বেতৰ উদ্যোগেৰে সফলতাৰ বাটত যোৰহাটৰ দেৱাশিস খাউণ্ড
হেমেন দাস, ককিলামুখ
কিবা এটা কৰাৰ মন থাকিলে যে অর্থ অন্তৰায় হ’ব নোৱাৰে সেয়াই কৰি দেখুৱালে যোৰহাটৰে এজন যুৱকে৷ চিৰতীয়া গাঁৱৰ এই যুৱকজনৰ নাম দেৱাশিস খাউণ্ড৷ আজি যুৱকজনে থলুৱা শিল্পকর্মৰে স্বাৱলম্বিতাৰ এক নিদর্শন দাঙি ধৰিছে৷ যুৱকজনে যিটো সময়তব্যৱসায় আৰম্ভণি কৰিছিল তেতিয়া বেতৰ শিল্পৰ নিচেই চালুকীয়া অৱস্থা৷ কিন্তু অসমীয়াৰ নিজৰ হাতত থকা বাঁহ–বেতৰ উদ্যোগটোক নিজৰ পেছাগত ব্যৱসায় হিচাপে বাছনি কৰাৰ বাবে অকনো সংশয়বোধ নকৰিলে যুৱকজনে৷ কিয়নো তেতিয়াৰ সময় আছিল প্রৱল প্রত্যাহ্বান৷ চিকিৎসক পিতৃ উমেশ চন্দ্র খাউণ্ডৰ গাঁৱৰ আপোন ঘৰ মাজুলী৷ কর্মসূত্রে যোৰহাটত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়৷ পিতৃৰ উপার্জনলৈ হাত নেমেলি একমাত্র পুত্র দেৱাশিসৰ মনলৈ আহে নিজে কিবা এটা কৰাৰ ইচ্ছা৷ সেই মানসেৰে পোনপ্রথমেই বাঁহ–বেতৰে খৰাহি, পাচি আদিকে ধৰি নিত্য প্রয়োজনীয় সামগ্রী বনাবলৈ মন মেলে৷ কথা মতেই কাম, শিৱসাগৰৰ পৰা কেঁচামাল আনি যোৰহাটৰ নিজ গৃহতেই আৰম্ভণি কৰিছিল এই শিল্পকর্ম৷ পৰৱর্তী সময়ত এই কর্মৰে পোৱা উপার্জনৰ ৩৫,০০০ টকা মূলধন বিনিয়োগ কৰি ২০১২ চনতে খাউণ্ড বেম্ব’ এণ্ড কেন নামেৰে এই বেতৰ শিল্পৰাজিক ৰাইজৰ মাজলৈ অনাৰ প্রয়াস কৰে৷ কেঁচা সামগ্রীৰ অধিক প্রয়োজন হোৱাত কার্বি আংলং, অৰুণাচল আৰু নাগালেণ্ডকে ধৰি দাঁতিকাষৰীয়া ৰাজ্যৰ পৰাও অনাৰ সু–ব্যৱস্থা কৰে৷ ‘আসাম কেন ফার্নিচাৰ’ নতুন নামকৰণ তথা গুণগত মানৰে উজলি উঠে ২০১৭বর্ষত৷ উত্তৰ–পূব বাণিজ্য মেলাকে ধৰি প্রদর্শনী মেলাসমূহত ৰাইজৰ দ্বাৰা উচ্চ প্রশংসিত হয় এই আসাম কেন ফার্নিচাৰ বেতৰ সামগ্রীসমূহ৷ব্যৱসায়ৰ এক নতুন মাত্রা প্রদানৰেবর্তমান অইল, আসাম প্রাকৃতিক গেছ আয়োগ, ডিব্রুগড বিশ্ববিদ্যালয়কে ধৰি যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়লৈ এই বেতৰ সামগ্রীসমূহ যোগান ধৰে দেৱাশিসে৷ বর্তমান আমগুৰিতো একে নামৰে আৰু এখন ফার্নিচাৰ আছে দেৱাশিসৰ৷ ২০ লাখ টকাৰ বেতৰ সামগ্রীসমূহৰ ‘আসাম কেন ফার্নিচাৰ’ আজিৰ তাৰিখত দেৱাশিসৰ এক প্রসাৰ বাণিজ্য৷ অসমৰ এই আন্দোলনৰ ভৰপক সময়তো কর্মবিপ্লবৰ সূচনা কৰিবলৈ সাজু আছে দেৱাশিস৷ মিচিং, দেউৰী ল’ৰাকে প্রাধান্য দি ১৫জনকৈ অসমীয়া খাটিখোৱা নিবনুৱা ল’ৰাক এই বেতৰ উদ্যোগত সংস্থাপন দি তেওঁলোকৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈও সক্ষম হৈছে যোৰহাটৰ দেৱাশিস খাউণ্ড৷