নিয়মীয়া বাৰ্তা, ১৮ জুনঃ মহামাৰী ক’ভিড–১৯ৰ দ্রুত সংক্রমণে জনস্বাস্থ্যৰ সমান্তৰালভাৱে দেশৰ অর্থনীতিতো মোক্ষম আঘাত হানিছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ প্রতিৰোধকল্পে বিগত বর্ষৰ দৰে দেশজোৰা লকডাউন ঘোষণা নকৰিলেও বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ বলৱৎ কৰা লকডাউন আৰু বাধা–নিষেধৰ পৰিপ্রেক্ষিতত স্থবিৰ হৈ পৰিছে অর্থনৈতিক খণ্ড৷
বিগত বর্ষত আৰোপিত লকডাউন পর্যায়ক্রমে শিথিল কৰি দিয়াৰ পাছত কৃষি–পৰিবহণ–উদ্যো আদি খণ্ডসমূহে কিছু গতি লাভ কৰিছিল যদিও মাৰাত্মক ভাইৰাছৰ দ্বিতীয়টো জোৱাৰে পুনৰ অচলাৱস্থাৰে দেশৰ অর্থনীতি বিধ্বস্ত কৰিছে৷
খোদ ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া এক প্রতিবেদনত স্পষ্ট হৈছে অর্থনীতিৰ অতি উদ্বেগজনক ছবিখন৷ অতি শেহতীয়াকৈ ভাৰতীয় ৰিজার্ভ বেংকৰ চলিত মাহৰ প্রতিবেদনখন প্রকাশ পাইছে৷ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি একমাত্র ক’ভিড–১৯ৰ দ্বিতীয়টো জোৱাৰৰ বাবে চলিত বিত্তীয় বর্ষত দেশৰ অর্থনীতিত ২ লাখ কোটি টকা লোকচান হ’ব পাৰে৷ প্রধানতঃ সৰু সৰু চহৰ আৰু গ্রামাঞ্চললৈ ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ লগতে ইয়াক প্রতিৰোধকল্পে অঞ্চলভিত্তিক কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পৰিপ্রেক্ষিতত গ্রামাঞ্চলত চাহিদা হ্রাস পাইছে৷
যিটোৱে সাংঘাতিক ধৰণে বিৰূপ প্রভাৱ পেলাইছে দেশৰ অর্থনীতিত৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে ঘৰুৱা চাহিদা হ্রাস কৰাটোও দেশৰ অর্থনীতিৰ বাবে আন এক অশনি সংকেত ৰূপে চিহ্ণিত হৈছে৷ তদুপৰি মহামাৰী কালত হাজাৰ হাজাৰ লোকে কর্মহীন হ’বলগীয়া হৈছে৷ ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদনত উল্লেখ কৰা মতে ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো জোৱাৰে আর্থিকভাৱে পুনৰ সাংঘাতিক ক্ষতিগ্রস্ত কৰিছে ক্ষুদ্র, সৰু আৰু মজলীয়া বৃহৎসংখ্যক ব্যৱসায়ীক৷ এনে ব্যৱসায়ীসকলৰ সৈতে পৰোক্ষভাৱে জড়িত বহুতৰে উপার্জন বন্ধ হৈ গৈছে৷ মাৰাত্মক ভাইৰাছৰ দ্বিতীয়টো জোৱাৰত দেশজুৰি লকডাউন ঘোষণা নকৰিলেও সকলো ৰাজ্যই নিজাববীয়াকৈ কঠোৰ বাধা–নিষেধ জাৰি কৰিছিল৷
ইয়াৰ ফলত স্বাভাৱিকতে বহু উদ্যোগৰ উৎপাদনতো বিৰূপ প্রভাৱ পৰে৷ যিটো দেশৰ অর্থনীতিৰ বাবে আন এক হতাশাজনক দিশ৷ কৃষি আৰু অসংগঠিত সেৱাৰ দৰে খণ্ডসমূহত এই সময়ছোৱাত স্থবিৰতাই বিৰাজ কৰিলেও বিগত বর্ষৰ তুলনাত এইবাৰ ৰপ্তানি কিছু বৃদ্ধি পোৱা বুলি প্রতিবেদনখনত কোৱা হৈছে৷ দেশৰ অর্থনীতিত উদ্ভৱ হোৱা এনে সংকটকালীন অৱস্থাত ভাৰতীয় ৰিজার্ভ বেংকে গুৰুত্ব আৰোপ কৰিছে প্রতিষেধক প্রদানৰ ওপৰত৷ ভাৰতীয় ৰিজার্ভ বেংকৰ মতে এনে দুর্যোগৰ পৰা দেশৰ অর্থনীতিক উজ্জীৱিতকৰণৰ পথলৈ আনিবলৈ হ’লে ব্যাপক আৰু দ্রুত হাৰত প্রতিষেধক প্রদান প্রক্রিয়া আগবঢ়াই নিব লাগিব৷
দেশৰ অর্থনীতিৰ সামগ্রিক অৱস্থা, আর্থিক কাঠামো আৰু দেশৰ সামগ্রিক উৎপাদনৰ ৰেখাচিত্র দাঙি ধৰি প্রতিবেদনখনত ভাৰতীয় ৰিজার্ভ বেংকে এক আশাৰ বতৰাও দিছে৷ প্রতিবেদনত কোৱা হৈছে যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ পৰিপ্রেক্ষিতত দেশৰ বজাৰত বিশেষকৈ ঘৰুৱা চাহিদা হ্রাস পালেও ইয়াৰ সৈতে দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জি ডি পিৰ কোনো যোগসূত্র নাই৷ কিন্তু ভাৰতীয় ৰিজার্ভ বেংকে প্রকাশ কৰা মতে বেংকত জনসাধাৰণৰ জমা ধনৰ পৰিমাণ কমিছে৷ অর্থাৎ মানুহৰ হাতত নগদ ধনৰ পৰিমাণ ক্রমাৎ কমি আহিছে৷ যাৰ প্রভাৱ পৰিছে দৈনন্দিন ঘৰুৱা চাহিদাৰ ওপৰত৷