চিকিৎসক আৰু আমিবোৰ
সংবাদ জগতৰ মর্মান্তিক, হূদয়বিদাৰক খবৰ ‘চিকিৎসকক আক্রমণ’৷ এই বিষয়টো কেৱল সংবাদ জগততেই নহয়, ছ’চিয়েল মিডিয়াতো তোলপাৰ লাগি আছে৷ অনুসন্ধান কি পর্যায়ত আছে, কেইজনক গ্রেপ্তাৰ কৰিছে, তেওঁলোক কোন সম্প্রদায়ৰ আদি একাধিক বাতৰিৰে ভৰি পৰিছে৷ এইবোৰৰ ওপৰত এচামে কেনেধৰণৰ শাস্তি প্রদান কৰা হ’ব, তাৰ ওপৰতো দিহা–পৰামর্শ আগবঢ়াইছে৷
চিকিৎসকক প্রহাৰৰ ঘটনা আমাৰ সমাজৰ বাবে নতুন ঘটনা নহয়৷ সমগ্র ভাৰততে মাজে মাজে এনে ধৰণৰ ঘটনা ঘটি থাকে৷ তাৰ যিবোৰ প্রতিবাদ হয়, সেইবোৰ প্রায় আগৰ ঘটনাক্রমৰ দৰেই৷ এই ঘটনাটোৰ ঢ়ৌ পোন্ধৰ দিন থাকিব৷ তাৰ পিছত লাহে লাহে প্রতিবাদৰ জুইকুৰা নুমাই যাব আৰু আন ঘটনাৰ দৰেই এটা সময়ত সকলো প্রতিবাদে নিতাল মাৰিব৷
যোৱা পোন্ধৰ বছৰ ধৰি মোৰ কর্মস্থান এখন চিকিৎসালয় হোৱা হেতুকে চিকিৎসা বিদ্যাক মানৱীয় দৃষ্টিভংগীৰে চোৱা বহুকেইজন বিশিষ্ট জ্যেষ্ঠ চিকিৎসকৰ সংস্পর্শলৈ অহাৰ সুযোগ পাইছোঁ৷ চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তিসকলৰ জীৱন নিচেই কাষৰ পৰা চোৱাৰ আৰু লক্ষ্য কৰাৰ সুযোগ পাইছোঁ৷ মোৰ সন্মুখত কোনো চিকিৎসককে ৰোগীৰ আত্মীয় অথবা সম্পর্কীয় মানুহে প্রহাৰ কৰা নেদেখিলেও তেওঁলোকে কৰা ককর্থনা নিজ কাণেৰে শুনিছোঁ৷ মোৰ পোন্ধৰ বছৰৰ এই অভিজ্ঞতাৰ ভিত্তিতেই কেইটামান কথা লিখিবলৈ ওলাইছোঁ৷
প্রথম কথা হ’ল মোৰ দৃষ্টিত চিকিৎসকসকল ভগৱান নহয়৷ তেওঁলোকে জীৱন দিব নোৱাৰে কিন্তু তেওঁলোকে ৰোগ আৰোগ্য কৰিবলৈ, ৰোগীৰ ৰোগৰ যন্ত্রণা কমাবলৈ অহোপুৰুষার্থ চেষ্টাহে কৰিব পাৰে৷ সেই উদ্দেশ্যে তেওঁলোকে চিকিৎসা বিজ্ঞানৰ জটিল বিষয়বোৰ আয়ত্ত কৰে, যাতে ৰোগীক ৰোগমুক্ত কৰি সুস্থ কৰি তুলিব পাৰে, মানুহৰ প্রাণ বচাব পাৰে৷
দ্বিতীয়তে, জীৱ মাত্রেই জীৱনৰ অনিবার্য পৰিণতি হ’ল মৃত্যু৷ এই মৃত্যুভয় প্রায় সকলো মানুহৰে অবচেতন মনত চিৰ জাগৰক হৈ থাকে৷ যেতিয়া এজন মানুহ মৃত্যুৰ স’তে যুঁজি থাকে, তেতিয়া ৰোগীতকৈ বেছি উত্তেজনাত থাকে তেওঁক চিকিৎসা কৰা চিকিৎসক আৰু সহকর্মীসকল আৰু কোঠাৰ বাহিৰত থিয় হৈ থকা তেওঁৰ আত্মীয়সকল৷ এজন ৰোগীক যেতিয়া চিকিৎসা কৰে, তেতিয়া তেওঁ অন্তৰেৰে চেষ্টা কৰে ৰোগীগৰাকীৰ ৰোগ নিৰাময় কৰিবলৈ৷ এনেদৰেই চিকিৎসা কৰোঁতে ৰোগী আৰু চিকিৎসকৰ মাজত এটা আত্মীয়তা গঢ়ি উঠে, যি আত্মীয়তা এজন সাধাৰণ মানুহৰ পক্ষে অনুভৱ কৰা অতি কঠিন৷ এটা সৰু উদাহৰণ দিলে প্রসংগটো বুজিবলৈ সহজ হ’ব৷ প্রতিজন মানুহে জীৱনত অলেখ মানুহ লগ পায়৷ সেইসকলৰ মাত্র মুষ্টিমেয় মানুহকহে মনত ৰখা যায়৷ কিন্তু এজন চিকিৎসকৰ ওচৰলৈ যাবচোন, যদিহে আপুনি অলপ দীঘলীয়া চিকিৎসা গ্রহণ কৰিছে৷ তেনেহ’লে তেওঁ আপোনাৰ ৰোগৰ বিষয়ে আৰু ৰোগীৰ বিষয়ে মনত ৰাখি থয়৷ সেয়াই তেওঁলোকৰ ৰোগীৰ প্রতি থকা দায়বদ্ধতা আৰু লগতে চিকিৎসা সেৱাৰ প্রতি থকা আন্তৰিকতা৷
তৃতীয়তে, এজন ৰোগীয়ে মৃত্যুক কেতিয়া সাবটি লয়, যেতিয়া তেওঁৰ শৰীৰৰ জীৱন ধাৰণৰ ক্ষমতা লোপ পায়, তেতিয়া সকলো অংগই অৱশ হৈ পৰে৷ সকলো চিকিৎসাই তেওঁৰ বাবে বিফল হয়৷ মই হাস্পতাললৈ এনে বহু মুমূর্ষু ৰোগীও অহা দেখিছোঁ, যিসকলক জৰুৰীকালীন বিভাগত চিকিৎসা আৰম্ভ কৰাৰ পূর্বেই মৃত বুলি ঘোষণা কৰিব লগা হয়৷ ৰোগীজনক সুস্থ কৰি তুলিবলৈ অথবা চিকিৎসা কৰিবলৈ সামান্যতমো সুযোগ নোপোৱাৰ বেদনাত সেই সময়ত কর্তব্যৰত চিকিৎসকৰ মন বিমর্ষ হৈ যায়– ‘আৰু আধা ঘণ্টা আগতে পোৱা হ’লে, বচাব পাৰিলোঁহেঁতেন কিজানি৷’ এনে ধৰণৰ আলোচনাৰে তেওঁলোকে ইজনে–সিজনক সাত্ব্ন্না দিয়ে৷ আনকি দীর্ঘদিন পৰিচর্যা কৰা ৰোগীৰ মৃত্যু হ’লে কেতিয়াবা তেওঁৰ চিকিৎসা কৰা চিকিৎসক আৰু যতন লোৱা স্বাস্থ্য কর্মীসকল মানসিক চাপত ভোগাও দেখিছোঁ৷ তেওঁলোক মানসিকভাৱে ভাগি পৰে৷ অস্ত্রোপচাৰৰ টেবুলত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ অস্ত্রোপচাৰ কৰি নিজে ৰুগীয়া হোৱা চিকিৎসকো লগ পাইছোঁ৷ দীঘলীয়া অপাৰেচন কৰাৰ পিছত তেওঁলোকৰো ডিঙিৰ, ভৰিৰ, পিঠিৰ বিষ হয়৷ সেই কথা বাহিৰত থিয় হৈ থকা আত্মীয়ই বুজিব নোৱাৰে৷ অস্ত্রোপচাৰ কেনেদৰে সম্পন্ন হ’ল– সেই কথা যদি নজনোৱাকৈ ঘৰলৈ গুচি যোৱা চিকিৎসকৰ ওপৰত ৰোগীৰ অভিভাৱকসকলে ক্ষোভ উজাৰে৷ কিন্তু চিকিৎসকজনো যে তেজ–মঙহৰে মানুহ, তেৱোঁ ভাগৰি পৰিব পাৰে, সেই কথা সেই সময়ত তেওঁলোকে অনুভৱ নকৰে৷ আনহাতে আমাৰ সমাজত এনে বহু মানুহো আছে, যিসকলে কেৱল সকলো কথা টকা–পইচাৰে জোখে৷
চতুর্থতে, মানুহৰ স্বাস্থ্য এটা যন্ত্রসদৃশ৷ এটা যন্ত্রৰ সামান্য স্ক্র এটা ওলাই গ’লেই সম্পূর্ণ যন্ত্রটো অচল হৈ পৰে, তেনেদৰেই মানুহৰো একেই অৱস্থা হয়৷ চিকিৎসক হ’ল বুলিয়েই মানুহৰ দেহৰ ওপৰত চিকিৎসকৰ সকলো নিয়ন্ত্রণ থাকে বুলি ভবাটো মাৰাত্মক ভুল৷ মানুহৰ শৰীৰটোৰ সকলো শাৰীৰিক সমস্যা দূৰ কৰি ৰোগমুক্ত কৰি তুলিব পাৰে বুলি চিকিৎসকৰ ওপৰত এটা ভয়ংকৰ ভুল ধাৰণা বহুতে লৈ থাকে৷ এই ধাৰণাই কেৱল ৰোগীৰে ক্ষতি নকৰে, তেওঁৰ মৃত্যুত পৰিয়ালৰ সকলোকে ক্ষতি কৰে৷ আনহাতে এজন কনিষ্ঠ চিকিৎসকে গুৰুতৰ চিকিৎসা কৰিব নোৱাৰে৷ সেই অর্হতা থকা চিকিৎসকেহে তেনেবোৰ ৰোগৰ চিকিৎসা কৰিব পাৰিব৷ অলপতে ঘটা ঘটনাটোৰ ক্ষেত্রতো তেনে কিছু আসোঁৱাহ আছিল৷
পঞ্চমতে, মই ক’ব বিচৰা কথাখিনি বুজাবলৈ দুটা উপমা দিব লাগিব৷ প্রথমটো আমাৰ হাস্পতালৰ ঘটনা৷ এজন কলেজীয়া ছাত্রৰ মটৰচাইকেলৰ দুর্ঘটনা হৈ শৰীৰটো ক্ষত–বিক্ষত হৈ হাস্পতাললৈ আহিছিল৷ হাস্পতালৰ ষ্ট্রেচাৰত তুলি তেওঁক যেতিয়া কেজুৱেলিটীলৈ আনিছিল, তেতিয়া দেখিছিলোঁ পেটৰ নাড়ী–ভুৰু ওলাই গৈছে৷ দেখিলেই গাৰ নোম শিয়ৰি উঠা দৃশ্য৷ ঘৰলৈ আহিবলৈ ওলাওঁতেই হাস্পতালৰ মুখতে আঘাতপ্রাপ্ত ল’ৰাজনক সেই অৱস্থাত দেখিলোঁ৷ ল’ৰাজনৰ মাকে হিয়ালী–জিয়ালীকৈ কান্দিছে আৰু চিঞৰিছে– ‘মোৰ বাপাক বচা ঐ’৷ ময়ো এগৰাকী মাতৃ বাবেই পৰিৱেশটো নেওচি ওলাই আহিবলৈ সৎ নগ’ল৷ অকণমান পিছহুঁহকি গ’লোঁ, কিজানিবা কিবা সহায় কৰিব পাৰোঁ৷ তেওঁলোকৰ লগত বহুত আত্মীয় আৰু কলেজীয়া লগ–বন্ধু গোট খাইছিল৷ তেওঁলোকৰ দুজনমানে আলোচনা কৰিছে– ইয়ালে আনিব নালাগিছিল, অমুকলৈ নিব লাগিছিল৷ কোনোবাই কৈছে– ডাক্তৰক কৈ দে আমাৰ ল’ৰাক ভাল কৰি দিব লাগিব, ডাক্তৰক অলপ প্রেছাৰ দিব লাগিব৷ দুজনমানে আকৌ অভিযোগ কৰিলে যে কেণ্টিনত খাবলৈ একো নাই, অভ্যর্থনা কক্ষত পানীৰ বটল বিচাৰিলে– মুঠতে এক অৰাজক হুলস্থূলীয়া পৰিৱেশ৷ ভিতৰত ৰোগীৰ কি অৱস্থা হৈছে– ৰোগীক যে তেজ লাগে, তাৰ যোগাৰ কোনে কৰিব– সেই কথাবোৰ ভাবিবলৈ কোনো মানুহ নাছিল৷ তেওঁলোক বেছিসংখ্যকৰে ধাৰণা যে ল’ৰাটো হাস্পতাললৈ অনাৰ পিছত সকলো দায়িত্ব হাস্পতালৰ৷ চিকিৎসকক টকা দিম, গতিকে কি লাগে লৈ লওক, তেওঁলোকক দেখি সেইদিনা অনুভৱ কৰিছিলোঁ যে এইসকলৰ ডাক্তৰী বিদ্যাৰ ওপৰত বিন্দুমাত্রও জ্ঞান নাই৷
মই মাজে মাজে সম্পর্কীয় বা চিনাকি মানুহৰ পৰা এনে ধৰণৰ ফোনো পাওঁ যে মোৰ পৰা জানিব বিচাৰে কোনখন হাস্পতাললৈ নিলে তেওঁলোকৰ ৰোগীজন সুস্থ হৈ উঠিব, অথচ ৰোগীৰ যোৱা–থোৱা অৱস্থা৷
আজিৰ পৰা দুবছৰ আগতে মোৰ এজন আত্মীয় গাড়ী চলাওঁতে দুর্ঘটনাত পতিত হৈ এখন ব্যক্তিগত হাস্পতালত আইচিইউত ভর্তি হৈ আছিল৷ আমাৰ ৰোগীজনৰ জীৱন সংকটমুক্ত নাছিল৷ এনেতে হাইৱে’ত এটা দুর্ঘটনাত পতিত হৈ এজন ৰোগী সেই হাস্পতালত ভর্তি হ’ল৷ ৰোগীজনক প্রথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিছিল যদিও তাত ভাল নহয় বুলি কোৱাত এজন মধ্যস্থতাকাৰীৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ হাস্পতালখনলৈ আনিলে৷ ৰোগীৰ অৱস্থা অতি শোচনীয়৷ ৰোগীক আইচিইউত ভর্তি কৰালে৷ কিন্তু ভর্তি কৰাৰ আগতে হাস্পতাল কর্তৃপক্ষই ৰোগীজনৰ অভিভাৱকক জনাই দিছিল যে ৰোগীৰ অৱস্থা ভাল নহয়, তেওঁলোকে অন্য হাস্পতাললৈ নিব পাৰে৷ কিন্তু ৰোগীৰ আত্মীয়ৰ দাবীত তাতে ভর্তি কৰালে৷ ৰোগী অহাৰ এঘণ্টা মানৰ ভিতৰতে প্রায় ১০০জন আত্মীয় গোট খালে আৰু অভ্যর্থনা কক্ষৰ কাষতে থকা সৰু কেণ্টিনৰ সকলো খাদ্য খাই তেওঁলোকে সেইখন উদং কৰিলে৷ তাত থকা ছেলছমেনে তেওঁলোকক বুজালে যে এই খাদ্য সামগ্রী ৰাতি হাস্পতালত থাকিব লগাসকলৰ বাবেহে৷ কিন্তু পাঞ্জাবী সম্প্রদায়ৰ সেই লোকসকলে কোনো কথাই গ্রাহ্যই নকৰিলে৷ আনকি আইচিইউৰ ওচৰলৈ ঔষধ দিবলৈ প্রতিজন ৰোগীৰ বাবে এজন মানুহ যাবলৈ দিয়া নির্দেশো তেওঁলোকে অমান্য কৰি প্রায় ত্রিশজনমান মানুহ খটখটিত বহি আছিল৷ বহুতৰে কঁকালত সৰু সৰু কৃপানবোৰ জিলিকি আছিল৷ তেওঁলোকে আলোচনা কৰি আছিল, ‘টকা দিছোঁ, ৰোগী বচাব লাগিব’, ‘নহ’লে হাস্পতাল ভাঙি দিম’, ‘জুই লগাই দিম’৷ সেই সময়ত আমাৰ ৰোগীজনৰ পত্নী হাস্পতালত অকলে আছিল৷ হাস্পতালৰ উত্তপ্ত পৰিস্থিতি দেখি তেওঁ আমালৈ কান্দি কান্দি ফোন কৰিছিল৷ কিয়নো আমাৰ ৰোগীজনৰ কাষৰ বেডখনেই সেইজন ৰোগীৰ৷ আমি সেই খবৰ পাই উধাতু খাই হাস্পতাললৈ গৈ প্রশাসনীয় বিষয়াগৰাকীক লগ ধৰিছিলোঁ৷ হাস্পতালত ভর্তি হৈ থকা প্রায়সকল ৰোগীৰ এটেনডেণ্টে সেইদিনা বিনিদ্র ৰজনী কটাইছিল৷ মাজনিশা পুলিচ আহি পৰিস্থিতি নিয়ন্ত্রণলৈ আনিছিল৷ এই ঘটনাবোৰ সৰু যেন লাগিলেও যেতিয়া এইবোৰৰ মুখামুখি হোৱা যায়, তেতিয়াহে অনুভৱ কৰিব পাৰি আনক এইবোৰে কেনেকৈ ক্ষতি কৰে৷
দীর্ঘদিনীয়া অভিজ্ঞতাৰ পৰা এইটো ক’ব পাৰি যে আমাৰ সমাজৰ কম মানুহৰহে চিকিৎসা বিজ্ঞানৰ জ্ঞান আছে৷ এজন ৰোগী কোনটো পর্যায়ত থাকিলে আৰোগ্য হোৱাটো কঠিন সেই কথাৰ উমান বহুসংখ্যকেই নাপায়৷ হাস্পতালত সংঘটিত হোৱা ঘটনাৰ মূল কাৰণো এইটোৱেই৷ এইক্ষেত্রত মই চিকিৎসক আৰু আত্মীয়ক এটাই অনুৰোধ কৰোঁ যে দুয়োপক্ষ বিনম্র হওক৷ যিহেতু মানুহৰ ধৈর্যৰ বান্ধ সোনকালেই ছিগি যায়, সেয়ে ৰোগীৰ অৱস্থাৰ বিষয়ে চিকিৎসকসকলে তেওঁলোকক বুজাওক৷ প্রয়োজনত আৰম্ভণিতে ৰোগীৰ মূল গৃহস্থক সকলো কথা বিৱৰি কওক৷ গৃহস্থক তেওঁলোকৰ আত্মীয়ৰ পৰা নিলগত ৰাখক৷ এখন হাস্পতালত কোনো কাৰণতে বেছিসংখ্যক আত্মীয়ক গোট খাবলৈ বা জুম বান্ধিবলৈ দিব নালাগে৷ ৰোগীৰ অৱস্থা সংকটজনক হ’লে সেই বিষয়বোৰত হাস্পতাল কর্তৃপক্ষই আগতীয়াকৈ সজাগ হ’ব লাগে৷ ৰোগীৰ মৃত্যুৰ বাতৰিও সেইদৰে পৰিৱেশ–পৰিস্থিতি অনুধাৱন কৰিহে আত্মীয়ক জনাওক৷ এখন সমাজৰ পৰিৱেশ সুস্থ হৈ থাকিবলৈ সমাজৰ সর্বস্তৰৰ মানুহৰ চেষ্টা লাগে যদিও যিসকল বুদ্ধিমান, জ্ঞানী– সেইসকলে সমাজখন পৰিচালনা কৰাৰ ক্ষমতা আয়ত্ত কৰিব লাগিব৷ অন্যথা এনেদৰেই নির্দোষী মানুহৰ নির্যাতন হৈ থাকিব৷ সমাজৰ এচাম মানুহৰ কোনো কথাৰ প্রতি দায়বদ্ধতা, অনুকম্পা নাই৷ প্রকৃততে তেওঁলোকৰ জীৱনচর্যাও এনে যে এই ধৰণৰ ঘটনাবোৰে তেওঁলোকক কোনো ধৰণেৰে প্রভাৱিত নকৰে৷ কিন্তু সমাজৰে আন এচামক এনে ঘটনাবোৰে বিস্তৰ ক্ষতি কৰে৷ সেয়ে কৈছোঁ সকলো সজাগ হওক, যাতে নিজৰ লগতে আনৰ ক্ষতি নহয়৷ আইনে সুৰক্ষা প্রদান কৰা দৃষ্টান্ত আজিলৈকে আমাৰ সমাজত প্রতিষ্ঠা হোৱা নাই৷ শেষত গতানুগতিকতাৰ দোহাই দি এই ঘটনাৰ প্রতিবাদ কৰিলোঁ আৰু দোষীয়ে শাস্তি পাব এনে এক ধাৰণা লৈ কলম সামৰিলোঁ৷
গীতিমালিকা নেওগ
লেখক ‘জি এন আৰ চি স্বাস্থ্য’ৰ
কার্যবাহী সম্পাদক
ফোন: ৯১০১২–১১১০৫