বিয়াৰ পিছতেই মহিলাৰ ওজন কিয় বৃদ্ধি হয় জানেনে….
নিয়মীয়া বাৰ্তা ১ জুনঃ বিয়াৰ পতাৰ পিছত মহিলাসকলৰ ওজন বৃদ্ধি হোৱাটো সাধাৰণ কথাত পৰিলক্ষিত হৈছে। যি সকল মহিলাই বিয়াৰ আগলৈকে নিজৰ পচন্দ মতে দৈহিক ওজন ভালকৈ ৰখাত গুৰুত্ব দিয়ে, কিন্তু বিয়াৰ এবছৰ বা দুবছৰৰ পিছতেই ওজন বৃদ্ধি হ’বলৈ ধৰে। তাৰ পৰিপেক্ষিতত চিন্তিত হৈ পৰে মহিলা সকল।
বিয়াৰ পিছত মহিলাসকলৰ ওজন বৃদ্ধি হোৱাৰ কেইটামান সাধাৰণ কাৰণ জানো আহক-
বিয়াৰ পিছতেই মহিলাই নতুন পৰিৱেশত ভৰি দিয়ে আৰু সোৱাদযুক্ত খাদ্য খুৱাবলৈ গৈ মহিলাগৰাকীয়েও নিজেও সেই খাদ্য গ্ৰহণ কৰিবলৈ বাধ্য হয়। লগতে মহিলাগৰাকীয়ে নিজৰ পিতৃৰ ঘৰত যি ডাইট লৈছিলে কিন্তু শহুৰ ঘৰত সকলোখিনি সলনি হৈ যায়। যাৰ ফলত মহিলা গৰাকীৰ ওজন অস্বাভাৱিক ভাৱে বৃদ্ধি হয়।
সাধাৰণতে মহিলাৰ ৩০ বছৰৰ পিছত মেটাবলিক ৰেট কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে অলপ খাদ্য খোৱাৰ পিছতেই মহিলাৰ ওজন বাঢ়িবলৈ ধৰে। সাধাৰণতে প্ৰায় মহিলাৰ বিবাহ প্ৰায় ৩০ বছৰ বয়সতেই হয় আৰু সেই সময়ত মহিলাৰ দৈহিক বহুখিনি পৰিৱৰ্তন হয়। এনে সময়ত ওজন বৃদ্ধি হোৱাটো স্বাভাৱিক কথা।
নতুন পৰিয়ালত অত্যাধিক মৰম কৰে নৱবিবাহিত মহিলাগৰাকীক। সেইকেইদিনত আলহীৰ ঘৰলৈ যোৱা, পাৰ্টি কৰা, বিভিন্ন ধৰণৰ ব্যঞ্জনৰ আয়োজনৰে বিভিন্ন খাদ্য খোৱা যায় । এই সময়ত মহিলা গৰাকী অসাৱধানত বহুত খাদ্য বস্তু খোৱা যায় যাৰ পৰিপেক্ষিতত ওজন বৃদ্ধি হ’বলৈ ধৰে।
বিয়াৰ আগতে যিকোনো যুৱতীয়ে নিয়মিত জিমকে ধৰি যোগ কৰে। কিন্তু বিয়াৰ পিছত সকলো সলনি হৈ যায়। বহু মহিলাই ভাৱে যে এতিয়া বিয়া হৈ গ’ল গতিকে ফিটনেচৰ কিয় প্ৰয়োজন। এনে কাৰণতো মহিলাৰ ওজন বৃদ্ধি হয়।