যোৱা বিধানসভা নির্বাচনত সেই সময়ৰ বিত্তমন্ত্রী আৰু বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি চৰকাৰ যদিহে দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহিব পাৰে, তেতিয়া শাসনভাৰ লোৱাৰ প্রথম বর্ষতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰিছিল৷ সেইমর্মে উক্ত প্রতিশ্রুতি ৰক্ষাৰ বাবে বর্তমানৰ বিত্তমন্ত্রী অজন্তা নেওগৰ নেতৃত্বত এক ৫জনীয়া উচ্চস্তৰীয় কমিটী গঠন কৰি দিয়া হয় আৰু কমিটীখনক দায়িত্ব দিয়া হয় কেনেকৈ এক লাখ কর্মহীন লোকক এবছৰৰ ভিতৰত কর্মসংস্থান দিয়া হ’ব, সেই বিষয়ে মুখ্যমন্ত্রী মহোদয়ৰ ওচৰত খচৰা–প্রতিবেদন দাখিল কৰিব লাগিব৷ মুখ্যমন্ত্রীজনাৰ এয়া এক সুন্দৰ বলিষ্ঠ পদক্ষেপ৷
এতিয়া প্রশ্ণ হৈছে, অসমৰ দৰে দুখীয়া ৰাজ্য এখনত মাত্র এবছৰৰ ভিতৰত এক লাখ লোকক কর্মসংস্থান দিয়াটো বাস্তৱিকতে সম্ভৱপৰ হ’বনে? সম্প্রতি অসমত চৰকাৰীভাৱে পঞ্জীয়নভুক্ত ২০ লাখৰো অধিক শিক্ষিত যুৱক–যুৱতীৰ বাহিৰেও অপঞ্জীয়নভুক্ত এক বৃহৎসংখ্যক কর্মহীন যুৱক–যুৱতীয়ে এটি চাকৰিৰ বাবে বছৰ বছৰ ধৰি হাবাথুৰি খাবলগীয়া হৈছে৷ তদুপৰি গ্রাম্য অঞ্চলত ছদ্মবেশী নিবনুৱা disguised unemployment) অর্ধ নিবনুৱা Underemployment) আৰু ঋতুজনিত নিবনুৱাৰ Seasonal unemployment) সমস্যাতো আছেই৷ প্রকৃতিয়ে প্রদান কৰা অপর্যাপ্ত প্রাকৃতিক সম্পদ আৰু মানৱ সম্পদ থকা সত্ত্বেও স্বৰাজোত্তৰ সাতটা দশক অতিক্রম কৰাৰ পিছতো নিবনুৱা সমস্যা আৰু দৰিদ্রতাই অসমী আইৰ বুকুৰ পৰা বিদায় নামাগিলে৷ এয়া অতি দুর্ভাগ্যৰ কথা৷
নিবনুৱা সমস্যাই কেনেকৈ ৰাজ্য বা দেশ এখনক ক্ষতিগ্রস্ত কৰিব পাৰে তাৰে এটা চমু আভাস তলত দিয়া হ’ল৷
১৷ নিবনুৱা লোকসকল মানসিকভাৱে হতাশাগ্রস্ত Mental depression) হয়, মন নিৰাশাময় হৈ পৰে আৰু অৱশেষত কর্মপ্রেৰণা হেৰুৱাই পেলায়৷
২৷ মানৱ সম্পদৰ অপচয়৷
৩৷ নিবনুৱা লোকসকল আয় আহৰণৰ income earnings) পৰা বঞ্চিত হয় আৰু সেয়েহে পৰিয়ালটো আর্থিকভাৱে ক্ষতিগ্রস্ত হয়৷
৪৷ চৰকাৰৰ ৰাজহ সংগ্রহত লোকচান হয়, যিহেতু এক বৃহৎসংখ্যক কর্মহীন লোক আয় আহৰণৰ পৰা বঞ্চিত হয়৷
৫৷ মানৱ সম্পদৰ ব্যৱহাৰ নোহোৱাৰ লগত, ৰাজ্যৰ অর্থনৈতিক প্রগতিত economic growth) বাধা পৰে৷
৬৷ নিবনুৱাই দৰিদ্রতাৰ প্রাবল্য বঢ়ায়৷
৭৷ নিবনুৱা আৰু দৰিদ্রতা একেটা মুদ্রাৰ ইপিঠি আৰু সিপিঠি৷ ইয়ে সমাজত আয়ৰ অসমতা income inequality) বৃদ্ধি কৰে৷
৮৷ নিবনুৱা সমস্যাই দেশ বা ৰাজ্যৰ ৰাজনীতিতো আঁচোৰ পেলায়৷ কিয়নোIt is the politicians who lay down ‘the objective functions’ of the society. নিবনুৱা সমস্যা কেতিয়াবা কেতিয়াবা ৰাজনৈতিক অস্থিৰ অৱস্থাৰ Political instablility) সৃষ্টি কৰিব পাৰে৷
গতিকে এই সমস্যাটোৰ সমাধানৰ বাবে চিন্তা–চর্চা কৰাটো ৰাজ্য চৰকাৰৰ বাবে অতি গুৰুতৰ বিষয় হিচাপে বিবেচনা হৈছে৷
এতিয়া আমাৰ প্রশ্ণ হৈছে, কোন শ্রেণীৰ বিনুৱাক কর্মসংস্থানৰ বাবে অগ্রাধিকাৰ দিয়া হ’ব? চহৰ বা নগৰত বাস কৰা নিবনুৱাক নে গাঁও অঞ্চলত বাস কৰা শিক্ষিত যুৱক–যুৱতীক৷ দ্বিতীয়তে, কোন কোন খণ্ডত Sector) যেনে, সেৱাখণ্ডত Service sector), উদ্যোগ খণ্ড industry sector) নতুবা কৃষিখণ্ডত Agruculture sector), বা স্বাস্থ্য খণ্ড বা সামাজিক খণ্ডৰ Social sector), কোনটোক অগ্রাধিকাৰ দিয়া হ’ব৷
তৃতীয়তে, কি নীতিৰ আধাৰত কর্মসংস্থানৰ ব্যৱস্থা কৰা হ’ব, অর্থাৎ আমি ক’ব বিচাৰিছোঁ যে ১ লাখ নিবনুৱাক কর্মসংস্থান দিয়াৰ বাবেPlan of action অথবাStarategic planning কেনেকুৱা ধৰণৰ হ’ব৷
চতুর্থতে, কর্মসংস্থান সৃষ্টি কৰাৰ লগে লগে চৰকাৰী ৰাজহৰ public revenue) প্রয়োজনীয়তা আহি পৰিব৷ বর্তমান অৱস্থাত এই বর্ধিত ৰাজহ চৰকাৰখনে সংগ্রহ কৰিবলৈ সমর্থৱান হ’বনে?
পঞ্চমতে, নিয়োগ প্রক্রিয়াটো কেনেকুৱা ধৰণৰ হ’ব? মৌখিক পৰীক্ষা নে লিখিত পৰীক্ষাৰ আধাৰত এই লোকসকলক মকৰল কৰা হ’ব? নে অন্য কিবা আধাৰৰ ভিত্তিত নিয়োগ ব্যৱস্থা কৰা হ’ব?
অসম চৰকাৰে বিত্তমন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত যিখন কমিটী গঠন কৰি দিছে, সেই উচ্চস্তৰীয় কমিটীখনে উক্ত বিষয়বিলাকৰ ওপৰত এক স্পষ্ট মতামত ৰাইজৰ আগত দাঙি ধৰিব লাগে৷ যিহেতু নিয়োগৰ সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে, গতিকে তৎকালীনভাবে নিয়োগ প্রক্রিয়া এক নির্দিষ্ট আৰু সুচিন্তিত পৰিকল্পনাৰ Well-planned employment strategy) আধাৰত আৰম্ভ কৰিব লাগে৷ নিয়োগ প্রক্রিয়া স্বচ্ছ আৰু নিকা হোৱাটো ৰাইজে বিচাৰে৷
ধৰি লোৱা হ’ল, এক লাখ শিক্ষিত নগৰীয়া যুৱক–যুৱতীক চৰকাৰী প্রতিশ্রুতি মতে নিয়োগ কৰা হ’ল৷ গ্রাম্য অঞ্চলত বাস কৰা নিবনুৱাসকলক, ধৰা হ’ল, নিযুক্তি দিয়া নহ’ল৷ তৎকালীনভাৱে ইয়াৰ ফলাফল দুই ধৰণৰ হ’ব– প্রথমটো হ’ল এক লাখ শিক্ষিত যুৱক–যুৱতীয়ে কর্মসংস্থান পোৱাৰ পিছত, তেওঁলোকৰ আয় income) আর্জন কৰাৰ ৰাস্তা মুকলি হ’ল বা আন কথাত ক’বলৈ হ’লে তেওঁলোকৰ জীৱিকাৰ পথ মুকলি হ’ল৷ দ্বিতীয়তে, চৰকাৰে দিয়া প্রতিশ্রুতি ৰক্ষা কৰিলে– ফলত চৰকাৰৰ প্রতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাব৷ ইয়ালৈকে ঠিকেই আছে৷ কিন্তু আমাৰ প্রশ্ণ হ’ল, চহৰ বা নগৰীয়া অঞ্চলত কর্মসংস্থাপন সৃষ্টি কৰিয়েই ৰাজ্যৰ নিবনুৱা সমস্যাটিৰ সমাধান হ’বনে? এইটো এটা আজিৰ দিনত জটিল প্রশ্ণ৷ এই সন্দর্ভত ১৯ শতিকাৰ ইংলেণ্ডৰ বিখ্যাত অর্থনীতিবিদ জন মেনার্ড কেইনছৰ এটা উক্তি তাৎপর্যপূর্ণ বুলি বিবেচনা কৰা যায়৷ তেখেতৰ উক্তিটো আছিল এনেধৰণৰ–‘The traditional (Keynesian) economic solution to urban unemployment (i.e the creation of more urban jobs) without simultaneous attempts to improve rural incomes and employment opportunities, can lead to the paradoxical situation where more urban employment leads to higher levels of urban and rural unemployment’ উক্ত উক্তিটোৰ সাৰাংশ হ’ল– গ্রাম্য অর্থনীতিৰ বিকাশ আৰু গ্রাম্য কর্মসংস্থানৰ বৃদ্ধি নকৰাকৈ যদি নগৰীয়া কর্মহীন লোকৰ সংস্থাপনৰ ব্যৱস্থা কৰা হয়, তেতিয়া উভয় ঠাইতে অর্থাৎ নগৰ আৰু গাঁও অঞ্চলত নিবনুৱাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাব৷ আন কথাত ক’বলৈ হ’লে এই নীতিটো স্ব–বিৰোধী self contradictory) বুলি অভিহিত কৰিব পাৰি৷ সেয়েহে, নিয়োগ নীতি প্রস্তুত কৰোঁতে, নতুনকৈ গঠন কৰা উচ্চস্তৰীয় কমিটীখনে তলত দিয়া কথাকেইটা চিন্তা–চর্চা কৰি চাব পাৰে৷
১৷ প্রথমতে, গ্রাম্য আৰু চহৰ অঞ্চলৰ মাজত যি আয়ৰ ব্যৱধান income differentials), তাক নুই কৰাৰ বাবে প্রচেষ্টা হাতত ল’ব লাগিব আৰু সেইটো কৰিবলৈ হ’লে চৰকাৰে মজুৰী নীতি Wage Policy), কৰ ব্যৱস্থাৰ সংশোধন tax reforms) আৰু দেশত এক বিস্তৃত জাতীয় আয় নীতি comprehensive national income policy) তৈয়াৰ কৰিব লাগিব৷
২৷ দ্বিতীয়তে, যিহেতু গোটেই নিবনুৱা সমস্যা সৃষ্টি হয় শ্রমিকৰ যোগানৰ দিশৰ পৰা Supply side), সেয়েহেsupply sideৰ পৰা সমস্যাটো বিবেচনা কৰাটো দর্কাৰ৷ শ্রমিকৰ যোগান আহে গ্রাম্য অঞ্চলৰ পৰা, যাক আমি”Supply Push” বুলি ক’ব পাৰোঁ৷ আনহাতেদি চহৰ অঞ্চলত আন্তঃগাঁথনি উন্নত হোৱাৰ উপৰি, বিভিন্ন উদ্যোগ, ব্যৱসায় প্রতিষ্ঠান, কল–কাৰখানা প্রভৃতি কেন্দ্রীভূত হোৱা বাবে ইয়াত কর্ম সংস্থাপনৰ পৰিসৰ বেছি৷ তদুপৰি চহৰ অঞ্চলত মজুৰিৰ হাৰো গাঁও অঞ্চলতকৈ বেছি৷ এই গোটেইবিলাক কাৰককে আমি‘Urban Pull Factors’ বুলি ক’ব পাৰো৷ গতিকেSupply Push Factorটো নিয়ন্ত্রণ কৰিবলৈ হ’লে গ্রাম্য অর্থনীতি টনকিয়াল কৰি তুলিব লাগিব৷ তাৰ বাবে গ্রাম্য অঞ্চলত আন্তঃগাঁথনি যেনে স্কুল, কলেজ, হাস্পতাল, যাতায়াত, পৰিবহণ, বিজুলী, খোৱাপানী, ৰাস্তা–ঘাট, উন্নত বজাৰ প্রভৃতিৰ সম্প্রসাৰণ ঘটাব লাগিব৷
৩৷ তৃতীয়তে, কৃষিখণ্ডত এক আমূল পৰিৱর্তন আনিব লাগিব৷ কৃষিখণ্ডক লাভজনক, আকর্ষণীয় আৰু দীর্ঘকালৰ বাবে এই খণ্ডটো সম্পূর্ণ বৃত্তিমুখী খণ্ডলৈ উত্তৰণ ঘটাব লাগিব, যাতে উপযুক্ত শিক্ষিত যুৱক–যুৱতীয়ে চাকৰি বিচাৰি চহৰ অঞ্চললৈ ধাৱিত নহয়৷ আওপুৰণি, খৰচী আৰু অনুৎপাদনশীল কৃষি পদ্ধতি সলনি কৰি, বৈজ্ঞানিক, আধুনিক আৰু কম–খৰচী দেশীয় উপযুক্ত কৃষি পদ্ধতিৰ উদ্ভাৱন কৰিব লাগিব৷
৪৷ চতুর্থতে, উদ্যোগীকৰণৰ বাহিৰেও, উৎপাদনশীল ক্ষেত্রত আত্মসংস্থাপনৰ সুবিধাও নিশ্চিত কৰিব লাগিব৷ কৃষি, মীন, শস্য উদ্যান, পর্যটন, ব্যৱসায়–বাণিজ্য, আমদানি–ৰপ্তানি কেন্দ্র, বিত্তীয় অনুষ্ঠান, ক্ষুদ্র ব্যৱসায় প্লাইউড্, চিমেণ্ট, বাঁহ–বেতৰ শিল্প, খাদ্য সংসাধন food processing), গ্রাম্য উদ্যোগ, ৰিয়েল ইষ্টেট, ক্ষুদ্র চাহ–বাগিচা,Eco-tourism, কাৰিকৰী প্রতিষ্ঠান আদি বিভিন্ন ক্ষেত্রত কর্ম সংস্থাপনৰ প্রচুৰ সুবিধা বিদ্যমান৷
৫৷ পঞ্চমতে, একবিংশ শতাব্দীত তথ্য–প্রযুক্তিৰ ভূমিকা অপৰিসীম৷ বিজ্ঞান আৰু প্রযুক্তি বিদ্যা Science and Techonolgy) দুয়োটাই উৎপাদনৰ বিভিন্ন ক্ষেত্রত ব্যৱহাৰ কৰি অহা হৈছে৷ অসমৰ দৰে ৰাজ্য এখনত যিহেতু আন্তঃগাঁথনি দুর্বল, মূলধনৰ পৰিসৰ কম, সঞ্চয়ৰ হাৰ কম, আধুনিক আৰু বৈজ্ঞানিক উৎপাদনৰ আহিলাৰ অভাৱ, দক্ষ শ্রমিকৰ অভাৱ, সেয়েহে শ্রম প্রাবল্য labour intensive) উদ্যোগৰ প্রয়োজনীয়তা অধিক৷
৬৷ অসমতManpower Planning (মানৱ সম্পদ পৰিকল্পনাৰ) অভাৱ৷Manpower Planning ৰ জৰিয়তে শ্রমিকৰ ভৱিষ্যৎ যোগান চাহিদা নির্ণয় কৰিব পাৰি৷ কি কি খণ্ডত শ্রমিকৰ চাহিদা কিমান বাঢ়িব এক সুস্থ পৰিকল্পনাৰ জৰিয়তে ইয়াক নির্ণয় কৰিব পৰা যায়৷ ঠিক তেনেকৈ যোগানৰ পৰিমাণোProjection কৰিব পাৰি৷ তেতিয়াহ’লে নিৱনুৱা সমস্যাটো কিছু হ’লেও নিয়ন্ত্রণৰ আওতাত থাকিব৷ মানৱ সম্পদ বিনিয়োগ বা ব্যৱহাৰৰ ক্ষেত্রত এক দীর্ঘকালীন আঁচনিৰ অতিকে প্রয়োজন৷
৭৷ শেষত, চৰকাৰে জনসংখ্যা নিয়ন্ত্রণৰ বাবে অধিক তৎপৰ হ’ব লাগিব৷ এক সুস্থ জনসংখ্যা নীতিয়ে জনসংখ্যা বৃদ্ধিৰ প্রাবল্যৰ ওপৰত হেঁচা পেলাব আৰু ইয়ে নিবনুৱা সমস্যা সমাধানত এক ইতিবাচক সঁহাৰি জনাব৷