নগাঁও–কাছাৰ কাগজ কল বিক্রীৰ বিৰুদ্ধে প্রতিবাদ কর্মচাৰী, দল–সংগঠনৰ
নিয়মীয়া বাৰ্তা ৩ জুনঃ ‘নেচনেল কোম্পানী ল এপীলেট ট্রিবিউনেল’ (এনচিএলএটি) আৰু নেচনেল কোম্পানী ল ট্রিবিউনেল (এনচিএলটি)ৰ নির্দেশনা উলংঘাৰে ৰহস্যজনকভাৱে লিকিউডেটৰ কুলদীপ বার্মাই কাছাৰ–নগাঁও কাগজ কল নিলামৰ বিজ্ঞাপন প্রকাশ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিগত ২০১৭ চনৰ ১৩ মার্চৰ পৰা বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ কাগজ কল দুটা নিলামৰ পদক্ষেপ গ্রহণ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইয়াৰ কর্মচাৰীসকলৰ লগতে বিভিন্ন দল–সংগঠন৷
উল্লেখ্য যে ২০১৯ চনৰ ২ মে’ত এন চি এল টিয়ে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ সম্পত্তি নিলাম কৰাৰ সপক্ষত ৰায় দি আনুষ্ঠানিক অনুদান প্রদান কৰিছিল৷ কিন্তু একেটা বর্ষৰ ২৯ মে’ত কাগজ কল দুটাৰ শ্রমিক সংগঠনবোৰৰ নিবেদনৰ ভিত্তিত এন চি এল এ টিয়ে এন চি এল টিৰ উক্ত নির্দেশনা খাৰিজ কৰে৷ কাগজ কল দুটা কার্যক্ষম কৰি নিলাম অথবা বিক্রী কৰাৰ কথাহে স্পষ্ট কৰি দিয়ে এন চি এল এ টিয়ে৷ এইক্ষেত্রত এন চি এল এ টিয়ে কেন্দ্রীয় চৰকাৰৰ বিশেষ পুঁজি আবণ্টন দিয়াৰো নির্দেশ দিছিল৷ পিছে এই নির্দেশনাৰ দুই বছৰ পিছতো কেন্দ্র–ৰাজ্য উভয় চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷
ইয়াৰ মাজতে কাগজ কল দুটাৰ নিলামী প্রক্রিয়া আৰম্ভ কৰাৰ অনুমতি বিচাৰি চলিত বর্ষৰ এপ্রিল মাহত লিকিউডেটৰ কুলদীপ বার্মাই এন চি এল টিত আবেদন জনাইছিল৷ ঊর্ধ্বতন কর্তৃপক্ষ হিচাপে এন চি এল এ টিয়ে প্রদান কৰা নির্দেশনা পুনৰ বিবেচনা কৰাত কোনো অৱকাশ নথকা হেতু এন চি এল টিয়ে লিকিউডেটৰ কুলদীপ বার্মাৰ আবেদন খাৰিজ কৰি দিয়ে৷ ইয়াৰ লগে লগে জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু পাঁচগ্রামস্থিত কাছাৰ কাগজ কলৰ নিলাম কৰিব নোৱাৰাটো স্পষ্ট হৈ পৰে৷ যোৱা ২৬ এপ্রিলত গ্রহণ কৰা শুনানিৰ সময়ত প্রদান কৰা এই ৰায়ে এন চি এল টিয়ে ৰাজহুৱা কৰিছিল যোৱা ১১ মে’ত৷
কিন্তু এনেধৰণৰ স্পষ্ট নির্দেশনা থকা সত্ত্বেও লিকিউডেটৰ কুলদীপ বার্মাই যোৱা ১ জুনত কাগজ কল দুটা নিলামৰ বিজ্ঞাপন প্রকাশ কৰিছে৷ হঠাতে কাগজ কল দুটা বিক্রী কৰা প্রক্রিয়া আৰম্ভ কৰাত ইয়াৰ কর্মচাৰীসকল ক্ষুব্ধ হৈ পৰিছে৷ অসমৰ স্বাভিমানৰ প্রতীক নগাঁও কাগজ কলৰ সন্মুখত আজি কাগজ কল কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিভিন্ন দল–সংগঠনৰ নেতৃত্বৰ লগতে কলটোৰ কর্মচাৰীসকলে৷ নিলামত ১,১৩৯ কোটি টকা মূল্য নির্ধাৰণ কৰিছে কল দুটাৰ বাবে৷ অথচ কল দুটাৰ সামগ্রিক মূল্য ৪০ হাজাৰ কোটি টকাৰো অধিক বুলি মত ব্যক্ত কৰিছে ইয়াৰ কর্মচাৰীসকলে৷ কাগজ কল বন্ধ হোৱাৰ ফলত ৫১ মাহে বিনাবেতনেৰে এক সংকটপূর্ণ জীৱন কটাবলগীয়া হৈছে কর্মচাৰীসকল৷ দৰমহাবঞ্চিত কর্মচাৰীসকলৰ চাৰিজনে অসহায় হৈ আত্মহত্যাৰ পথ বাি ল’ব লগা হ’ল৷
বিনাচিকিৎসাই ৮৭জন শ্রমিক–কর্মচাৰীৰ মৃত্যু হ’ল৷ ইয়াৰ পিছতো চৰকাৰে এইসকল দুর্ভগীয়া কর্মচাৰীৰ জীৱনৰ কথা চিন্তা নকৰি বর্তমান কাগজ কল দুটা নিলামৰ নিবিদা ঘোষণা কৰাত সর্বত্র এতিয়া প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কর্মচাৰীসকলে অসম চৰকাৰক কাগজ কল দুটা ক্রয় কৰি উৎপাদনক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে যাতে কাগজ কল দুটা ব্যক্তিগত খণ্ডলৈ গুচি নাযায়৷ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ্ পদক্ষেপ গ্রহণৰ আহ্বান জনাই আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে জইণ্ট একচন কমিটী অৱ ৰিক’গনাইজ্ড ইউনিয়নছ্, নগাঁও এণ্ড কাছাৰ পেপাৰ মিলছ–এ৷ সংগঠনটোৰ সভাপতি মানৱেন্দ্র চক্রৱর্তী আৰু সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে স্মাৰক–পত্রখনৰ জৰিয়তে হিন্দুস্তান পেপাৰ কর্প’ৰেচনক বিক্রী যোৱাৰ পৰা ৰক্ষা কৰি উদ্যোগ দুটাক চৰকাৰৰ অধীনলৈ নিয়াৰ দাবী জনায়৷ লগতে কর্মচাৰীসকলৰ প্রাপ্য আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়৷ সেইদৰে কাগজ কল দুটা নিলামৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই৷
নগাঁও–কাছাৰ কলৰ নিলাম বন্ধ কৰকঃআছু
প্রতিবাদক নেওচি নগাঁও–কাছাৰ কাগজ কল নিলামৰ বাবে প্রকাশ কৰা বিজ্ঞাপন বাতিলৰ দাবী জনাইছে সদৌ অসম ছাত্র সন্থাই৷ এইক্ষেত্রত সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্রেছ বিবৃতিত কয় যে ২০১৪ চনৰ পৰা ২০২১ চনলৈ প্রতিটো নির্বাচনৰ সময়ত বিজেপিয়ে প্রতিশ্রুতি দিয়াৰ উপৰি নির্বাচনী ইস্তাহাৰত দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ কথা উল্লেখ কৰি আহিছে৷ কিন্তু অতি আশ্চর্যজনকভাৱে এতিয়া ইয়াৰ নিলামৰ বাবে বিজ্ঞাপন প্রকাশ কৰাটো দুর্ভাগ্যজনক৷ যদিহে অসম চৰকাৰৰ অজ্ঞাতে ইয়াৰ বিজ্ঞাপন প্রকাশ কৰিছে, তেন্তে চৰকাৰে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰক আৰু উদ্যোগ দুটাৰ সন্দর্ভত অসম চৰকাৰৰ স্থিতি কি সেয়া ৰাজহুৱা কৰক৷
নগাঁও–কাছাৰ কাগজ কল নিলামৰ বিৰোধিতা যুৱ–ছাত্র পৰিষদৰ
নগাঁও–কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ নকৰি ওলোটাই নিলাম কৰিবলৈ ওলোৱা কার্যৰ তীব্র বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে৷ উদ্যোগ দুটা নিলামৰ বিজ্ঞাপন প্রকাশ কৰাৰ লগে লগেই জাঙুৰ খাই উঠি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়াই সংবাদ মাধ্যমলৈ প্রেৰণ কৰা বিবৃতিত কয় যে এই নিলাম প্রক্রিয়াৰ জৰিয়তে কাগজ কল দুটাৰ লগত প্রত্যক্ষভৱে জড়িত ১২০০ কর্মচাৰীৰ লগতে পৰোক্ষভাৱে হাজাৰ হাজাৰ ব্যৱসায়ীলৈ কাল অমানিশা নমাই আনিছে৷ চৰকাৰৰ কাগজ কল দুটাক লৈ সুপৰিকল্পনা নথকাৰ ফলতে ৮৭জনকৈ লোকে অকাল মৃত্যুক সাবটি ল’লে৷ কিন্তু চৰকাৰখনে তেওঁলোকৰ একো দায়িত্ব নল’লে৷ ৰাজহুৱা খণ্ডৰ এই প্রতিষ্ঠান দুটাৰ নিলাম কোনো কাৰণত মানি লোৱা নহ’ব বুলি নেতাদ্বয়ে হুংকাৰ দিয়ে৷ তদুপৰি এছিয়াৰ ভিতৰতে উৎকৃষ্টমানৰ কাগজ নির্মাণ কৰা জাগীৰোডস্থিত নগাঁও কাগজ কলৰ লগতে কাছাৰ কাগজ কল লাভজনক স্থিতিত থকাৰ পিছতো কি ৰহস্যজনক কাৰণত বন্ধ কৰি দিয়া হ’ল বুলি পৰিষদৰ নেতাদ্বয়ে প্রশ্ণৰ অৱতাৰণা কৰে