দৰে অনুৰূপ ডাৱৰ মঙলৰ আকাশত সৃষ্টি হোৱাৰ পিছত বিজ্ঞানীসকলে ধাৰণা কৰিবলৈ লৈছে যে গ্রহটোত পৃথিৱীসদৃশ পৰিঘটনা সঘনে ঘটি আছে৷ অৱশ্যে এয়া এতিয়াও পৰীক্ষা–নিৰীক্ষাৰ মাজতেই আছে৷ সাধাৰণতে মঙলৰ আকাশত অতি সাধাৰণ, শুকান মেঘৰ আৱৰণ দৃশ্যমান হৈছিল পূর্বৰ দিনবোৰত৷ কিউৰি’ছিটী ৰ’ভাৰে প্রেৰণ কৰা ছবিৰ পিছতে মঙল সন্দর্ভত বহু চিন্তা সলনি হৈছে জ্যোতির্বিজ্ঞানীসকলৰ্৷

You might also like