অপৰাজেয় জীৱন শিল্পী বিষ্ণুপ্রসাদ ৰাভা, যিজন আছিল একাধাৰে গায়ক, বাদক, গীতিকাৰ, সুৰকাৰ, কবি, অভিনেতা, নৃত্যশিল্পী, চিত্রকৰ, খনিকৰ, শ্রেষ্ঠ খেলুৱৈ, কৃতী ছাত্র৷ তেওঁ গীত ৰচনা, সুৰ সাধনা, নৃত্য অনুশীলন, চিত্রাংকন প্রমুখ্যে সুকুমাৰ কলাৰ বিভিন্ন দিশত য’তেই অংশগ্রহণ কৰিছিল তাতেই ভূয়সী প্রশংসা অর্জন কৰিছিল৷ জ্যোতিপ্রসাদে ‘নিমাতী কইনা’ৰ প্রণেতাৰ একাষাৰত যিArtist Philosopherৰ কথা কৈছে ৰাভা আছিল সেই ‘Artist Philosopher’৷ আনকি ৰুছ নৃত্য পটীয়সী প্রখ্যাত আনা পাভলোভা আৰু ভাৰতৰে আন্তর্জাতিক খ্যাতিসম্পন্ন অমৰ নৃত্যবিশাৰদ উদয় শংকৰে তেওঁৰ পৰা নৃত্য সম্পর্কে পৰামর্শ গ্রহণ কৰিছিল৷ দৰাচলতে বিষ্ণুপ্রসাদক আমি ৰাইজমুখী শিল্পী হিচাপেই জানো৷ ৰাইজৰ লগত তেওঁৰ সম্পর্ক ঘনিষ্ঠ আৰু গভীৰ, তেওঁলোকৰ প্রতি তেওঁৰ শ্রদ্ধাও অসীম আৰু অকৃত্রিম৷ ৰাইজৰ সৈতে নিবিড় সম্পর্ক আৰু মধুৰ অভিজ্ঞতাই তেওঁৰ ব্যক্তিত্বলৈ আনিছিল এক বিৰল অনুকৰণীয় বিনম্রতা৷ বিষ্ণুপ্রসাদ ৰাভাৰ লেখাৰ পৰা পাওঁ– ‘জনতা অফুৰন্ত কলা–শিল্পৰ ভঁৰাল৷… তেওঁলোকৰ চেনেহৰ কৰমৰ হিয়া সাগৰত বুৰ মাৰি মই এই শিল্প–সৰস্বতীক লাভ কৰিছোঁ৷ ৰাইজৰ অন্তৰ ফুলনিৰ ফুলে ফুলে উৰি উৰি পৰি পৰি মৌগুটি ভোমোৰাৰ দৰে ৰস শুহি শুহি মোৰ হূদয়ত মৌ–কোঁহ ৰচনা কৰোঁ৷ সেই ৰাইজৰেই মৌ মই ৰাইজক বিলাওঁ৷ সি কোনো মোৰ নিজৰ নহয়৷… শিল্পীৰ ই ধর্ম৷ মই সেই ধর্মহে পালন কৰিছোঁ৷’ তেওঁ সমাজ বা জনতাৰ পৰা আঁতৰি থকা নাছিল, সকলোৰে মাজৰ এজন হৈ পৰিছিল৷
ৰাভাৰ জীৱনত, চিন্তাৰ ক্ষেত্রত সময়ৰ লগে লগে বিৱর্তন আহিছে৷ এজন সৃষ্টিধর্মী প্রতিভাৰ কাৰণে এইটো স্বাভাৱিক৷ এনে প্রতিভাই যুগক আগবঢ়াই নি ন সমাজক ন গঢ় দিয়াত সমল যোগায়৷ এইজনা শিল্পীয়ে এখন শোষণহীন–শ্রেণীহীন, সুন্দৰৰ ৰাজ্য স্থাপন কৰিবলৈ বিশ্বনিয়ন্তাৰ বিধানত ‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে’ নাচি জীৱনটোক পিতৃয়ে থৈ যোৱা ধন–ঐশ্বর্যৰ পৰা আঁতৰত ৰাখি জীৱনৰ প্রাণৰ শেষ স্পন্দনৰ অন্তিম তৰংগলৈকে আনন্দৰ, মানৱ মুক্তিৰ গীত ৰচনা কৰি গ’ল৷ সোণৰ চামুচ মুখত লৈ পৃথিৱী গৰকিছিল বিষ্ণু ৰাভাই৷ পিতৃৰ অবিহনেও সমৃদ্ধিৰ মাজতে চলিব পৰাকৈ থৈ গৈছিল ২৫০০ বিঘা মাটিৰ বিৰাট জমিদাৰী৷ লগতে থৈ গৈছিল চৰকাৰৰ ঘৰত ভাল চাকৰি পোৱাৰ সুযোগ৷ কিন্তু তেওঁ সকলোবোৰ প্রত্যাখ্যান কৰিলে৷ আনকি নিতান্ত প্রয়োজনীয় অর্থৰ বাহিৰে বেছি টকা হাতলৈ আহিলে হাঁহি হাঁহি সেই টকা আনৰ মাজত বিলাই দিছিল৷ ৰাভাই অর্থদান কৰিছিল মানুহৰ পূজাতহে৷ ‘সবাৰ উপৰ মানুষ্য সত্য তাঁহাৰ উপৰে নেই’ –এই কথাষাৰ ৰাভাই তন্ন তন্নকৈ বুজি পাইছিল৷
পানী অবিহনে যেনেদৰে মাছৰ জীৱন কল্পনাতীত, তেনেদৰে জনসমুদ্রৰ অবিহনে ৰাভাৰ কর্মজীৱনৰ অন্য কোনো নির্দিষ্ট ক্ষেত্র নাছিল৷ বিষ্ণু ৰাভাৰ সাংস্কৃতিক সাধনাৰ কেন্দ্র আছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ধর্মীয় বা ভাষা–ভাষীৰ মধ্যবিত্ত আৰু সাধাৰণ কৃষকৰ ঘৰ৷ তেওঁ হ’ল অসমৰ উপত্যকাৰ সমগ্র জাতিৰে প্রতিভূ৷ জাতীয় সংহতি, শান্তি–সম্প্রীতিৰ সাম্প্রতিক সংকটপূর্ণ অৱস্থাত ক্রমে বিষ্ণুপ্রসাদ ৰাভাৰ প্রাসংগিকতাও বৃদ্ধি পাই আহিছে৷ গণশিল্পী কেশৱ মহন্তৰ ভাষাৰে–
যিমানে দিন যায়/ সিমানে আপোন হোৱা তুমি/ হে কিৰাত তনয়/ তোমাৰ মনীষা তোমাৰ হূদয়/ আমাৰ জন্মভূমি৷
আমাৰ জন্মভূমিক হাড়ে–হিমজুৱে চিনি পাইছিল বাবে জাতিটোৰ কেনেকৈ উত্তৰণ ঘটাব পাৰি সেই সূত্র উদ্ভাৱন কৰিব পাৰিছিল৷ সেয়েহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি তেওঁ সকলো শ্রেণীৰ লোকৰ মনৰ পৰা জাতিভেদ, ধর্মভেদ, জাতিদম্ভ, কু–সংস্কাৰ আদি আঁতৰাই এখনি বৃহৎ আৰু নিকা অসমীয়া সমাজ গঢ়াৰ সপোন দেখিছিল৷ তেওঁ কৈছিল– ‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰে জ্ঞান থকা উচিত৷’ সেয়েহে ৰাভাদেৱে অসমৰ জাতি–উপজাতিসমূহৰ বিষয়ে প্রচুৰ অধ্যয়ন কৰি বিস্তৰ জ্ঞান লাভ কৰিছিল৷ এচাম নীতিজ্ঞানশূন্য ৰাজনীতিক আৰু এচাম উগ্র জাতীয়তাবাদীৰ জাত্যাভিমানৰ বাবেই আজি ক্ষুদ্র ক্ষুদ্র জাতি–জনগোষ্ঠীবোৰ ক্রমে আঁতৰি যোৱাৰ ফলত গুৰুজনাই গঢ়ি থৈ যোৱা বৰ অসম ভাগি থানবান হ’ল৷ ৰাভাই তাহানিখনতে এই বিষয়ে সকীয়াই দিছিল– ‘অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্রত্যেক ৰাজনীতিজ্ঞ আৰু সমাজৰ নেতাসকলে এতিয়াৰে পৰা চেষ্টা কৰা উচিত৷ তাকে নকৰিলে অৱনত জাতিসকলৰ বুকুত বিদ্রোহৰ অগনি জ্বলাই অসমত আৰু এটা গৃহকন্দলৰ বাহ সাজি দিয়া হ’ব৷’ ইয়াৰ মাজেৰেই বিষ্ণুপ্রসাদ ৰাভাৰ দূৰদৃষ্টিৰ সম্যক পৰিচয় পোৱা নাযায়নে বাৰু?
বিষ্ণু ৰাভাৰ ৰাজনৈতিক কর্মক্ষেত্রত আছিল অসমৰ আওহতীয়া গাঁও–ভুঁই৷ সেয়েহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাভাদেৱে বিপ্লৱী কমিউনিষ্ট পার্টীৰ গণ সংগঠন ‘অসম বনুৱা কৃষক পঞ্চায়ত’ৰ শাখা গঠন কৰি ফুৰিছিল৷ তেওঁৰ নেতৃত্বত প্রথমটো ‘অসম বনুৱা কৃষক পঞ্চায়ত’ গঠিত হয় ১৯৪৬ চনৰ নৱেম্বৰ মাহত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ ওচৰৰ বঙৰা গাঁৱত৷ তাৰ পিছত বকো, ছয়গাঁও, বেলতলা আদি দক্ষিণ কামৰূপৰ জনজাতি অধ্যুষিত অঞ্চলত বিষ্ণু ৰাভাই একোটা ‘অসম বনুৱা কৃষক পঞ্চায়ত’ৰ গোট গঠন কৰে৷ এই পঞ্চায়তসমূহৰ যোগেদি তেওঁ অসমৰ আধিয়াৰ আন্দোলন গঢ়ি তোলে৷ ভাৰতৰ ভিতৰত দক্ষিণ কামৰূপৰ বঙৰা গাঁৱতেই সর্বপ্রথম আধিয়াৰ আন্দোলনৰ সূত্রপাত হয় বুলি জনা যায়৷ বিষ্ণু ৰাভাৰ মতে জনতা হ’ল সর্বশক্তিমান আৰু সমাজৰ ৰূপান্তৰ ঘটায় জনতাই৷ অজ্ঞাতবাসৰ কালছোৱাত তেওঁ উজনি অসমলৈও যায়৷ সেই সময়ত বিপ্লৱী কমিউনিষ্ট পার্টীৰ বলিষ্ঠ সংগঠন শিৱসাগৰ জিলাৰ আছিল যদিও ডিব্রুগড় জিলাত দলৰ কোনো সংগঠন নাছিল৷ অসম বনুৱা কৃষক পঞ্চায়ত নামৰ সংগঠনটোৰ সভাপতি হিচাপে তেওঁ নখাট গাঁৱলৈ গৈ এই গাঁৱৰ পঞ্চায়ত কর্মীসকলৰ আগত ভাষণ দি কৈছিল– ‘বুকুৰ বান্ধৈসকল বিপ্লৱ কৰিবলৈ হ’লে আগতে নিজে বিপ্লৱী হ’ব লাগিব৷ সর্বহাৰাক নেতৃত্ব দিবলৈ হ’লে আগতে নিজে সর্বহাৰা হ’ব লাগিব৷’ বিষ্ণু ৰাভাৰ মতে বিপ্লৱ মানে মানুহক কটা–মৰা বা হিংসা কৰা নুবুজায়৷ তেওঁৰ মতে বিপ্লৱ মানে পুৰণিক সলনি কৰি নতুনক প্রতিষ্ঠা কৰা৷ সঁচাই, দিন বাগৰিছে মানে সময় সলনি হৈছে আৰু সমাজখন আগুৱাইছে৷ সলনি হোৱা সময়ৰ লগে লগে জনতাৰ শিল্পী, সর্বহাৰাৰ বন্ধু বিষ্ণুপ্রসাদ ৰাভাৰ চিন্তা, দর্শন তথা কর্মৰাজিৰ বিষয়ে আমি যদি সামূহিকভাৱে পর্যালোচনা কৰোঁ, তেন্তে বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিম যে সমাজৰ পৰিৱর্তিত পৰিস্থিতিত ন ন ৰূপত উদ্ভাসিত ৰাভাদেৱ ক্রমাগতভাৱে বেছি প্রাসংগিক হৈ পৰিছে৷