নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক–উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ বাবে দুখনকৈ সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২০ জুনঃ ক’ভিডজনিত পৰিস্থিতিৰ বাবে বাতিল কৰা হ’ল ২০২১ বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ অসম চৰকাৰৰ মন্ত্রীসভাৰ পৰামর্শ, স্বাস্থ্য বিভাগৰ সকীয়নিৰ পিছত কালি বিভিন্ন বিভাগ, দল–সংগঠনৰে আলোচনাৰ অন্তত শিক্ষা বিভাগে এই সিদ্ধান্ত গ্রহণ কৰে৷

উক্ত বৈঠকতে মূল্যায়ন পদ্ধতি নিৰূপণৰ বাবে দুখন পৃথক সমিতি গঠনৰো সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইয়াৰ পিছতে আজি ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়ন পদ্ধতি নির্ধাৰণৰ বাবে সমিতি দুখন গঠন কৰি দিয়ে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্রস্তুতৰ বাবে গঠন কৰা সমিতিখনৰ অধ্যক্ষ হৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ আলোক বুঢ়াগোহাঁই৷ সমিতিখনৰ আন সদস্যসকল হৈছে ছেবাৰ অধ্যক্ষ, মাধ্যমিক শিক্ষাৰ উপ–সচিব এছ এন দাস, কামৰূপ (ম)ৰ বিদ্যালয় পৰিদর্শক প্রসন্ন বৰা, ধুবুৰীৰ কাচোখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত দাস, কোকৰাঝাৰৰ জাৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্রধান শিক্ষক মৃণাল খাউণ্ড৷ ছেবাৰ সচিবক সমিতিৰ সমন্বয়কৰ দায়িত্ব প্রদান কৰা হৈছে৷

ইফালে, উচ্চতৰ মাধমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্রস্তুতৰ বাবে গঠন কৰা সমিতিখনৰ অধ্যক্ষ হৈছে কুমাৰ ভাস্কৰ সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক দীপক কুমাৰ শর্মা৷ এই সমিতিৰ সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ, উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ এছ এন বর্মন, নগাঁও কলেজৰ অধ্যক্ষ ড০ এছ বৰকটকী, ধুবুৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্রিছ আলী, শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্রুগড়ৰ বিদ্যালয় পৰিদর্শক দীপিকা চৌধুৰী৷

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবগৰাকী এই সমিতিৰ সমন্বয়ক হ’ব৷ দুয়োখন সমিতিয়ে ৭ দিনৰ ভিতৰত চৰকাৰৰ ওচৰত নিজৰ প্রতিবেদন দাখিল কৰিব৷  এই সন্দর্ভত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে গঠন কৰা সমিতিৰ অধ্যক্ষ আৰু কেইগৰাকীমান সদস্য এখন অনানুষ্ঠানিক বৈঠকত মিলিত হয়৷ উল্লেখ্য যে ছাত্র–ছাত্রীসকলৰ মূল্যায়ন তেওঁলোকৰ ইউনিট টেষ্ট, ছয়মাহিলি আৰু অন্যান্য পৰীক্ষাৰ ফলাফলৰ ভিত্তিত কৰা হ’ব৷

You might also like